ফটাঢোল

সোণাৰুফুলৰ দৰে – মাধুৰীমা ঘৰফলীয়া

সোণাৰু ফুলবোৰ… বতাহত হালিজালি নাচি থকা সোণাৰু ফুলবোৰ… দেউতাৰ বৰঘৰৰ চালিখন বীৰৰ দৰে দাঙি ধৰি ৰখা খুঁটাটোত এসময়ত ফুলা সোণাৰু ফুলবোৰ…. সোণাৰুৰ বাবেই চিনাকী হৈছিলোঁ হালধীয়াৰ সৈতে! হালধীয়া বাবে জনা নাছিলোঁ সোণাৰুক! আপোনবোৰো কোনোবাখিনিত সোণাৰু ফুলৰ দৰে! ভালপোৱা বাবেই আপোন নহয় ,আপোন বাবেই ভালপোৱাৰ সৃষ্টি! তথাপি হেৰাই যায় বহু কথা সময়ৰ সতে। থাকি যায় মাথো স্মৃতিবোৰ লঠঙা সোণাৰুৰ খুঁটাবোৰৰ দৰে। আবেগবোৰ ধৰি ৰাখি জীৱনৰ বাবে। শব্দবোৰ এনেকৈ খেলিমেলি হৈ তাইৰ মনৰ মাজত কেৱল আজিয়েই নহয় প্ৰায়ে খুন্দিয়াই ফুৰে। সুউচ্চ অট্টালিকাটোৰ

Read more

দেৱা নঃ জানন্তি – তৃষ্ণা সোনোৱাল

“হেৰা, খেচখেচাই নাথাকিবা বুজিছা। এবাৰ ক’লো নহয় নালাগে, মুঠতে নালাগেই।” গালি শুনি নীৰাৰ মুখখন ওন্দোলি উঠিল। ধামকৈ বেডৰুমৰ দুৱাৰখন বন্ধ হ’ল। ময়ো বুজিলো ৰাতিৰ ভাত সাজ হাতৰপৰা গ’ল। যোৱা নাখাওঁ তোমাৰ হাতৰ ভাত। দত্তই নতুন গাড়ীৰ পাৰ্টি দিছে তালৈকে ওলাই গ’লো। পুৱা নীৰাৰ হাতৰ চাহকাপ নাপাম বুলিয়েই ভাবিছিলো। কিন্তু কি চমৎকাৰ! দেওবাৰ নোহোৱা স্বত্বেও মটৰ পনীৰ-পৰঠাৰে ডাঠ চাহকাপ লৈ মিচিকিয়া হাঁহিৰে নীৰা হাজিৰ। পোন্ধৰ বছৰীয়া বিবাহিত জীৱনৰ অভিজ্ঞতা মোৰ, কাম সিজাবলৈ নাৰীৰ নানানটা কিটিপৰ কথা জনা আছে। চাহ লুচী খোৱাৰ

Read more

লথৌ খুড়াৰ কাহিনী-বিনয় কৃষ্ণ তামুলী ফুকন

ল’ৰাহঁতে বুঢ়াৰ পিছ নেৰেই। বুঢ়াৰ পিছত ল’ৰাহঁত লাগি থকা দেখিলে খগেন মহন্ত দেৱৰ ‘তলৌ খুড়াৰ হলৌচোলা’  গীতটোলৈ মনত পৰে। বুঢ়াৰ নাম কি আছিল জনা নাযায়। এই গাঁওখনলৈ নাওবৈচা মৌজাৰ ‘লথৌ’  নামৰ ঠাইখনৰ পৰা উঠি আহিছিল বাবে সকলোৱেই ‘লথৌ বুঢ়া’  বুলিয়েই মাতে। ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে লথৌ বুঢ়া। বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হোৱাৰ কাৰণ আছে। মিছা কথা কৈয়ো যে মানুহ জনপ্ৰিয় হ’ব পাৰি লথৌ বুঢ়া তাৰ উদাহৰণ। নিৰ্দোষ মিছা কথাবোৰ বৰ ৰসাল ৰূপে কয় লথৌ বুঢ়াই। কণপিতৌৱে বাটৰ কাষৰ খালত বৰশী

Read more

পায়স আৰু পিয়াঁজ-পৰিস্মিতা বৰদলৈ

ভববেপাৰীয়ে  চুৰিয়াখন আঠুলৈকে কোঁচাই লৈ কান্ধত কেঁকোজেঁকোকৈ পাচলিৰ ভাৰখন লৈ কণমাই খুৰীটিৰ ঘৰৰ চোতাল গৰকিছেহি৷ এই ভৰদুপৰীয়া খন অলপমান জিৰাওঁ বুলি ভাবোতেই ভববেপাৰীক দেখি কণমাই খুৰীটিৰ টিঙিচকৈ মাৰিলে যদিও চুবুৰিটোৰ “নিউজ চেনেল” বুলি জনাজাত এই ভব পাচলি বেপাৰীৰ পৰা গৰম খবৰ শুনাৰ আশাত মুখেৰে যিমান পাৰি মিঠাকৈ “অ’ ভব আহিছা৷বহাহি আহা এই পিৰালিতে বহা” বুলি ক’লে৷ ভববেপাৰী মানে চুবুৰিটোৰ একমাত্ৰ পাচলি বেপাৰী যাৰ বাৰীৰ টাটকা পাচলিয়ে প্ৰত্যেকঘৰ মানুহকে আকৰ্ষণ কৰে৷ ভবকাইটিৰ আকৰ্ষণৰ অন্য এক কাৰণ হৈছে চুবুৰিৰ ইটো মূৰৰ পৰা

Read more

অপৰাধী – বিতোপন গৌৰাত্ৰ

ক’লা মোচোৰাগোম সাপটোৰ দৰেই পথটো আজিও ফিনফিনিয়া নিমজ আৰু ক’লা হৈ থকা নাই, অন্ততঃ আজি দুবছৰমানৰ পৰা। তৎস্বত্তেও সেইটো এটা সদাব্যস্ত ‘ৰোমাণ্টিক আলি’ , এককথাত ‘চেনি আলি’…! চেনিআলি তাৰ স্থানীয় নাম। নাতিদূৰৈত থকা কলেজখন আৰু বিশেষকৈ তাৰেই গাৰ্লচ হোষ্টেলৰ ই অন্যতম সংযোগী পথ। নগৰৰ মূল আৱহাৱাৰ পৰা প্ৰায় তিনি কিল মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বৰ চেনি আলিৰ সোঁমাজতে এটা পুল, বাৰিষা সোঁসোৱাই পানী বোৱা দিনত দুই এটা স্থানীয় সৰু লৰা ছোৱালীয়ে পুলটোৰ ওপৰত বহি সৰু কাগজৰ টুকুৰা নাইবা থু পেলাই আৰু ঘপকৈ

Read more

ব্ৰেকিং নিউজ-সোনটো ৰঞ্জন বৰুৱা

চুচুকচামাকৈ সি চেনেলটোৰ মালিকৰ অফিছলৈ সোমাই গ’ল । “চাৰ , অফিছত আজি মোৰ প্ৰথম দিন । আগতে এই কামৰ অভিজ্ঞতা অকণো নাই । “ “হমমম”…. অলপ  সময় ভাবি মালিকে সুধিলে,- “ফটো তুলিব জানা ? “ “জানো চাৰ ।” “ঠিক আছে, কেমেৰা লোৱা ,ৰাষ্টালৈ যোৱা , যি দেখা ফটো, ভিডিঅ’ শ্বুটিং কৰি আনা। কামৰ হয়নে নহয় একো নাভাবিবা , মুঠতে তুলি যাবা।” “হ’ব চাৰ ।” সি দিনৰ দিনটো  ঘূৰি যি দেখে তাকে তুলি সন্ধ্যা অফিছলৈ ঘূৰি আহিল । “চাৰ, এইখিনি ফটো,

Read more

ভাজুক – ঈশান জ্যোতি বৰা

(১) আৰ্কিমিডিছেই আছিল হ’বলা,  এই যে আৱিষ্কাৰটো কৰি উঠি গা-ধোৱা ঘৰৰ পৰাই মাজৰাস্তালৈ দুপ্‌দুপকৈ লৰ মাৰিছিল আৰু আনন্দত উত্ৰাৱল হৈ ‘ইউৰেকা,ইউৰেকা’ বুলি চিঞৰিছিল! মোৰো এতিয়া তেনেকুৱা কেইটামান চিঞৰ মাৰিবলৈ মন গৈছে৷ অকল সেইয়াই নহয়, কান্ধত প্ৰকাণ্ড ঢোল এটা ওলোমাই, কাষতে কেইজনীমান নাচনী লৈ আবতৰীয়া বিহুনাচ এটা নাচি দিয়াৰো প্ৰবল ইচ্ছা হৈছে৷ মন গৈছে-এতিয়াই যেন ছ’ছিয়েল মিডিয়ালৈ ঢপলিয়াই যাওঁ আৰু উধৰ পৰা মূধলৈকে মনৰ সমস্ত ভাৱ-অনুভূতি লিপিবদ্ধ কৰি ৰাইজৰ পৰা বিপুল পৰিমাণৰ ‘কংগ্ৰেছুলেছন’ সংগ্ৰহ কৰোঁ৷ কিন্তু প্ৰৱল ইচ্ছা সত্ত্বেও মই ইয়াৰ

Read more

সিন্ধি – গীতিকা শইকীয়া

বাপুকনৰ ঘৰত যোৱা ৰাতি কোনোবা চোৰে সিন্ধি খান্দিলে৷ খবৰটোৱে গাঁওখন তথা ওচৰ-পাঁজৰৰ গাঁওবোৰতো এক প্ৰকাৰৰ হুলস্থূলেই লগাই দিলে৷ ক’বলৈ গ’লে গাঁওকেইখনত বহুত বছৰ ধৰি কাৰো ঘৰতে একো চুৰি-টাৰি হোৱা নাই৷ মানে গাঁৱৰ ৰাইজে হ’বলৈ দিয়া নাই৷ দুই-এবাৰ গাঁৱৰেই কাম-বন নকৰাকৈ থকা দুটামানে দুই-এঘৰত চুৰি কৰিছিল, গাঁৱৰ মানুহে ধৰি নামঘৰলৈ নি আঁঠু কঢ়াই কাণত ধৰাই ৰাইজৰ আগত শপত লোৱালে যে নিজৰ তথা ওচৰ-পাঁজৰৰ গাঁওকেইখনত যেন চুৰি-টাৰি নকৰে৷ দুই-এজনে সিহঁতক পুলিচত দিয়াৰ কথা কৈছিল৷ কিন্তু গাঁৱৰ মানুহে পুলিচত দিয়াৰ কথা ভাবিবও নোৱাৰে৷

Read more

দাদা আৰু নাই – ভাস্কৰজ্যোতি বৰুৱা

অপলক নেত্ৰে চাই ৰলোঁ ম’বাইলৰ স্ক্ৰীনত। দাদা আৰু নাই। কিয় এনে কৰিলে দাদাই? দুখ, ক্ষোভ, হতাশাই নিমিষতে আগুৰি ধৰিলে মোক। আকৌ এবাৰ লক্ষ্য কৰিলোঁ – মই ভুল দেখা নাইতো? নিশ্চিত হ’লো, মই ঠিকেই দেখিছোঁ। সেই তাহানি কেমেষ্ট্ৰীৰ প্ৰেকটিকেলত টেষ্ট টিউবৰ তৰলৰ ৰং আকাংক্ষা কৰা ধৰণে সলনি হ’বলৈ কৰা বৃথা অপেক্ষাবোৰৰ দৰে আজিও মই যিমানে চাই নাথাকিলেও এই ৰং যে সলনি নহয় সেয়া বুজি পালোঁ।“ফ্ৰেণ্ড” আৰু “ফ’ল’ৱিঙ” শব্দ দুটা যেন এখন বগা কাপোৰেৰে ঢাকি দিলে দাদাই। এতিয়া মই যিমানেই চাই নাথাকিলেও

Read more

বিয়া-সংবাদ – হীৰকজ্যোতি বৈশ্য

বিয়া বুলি ক’লে গা সাতখন-আঠখন লাগে৷ ভাইটি আৰু মোৰ সবাতোকৈ প্ৰিয় মাংসৰ মলমলীয়া গোন্ধ আৰু খাই উঠাৰ পিছত বিবাহপ্ৰাৰ্থীয়ে বটাত যছা গুৱামুৰিৰ সতেজ ছবিখন মনত ভাঁহি উঠে৷ বিয়ালৈ সচৰাচৰ আমি মাৰ লগত নাইবা দেউতাৰ লগত নাইবা মা, দেউতা দুয়োৰে লগত যাওঁ৷ কিন্তু সিদিনা মাৰ জ্বৰ আৰু দেউতাৰ ডিছেণ্ট্ৰি৷ আনফালে বিয়াখনলৈ নগ’লে নহয়৷ ভাইটি আৰু মই দেউতাক বিয়ালৈ যাবলৈ বাৰে বাৰে তাগিদা দি আছোঁ৷ কি কৰোঁ কি নকৰোঁ ভাবি দেউতাই শেষত সিদ্ধান্ত দিলে যে বিয়ালৈ ভাইটি আৰু মই যাব লাগিব…৷  ভাইটি

Read more
1 62 63 64 65 66 78