ফটাঢোল

ব্ৰেকিং নিউজ-সোনটো ৰঞ্জন বৰুৱা

চুচুকচামাকৈ সি চেনেলটোৰ মালিকৰ অফিছলৈ সোমাই গ’ল ।

“চাৰ , অফিছত আজি মোৰ প্ৰথম দিন । আগতে এই কামৰ অভিজ্ঞতা অকণো নাই । “

“হমমম”…. অলপ  সময় ভাবি মালিকে সুধিলে,- “ফটো তুলিব জানা ? “

“জানো চাৰ ।”

“ঠিক আছে, কেমেৰা লোৱা ,ৰাষ্টালৈ যোৱা , যি দেখা ফটো, ভিডিঅ’ শ্বুটিং কৰি আনা। কামৰ হয়নে নহয় একো নাভাবিবা , মুঠতে তুলি যাবা।”

“হ’ব চাৰ ।”

সি দিনৰ দিনটো  ঘূৰি যি দেখে তাকে তুলি সন্ধ্যা অফিছলৈ ঘূৰি আহিল ।

“চাৰ, এইখিনি ফটো, কিন্তু এখনো কামৰ নহয় যেন লাগিছে”- বুলি মলিন মনেৰে মালিকলৈ ফটোবোৰ আগবঢ়াই দিলে।

“চিফ এডিটৰক মাতা ” বুলি কৈ মালিকে ফটোবোৰত চকু ফুৰাবলৈ ধৰিলে ।

চিফ এডিটৰ আহিল আৰু মালিকে ফটোবোৰ তেখেতক দি ক’লে ” চোৱা ,কিবা বনিবনে? “

“হমম…..  নিগনিৰ জাক …ভগা বিল্ডিং … ট্ৰেফিক জামত মন্ত্ৰীৰ কনভয় …  গাড়ী ভৰ্তি সেনা …  অগ্নিনিৰ্বাপকৰ বাহিনীৰ গাড়ী…. বাহ কি ফটো। ইখনৰ লগত দেখোন সিখনৰ সম্পৰ্কই নাই।” – ফটোবোৰ চাই চাই হাঁহি হাঁহি এডিটৰে শেষত তালৈ চাই ক’লে ।

“আৰে  ভাই, এইখিনিৰে কি নিউজ নহ’ব নেকি? মাথা মাৰা আৰু কিবা ধামাকেদাৰ নিউজ বনোৱা ।” মালিকে চিফ এডিটৰলৈ চাই ক’লে।

“হমম….” অলপ সময় গহীনকৈ ভাবি হাঁহি এটা মাৰি এডিটৰে কলে,- ” হৈ যাব চাৰ , কালিলৈ পুৱাৰ ধামাকা হৈ গ’ল বুলি ধৰি লওক ।”

সি তাতে ভেবা লাগিল , “এইসোপা ফটোৰেও নিউজ ! বাৰু কালিলৈ চাম কিনো ধামাকা কৰে!”

পিছদিনা টিভি চেনেলত……

(বিজ্ঞাপন: পুৱাৰ নিউজ পৰিবেশনৰ সহযোগী হ’ল কায়ম চূৰ্ণ, প্যাৰ চে খাওঁ, মস্ত ৰহৌ, লুটপাত বেংক, হামছে লোন লৌ, বাদ মে নাচতে ৰহৌ)

বিজ্ঞাপনৰ শেষ দৃশ্যটোৰ লগে লগেই পুৱাৰ নিউজৰ মন্তাজ তথা মিউজিকৰ সংমিশ্ৰণেৰে পুৱাৰ নিউজৰ আৰম্ভণি………মন্তাজ শেষ হোৱাৰ লগে লগে নিউজ ৰিডাৰৰ হাঁহি ভৰা মুখ ভাঁহি আহে………)

নিউজ ৰিডাৰঃ  নমস্কাৰ, পুৱাৰ নিউজত এয়া মই,  ……………হেডলাইনৰ বাতৰিসমূহ কোৱাৰ আগতে এটা বিশেষ খবৰৰ কথা কৈ লওঁ…    এই মুহূৰ্তত আমালৈ অহা এইটো বিগ ব্ৰেকিং নিউজ, ………  আপোনাৰ চহৰখন এক ভয়াবহ বিপদত সংকটৰ মুখামুখি হৈছে… ক’বলৈ গ’লে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে। কি হ’ব পাৰে বাৰু এই ভয়াবহ খবৰ যি চহৰখনৰ বাবে দূৰ্যোগ মাতি আনিছে। কোনে প্ৰশাসনৰ চকুৰ টোপনি হৰণ কৰিছে?  বিতং খবৰৰ বাবে আপোনালোকক আমাৰ বিশেষ সংবাদদাতাৰ ওচৰলৈ লৈ যাব খুজিছোঁ……… হেল্ল’ হেল্ল’……… শুনা পাইছানে…… হেল্ল’……… মই ষ্টুডিঅ’ৰ পৰা …………অমুকে কৈছো……… হেল্ল’……… ( সিফালৰ পৰা স্ক্ৰীণত ইতিমধ্যে দেখা দিয়া ৰিপোৰ্টাৰে নিউজ ৰিডাৰৰ লগত যোগাযোগৰ বাবে নিজৰ কাণত লগোৱা মেচিনটোত বাৰে বাৰে জোকাৰি হেল্ল’ হেল্লো কৰি থাকে   …) টিভিৰ স্ক্ৰীণত পুনৰ নিউজ ৰিডাৰক দেখা যায়… ……

নিউজ ৰিডাৰঃ ক্ষমা কৰিব। আমাৰ সাংবাদিকৰ লগত যোগাযোগ কৰিব পৰা নাই। অলপ পিছত আমি পুনৰ চেষ্টা কৰিম। তেতিয়ালৈকে ইতিমধ্যে আমাৰ সাংবাদিকে দিয়া বাতৰিটো আপোনালোকক জনাব লৈছোঁ……

আচৰিত হ’বলগীয়া হ’লেও আমি আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ যে চহৰৰ এক পাৰ্শ্বৱৰ্তী   অঞ্চলৰ কিছুমান সুউচ্চ বিল্ডিঙত এদল নিগনিয়ে অতৰ্কিতে আক্ৰমণ চলোৱাৰ খবৰ আহিছে। হয়, আপোনালোকে ঠিকেই শুনিছে, এজাক নিগনিয়ে অতৰ্কিতে সেই বিল্ডিঙবোৰত আক্ৰমণ চলোৱাত বিল্ডিঙবোৰত বাস কৰি অহা পৰিয়ালবোৰৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে।

মনত ৰাখিব এই বাতৰি একমাত্ৰ আমাৰ চেনেলতেহে দেখা পাই আছে। আমাৰ সাংবাদিকে নিজৰ জীৱনৰ লগত খেলা কৰি এই বাতৰি সংগ্ৰহ কৰিছে। সাংবাদিক……………… এ অলপ আগতে জনোৱা মতে যোৱা ৰাতি অতৰ্কিতে বিল্ডিঙটোত কিচিৰ মিচিৰ শব্দৰ সৃষ্টি হয়। তাত বসবাস কৰা মানুহবোৰে প্ৰথমে বিশেষ একো ধাৰণা কৰিব পৰা নাছিল বুলি জনায়। কিন্তু লাহে লাহে শব্দবোৰ বেছি হ’বলৈ ধৰে আৰু এটা সময়ত প্ৰচণ্ড জোৰেৰে এটা ফ্লোৰৰ পৰা আন এটা ফ্লোৰলৈ যোৱাৰ শব্দত মানুহবোৰ বিতত হৈ পৰে। ইতিমধ্যে নিগনিৰ জাকে বিল্ডিঙটোৰ বিজুলী বাতিৰ সমস্ত তাঁৰ কুটি নষ্ট কৰি পেলোৱাত অঞ্চলটো গভীৰ অন্ধকাৰত ডুব যায়।  নিগনিবোৰে কৰা শব্দ প্ৰদূষণত মোবাইল টাৱাৰতো ছিগনেল বাধাপ্ৰাপ্ত হয়। বিল্ডিঙবোৰত থকা মানুহখিনি ৰাতিৰ অন্ধকাৰত বাহিৰলৈ ওলাই আহিব নোৱাৰাত তাতেই আৱদ্ধ হৈ থাকিবলগীয়া হয়। ……………… ইতিমধ্যে আমাৰ সাংবাদিকক পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে……… এয়া আপোনালোকক চিধাই ঘটনাস্থলীলৈ লৈ যাব বিছাৰিছো, য’ত উপস্থিত আছে আমাৰ সাংবাদিক……….”

হেল্ল’……… মোক শুনা পাইছানে?”

“হয়,…………. পাইছো”

“…… মই তোমাৰ পৰা জানিবলৈ বিচাৰোঁ তুমি এতিয়া ক’ত আছা, এতিয়া তাৰ পৰিস্থিতি কেনেকুৱা?

হয়……….., মই এই মুহূৰ্তত চহৰৰ সীমামুৰীয়া অঞ্চলত উপস্থিত আছোঁ। মোৰ পাছফালে লক্ষ্য কৰিলে আপোনালোকে ওখ ওখ অট্টালিকাবোৰ দেখিবলৈ পাব, (ৰিপোৰ্টাৰৰ পিছপিনে কিছুমান বিল্ডিঙৰ ফটো দেখা যায়।) য’ত কালি ৰাতিৰে পৰা এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে। এয়া প্ৰকৃততে এক অবিশ্বাস্য ঘটনা……। কালি ৰাতি এটা নিগনিৰ বৃহৎ দলে চহৰৰ এই অঞ্চলত আক্ৰমণ চলোৱাৰ দৃশ্য আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হয়। আপোনালোকে ফটো দেখিলে গম পাব কিদৰে নিগনিৰ বৃহৎ দল চহৰৰ অভিমুখে ধাৱমান হৈছে। আনখন ফটোত আপোনালোকে দেখিবলৈ পাব কিদৰে নিগনিয়ে আক্ৰমণ কৰি এটা অট্টালিকা ধংসস্তুপত পৰিণত কৰি দিছে। এই নিগনিৰ দলটো চহৰৰ অন্য প্ৰান্তৰলৈও গতি কৰিব পাৰে, আৰু সেয়েহে সকলোকে সাৱধানতা সন্দেহ কৰা হৈছে।

এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ খবৰৰ ভিত্তিত পুলিছ প্ৰশাসন সক্ৰিয় হৈ পৰিছে। ফটোত দেখিছে কিদৰে ঘটনাস্থলীলৈ গাড়ীয়ে গাড়ীয়ে সামৰিক বাহিনী প্ৰেৰণ কৰা হৈছে। লগতে বিল্ডিঙত আৱদ্ধ মানুহখিনিৰ উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও ঘটনাস্থলীত উপস্থিত হৈছে।  ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ মন্ত্ৰী মহোদয় উপস্থিত হৈছেগৈ যদিও বিল্ডিঙত আৱদ্ধ হৈ পৰা মানুহখিনিৰ লগত যোগাযোগ কৰিবগৈ পৰা হোৱা নাই।

নিউজ ৰিডাৰঃ “দৰ্শক সকলে হয়তো বুজিব পাৰিছে বৰ্তমান আমি কি ভয়ানক দূৰ্যোগ মুখামুখী হৈছো? কি হ’ব আমাৰ চহৰখনৰ ভৱিষ্যত? আমাৰ প্ৰশাসনে এই পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিবনে? চেনেল সলনি নকৰিব কাৰণ এই বাতৰি কেৱল আমাৰ চেনেলত সম্প্ৰচাৰিত হৈ আছে। শেহতীয়া আপডেট লৈ আকৌ আহি আছোঁ বিৰতিৰ পাছত।

বিজ্ঞাপন :………….

নিউজৰিডাৰঃ বিৰতিৰ আগতে আপোনালোকে দেখিছিল কিদৰে আমাৰ সামৰিক বাহিনীয়ে নিগনি নিৰ্মূল অভিযান চলাবলৈ আয়োজন কৰিছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে শেহতীয়া আপডেট মতে আমাৰ সেনাবাহিনী এই যুঁজত সফল হৈছে। মৰণপন যুঁজৰ শেষত সামৰিকবাহিনীয়ে সকলো নিগনি চহৰৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছে। আমাৰ সংবাদদাতাৰ সূত্ৰমতে আপোনাৰ চহৰখন এতিয়া সুৰক্ষিত। কেৱল আমাৰ চেনেলত প্ৰচাৰ হৈ আছে এই খবৰ। এতিয়ালৈ ইমানেই, আৰু কিছু তাজা, চনচনিখেজ বাতৰি লৈ আহি আছো পৰবৰ্তী বাতৰিত। আৰু চাবলৈ নাপাহৰিব আমাৰ সন্ধ্যাৰ বিশেষ চৰ্চা, য’ত নিগনিৰ আক্ৰমণ, ইয়াৰ আঁৰত কাৰ হাত থাকিব পাৰে আদি বিভিন্ন দিশসমূহৰ ওপৰত ৰাজ্যৰ বিশিষ্ট আলোচকসকলে কৰা তথ্যভিত্তিক আলোচনা।

“দেখিলে, কেনেকৈ জাবৰৰ পৰা এটা চনচনিখেজ খবৰ বনাই দিলোঁ “- এডিটৰে মালিকলৈ চাই কলে।

“মানুহ মাৰি দিবা হে, মানিছো তোমাক কিছু নিউজ মেকিং কৰিব পাৰা তুমি ” -হাঁহি মাৰি মালিকে কলে।

“দেখিলে কেনেকৈ মানুহ উৎকণ্ঠিত হোৱাকৈ বাতৰি পঢ়িলোঁ ” – নিউজৰিডাৰ গৰাকী নিউজৰূমৰ পৰা হাঁহি হাঁহি আহি ওলাই মালিকলৈ চাই কলে।

কাষতে ৰৈ নিউজ চাই থকা সি নিউজ দেখি থৰ লাগিল।

“এইবোৰ কি? মই একো বুজিয়েই নাই পোৱা এতিয়াও”, তাৰ কথা শুনি সকলোৱে গিৰ্জনী মাৰি হাঁহি উঠিল।

“হ’ব,কাম কৰি থাকা, লাহে লাহে সকলো বুজি যাবা” -মালিকে তাৰ ফালে চাই ক’লে।

*****

Leave a Reply

Your email address will not be published. Required fields are marked *