ফটাঢোল

অপৰাধী – বিতোপন গৌৰাত্ৰ

ক’লা মোচোৰাগোম সাপটোৰ দৰেই পথটো আজিও ফিনফিনিয়া নিমজ আৰু ক’লা হৈ থকা নাই, অন্ততঃ আজি দুবছৰমানৰ পৰা। তৎস্বত্তেও সেইটো এটা সদাব্যস্ত ‘ৰোমাণ্টিক আলি’ , এককথাত ‘চেনি আলি’…! চেনিআলি তাৰ স্থানীয় নাম। নাতিদূৰৈত থকা কলেজখন আৰু বিশেষকৈ তাৰেই গাৰ্লচ হোষ্টেলৰ ই অন্যতম সংযোগী পথ।
নগৰৰ মূল আৱহাৱাৰ পৰা প্ৰায় তিনি কিল মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বৰ চেনি আলিৰ সোঁমাজতে এটা পুল, বাৰিষা সোঁসোৱাই পানী বোৱা দিনত দুই এটা স্থানীয় সৰু লৰা ছোৱালীয়ে পুলটোৰ ওপৰত বহি সৰু কাগজৰ টুকুৰা নাইবা থু পেলাই আৰু ঘপকৈ সিটো পাৰে ওলাই যোৱা দেখি বৰ চখ পায়। কলেজখনৰ হোষ্টেলৰ ছোৱালী আবাসীয়েই হওক বা আন কোনো মহিলা কিন্তু এই মনোৰম ঠাইকণত মুঠেই নৰয়। কাৰণ পুলটোৰ কাষতে থকা সৰু দোকান খনত কলেজীয়া উদঙীয়া ল’ৰাহঁতৰ একোটা জুম প্ৰায়েই প্ৰত্যক্ষ কৰা যায়। দোকানখনৰ বুঢ়া দোকানীজনৰ পৰা সিহঁতে চিগাৰেট, গুটখা কিনি খায় আৰু ছোৱালী জোকাই, বিশেষকৈ কলেজীয়া গাভৰুহঁত সিহঁতৰ লক্ষ্য। অৱশ্যে গৰমৰ দিনত দোকানখনৰ গাতে লাগি থকা কৃষ্ণচূড়াৰ ফুল আৰু ছাঁই সিহঁতৰ মন জুৰায় আৰু সেয়া হয়তো সিহঁতৰ ‘ৰোমাণ্টিক স্খলন’ ৰ আদি কথা হবও পাৰে…! ফাগুন সনা স্কুটিৰ পিছে পিছে দুৰন্ত বহাগ যেন ৰয়েল এনফিল্ডৰ গতি নাইবা গদগদীয়া শব্দই, মাজে মাজে অপইতা কলেজীয়া প্ৰেমিক-প্ৰেমিকাৰ আহ-যাহ কৰা যুটিয়ে চেনিআলিক বিশেষ সাৰ্থকতা প্ৰদান কৰিছে।
কলেজলৈ বা হোষ্টেললৈ অহাযোৱা কৰা বেছিভাগ গাভৰুৰে সাহসেই কম নে অন্য কিবা….! সিহঁত কিন্তু পৰাপক্ষত গোট বান্ধিহে অহা যোৱা কৰে। অৱশ্যে দুই এজনীয়ে বিশেষ দৃঢ়তাৰে চেনিআলিৰ মাজতে থকা পুলটো, দোকানখন নাইবা কৃষ্ণচূড়া জোপা দেই যায়, একোজনীয়ে আকৌ সেই স্থান পোৱাৰ আগে আগেই মবাইলটোত কথা পতাৰ ভঙ্গীমাৰে ধীৰে ধীৰে পাৰ হৈ যায় আৰু পাৰ হ’লেই মবাইলটো বেগত ভৰায়।
চেনিআলিৰ মধ্যাঞ্চল কিন্তু ভবাৰ দৰে ইমান ভয়াবহ নহয়। সিহঁতে ছোৱালী জোকায় ঠিকেই কিন্তু অশ্লীল হৰকত কৰাৰ নজিৰ নাই, অন্ততঃ আজিলৈকে। বুঢ়াৰ দোকানখন কৃষ্ণচূড়া জোপাৰ শিপাতেই প্ৰায়। কাষতে বাহঁৰ ফালেৰে নিৰ্মিত বেঞ্চত লৰাহঁত বহে, আদ্দা মাৰে, চিগাৰেট হুঁপে, গুটখা খায় আৰু ছোৱালীও জোকায়। নামীদামী ঘৰৰ চোকা চোকা লৰাবোৰৰ হৈছে কি? সিহঁতচোন এই ক্ষেত্ৰত আগৰণুৱা..! ‘মস্তি মৰা’ এই ব্যৱস্থাটো বুঢ়াই লক্ষ্য কৰে কিন্তু একো নুবুজাৰ ভাও জোৰে। ব্যৱসায়ত এৰা ধৰা লাগিবই..!
– ‘ ককা অ’, পিৰিতি এতিয়া নকৰি আপোনাৰ নিচিনা বুঢ়া বয়সত কৰিবনে, নে কি কোৱা বন্ধু?
সকলোৱে হাঁহে, বুঢ়াই মিঁচিকিয়ায়।
– ‘বাদ দে আজিলৈকে এটাও পতাব নোৱাৰিলি..’
– ‘তইনো কেইটা পতাইছ অ… ‘ ‘
তাৰ মাজতে বুঢ়া দোকানীজনৰ ওচৰলৈ এজন শান্ত শিষ্ট ল’ৰা প্ৰায়ে অহা যোৱা কৰা লক্ষ্য কৰি আড্ডা মৰা কলেজীয়া ল’ৰা জাকৰ মাজৰ পৰা চিনিয়ৰ এটাই সুধিলে –
-‘ কি অ’ সমৰ….., ককাৰ দোকানলৈ প্ৰায়ে আহ আৰু কেপি এটাও নোখোৱাকৈয়ে গুচি যাৱ।’
– ‘এৰা কেচটো কি, মইও চাই আছো… ‘
-‘ নহয় অ’, কলেজত আমাতকৈ জুনিয়ৰ বাবে ছিগাৰেটত ট্ৰিগাৰ দবাবলৈ ভয় কৰে ‘
সি একো নামাতি প্ৰস্থান কৰিব খোজা ধৰণটোৱে বোধহয় সিহঁতৰ সন্মানত আঘাত কৰিলে..! সমৰ বোলা শান্ত স্বভাৱৰ লৰাটোৰ লগত সিহঁতৰ সমৰ লাগিল। তৰ্ক বিতৰ্ক ঠেলা ঠেলিৰ অন্তত সিহঁতৰ এক বিশেষ স্বত্ব মানিবলৈ সি বাধ্য হল। আচলতে এক প্ৰকাৰৰ ৰেগিঙত সি তলমুৱা হ’বলৈ বাধ্য হ’ল।
স্বত্বমতে সি সেই সময়তে কলেজৰ পৰা প্ৰায়ে ঘূৰি যোৱা প্ৰথম ষান্নাসিকৰ এজনী বিশেষ ছোৱালীক সন্মুখৰ পৰা জোকাব লাগিব আৰু দুঃসাহস দেখুৱাই বাহাদুৰি মাৰি এই ৰাস্তাটোত অহা যোৱা কৰা উক্ত ছোৱালী জনীৰ পৰা যদি তেনে কৰোতে গালি খায় তেন্তে পঞ্চাশ টকা পাব, যদি বেছি গালি খায় তেন্তে সত্তৰ টকা পাব আৰু যদি চৰ সোধায় তেন্তে সিহঁত প্ৰত্যেকেই এশ টকাকৈ তুলি গোটখোৱা মুঠ টকাখিনি তাক দিব। এটাই হাতচাপৰি বজাই কলে
– ‘আৰু যদি গালিও নাপাৰে, চৰো নোশোধাকৈ থাকে ওলোটাই মিঁচিকিয়া হাঁহিহে মাৰে তেন্তে তাই পতিল আৰু সেইটো তোৰ’ মাল’ বুলি ধৰি লোৱা হ’ব.. ..!
সকলোৱে গিৰ্জনি মাৰি হাঁহি দিলে। তাৰ চকুত পানী দেখি বুঢ়া দোকানীজনৰো মন সেমেকি উঠিল। কিন্তু একো প্ৰতিবাদ নকৰিলে।প্ৰতিবাদ কৰাৰ ‘ হেচিয়ত’ বুঢ়াৰ নাই বুলি সিহঁতে জানেই। তামাছালৈ সিহঁত প্ৰস্তুত হ’ল। দিনৰ এক বাজি পোন্ধৰ মিনিট গৈছে। তাই আহিবৰ হ’ল, সৌৱা আহিছেই। চকুৰ চানগ্লাচ যোৰৰ সৈতে বিশেষ ভঙ্গীমাৰে অহা তাইক দূৰৰ পৰা হিন্দী চিনেমাৰ নায়িকাৰ দৰে লাগিছে…!
– ‘ৱাও, পালেহি যা যা.. ‘
– ‘নাযাৱ কেলে…’
এটাই সমৰক ঠেলা মাৰি আগবঢ়াই দিলে। যাওঁ নাযাওঁ কৈ সি বাধ্য ছাত্ৰৰ দৰে আগবাঢ়িল। জীৱনত কোনোদিনে নকৰা কামটোৰ বাবে তাৰ প্ৰণালীবদ্ধ জ্ঞানৰ অভাৱ। ৰঙা ক’লা পৰা তাৰ মুখখন দেখি বুঢ়া দোকানীজন আৰু তেওঁৰ সমগ্ৰ দোকানখনেই যেন কপি উঠিল..!ছোৱালীজনী যিমানেই ওচৰ চাপিছে সিমানেই সি থৰথৰকৈ কঁপিছে।
-‘ তোমাৰ নামটো কি?
– ‘কিয়? তাই কলে।
-‘ এনেয়ে ‘
-‘ ননচেন্স ‘ বুলি কৈ তাই গ’লগৈ।
ছোৱালীজনী প্ৰায় নেদেখা হোৱাৰ আগতেই ল’ৰা মখাই গিৰ্জনি মাৰি হাঁহি দিলে। চুক্তিমতে সমৰৰ হাতত পঞ্চাশ টকা তুলি দি এটাই কলে,
– ‘মাত্ৰ পঞ্চাশ টকা, ওহোঁ.. Not a great job ‘
– ‘কষ্ট কৰিব লাগিব, যত্ন কৰিলেহে ৰত্ন পায়’

চল পালে কুকুৰে গললৈকে জপিয়ায়। পুনৰ একেটা কামৰ বাবে তাক বাধ্য কৰা হ’ল, কালিলৈকো নকৰিলে হেনোঁ
‘ জিনা হাৰাম ‘…!
‘ ইয়ে দিল মাংগে ম’ৰ…!
বুঢ়া দোকানীক সন্মুখত ৰাখি সমৰক বিভিন্ন ভাবুকি প্ৰদানৰ শেষত এটাই কলে
’till then same time and the same channel…!
( পিছ দিনা, একেই সময়, একেটা পৰিবেশ, একেজনী ছোৱালী)

তাই আহিছে, সি আগুৱাই গ’ল, কলেজীয়া উদ্ধতালি, উদণ্ডালিত থৰকবৰক তাৰ প্ৰতিটো খোজ, বুঢ়া দোকানীৰ টেঙা মৰ্টনৰ বৈয়ামটোও যেন থৰথৰকৈ কঁপিছে…! আদিম উলাহত চেঙেলীয়া মনবোৰে গজা নগজা মোচবোৰৰ তলত হাহিঁ তামাছাবোৰ লুকুৱাই ৰাখিছে।।।
-‘ হাই’… (সিহঁতে শিকোৱা মতেই সি কলে)
-‘ কি হ’ল, কিয় বাৰে বাৰে….!
– ‘do you think that this finger is better than….
সিহঁতে শিকোৱা বাক্যটো কৈ শেষ হ’ ল কি নহ’ল সমৰৰ গালত এটা প্ৰচণ্ড চৰ শোধাই ভোৰভোৰাই তাই আঁতৰি গ ল। প্ৰস্তৰ মূৰ্তিৰ দৰে চেনিআলিৰ সোঁমাজত তভক মাৰি ৰোৱা সমৰে এখন বাইকৰ হৰ্ণ শুনি সম্বিত ঘূৰাই পালে। সিহঁত কথা ৰখা মানুহ…., সি পুৰস্কৃত হ’ল….! আজি তাৰ সৰ্বমুঠ আয় সাতশ টকা..!!
মান-অপমান নাইবা অপমানবোধবোৰ কেতিয়াবা মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত নহৈ পৰিস্থিতিৰ দ্বাৰাহে নিয়ন্ত্ৰিত হোৱা দেখা যায়..! সেইবাবেই চাগৈ ভিক্ষা বৃত্তিত নিয়োজিত হোৱা সকলে ভিক্ষা খুজিবলৈ লাজ নাপায়, বেশ্যা বৃত্তিত থকা সকলে নিজৰ মঙহবোৰ সাৰ্বজনীন কৰিবলৈ লাজ নকৰে। সমৰ নামৰ ঠাণ্ডা প্ৰকৃতিৰ চোকা ল’ৰাটোৰ ক্ষেত্ৰতো একেই হ’ল। ডাঙৰ মানুহৰ ল’ৰাবোৰৰ উদ্ভণ্ডালি,চখ নাইবা চেলেঞ্জবোৰ লাহে লাহে প্ৰতিদিনে তাৰ বাবে অপমানতকৈ সহজ আয়ৰ উপায় হ’ল। এডভেঞ্চাৰ টাইপ, ৰিস্কি শ্ব’ বাজিৰ বাবে তাৰ গাল দুখনে নতুন নতুন কলেজীয়া গাভৰুলৈ আশাৰে বাট চোৱা হ’ ল…!!
তাৰ প্ৰতিটো উপাৰ্জন সেই বুঢ়া দোকানীজনক কোনেও নেদেখাকৈ সি দি যায়। কিয় দিয়ে কোনেও নাজানে। সপ্তাহটোৰ ভিতৰতে চেলেঞ্জ লগোৱা কলেজীয়া ল’ ৰাৰ সংখ্যা বাঢ়ি আহিল।পিছে কথাবোৰ লাহে লাহে ৰাজহুৱা হ’ ল। কলেজ কৰ্তৃপক্ষ, অভিভাৱক, স্থানীয় মানুহ আৰু অৱশেষত পুলিচ…!
সোধা পোছাৰ বাবে থানালৈ তাৰ লগতে কৃষ্ণচূড়াৰ তলৰ সৰু ঘুমটি টাইপৰ দোকান খনৰ বুঢ়া দোকানীজনকো পুলিচে উঠাই নিলে। সমগ্ৰ ঘটনাৰ আদ্যোপান্ত সমৰে বিবৰি কলে। ঘটনাৰ প্ৰতক্ষদৰ্শী বুঢ়া দোকানীজনে হুকহুকাই কান্দি হঠাতে অপৰাধী ল’ৰাটোক সাৱটি ধৰিলে,
-‘ মইনা অ’…. অ’ মইনা এইবোৰ কি হ ল…! ‘
থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সন্দেহ বাঢ়িল, অৱশেষত উৰহি গছৰ ওৰ ওলাল। সেই কলেজখনৰ নৱাগত সমৰ নামৰ ল’ ৰাটো, যি বৰ্তমান দাগী অপৰাধী – আচলতে বুঢ়া দোকানীৰ নাতিয়েক..!! বুঢাই কৈ গ’ল-
” ছাৰ, আমি এইখন জিলাৰ মানুহ নহয়, উজনিৰ মানুহ। মইনাক মইয়ে পঢ়াই-শুনাই ইমানটো কৰিলোঁ। তাৰ মাক দেউতাক সি সৰু হৈ থাকোঁতেই গাড়ী দুৰ্ঘটনাত ঢুকাল। তাক ডাঙৰ মানুহ কৰিবলৈ অৱশেষত ভাল কলেজ এখনত নাম লগাবলৈ ঠিক কৰিলোঁ। গাৱঁৰ মাটি কেইডৰা একেবাৰে বিক্ৰী কৰি মইও তাৰ লগতে ইয়াত পালোহি, কাৰণ মই তাৰ লগত নাহিলে সিও নপঢ়াৰ জেদ ধৰিছিল। এটা সামান্য ভাৰাঘৰত আমি দুটা থাকোঁ, সময় কটোৱাৰ অজুহাতত মইনাৰ হাক বাধা নামানি দোকানখন খুলিলো, সি মোৰ কষ্ট সহিব নোৱাৰে, পিছে ছাৰ…, ঘৰখন চলিবলৈ জমা টকা কেইটাৰ ওপৰতে নিৰ্ভৰ কৰিবতো নোৱাৰি..! সি কলেজ যায়, মই দোকানত বহোঁ। হঠাতে সকলো হিচাপ ওলট পালট হ’ল..!
সিহঁতে মইনাক বাধ্য কৰিলে, মোৰ মইনা সিহঁতৰ দৰে দুষ্ট দগাবাজ নহয় ছাৰ.., কিন্তু…!
বুঢ়াৰ কুহুমীয়া লোটকবোৰ টোপা টোপে সৰি পৰোতে যেন চিঞৰি চিঞৰি ক’ব খুজিছিল
– – আমি নিৰ্দোষী, আমাক যাবলৈ দিয়ক—
বুঢ়াই পুনৰ কৈ গ’ ল-
” প্ৰথম দিনা ঘৰত গৈ সি একো নাখালে ছাৰ, সি লাজতে মনে মনে কান্দি কান্দি শুই পৰিছিল। কিন্তু পিঠিয়া পিঠিকৈ শুই থাকোঁতে মইও যে কান্দিছিলোঁ সেইয়া মই তাক গম পাবলৈ নিদিলোঁ ছাৰ, কিন্তু পিছদিনাখনৰ একেটা কাণ্ডত লাভ কৰা টকা কেইটাৰে সি পাৰ চৰাই এযোৰ কিনি নিছিল, পাৰ মাংসৰে ৰাতি ভাত খাই থাকোতে সি কৈছিল
-ককা, এটা চৰত যে ইমান ইনকাম…!
মই তাৰ কথা শুনি হতবাক হৈ পৰিছিলো, তাৰ কথাই মোক আচৰিত কৰি তুলিছিল।হঠাৎ হোৱা তাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ অন্তৰালত যে তাৰ বুকুত জ্বলা একুৰা জুই সেইয়া মই বুজিও নুবুজাৰ ভাও জুৰিছিলো, তাৰ বিদ্ৰোহৰ জুইকুৰাই ভয়াবহ ভৱিষ্যতৰ ইঙ্গিত দিছিল….! কিন্তু নিৰ্বোধৰ দৰে চাই থকাৰ বাদে মোৰ একো উপায় মনলৈ অহা নাছিল ছাৰ…..

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *