ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

(১) সামাজিক   লিমেৰিক যদি হয় হকীষ্টিক সমস্যা যেন বল শোষকৰ ঠেঙত ছেগ বুজি চাই কিছু চল সংকটত উলাওক চোকা শব্দ সমস্যাই জুৰিছে কত অব্দ কাম কলমেৰে যুঁজি আছোঁ জিন্দাবাদত ভাগৰুৱা গল৷ (২) প্ৰেমৰ মাহৰ জুলাপ জান সোন মাৰি দিলে পমি যাব বুকু বেকগ্ৰাউণ্ডত গান বাজিব তোমাৰ চানগ্লাছে ঢকা চকু ফুটা পকেট ফুটা কপাল তাপলি মাৰা কৃষ্ণ গোপাল মায়াবজাৰৰ চীনা মালে মোহ লগাই মোকো৷ ☆★☆★☆

Read more

আপদীয়া পদ্য – তবিবৰ ৰহমান

১) জাতি মাটি ভেটিৰ দিছিল আশ্বাস ৰাইজে চকু মুদি কৰিছিল বিশ্বাস ৰজাই বাগৰ সলালে কান্ধুলি মাছকো চেৰ পেলালে প্ৰজাই ল’ব নোৱাৰা হ’ল শ্বাস প্ৰশ্বাস।     ২) নিৰ্বাচনৰ আগত দিছিল উদাত্ত ভাষণ নাম দি লৈছিল শৰাইঘাটৰ দ্বিতীয় ৰণ জনতা ভাষণত ভোল গ’ল ডাঙৰীয়া বৈতৰণী পাৰ হ’ল উপহাৰ হিচাপে জনতাই পালে ৰামঠগন৷ ☆★☆★☆

Read more

পঞ্চপদী – হেমেন ডেকা

(১) তুমিয়েই মাই-বাপ, তুমিয়েই অগতিৰ গতি তুমিয়েই ৰাখিবা আমাৰ জাতি-মাটি আৰু ভেটি আমি তোমাৰ ভক্ত-চেলা নুবুজোঁ ছলনাৰ খেলা তোমাৰ আশ্বাসতে অভিভূত হৈ থাকোঁ দিন-ৰাতি৷ (২) নিবনুৱাক লৈ চলি থাকে ৰাজনীতি তেওঁবিলাক যেন পাশাখেলৰ গুটি নেতাৰ প্ৰলোভন দেখুৱায় সপোন শেষ ফল হয়গৈ মাথোন এটি ঘটি! (৩) মুখত তোমাৰ ফুল-চন্দন পৰক- হে মহান আমাৰ হিয়াৰ আমঠু- ৰাখিছা গামোচাৰ মান জনতাৰ বুকুৰ আপোন নেতা নাভাবোঁ যে তোমাক আপোন-পেটা তোমাৰ প্ৰতিশ্ৰুতি যেন এন্দুৰৰ গাঁতৰ ধান৷ (৪) ভাবোঁ ক’তনো দগৰি এসাজ খাবলৈ পাওঁ বিনামূলীয়া খানা

Read more

উৰুকাৰ লিমাৰিক – বি এন ৰূপম

(১) পুৱাতে আনিবলৈ গ’লোঁ চিতলদাম শুনি খাই গ’লোঁ পিছলৰৌ, বৰালিত দিলোঁ চকুদামেই ক ক কঁপালে বুকুঅহা বছৰ লগত নিম পিষ্টল (২)ছাগলী মাংসৰ দৰালোঁ দাম“বাপ্পাঐ… আমি কেংকে খাম!”লকেল মূর্গী পাবলৈ নাইব্রইলাৰ দেখিলেই আমুৱাইঅহা বছৰ ল’ম, ৰাম নাম (৩)উৰুকাৰ বজাৰৰ কি কৰোঁ চিনকিবা কিনিবলৈ ল’ব লাগিব ঋণজেপত নাই ফুটা কড়িকিদৰে পাতোঁ বাৰু ভোগালীঘৰলৈ কিনিলোঁ এক পোৱা চয়াবিন! ☆★☆★☆

Read more

বাবু ভাত খালা – প্ৰাণজিৎ বৰুৱা

এসময়ত যাৰ প্ৰেমত খাইছিলোঁ হাবু ডুবু তাই মেচেজ কৰিলেহাই কি কৰিছা বাবু, মোৰ হাওঁফাওঁ কলিজা কিডনিত উঠিল কঁপনি, কি কৰোঁ কি নকৰোঁ বুলি ফুলি গ’ল শিৰা ধমণি, যদিও তেতিয়া আছিলোঁ মই খাই বৈ পেল, তাইৰ মেচেজ দেখি অলপমান হ’লোঁ নৰমেল, কঁপা কঁপা আঙুলিৰে পঠিয়ালোঁ লিখি, এনেই আছোঁ বেবী, কি কৰিছা তুমি? তাই ক’লে এনেই আছোঁ ময়ো, ভালনে তোমাৰ ? মই বোলো ভালেই মোৰ, পিচে আজি হঠাৎ মেচেজ যে তোমাৰ? তাই ক’লে মন গ’ল আকৌ বাবু! মই বোলো hmmm তাই বোলে

Read more

ফটাপদ – ধনজিৎ বৰুৱা

হনুমানে শুই শতিকা জুৰি লৈ আছিল ৰেস্ত ভীম গৈছিল পদ্ম বিচাৰি ল’লে এটি টেস্ত দেই মই নাযাঔ হেৰা নেজ আঁতৰুৱা জলদি মই বুঢ়়া ভাগৰুৱা অতি তুমিয়ে কৰা বলদি নেজ লৰাব নোৱাৰে ভীমে জিভা মেলি ফোপাই কঁকাল কেচেক কৰিব লাগিলে সিফালেও আকৌ বিলাই কোন তুমি নোহোৱা তু সাধাৰণ এক বানৰ মোৰো বাট খোলা এবে প্ৰশ্ন যে সন্মানৰ তুমি বাৰু কিয় কৰিব পৰা নাই অনুমান ময়েতু সেই লংকাকাণ্ডৰ ক্ৰেডিট থকা হনুমান ভীমে বোলে ইউৰেকা জাৰি ধুলি বোকা চমুকৈ ৰাখি দিলে তেওঁৰ সমস্যাৰ

Read more

শুৱনি আমাৰ ফটাঢোল – তাবিবৰ ৰহমান

শুৱনি আমাৰ ফটাঢোল বাসী দল বান্ধি বান্ধি যুঁজ বাগৰ কৰে শুৱনি আমাৰ হাঁহিৰ পথাৰ শুৱনি নাৰীৰ হাঁহি কথা-মাত লাইভত কামোৰ বাজন, জিলা প’ল আলোচনীত ব্যংগ মিটত নাচ কামৰ সময়ত ৰচকী মহিলাই চাহত চেনি আঞ্জাত নিমখ ঘৰে ঘৰে ঢোলৰ মাত অফিচ কাছাৰীত ঢুলীয়া নাচনীয়ে সকলোৰে দুখত সমভাগী হোৱা বানপানী ঠাণ্ডাত অসহায় লোকক ☆★☆★☆

Read more

প্ৰাক্তন প্ৰেমিকলৈ বুলি – কাকলি ভৰদ্বাজ মিশ্ৰ

শুনিছোঁ আজিকালি হেনো নিশা উজাগৰে কটোৱা, ফেচবুক, whatsappত বোলে তামাম চেনী দিয়া। কথাৰ শুং-সূত্ৰ বিচাৰি চালোঁ তোমাৰ Fb ৱাল খুচৰি, ফটো, ষ্টেটাছ, কমেণ্টটবোৰ দেখি খালোঁ হাবাথুৰি। লোকৰ Enfild ত ফটো উঠি Fb ত Dp বনোৱা, হ’ল বুলিয়ে কিমাননো আৰু Frp ৰ পাছত দৌৰা!! Whatsapp তো বোলে মজা মজা message বিলোৱা, Last seen টোও হ’বলা আজিকালি Off কৰিহে থোৱা! আম্বানিৰ Jio ই তোমাৰ কৰি দিলে বৰ সুবিধা, ৰাতি দুপৰলৈকে মানে লীলিমাইবোৰতে সময় নষ্ট কৰা। হিংসাতে জ্বলি পুৰি মৰা তোমাৰ প্ৰাক্তন প্ৰেমিকা৷

Read more

লিমাৰিক – ৰাজীৱ শৰ্মা

(১) পঞ্চায়তে দেখুৱালে কোন কিমানৰ ফল পালে প্ৰাৰ্থীয়ে যিজন যিমানৰ বেলি ডুবিল অগপৰ হেতু পালে পৰাজয়ৰ ভোট নিদিলে দেখি নাটনি বিমানৰ (২) নমালে টিঙৰ পৰা ধৰি বিজেপিক ওভট গোৰে নচাৰ গতি বেগতিক পদুমক দলিয়াই শাপ যেন ফলিয়াই অশ্বমেধৰ দৌৰ ৰুদ্ধ হ’লে দাম্ভিক (৩) অগতিৰ গতি তুমি ৰাজনীতিকৰ ধন দিনে ৰাতি তোমাত শৰণ তোমাতেহে মন হ’লোঁ মই ৰাজ্যৰ ৰজা হেৰুৱাব নোৱাৰোঁ মজা ভোটৰ লোভত আদৰিছোঁ হে বিদেশী গণ ☆★☆★☆

Read more

ফটা কবিতা – ৰাজু কুমাৰ নাথ

নিতৌ মোৰ চোতালত দিছেহি নীলা শিয়ালে হোৱা, “আমাৰ এওঁ”ক মাতি দেখুৱাইছো এইসকললৈ চোৱা। কাউৰীও আহিছে সুৰ তুলি কুলিৰ দিছে ভাও, মুখলৈ চালে বেয়াই লাগে কি যে কাও বাও। শগুনো আহিছে লগুণ লৈ বেদৰ মন্ত্ৰ গায়, মৰাশ বাদ দি জীয়ালৈ চকু কিযে বিড়ম্বনা হাঁয়! পেটত কপট মুখত হাঁহি চব উৰহৰ জাত, এইবোৰকেই দিম আগুৱাই কাঢ়িব মুখৰ ভাত। সপোন অযুত প্ৰলাপ নিযুত এজাক শিখণ্ডী হ’ল, “পহু মৰিলেও ভোজ চিকাৰী মৰিলেও ভোজ” আমি খাবলৈ পালেই হ’ল। ☆★☆★☆

Read more
1 23 24 25 26 27 38