পঞ্চপদী – হেমেন ডেকা
(১)
তুমিয়েই মাই-বাপ, তুমিয়েই অগতিৰ গতি
তুমিয়েই ৰাখিবা আমাৰ জাতি-মাটি আৰু ভেটি
আমি তোমাৰ ভক্ত-চেলা
নুবুজোঁ ছলনাৰ খেলা
তোমাৰ আশ্বাসতে অভিভূত হৈ থাকোঁ দিন-ৰাতি৷
(২)
নিবনুৱাক লৈ চলি থাকে ৰাজনীতি
তেওঁবিলাক যেন পাশাখেলৰ গুটি
নেতাৰ প্ৰলোভন
দেখুৱায় সপোন
শেষ ফল হয়গৈ মাথোন এটি ঘটি!
(৩)
মুখত তোমাৰ ফুল-চন্দন পৰক- হে মহান
আমাৰ হিয়াৰ আমঠু- ৰাখিছা গামোচাৰ মান
জনতাৰ বুকুৰ আপোন নেতা
নাভাবোঁ যে তোমাক আপোন-পেটা
তোমাৰ প্ৰতিশ্ৰুতি যেন এন্দুৰৰ গাঁতৰ ধান৷
(৪)
ভাবোঁ ক’তনো দগৰি এসাজ খাবলৈ পাওঁ
বিনামূলীয়া খানা হ’লে দৌৰাদৌৰিকৈ যাওঁ
ভোজলৈ যাব লাগে আগত
মেলত একেবাৰে পিছত
খোৱাটো মুখ্য- তাৰ বাদে একো ভু-ভা নাপাওঁ৷
(৫)
নিজকে ভাবে তেৰাই বিয়াগোম পণ্ডিত
উঠা-বহা কৰে সদায় অভিজাত গণ্ডিত
দিয়ে পৰিচয় সমাজকৰ্মী কথা-
কাম বিপৰীতধৰ্মী
কথাৰে অসুৰক কৰিব খোজে ভূলুণ্ঠিত৷
(৬)
ৰাস্তাই-ঘাটে চিঞৰি জনাওঁ প্ৰতিবাদ
ৰাইজক আভুৱা ভাৰাসৱ মুৰ্দাবাদ
আমি সদাজাগ্ৰত প্ৰহৰী
উত্তাল কৰোঁ গাঁও-নগৰী
আমাৰ আন্দোলন বাৰমাহেই জিন্দাবাদ৷
(৭)
সোণৰ অসম এইবাৰ নিশ্চয়কৈ হ’ব
ডাল-ধদুৱায়ো কৰ্মসংস্থাপন পাব
আৰু নকৰোঁ আমদানি
পাতিম অলেখ কোম্পানী
নোৱাৰিলে ৰাজনীতি এৰিম- ভোটটো দিব!
☆★☆★☆
12:31 pm
বঢ়িয়া বঢ়িয়া ।
খুব ভাল লাগিল ।
4:31 am
অতি সুন্দৰ হৈছে।