ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

(১) সামাজিক

 

লিমেৰিক যদি হয় হকীষ্টিক সমস্যা যেন বল
শোষকৰ ঠেঙত ছেগ বুজি চাই কিছু চল
সংকটত উলাওক চোকা শব্দ
সমস্যাই জুৰিছে কত অব্দ
কাম কলমেৰে যুঁজি আছোঁ
জিন্দাবাদত ভাগৰুৱা গল৷

(২) প্ৰেমৰ মাহৰ জুলাপ

জান সোন মাৰি দিলে পমি যাব বুকু
বেকগ্ৰাউণ্ডত গান বাজিব তোমাৰ চানগ্লাছে ঢকা চকু
ফুটা পকেট ফুটা কপাল
তাপলি মাৰা কৃষ্ণ গোপাল
মায়াবজাৰৰ চীনা মালে মোহ লগাই মোকো৷
☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *