ভেকুলী-বিয়াৰ সাধুকথা – হৰেকৃষ্ণ ডেকা
উত্ৰাৱল হৈ জপিয়াই ফুৰিছে খহুৱা ভেকুলী৷ কি হ’ল ভেকুলী তোৰ? তোৰ বিয়া পাতিবলৈ গঞাই তোক বিচাৰি ফুৰিছে৷ অ’ সেয়েহে ফুৰিছো লৱৰি৷ ৰ’দৰ পোৰণি, পিঠিৰ খহুত উঠিছে ৷ বিয়াৰ পীৰাত যদিহে উঠে ছট্ ফটনি, নালাগিবনে বাৰু শীতল পানীৰ জুৰণি? খাল-বিলত পিণ্ডত দিবলৈকে এটুপি পানী নাই, পিঠিৰ পোৰণিত দিবলৈনো থাকে ক’ত? গঞাই বিচাৰিছে তোৰ বিয়া পাতি আনিব পানী, তইহে খাল-বিলত পানী বিচাৰি খাইছ হাবাথুৰি৷ লুকাই থকা মেঘে শুনিলে কিজানি, মাৰিলে হাঁহিৰ গিৰ্জনি৷ বৰষুণ নামিল ধাৰাসাৰ, গঞাই ভাবিলে, আশীৰ্বাদ ভেকুলীৰ বিয়াৰ৷ বৰষুণ নাথামে৷
Read more