ফটাঢোল

ফটাঢোল- চিদানন্দ বৰা

ফটা-ঢোলৰ গৰজনিত মেদিনী কম্পমান উচাহতে হিঁয়াই নাচে জুৰি ঐক্যতান। সৰু বৰ মিলি সবে খজুঁৱতি মাৰে ছেগ পালেই সকলোৱে উভতি কামোৰে। কেনে যে বিচিত্ৰ এই ঢোলৰ চাপৰি ডেকা বুঢ়া নাচে সবে বাগৰি বাগৰি। আছে মহা ধুৰন্ধৰ ওজাৰো মহা ওজা লগতে নাচনী আছে বতাহতে উৰা। যন্ত্ৰৱৎ জীৱনৰ ই বিশল্যকৰণী জীৱনী শক্তি ই মহাসঞ্জিৱনী। হাঁহিতে বাজে বাঁহী অমিয়া সুৰত পৰাণ জুৰাই জীৱেমানৱী সঙ্গত। এধানি সুখতে যদি পাওঁ কিবা আন আৰু কিয় লাগে বাৰু আন-বান-সান(খিক)। সতীৰ্থ লাগে কিয় জীৱন পথত বুজিবলৈ বজোৱা ঢোল আমাৰ

Read more

লিমাৰিক – হেমেন ডেকা

১) বন্ধ-প্রদেশৰ আমি অতি আলসুৱা প্রজা খাই ভাল পাওঁ খাৰ-টেঙা আৰু বাঁহৰ গজা ৰসত মজি কীৰ্ত্তন গাওঁ নিজকে প্রায়ে পাহৰি যাওঁ আন্দোলন-ধৰ্মঘট কৰি হ’ব খোজো ৰাইজৰ ৰজা৷ ৷ ২) কাম আং বাং, কথা বেবেৰিবাং ঠোঙাৰ নিচাত সৰ্বস্ব খাস্তাং দেহাটো ভালুকৰ সাঙী দিনে-নিশাই আছে পাঙি চাকৰি কৰা আপী আনিব, খাটাং৷ ৷■■

Read more

লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১) সদায় চিন্তা কৰে লগ হৈ পত্নী আৰু পতি কেনেকৈনো ভাল কৰা যায় পুতেকৰ মতি গতি টেটুলৈকে মদ খায় হেৰুৱাবলৈ আৰু একো নাই ঘৈণীয়েককো হেৰুৱালে কৰি লটিঘটি৷ ৷ ২) চাকৰি বিচাৰোতেই মহানন্দৰ এক বয়স গ’ল বিয়াৰ কথা চিন্তা কৰিবলৈ তাৰ সময়েই নহ’ল ভুকুতে কল নপকে বুলি সিও জানে চাকৰি এটা লাগেই তাক যেনে তেনে নহ’লে তাৰ বাবে সংসাৰ পতাটোৱেই ডাঙৰ জঞ্জাল হ’ল৷ ৷ ৩) তিনিজনীকৈ চপাই লৈ বৰুৱাৰ সংসাৰত লাগিল কেণা তিনিওজনী তিনিটা পাৰ্টিৰ মেম্বাৰ বৰ বৰ নেতাৰ লগত লেনা

Read more

ফটাকবি খেতি – নীলাঞ্জনা মহন্ত

ফটাকবি খেতি – (অ’ ফুল অ’ ফুল কবিতাটিৰ আধাৰত) ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ অ’ ঢোল অ’ ঢোল নাবাজ কিয়? ঢুলীয়াইযে চেও নিদিয়ে মইনো বাজিম কিয়? অ’ ঢুলীয়া অ’ ঢুলীয়া চেও নিদিয় কিয় নাচনীৰ যে খবৰেই নাই মইনো বজাম কিয়৷ অ’ নাচনী অ’ নাচনী খবৰ খাতি নাই কিয়? পপাই যে নঙলামুখত ৰৈ আছে মই বা ওলাই আহিম কিয়৷ অ’ পপা অ’ পপা আজি নঙলামুখত কিয়? হকাৰে যে পেপাৰ দিয়া নাই মইবা নৰ’ম কিয় অ’ হকাৰ অ’ হকাৰ পেপাৰ নিদিয়কিয়? হাততে মবাইলটো আছে নিউজ পঢ়ি

Read more
1 36 37 38