ফটাঢোল

লক্‌ডাউনৰ পিছৰ আড্ডা : ঋতুপৰ্ণ শৰ্মা 

: এই মাক্সখন মাৰি থাকিলে একেবাৰে উশাহেই বন্ধ হৈ যাব খোজে ৰে। বীয়েৰৰ বটলকেইটা টেবুলৰ ওপৰতে থৈ সৌৰভে ক’লে। পল্লবে ইতিমধ্যে ক্লাবৰ পাকঘৰৰপৰা আইনাৰ গিলাচ তিনিটা আনিছিলেই। ধনে লগত অনা ‘তন্দুৰী চিকেন’ৰ পেকেটটো খুলিলে। : হয় দে দোষ্ট, এইখন মুখত মাৰি মাৰি অশান্তি লাগি গৈছে আৰু! কেতিয়ালৈ যে এইবোৰৰপৰা মুক্তি পাম। বীয়েৰ আনি ভালেই কৰিলি। এই গৰমত অলপ শান্তি পাম। ধনে ক’লে। : লক্‌ডাউনে চাল্লা মানুহৰ লাইফ ষ্টাইলেই সলনি কৰি দিলে। গিলাচত বীয়েৰ বাকি বাকি পল্লবে ক’লে। : লক্‌ডাউনৰপৰা তহঁতে

Read more

চাদি, ফিৰ চে- ৰিমঝিম বৰঠাকুৰ

: হেৰি কি কয়হে এই বয়সত বিয়া! আকৌ এবাৰ! কিন্তু কাক? : হ’ব ইমান এনেকুৱা চাৱনি দিব নালাগে। বিয়া পাতিম বুলি ভাবিছোঁ যেতিয়া পাতিমেই। : হৌৰি এই বয়সত কি পৰকিতি লৰিছেহে আপোনাৰ। নে এই দিন-দুপৰতে ৰমেনৰ দোকানৰ ভিতৰত সোমাই ৰঙা পানীটোপা ধৰি আহিল। : হেই এনেই নজনা নেমেলাকৈ কেপকেপাই নাথাকিবাহে। মুখখন থাকিল বুলিয়েই জনাই নজনাই এনে বকি থাকিবলৈ দিয়া নাই নহয়। যি কৰিম বুলি ভাবিছোঁ তোৰ ভালৰ কাৰণেইটো কৰিম এইজনী।  : ঔ পুতুকণ, পুতুকণ ঔ। বাপেৰৰ কথা শুনহিচোন। আকৌ বিয়া

Read more

হাই প্রফাইল ফে’চ-সোণটো ৰঞ্জন বৰুৱা

: চাল্লা, ফেচবুকত নাইতো। নহ’লে মই কি বস্তু জানিলিহেঁতেন। : ইমান যদি মতা হয়েই মোৰ প্ৰফাইললৈ ব’লনা। চাল্লা এটা ষ্টেটাছৰ যোগ্য নহৱ। : এটা যদি পোষ্ট দিওঁ,পলাই তত নাপাবি ঔ। : তোৰ লগত এইকেইটা যে আনিছ, এনেকুৱা হাজাৰ হাজাৰ ফলৌৱাৰ মোৰ পিছত আছে। লিষ্টত থকা পাঁচহাজাৰতো বেলেগেই। এবাৰ মেনচন কৰি দিলে চব আহি যাব। তই মাত্ৰ এবাৰ ফেচবুকলৈ আহনা। তাৰপাছত দম দেখুৱা। : কাক ডাঙৰ ডাঙৰ কথা কৈছ বে? মোক কৈছ? যাৰ পোষ্ট শ শ হিচাপত শ্বেয়াৰ হয়, তাক এনেকৈ

Read more

তপা হোৱাৰ সপোন-মণ্টু কুমাৰডেকা 

তালুকদাৰবোৰক ভাল পাওঁ৷ তালুকদাৰ মানেই খূব চোকা, টকা পইচা থকা মানুহ৷ নিজেও বহুবাৰ তালুকদাৰ হোৱাৰ কথা ভাবোঁ৷ তেওঁলোকৰ একেবাৰেই সমস্যা নাই, খৰচো কম হয়, সময়ো নেলাগে৷ ৰ’ব ৰ’ব এক মিনিট, আপুনি তালুকদাৰ বুলি কওঁতে হয়তো বেলেগ কিবা কথাহে ভাবিছে? পিচে সেয়া নহয়, আমি স্কুলীয়া দিনৰ পৰাই তপাবোৰক তালুকদাৰ বুলি মাতোঁ৷ তপা দেখিলেই চিধাই কাৰোৱাৰ কাণৰ কাষত ফুচফুচাই, “সৌৱা তালুকদাৰ আহিছে….”৷ পাছত যেনিবা  ডাঙৰ হৈ তালুকদাৰ উপাধি এটা থকাৰ কাৰণে তপাবোৰক তপা বা তালু বুলি ক’বলৈ ধৰিলোঁ৷ অফিচৰ সহকৰ্মী এজনে টুপী

Read more

জোক-গীতাৰ্থী গোস্বামী 

লেউপেউকৈ ঘাঁহে-বনে নাচোন দি থাকি এপাকত সুবিধা বুজি কাৰোবাৰ আঙুলিৰ ফাঁকত কামোৰ মাৰি ৰৈ যোৱা সেই প্ৰাণীবিধৰ কথা ভাবিলেও মোৰ গাৰ নোম ডাল ডাল হৈ যায়। সাপলৈকো মোৰ ইমান ভয় নালাগে। ইনফেক্ট গাৰ কাপোৰৰ ভিতৰত এদিন চকৰী ফেঁটীৰ পোৱালী এটা সোমাই থাকোঁতেও মোৰ ইমান ভয় লগা নাছিল। আচলতে  ৰঞ্জু হাজৰিকাদেৱে ‘জোক’ নাম দি এখন কিতাপ লিখিছিল। সৰুতে ৰঞ্জু হাজৰিকাৰ কিতাপ পালেই গোগ্ৰাসে গিলোঁতে এই ‘জোক’খনো আন কিতাপৰ লগত পেটত সোমাল। সোমালহে সোমাল, পিচে বদহজম হ’ল। তেতিয়াৰ পৰা জোক দেখিলেই মই

Read more

বিবাহোত্তৰ-অমিতাভ মহন্ত

বিয়া বাৰু যে ধেমালি কৰা বস্তু নহয় সেয়া বিজয়ে বিয়াৰ আগতেই অনুমান কৰি লৈছিল৷ নিজৰ প্ৰিয় পল্টন বজাৰত কিনা খাটখন দলিয়াই বেডৰূমলৈ ডিভান কিনি অনাৰ দিনাই বুকুখন মোচৰ খাই উঠিছিল৷ বুজি উঠিছিল, কিবা এটা হ’বলৈ গৈ আছে৷ ডিভানখনত ড্ৰয়াৰ নামৰ তিনিটা বিশাল বাকচো আছে৷ বিজয়ৰ মনটো পুৰণি দিনবোৰলৈ উৰা মাৰিলে৷ নিজৰ পঢ়া টেবুলৰ ড্ৰয়াৰটোকেই কোনোদিন ভৰ্তি কৰিবপৰা নাছিল সি, ফলক্ৰমে কোনোবা এদিন সি গম নোপোৱাকৈয়ে সেইটো গৈ পৰিণত হৈছিল এচট্ৰেত৷ ইতিমধ্যে সি ষ্টীল আলমাৰী, ডিভান কিনিলেই৷ তাত সুমুৱাবলৈ এক-দুই ট্ৰাক

Read more

নাসিকাৰ ৰূপ-ৰস-গন্ধ- অদিতি গোস্বামী

আপোনাৰ নাকটো বাৰু কেনেকুৱা?মানে তাৰ ৰূপটোৰ কথা সুধিছোঁ, তিলফুলীয়া নে ফেঁচানকা নে ভাটৌঠোঁটৰ দৰে(এইটো আকৃতিৰ নাক দেখিছোঁ কাৰণেহে সুধিছোঁ দেই)। মোৰ জোঙা নাকৰ প্ৰতি এক দুৰ্বলতা আছে। ঠিক দুৰ্বলতাও বুলিব নোৱাৰি। সাধাৰণতে যিবোৰ বস্তুৰ প্ৰতি আমাৰ দুৰ্বলতা আছে সেইবোৰ বস্তু আমি পাবলৈ বিচাৰোঁ। ধৰক বেগৰ প্ৰতি মোৰ দুৰ্বলতা আছে। শিৱৰাত্ৰিৰ মেলাত বেগৰ দোকান দেখিলে ৰৈ দিওঁ, ভৰি আগলৈ নেযায়েই। সৰু ডাঙৰ চাৰি পাঁচটা বেগ কিনিলেহে মন জুৰায়। আনৰ জোঙা নাক দেখিলেতো মই সেইটো পাব নোৱাৰোঁ বা জোঙা নাকৰ গৰাকীকো মোৰ

Read more

ফেছন -উৰ্ব্বশী বি ভাগৱতী

: নেহা প্লিজ…ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, তোমাৰ দৈহিক সৌন্দৰ্য্যই আমাৰ উন্নতিৰ জখলা। গতিকে ইয়াক মেইনটেইন কৰাটো তোমাৰেই কৰ্তব্য৷ “উস একেটা কেছেটকেই কিমান বজাৱ গৰু” মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল নেহাই। কি যে আৰু! ওৱান স্কুপ চকলেট আইচক্ৰীম খাবলৈ লৈছিল তাই।তাতে ফটোগ্ৰাফাৰটোৰ ইমান আপত্তি অ’৷ আঃ! কিমান দিন যে হ’ল তাইৰ প্ৰিয় চকলেট আইচক্ৰীম খাবলৈ নোপোৱা। এই ফিগাৰ মেইনটেইনৰ নামত কিমান যে ত্যাগ কৰিছে তাই। অৱশ্যে নেহাই নিজ ইচ্ছাৰে খোজ দিছিল এই মডেলিঙৰ জগতখনত।সৰুৰেপৰাই চখ আছিল তাইৰ মিছ ইণ্ডিয়া মিছ ৱৰ্ল্ড হোৱাৰ। বিজয়ী

Read more

জাতীয় সংগীত-মৌচুমী গগৈ

ৰূপাই আজি ৰাতিপুৱা পাঁচ বজাতেই টোপনিৰপৰা সাৰ পালে। আচলতে কালি ৰাতি কথাটো শুনাৰ পিছৰেপৰা ৰূপাৰ টোপনিয়েই নাহিল ভালদৰে। আজি মাহটোৰ দ্বিতীয় শনিবাৰ৷ চৰকাৰী হিচাপমতে চৰকাৰী কৰ্মচাৰীসকলৰ ছুটীৰ দিন৷ গতিকে ৰূপাৰ মালিকনী বাইদেউ আৰু তেওঁৰ লগৰ দুগৰাকী আজি নতুনকৈ অহা অসমীয়া চিনেমাখন চাবলৈ যাব৷ ৰূপাকো লৈ যাম বুলি কোৱাত তাইৰ ফূৰ্তিৰ অন্তই নাই কালিৰপৰা৷ তাই কেতিয়াও চিনেমা হল গৈ পোৱা নাই, বাহিৰৰপৰা দেখিছে৷ এবাৰ দেউতাক থাকোঁতে সিহঁতৰ গাঁৱৰ ওচৰৰে বাগান এখনত তাইক আৰু মাকক ডাঙৰ কাপোৰ এখনত দেখুওৱা চিনেমা চাবলৈ লৈ

Read more

মুখা — সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

(১) চুট টাই পৰিহিত মানুহজনে মাজনিশা কইনাঘৰৰ ৰভাৰ তলত গুৱাল গালি পাৰি আছিল। অশ্লীল ভাষাত কইনাঘৰৰ প্ৰতি মুকলিকৈ বিষেদগাৰ প্ৰকাশ কৰাৰ অন্যতম কাৰণটো আছিল দৰাঘৰীয়াক খাবলৈ দিয়া মাংসৰ পৰিমাণ কম হ’ল। লগত তেনেই সাধাৰণ বেশভূষাত থকা অন্য দুজন যুৱকে মানুহজনক বুজাবলৈ চেষ্টা কৰি আছিল যে কইনাৰ বাপেকৰ আৰ্থিক অৱস্থা বৰ বেছি টনকিয়াল নহয়, অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ এজন সাধাৰণ কৰ্মচাৰী, ইতিমধ্যে দুজনী ছোৱালীক বিয়া দিয়া খৰচৰ বোজাত মানুহজন ভাৰাক্ৰান্ত, এইজনীৰ বিয়াখন দৰাঘৰৰ তাগিদাতহে খৰধৰকৈ পাতিছে। চুট টাই পিন্ধা ভদ্ৰলোকজন আঁকোৰগোজ

Read more
1 20 21 22 23 24 84