ফটাঢোল

জাতীয় সংগীত-মৌচুমী গগৈ

ৰূপাই আজি ৰাতিপুৱা পাঁচ বজাতেই টোপনিৰপৰা সাৰ পালে। আচলতে কালি ৰাতি কথাটো শুনাৰ পিছৰেপৰা ৰূপাৰ টোপনিয়েই নাহিল ভালদৰে। আজি মাহটোৰ দ্বিতীয় শনিবাৰ৷ চৰকাৰী হিচাপমতে চৰকাৰী কৰ্মচাৰীসকলৰ ছুটীৰ দিন৷ গতিকে ৰূপাৰ মালিকনী বাইদেউ আৰু তেওঁৰ লগৰ দুগৰাকী আজি নতুনকৈ অহা অসমীয়া চিনেমাখন চাবলৈ যাব৷ ৰূপাকো লৈ যাম বুলি কোৱাত তাইৰ ফূৰ্তিৰ অন্তই নাই কালিৰপৰা৷ তাই কেতিয়াও চিনেমা হল গৈ পোৱা নাই, বাহিৰৰপৰা দেখিছে৷

এবাৰ দেউতাক থাকোঁতে সিহঁতৰ গাঁৱৰ ওচৰৰে বাগান এখনত তাইক আৰু মাকক ডাঙৰ কাপোৰ এখনত দেখুওৱা চিনেমা চাবলৈ লৈ গৈছিল। তেতিয়া তাইৰ ভায়েকৰ জন্মই হোৱা নাছিল৷ তাইক দেউতাকে চাইকেলৰ আগফালে গাৰু এটা বান্ধি তাৰ ওপৰত বহাই নিছিল আৰু মাক পিছফালে বহিছিল। কিয় বাৰু ভগৱানে ইমান সোনকালে দেউতাকক লৈ গ’ল৷ দেউতাক নোহোৱা হোৱাৰ বাবেই তাই মাক আৰু ভায়েকৰপৰা আঁতৰি ইয়াত থাকিব লগা হৈছে কিন্তু বাইদেউহঁতে তাইক বহুত মৰম কৰে৷ সেইকাৰণে থাকি বেয়া লগা নাই ৰূপাৰ।

দুপৰীয়া এক বজাত ৰূপা বাইদেউহঁতৰ লগত গৈ চিনেমা হলত উপস্থিত হ’ল। এগৰাকী বাইদেৱে টিকট কাটি আনিলেগৈ, আন এগৰাকীয়ে খাবলৈ কিবাকিবি অলপ কিনিলে৷ তাৰপিছত সকলোৱে নিৰ্দিষ্ট আসনত বহিলগৈ৷ ৰূপাই চিনেমা হলৰ ভিতৰত সোমাই ইফালে সিফালে চাওঁতে ততেই পোৱা নাই। যথাসময়ত হলৰ ভিতৰৰ লাইটবোৰ নুমাই গ’ল৷ চিনেমা আৰম্ভ হোৱাৰ আগমুহূৰ্তত জাতীয় সংগীতটো বাজি উঠিল৷ সকলোৱেই নিজৰ ছীটৰপৰা উঠি থিয় হ’ল। ৰূপাই একো বুজি নাপালে যদিও বাইদেউহঁতৰ লগতে তায়ো শাৰী পাতি থিয় হ’ল। অলপ পিছত সকলোৰে লগত তায়ো বহিলে আৰু চিনেমা চাবলৈ ধৰিলে৷ চিনেমাখনৰ প্ৰথম গানটো আৰম্ভ হৈছে মাত্ৰ, তেনেতে পিছফালৰপৰা কোনোবাই বহি দিয়ক, বহি দিয়ক বুলি চিঞৰিবলৈ ধৰিলে৷ মালিকনী বাইদেৱে পিছফালে ঘূৰি চাই দেখে যে, মানুহ এজনে তেওঁলোকৰ ফালেই আঙুলিয়াই কথাটো কৈছে। কথাটো কি ধৰিব নোৱাৰি বাইদেৱে লগৰ গৰাকীৰ কাষতে বহি থকা ৰূপালৈ চাই দেখে যে তাই দেখোন থিয় হৈ চিনেমা চাই আছে৷ আৰে, এইৰ আকৌ কি হ’ল! বাইদেৱে তাইৰ হাতখনত টানি বহিবলৈ ইংগিত দিলে৷ ৰূপায়ো তেতিয়া ইফালে সিফালে চাই কাকো থিয় হোৱা নেদেখি লাহেকৈ বহি দিলে।

বাইদেৱে তাইক কিয় থিয় হৈ আছিলি বুলি সোধাৰ আগতেই তাইহে ওলোটাই আচৰিত হৈ সুধিলে,

: বাইদেউ, আগৰ গানটোৰ দৰে এইটো গানত থিয় হ’ব নালাগে নেকি? মই আকৌ….৷

এইবাৰহে বাইদেৱে আচল কথাটো বুজি পালে৷ জাতীয় সংগীতটোত সকলোৱে থিয় হোৱাৰ কাৰণে তাই সকলোবোৰ গানতে থিয় হ’ব লাগে বুলি ভাবিলে৷ তাইৰ ফালে চাই হাঁহি এটা মাৰি ‘নালাগে ‘বুলি কৈ থ’লে৷ চিনেমাখন শেষ হোৱাৰ পিছতহে বাইদেৱে তাইক কথাটো ভালকৈ বুজাই দিলে আৰু গোটেইকেইগৰাকীয়ে হাঁহিত ৰগৰ তুলিলে।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *