ফটাঢোল

মই লিখা প্ৰথম চিঠিখন – চিত্ৰলেখা দেৱী

মই প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে তলৰ শ্ৰেণীত পঢ়া সময়ৰ কথা। মোৰ মায়ে বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু ঘৰত আমাৰ অকণমানি ভণ্টি এজনী আছিল। মা স্কুললৈ গ’লে আইতাই তাইক অকলে ৰাখিব নোৱাৰিছিল। সেইবাবে আমাৰ বাগিচাত চাকৰি কৰা ককাই (মাৰ দেউতাক) বাগিচাৰ মজদুৰ ছোৱালী এজনী আমাৰ ঘৰলৈ আনিছিল আইতাৰ সহায়ৰ বাবে। তাই আনক কি সহায় কৰিছিল নাজানো; মোৰ কিন্তু একমাত্ৰ লগৰী হৈ পৰিছিল। গধূলি মই কিতাপ পঢ়োঁতে তাই ওচৰতে বহি থাকিছিল আৰু মোৰ কিতাপবোৰ লিৰিকি বিদাৰি চাইছিল। তাই সিহঁতৰ বাগিচাৰ ঢেৰ কাহিনী কৈছিল। তাৰোপৰি

Read more

চীতা ঔৰ গীতা – গীতাৰ্থী গোস্বামী

সীতা আৰু গীতা যমজ ভগ্নী। যমজ হ’লেও দুয়োৰে স্বভাৱ সম্পূৰ্ণ ওলোটা। সীতা শান্ত-শিষ্ট আৰু গীতা মহাদুষ্ট। কাহিনী-১ সীতা আৰু গীতা স্কুললৈ যোৱা পথটো কেঁচা। চাইকেল চলি চলি পথটোৰ মাজ অংশ বগা হৈছে। কাষত বন। বাৰিষা বনৰ মাজত বোকা সোমাই থাকে। কিবা কাৰণত সেই বোকাত হাৱাই চেন্দেল ফচিলে ফিটা নিচিগাকৈ উলিয়াই আনোতে কমেও দহ মিনিট লাগে। এদিন সীতাই গীতাক ক’লে- : বগাই বগাই যা। গীতাই উত্তৰ দিলে- : হয়নে? এই বোকাত বগাই বগাই গৈ মই কেতিয়া ইস্কুল পামগৈ? মই খোজকাঢ়ি যাম৷

Read more

কুমজেলেকুৱা, এজাক কেঁকোৰা আৰু এটা ভাটৌ – অনিমা দাস

দেউতাৰ চাকৰিসূত্ৰে আমাৰ পৰিয়ালটো ভিন ভিন ঠাইত চৰকাৰী বাসগৃহত থাকিবলগীয়া হৈছিল। মোৰ ভন্টি আৰু ভাইটি দুটা মোতকৈ বহুতো সৰু আছিল। মই ডাঙৰ আছিলো বাবে সিহঁতে নজনা কথাবোৰ শিকাই থাকিব লাগিছিল। ভাইটিৰ জীৱ-জন্তুৰ প্ৰতি বৰ প্ৰীতি আছিল। ভাইটিয়ে নামেৰে সৈতে সৰু-ডাঙৰ জীৱ জন্তুবোৰৰ লগত চিনাকি হৈ সিহঁতৰ লগত বন্ধুত্ব পাতি ভাল পাইছিল। কিছুমানৰ লগত ভাল বন্ধু হৈ পৰিছিল। কথা পাতি যিবোৰৰ লগত মন ভাল লাগিছিল সেইবোৰক নিজৰ খোৱা বস্তু দিছিল আৰু মনেৰে নিমিলাবোৰক সিপুৰী পোৱাইছিল সি। আহাৰ মাহৰ বৰষুণৰ বতৰ। ভাইটিৰ

Read more

অকাঁফকীয় মেটামৰ্ফচিচ – অভিজিত কলিতা

কাঁফকাৰ মেটামৰ্ফচিচ পঢ়িছোঁ, কেইবাবাৰো। কিন্তু পঢ়ি বৰ সুবিধা পোৱা নাই, বুজিও যে পাইছোঁ সন্দেহ, প্ৰত্যেক বাৰ পঢ়োঁতেই বেলেগ অৰ্থ বুজোঁ। কাঁফকাৰ নায়ক, ট্ৰেভেলিং চেলছমেন গ্ৰেগৰে হঠাৎ এদিন পুৱা শুই উঠি গম পাই যে তেওঁ ইতিমধ্যে এটা পলুলৈ পৰিৱৰ্তন হৈ গৈছে। ঘৰৰ মানুহে ভয় খাই, গ্ৰেগৰেও মনৰ ভাৱ বুজাব নোৱাৰে, চাকৰিৰ ওপৰৱালাই ঘৰত আহি ধমকি দি যায়হি, কিন্তু গ্ৰেগৰৰ অৱস্থা দেখি পলাই যায়। ঘৰখন অৰ্থ সংকটত পৰে। কিন্তু লাহে লাহে পৰিবেশ সলনি হৈ আহে, ঘৰৰ মানুহে গ্ৰেগৰৰ এই পৰিৱৰ্তনক মানি লয়।

Read more

হাত দীঘল – ঠেং চুটি!! – জ্যোতিৰূপম দত্ত

কথা এটা শুনকচোন! হয়, আপোনাকেই কৈছো! জয়জয়তে মোৰ ফালৰ পৰা আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিব৷ মানে এইবোৰ এনেই ক’ব লাগে বাবেই কৈছো৷ আজিকালি এই ভক্তি, শ্ৰদ্ধা, মৰম, অভিনন্দন আদি শব্দবোৰৰ অৰ্থ সলনি হৈ গ’ল৷ এই ধৰক, কোনোবা নেতাৰ ভাল কথা এটাৰ শলাগ ল’লেই আমি ভক্ত! মাতৃ দিৱস, পিতৃ দিৱসৰ দিনা আনকালে এলাগী হৈ থকা মাক বাপেকক বিচাৰি বিচাৰি লেৰেলা সাদৰ দেখুৱাই ফটো তুলি ৰাইজক দেখুৱালেহে শ্ৰদ্ধা! মৰমবোৰো আজিকালি তলে-পুতল হ’ল৷ শেতেলীৰ তিৰোতাক এৰি থৈ বহুতো ভদ্ৰলোকেই নিশা হলেই ম’বাইলটো উলিয়াই সেউজীয়া

Read more

সকীয়নি – বাসৱদত্ত দাস

(ব্যঙ্গ মাত্ৰেই হাস্যৰসাত্মক নহ’বও পাৰে।) মই এটি শিশুৱে কৈছোঁ, শুনিছেনে? আহক, এটা কাহিনী কওঁ — “কেঁচুৱাটো উপজিবৰ মাত্ৰ কেইটাঘণ্টামানহে পাৰ হৈছে- ল’ৰা সন্তান। মাকৰ কাষৰ কেঁচুৱা ৰখা বিচনাখনতে সি পৰি আছে, কান্দি-কাটি একেবাৰে লেবেজান- বেচেৰাটোৰ ভোক লাগিছে। কোনেও যেন তাৰ এই কান্দোন শুনিও গুৰুত্ব দিয়া নাই। ওচৰতে উদাসমনে শুই থকা মাকৰো তাৰ কান্দোনত হিয়া গলা নাই। বৰঞ্চ বৰ যেন বিৰক্তিহে পাইছে এনে ভাবত এবাৰ তাক দাবী দি সকিয়াইছে, “নো মিন্‌চ্‌ নো, বুজিছ। চুপ্ থাক! জোৰ-জবৰদস্তি এতিয়াৰ পৃথিৱীখনত তহঁতৰ আৰু নচলে,

Read more

অথঃ ফেচবুক সংবাদ – ঊষামনি কাকতি

(১) গ্ৰুপ খোলাৰ মন যেতিয়াই নিজকে নিবনুৱা ভাব এটাই গতা মাৰি যায়, সেই তেতিয়াই মোৰ ফেচবুকত গ্ৰুপ এটা খুলিবলৈ মন যায়৷ এনেও টাউনৰ মানুহে কোনে কি কৰে খা খবৰ লৈ নুফুৰে৷ গাঁৱতহে বুকু ফিন্দাই ক’বলৈ লাগে – গ্ৰুপৰ এডমিন৷ গ্ৰুপটোৰ কাম কি হ’ব! নিজৰ প্ৰতিভা বুলিবলৈ দেখোন একোতে নাই৷ আনৰ কোনটো প্ৰতিভাত এডমিনগিৰি কৰা যায়? এদিন ভাবিলোঁ, খাদ্যতে ধৰো নেকি! তাৰপাছত আকৌ ভাবিলোঁ, খাবৰ টাইমত বাঢ়ি কুঢ়ি লৈ কেমেৰাৰ এংগোল কোনে মিলায়৷ দিনে এটা নিজে ৰেচিপি নিদিলেও লেঠা। : হাই

Read more

ফটাঢোল নিউজ – হেমন্ত কাকতি

নমস্কাৰ, এয়া ফটাঢোল নিউজ আগবঢ়াইছোঁ মই হেমন্ত কাকতি ওৰফে হেকাই৷ প্ৰথমে শুনক মুখ্য খবৰসমূহ! সদ্য সমাপ্ত নিৰ্বাচনৰ পিচতে চচিয়েল মেডিয়াৰ সকলো “চৌকীদাৰ” আৰু “বেৰোজগাৰে” নিজৰ নামৰ আগত লগোৱা চৌকীদাৰ আৰু বেৰোজগাৰ শব্দ দুটা সলনি কৰি পুনৰ “এঞ্জেল” আৰু “প্ৰিন্স” কৰিবলৈ এক সৰ্বসন্মত সিদ্ধান্ত লোৱা হৈছে বুলি আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে সদৌ অসম চৌকিদাৰ আৰু বেৰোজগাৰ সন্থাই৷ এই ইলেকচনত ফেচবুক, টুইটাৰ, হোৱাটচএপ গ্ৰুপ আদিৰ অনলাইন যুজাৰু সকলে নিজৰ নিজৰ অস্ত্ৰ সম্বৰণ কৰি পুনৰ চেলফি, জোক আৰু ৰিচিপিৰ ফটো আদি দিবলৈ লোৱাত

Read more

তাতে কিবা এণ্ড হেৰি – ৰক্তাভ কুমাৰ দাস

শিৰোনামটো দেখিয়েই চাগৈ সকলোৰে মনত এটি প্ৰশ্নৰ উদয় হৈছে যে এইটো আকৌ কেনেধৰণৰ লেখা! আপাত দৃষ্টিত চাবলৈ গ’লে লিখনিটোৰ প্ৰাক্‌ক্ষণত মোৰ মনতো অনুৰূপ প্ৰশ্নটোৱেই খুন্দা এটা মাৰি নোযোৱা নহয়। কিন্তু… এই “কিন্তু”টোৱেই যিকোনো কথা এটাক ঘটনাৰ ৰূপ দিয়া এক উত্তম অনুঘটক। যিকোনো ঘটনা এটাৰ “ক্ৰিয়েটিভ (ছাছপেন্স) ডিৰেক্টৰ” হৈছে এই “কিন্তু” শব্দটো। গতিকে “কিন্তু”টোক সাময়িকভাৱে তাৰ “ক্ৰিয়েটিভিটি” অক্ষুণ্ণ ৰাখিবলৈ দি মই আগবাঢ়িছোঁ “তাতে কিবা আৰু হেৰি”ৰ সৈতে আমি প্ৰায়েই মুখামুখি হোৱা কিছু ঘটনাৰাজিলৈকে। দিছক্লেইমাৰ : লিখনিটোত পঢ়িবলৈ আগবঢ়াই দিব ওলোৱা ঘটনা/পৰিঘটনাসমূহ

Read more

অপেক্ষা – ভাস্কৰজ্যোতি বৰুৱা

অহা ১৫ দিনৰ ভিতৰত ব্যংগ ৰচনা এখন লিখিব পাৰোঁ‌ নে নোৱাৰো সেই বিষয়ে এই মুহূৰ্তত মই নিশ্চিত নহয়। কিন্তু সেই লেখাটোক লৈ মোৰ বৰ্তমান অৱস্থাটো যে কৌতুকপূৰ্ণ হৈ উঠিছে সেই বিষয়ে মোৰ অলপো সন্দেহ নাই। ব্যৱসায়-বানিজ্যত লোকচান হৈ থকাৰ বাবে মানসিকভাৱে ভাৰাক্ৰান্ত, কেইদিনমানৰ পৰা শৰীৰো ভাল নহয়, কিন্তু হাস্যৰস থকা ৰচনা এখন লাগেই লাগে। যেন দল ভাল নহয়, প্ৰাৰ্থীক বিশ্বাস কৰিব নোৱাৰি, কিন্তু ভাল চৰকাৰ এখন লাগেই লাগে। ‘ৰিণ্টুমণি দত্ত’ মাৰোৱাৰী ব্যৱসায়ীয়ে হিচাপৰ বহীৰ একেবাৰে ওপৰত ‘শ্ৰীলাভ’ৰ চিম্বলটো অংকন কৰাৰ

Read more
1 48 49 50 51 52 84