মই লিখা প্ৰথম চিঠিখন – চিত্ৰলেখা দেৱী
মই প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে তলৰ শ্ৰেণীত পঢ়া সময়ৰ কথা। মোৰ মায়ে বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু ঘৰত আমাৰ অকণমানি ভণ্টি এজনী আছিল। মা স্কুললৈ গ’লে আইতাই তাইক অকলে ৰাখিব নোৱাৰিছিল। সেইবাবে আমাৰ বাগিচাত চাকৰি কৰা ককাই (মাৰ দেউতাক) বাগিচাৰ মজদুৰ ছোৱালী এজনী আমাৰ ঘৰলৈ আনিছিল আইতাৰ সহায়ৰ বাবে। তাই আনক কি সহায় কৰিছিল নাজানো; মোৰ কিন্তু একমাত্ৰ লগৰী হৈ পৰিছিল। গধূলি মই কিতাপ পঢ়োঁতে তাই ওচৰতে বহি থাকিছিল আৰু মোৰ কিতাপবোৰ লিৰিকি বিদাৰি চাইছিল। তাই সিহঁতৰ বাগিচাৰ ঢেৰ কাহিনী কৈছিল। তাৰোপৰি সেই বয়সৰ ‘নিষিদ্ধ’ কথাও প্ৰথম তাইৰপৰাই জানিব পাৰিছিলো। তাই কৈছিল, বাগিচাত হেনো তাইৰ বহুত লগৰীয়া আছে আৰু তাইৰ সিহঁতলৈ মনত পৰি থাকে। তাই তাত বোলে ঝুমুৰো নাচে। এইবোৰ শুনিলে মোৰো বাগিচালৈ যাবলৈ মন যায়। তাই কয়, “ৰহ, মই এইবাৰ ঘৰলৈ যাওঁতে তোকো লৈ যাম।” মোৰ বৰ ভাল লাগে।
এদিন গধূলি মই পঢ়ি থাকোঁতে তাই ওচৰতে বহি ক’লে, “তই চিঠি লিখিব জাননে?” মই শিকিছোঁ বুলি কোৱাত তাই ক’লে, “মোক চিঠি এখন লিখি দেচোন। তেতিয়া তয়ো মোৰ লগত আমাৰ বাগানলৈ যাবলৈ পাবি।” মই ফূৰ্তিতে ক’ব নোৱাৰা হ’লো। মোক যে ইমান গুৰুত্ব দিছে কাম এটা কৰিবলৈ দি! তাৰোপৰি বাগিচালৈ যাবলৈ পাম। মই বহীৰপৰা কাগজ এখন ফালি লগে লগেই লিখিবলৈ ল’লো। মোৰ এতিয়াও মনত আছে – তাই কৈ গৈছে, “বাবা, মোক ইয়াত খাবলৈ নিদিয়ে। খুব পিতে। কামকে কৰি থাকোঁ। মই যাওঁগৈ। – চান্তি।” মই মহা আনন্দেৰে লিখিলো। তাৰপাছত তাই বগা খাম এটা আনিলে (বোধকৰো দেউতাৰ টেবুলৰপৰা) আৰু ক’লে, “ওপৰত লিখ – জগা তচা, লাকুৱা বাগান।”
ওচৰতে ডাকঘৰটো। তাই পাছদিনা টিকট নলগোৱাকৈ চিঠিখন পোষ্ট বক্সত ভৰাই দিলে। ময়ো এটা দুঃসাহসিক কাম কৰাৰ অভিজ্ঞতা লাভ কৰি আনন্দিত হ’লো।
দুদিনৰ পিছত স্কুলৰপৰা আহি দেখো ঘৰত শান্তিৰ দেউতাক বহি আছে। তেখেত আগতেও আহে। মই একো ভবা নাই। শান্তিয়ে মোক মনে মনে ক’লেহি যে বাবাকে আমাৰ চিঠি পাই আহিছে খবৰ কৰিবলৈ আৰু তাইক খুব গালি পাৰিছে মোৰ হতুৱাই এনে মিছা কথা লিখোৱাৰ বাবে। কাৰণ তাই ইয়াত কিমান মৰমত থাকে তেওঁ জানে। তেতিয়া মোক কোনেও একো নক’লে। গধূলি মা-দেউতাই বুজালে – মই কিমান বেয়া আৰু ভয়ঙ্কৰ কাম কৰিছিলো। তাইকো ক’লে ঘৰলৈ যাবলৈ মন গ’লে তেওঁলোকক জনাবলৈ।
সেইখনেই আছিল মই লিখা জীৱনৰ প্ৰথম চিঠি।
☆★☆★☆
3:18 pm
বঢ়িয়া