ফটাঢোল

জীৱনচক্ৰ-শ্ৰুতিমালা মিশ্ৰ

বৰকটকী খুড়াদেউৰ একমাত্ৰ সন্তান প্ৰাঞ্জু। প্ৰাঞ্জু পৰাণ বৰকটকী। ঘৰৰ একমাত্ৰ সন্তান হোৱা হেতুকে সি সকলোৰে আলাসৰ লাড়ু। যেন মূৰত থʼলে ওকণীয়ে খাব, মাটিত থʼলে পৰুৱাই খাব। পঢ়া-শুনাত অতিমাত্ৰা ভাল নহʼলেও প্ৰাঞ্জু মধ্যমীয়া বুদ্ধিমত্তাৰ, ঠিক-ঠাক পাছ কৰি যোৱাবিধৰ। সেইহেন প্ৰাঞ্জু মোৰ সহপাঠী, অংকুৰৰপৰা একেলগে পঢ়া আমি। দূৰ সম্পৰ্কীয় হোৱা বাবে প্ৰাঞ্জুক মাজে-মধ্যে ডকা-হকা দিয়ো কাম আদায় কৰিব পাৰোঁ মই। সৰুতে আমাৰ স্কুলত এখন লোহাৰ স্লাইডাৰ আছিল, আমি ক্লাছৰ গোটেই লʼৰা-ছোৱালীবোৰে তাতে হুৰুসকৈ পিছলি আহি তামাম স্ফূৰ্তি কৰিছিলোঁ। প্ৰাঞ্জু আছিল আমাৰ স্লাইডাৰখনৰ

Read more

ইণ্টাৰভেল-উজ্জ্বল দিপ্লু গগৈ

সেইদিনাখন ঈদৰ বন্ধ আছিল৷ চালমান খানৰ ৰেডী চিনেমাখনে মুক্তি পাইছিল৷ ডেকা ল’ৰাৰ কথা, ভাইজানৰ বডী উলিয়াই মাৰপিট কৰা চিনেমা বুলিলে কেটেং-মেটেং কেইটাৰো বাইচেপৰ নিগনি ডাঙৰ হৈ আহে৷ ৰাতিপুৱাৰপৰাই হোষ্টেলৰ সৱৰে জৌশ; লগৰ আটাইবোৰে একেলগে ভাইজানৰ চিনেমা চাব৷ মেচ মেনেজাৰে বুঢ়া ঠাকুৰক ৰেডী চাবলৈ যাম বুলি ৰাতিপুৱাই ভাত ৰেডী কৰিবলৈ ক’লে৷ ৰাতিপুৱাই হোষ্টেলৰ বাৰাণ্ডাত আড্ডা এটা চলি গ’ল ভাইজানৰ কোনখন চিনেমা কেনেকুৱা হিট হৈছিলৰপৰা আৰম্ভ হৈ নতুন এক্ট্ৰেচ কোন কেইজনী সৰগৰ পৰীৰ অৱতাৰ আৰু তাৰপৰা গৈ অসমীয়া ফাকটি এক্টৰৰ ওপৰত গালিৰ

Read more

অসমীয়াগিৰি-সুনীল দত্ত

এঙামুৰি এটা মাৰি উঠোঁ নুঠোঁকৈ বিচনাৰ পৰা উঠিলোঁ। দমকলৰ পাৰলৈ গৈ চকুদুটা পানী এচলুৰে মচি পাকঘৰত সোমালোঁ। কালি দাঁত ব্ৰাছ কৰিছিলোঁহে, আজি নকৰিলেও কথা নাই! ডাইনিং টেবুলখনত চৰিয়াটোৰে ঢাকি থোৱা চুজিখিনি মোকোৰা মোকোৰে খাই গাত চোলা আৰু পেণ্টটো সুমুৱাই বাইকখনত ষ্টাৰ্ট দিলোঁ। মূৰ ফণিয়াবলৈ মূৰত চুলি নায়েই, আজিকালি সেইকাৰণে আৰ্চি ফণিৰ লগত তেনেকুৱা ৰাহি জোৰাও নাই। দুমাহমানৰ মূৰত এবাৰ বীৰেন্দ্ৰৰ চেলুনলৈ গৈ দাড়িখিনি অকণমান কাটি আহিলেই লেঠা শেষ। পঞ্চায়ত নিৰ্বাচনত এইবাৰ জিলা পৰিষদৰ সদস্য পদটোত প্ৰতিদ্বন্দিতা কৰিম বুলি মনে মনে

Read more

সুনীল চেট্টীৰ ব’ডি : সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

চিনেমা পাগল সময়ৰে কাহিনী এইটো। স্কুলৰপৰা পলাই হলত চিনেমা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল। স্কুলৰ অঘাইটং তিনি চাৰিজন লগ হৈ বাছৰ ব’ডিৰ ওপৰত চহৰলৈ গৈ চিনেমা চোৱাৰ যি আমেজ সেইটো আজিকালিৰ ল’ৰা-ছোৱালীয়ে সাধুকথা বুলি ভাবিব। চহৰলৈ দূৰত্ব মাথো সাত কিলোমিটাৰ কিন্তু বাছত সময় লাগে প্ৰায় দেৰঘণ্টা। বাছত মানুহ কিমান যাব পাৰে সেইটো ফেভিকল বিজ্ঞাপনৰ ট্ৰাকখনৰ কথা ভাবি অনুমান কৰি লওক। সাত কিলোমিটাৰ ৰাস্তাত দেৰঘণ্টা লাগিলে ৰাস্তা কেনেকুৱা হ’ব পাৰে সেইটোও চাগে ইতিমধ্যে আপোনালোকে বুজি উঠিছেই। বাছৰ ব’ডিৰ ওপৰত বহাকেইটাই তপিনাত

Read more

অতীত-ৰঞ্জু হালৈ মুনি

মেখেলা-চাদৰযোৰ আমাৰ বৰ প্ৰিয় নহয়নে? দৰা-কইনা খেলা বয়সৰপৰা প্ৰিয় এই মেখেলা-চাদৰযোৰ।সৰুতে গামোচাবোৰ মেৰিয়াই মেখেলা কৰি পিন্ধি দৌৰি ফুৰাৰ বাবে মায়ে সৰুকৈ মেখেলা এখন বৈ দিছিল। ডাঙৰ হোৱালৈকে সেইখনেই উৰাই-ঘূৰাই পিন্ধিলোঁ। ফাটি-চিৰি গ’লেও বৰ আদৰৰ আছিল সেই মেখেলাখন। ৰৈ থাকোঁ সৰস্বতী পূজা আৰু বহাগ বিহুলৈ। কাৰণ সৰস্বতী পূজা আৰু বহাগ বিহুৰ সময়তহে মেখেলা-চাদৰযোৰ আনুষ্ঠানিকভাৱে পিন্ধিবলৈ পাওঁ। জোখতকৈ ডাঙৰ আৰু দীঘল মেখেলাখন পিন্ধিবলৈ বৰ কষ্ট কৰিব লাগে৷ চাদৰখন বাৰু যেনতেনে হৈ যায়, কিন্তু মেখেলাখন নিমিলেহে নিমিলে। মেখেলাখনৰ মাজ ডোখৰত টানকৈ গাঁঠি এটা

Read more

টেলিগ্ৰামযোগে পাৰ্চেল : ডা° ভূপেন শইকীয়া

দুটি সৰু ঘটনাই বহু বছৰ আগতে শুনা সাধুকথা এটিলৈ মনত পেলাই দিলে৷ সেই সময়ত যি কোনো জৰুৰী বাৰ্তা প্ৰেৰণ কৰাৰ সমল আছিল টেলিগ্ৰাম৷ এই টেলিগ্ৰাম টেলিফোনৰ তাঁৰৰ মাধ্যমেৰে টেলিপ্ৰিণ্টাৰ হৈ ডাকোৱালৰ যোগেদি পাওঁতাজনৰ হাতত পৰিছিল৷ গতিকে টেলিফোনৰ তাঁৰৰ গুৰুত্ব আছিল অপৰিসীম৷ এজন হোজা গ্ৰামীণলোকে দূৰৈৰ টাউনত থকা পুতেকলৈ বুলি ঘৰৰ দৈ এটেকেলি পঠিয়াবলৈ মনস্থ কৰি পোষ্টমাষ্টৰৰ কাষ চাপিলে৷ পোষ্টমাষ্টৰক নিজৰ উদ্দেশ্য বিবৰি ক’লে, : দুইচাই দিনতে বিহু পালেহিয়ে নহয়৷ টাউনত চাকৰি কৰা পোণাটো এইবাৰ ঘৰলৈ আহিব নোৱাৰে৷ বুঢ়ী মাকৰ খেচখেচনিত

Read more

মা, মই আৰু এটা ভেকুৱাম ক্লিনাৰ…– অভিজিত মেধি

সৰুৰে পৰা পিটি পিটি চিধা কৰিবলৈকে ঈশ্বৰে দিয়া মানুহ দুটা, মানে মা আৰু দেউতাৰ কথা কৈছোঁ, কমখন নগুৰ-নাগতি কৰেনে এই দুটাই! তাহানি কাণচেপা, ঠলামূৰি দি হায়ৰাণ কৰিছিল। ডাঙৰ হোৱাত ভাবিলোঁ- ৰক্ষা, বাচি গ’লোঁ! পিচে নাই, আগতে হাতেৰে বজাইছিল, আজিকালি কথা-কামেৰে বজায়! আৰু এই কথা-কাণ্ডবোৰৰ ৱাই-ফাই ক’ভাৰেজ ইমানেই সাংঘাতিক যে আপুনি পৃথিৱীৰ যি চুকতেই বহি নাথাকক, আপোনাক ঢুকি পাবয়েই পাব! যেনে ধৰক আজিৰ ঘটনা এটাকে কওঁ, তেতিয়া বুজি পাব। মই সদ্যহতে কৰ্মসূত্ৰে বাংগালুৰুত আছোঁ আৰু মা-দেউতা হাজোৰ ঘৰত আছে। দিনত এবাৰ

Read more

শৰীৰ চৰ্চা– নীলাক্ষি কাকতি

: থপ। পঁ‌ইতাচোৰাটো চেণ্ডেলপাতেৰে মাৰি শইকীয়ানীয়ে ঝাড়ুডাল আনিবলৈ গ’ল। যাওঁতে ভোৰভোৰালে- “শান্তি নাই অকণো৷ আজি এসপ্তাহ ধৰি কৈ আছোঁ পঁ‌ইতাচোৰাৰ উৎপাতত ঘৰখনত থাকিব নোৱাৰা হৈছোঁ। লালহিট এটা আনিবলৈ মই এপ্লিকেচন কৰিব লাগিব চাগে! ঘৰখনত মইহে আছোঁ মানে। কাউৰীপুৱাতে উঠি যি লেদেনা উকটিবলৈ আৰম্ভ কৰিব লাগে ৰাতি দুপৰলৈ শেষ নহয়। মই বুলিহে টিকি আছোঁ অতবছৰ। বেলেগ তিৰোতা হোৱা হ’লে কাহানিবাই ঘৰ এৰি গুচি গ’ল হয়।” : দেউতা মাৰ কেচেট আৰম্ভ হ’ল। আজি ৰাতিপুৱাই আৰম্ভ কৰিছে। তোমাৰ কি হয় ঠিক নাই আজি৷

Read more

ফৰেইনাৰ : নয়নমণি হালৈ

বহুবছৰ আগৰ কথা৷ সেইসময়ত আমাৰ গাঁৱত কাৰেণ্ট নাই বুলি ক’লেও ভুল কোৱা নহয়৷ আছে, কিন্তু গধূলিৰ পৰা নিশা শুৱালৈ দুবাৰমান কাৰেণ্ট আহে আৰু কাৰেণ্ট থকা সময়খিনিতো ভাল মানুহবোৰে কুকুৰীকণা মানুহৰ দৰে অ’ত খুন্দা খাই, ত’ত খুন্দা খাই ঘূৰি ফুৰে৷ দেউতাই বাৰাণ্ডাত বিচনী হাতত লৈ বহি থাকে আৰু একোবাৰ মেলেৰিয়া ৰোগীৰ দৰে কঁপি কঁপি জ্বলি থকা বাল্বটোৰ ফালে চাই স্বগতোক্তি কৰে “আজিও ভল্টেজ নাহে৷” সেই দিনৰে কথা৷ মানে কাৰেণ্ট নথকা সময়ৰে এদিনৰ কথা৷ সাজ লাগি ভাঙিছে, কিন্তু গাঁৱৰ ৰাস্তাত ওলালে ভাৱ

Read more

আপডেট : নাজিয়া হাচান

“ফটা গোৰোহা দুটাৰ কি অৱস্থা, চাওক!”–এইবুলি উপায় বিচাৰি মানুহগৰাকীয়ে ফেইচবুকত এদিন গোৰোহা দুটাৰ ফটো এখন তুলি আপডেট এটা দিলে; আপডেটটোত তেওঁৰ শুভাকাংক্ষী বহুজনৰপৰা ইটোতকৈ সিটো চৰা বিধৰ ঢেৰ পৰামৰ্শও ওপৰা-উপৰিকৈ আহিল। পৰামৰ্শ অনুসৰি কোনোবাই তেওঁক ফটা গোৰোহা দুটাত সদায় নিশা শোৱাৰ আগত গ্লিচাৰিণ সানিবলৈ দিলে, কোনোবাই গোৰোহাটোৰ ছালখন যাতে শুকাই খৰখৰীয়া মাৰি নাথাকে তাৰ বাবে দিনে ৰাতিয়ে বিশেষ সতৰ্ক হৈ থাকিবলৈ ক’লে, কোনোৱে আকৌ গোৰোহাটো যাতে মলি বান্ধি ক’লা লেতেৰা হৈ নাথাকে তাৰ বাবে চেম্পুৰ পানীৰে গোৰোহাটো বগা আৰু পৰিষ্কাৰকৈ

Read more
1 18 19 20 21 22 72