ফটাঢোল

আপডেট : নাজিয়া হাচান

“ফটা গোৰোহা দুটাৰ কি অৱস্থা, চাওক!”–এইবুলি উপায় বিচাৰি মানুহগৰাকীয়ে ফেইচবুকত এদিন গোৰোহা দুটাৰ ফটো এখন তুলি আপডেট এটা দিলে; আপডেটটোত তেওঁৰ শুভাকাংক্ষী বহুজনৰপৰা ইটোতকৈ সিটো চৰা বিধৰ ঢেৰ পৰামৰ্শও ওপৰা-উপৰিকৈ আহিল। পৰামৰ্শ অনুসৰি কোনোবাই তেওঁক ফটা গোৰোহা দুটাত সদায় নিশা শোৱাৰ আগত গ্লিচাৰিণ সানিবলৈ দিলে, কোনোবাই গোৰোহাটোৰ ছালখন যাতে শুকাই খৰখৰীয়া মাৰি নাথাকে তাৰ বাবে দিনে ৰাতিয়ে বিশেষ সতৰ্ক হৈ থাকিবলৈ ক’লে, কোনোৱে আকৌ গোৰোহাটো যাতে মলি বান্ধি ক’লা লেতেৰা হৈ নাথাকে তাৰ বাবে চেম্পুৰ পানীৰে গোৰোহাটো বগা আৰু পৰিষ্কাৰকৈ ৰাখিবলৈ ঘৰুৱা সহজ উপায় দিলে। জোতা এযোৰ গৰমে ঠাণ্ডাই সকলো বতৰত ভৰিত লগাই ঘূৰি থকাটো গোৰোহা নফটাৰ যে একমাত্ৰ উপায়, সেইবুলিও কোনোবা প্রিয় সখীয়েক এগৰাকীয়ে মতামতত লিখি লালপাণ এখিলাৰ সৈতে জনাই দিলে..ইত্যাদি বাহিৰা আৰু ঘৰুৱা ভিন্ন উপায় দি, ৰাইজে তেওঁৰ ফটা গোৰোহা দুটাৰ পোষ্টটো মানে লাইক আৰু ফাটাফাটি মতামতেৰে উপচাই দিলে। গতিকে পোষ্টটোৰ এইখিনিলৈকে সকলো কথা ঠিকেই চলি আছিল। মানুহগৰাকীৰ মনটোও বেইছ কিছু ভালেই লাগি থাকিল বাৰু সেইকেইদিন। কিন্তু উল্লেখ নোপোৱা কোনোবা দুগৰাকী সদস্যই ফটা গোৰোহাৰ সৈতে দিয়া সেই পোষ্টটো আন আন সদস্যলৈয়ো শ্বেয়াৰ কৰি দিয়াতহে ঘটনাটোৱে এসময়ত বেলেগ এটা ৰূপ ল’লেগৈ!

লাহে লাহে তেওঁৰ সেই পোষ্টটো সকলোতে প্ৰচাৰ হ’বলৈ ধৰিলে। আলোচনা-সমালোচনাৰ মানে অন্ত নোহোৱা এটা বিশেষ বিষয় হৈ পৰিল ফটোৰ সৈতে থকা তেওঁৰ সেই ফটা গোৰোহা দুটাৰ পোষ্ট। হঠাৎ ফটা গোৰোহাই এইদৰে চাৰিওফালে তোলাপাৰ লগোৱা বাতৰিটো পাই মানুহজনী একেবাৰে অবাক! হাৰে, এয়া কি? এইটো কি এফ বিত দিয়া তেওঁৰ প্ৰথম পোষ্টনে কিবা! তেওঁ এনেকুৱা ধৰণৰ পোষ্ট কিমান ফেচবুকত অপডেট দিলে; সেইবোৰৰ এটাওতো তেওঁৰে নহয়, আন কাৰোৰেই এইদৰে টেনশ্যনৰ বিষয় হোৱাগৈ নাছিল! ঠাণ্ডাৰ দিনবোৰত তেওঁ বাচন ধুই ধুই সিৰবোৰ ক’লা হৈ পৰা ফটা হাতখনৰ পোষ্ট, মাংস কাটিবলৈ লওঁতে কেচেককৈ কাটি যোৱা হাতৰ কটা বুঢ়া আঙুলিটোৰ পোষ্ট, অনলাইনত ভুলতে অহা এপাত চুটি এপাত দীঘল নতুন চেণ্ডলযোৰৰ পোষ্ট, ওচৰৰ কোনোবা দুজনমানে শিলগুটি আৰু গোবৰ দলিওৱা দলি কৰি কাজিয়া কৰাৰ পোষ্ট..ইত্যাদি কিমান ধৰণৰ পোষ্ট তেওঁ অপডেট দি থৈছে তাহানিতে! ক’তা, তেতিয়াতো সেইবোৰত সমালোচনা বা বিতৰ্ক একোডাল হোৱা নাছিল! ইস্ আই, এইটো পোষ্টত কিনো ইমান তৰ্ক বিতৰ্কৰ কথাটো বিচাৰি পালে অ ৰাইজে; যে গোটেই পৃথিৱীখনেই তেওঁৰ ফটা গোৰোহা দুটাক লৈ যুক্তি তৰ্কত সময় খৰচ কৰিবলৈ সপ্তাহ, মাহ ধৰি তেওঁলোকে সময়বোৰ উলিয়াব পাৰিছে! ই আই, পোষ্টটোৰ ওপৰত ভিন্নজনৰ কিমান যে ভিন্ন ভিন্ন মত ঔ..! কোনোৰ মতেৰে বোলে― এইযে ফটা গোৰোহা দেখুৱাই এইদৰে ফেইচবুকত ফটো দিয়া মানুহগৰাকী, এইগৰাকী একেবাৰে নিষ্কর্মা মানুহ; এইগৰাকীৰ ঘৰৰ একো কাম কাজতে একেবাৰে মন-প্ৰাণ নাই; সেয়ে এনেধৰণৰ কাম কৰিছে। কোনোৱে কয় বোলে―ছেঃ ইমান ফটা আৰু লেতেৰা গোৰোহাটো ৰাইজৰ আগত এইদৰে দেখুৱাবলৈ তেওঁ বাৰু অকণমানো লাজ নাপালেনে? কোনোৱে আকৌ কৈছে বোলে― এইদৰে তেওঁৰ পূৰ্ণ ভৰিপতাখনৰ সৈতে ফটা গোৰোহাৰ ফটো দি ৰাইজক আচলতে তেওঁ সাংঘাতিক অসন্মানহে কৰিছে, ইয়াৰ বাবে তেওঁ ক্ষমা খুজিব লাগে। আৰু এচামে ক’লে বোলে― এইগৰাকীক সংস্কাৰ বোলা কথাটো চাগে সৰুৰে পৰা মাক দেউতাকে নিশিকালেই নেকি..। ইত্যাদি ইত্যাদি বহুজনৰ বহু মত। ৱাও! ইমান গেলা মাথাৰ মানুহো থাকেনে অ এই পৃথিৱীত! হাই বিধি! এইবুলি ভাবিয়ে মানুহজনীৰ মানুহবোৰলৈ খং নুঠি বৰকৈ দয়াহে উপজিল।

যি হওক; সময় বাগৰাত কথাবোৰেও বাগৰ সলালে। সময়বোৰো সাংঘাতিক ভাবে সলনি হ’বলৈ ধৰিলে। সেইদৰে মানুহজনীও আগৰ দৰে সহজ-সৰল মন এটাৰ অধিকাৰী হৈ নাথাকিল। পৰিস্থিতিয়ে তেওঁক মানুহৰ ওপৰত বিশ্বাস হেৰুৱাবলৈ বাধ্য কৰালে। সৰু সৰু কথাবোৰ তেওঁ ডাঙৰ ডাঙৰকৈ চিন্তা কৰিবলৈ ধৰিলে।

এতিয়া সকলো মানুহকে তেওঁ সন্দেহৰ চকুৰেই চাবলৈ ধৰে। কৰোণাকালত মানুহজনীয়ে নিজৰ পাঁচ-ছয় বছৰীয়া ল’ৰা ছোৱালীহালৰ ঢেৰ ভিডিঅ’ মোবাইলটোত ধৰি ৰাখিছে। দুদিনমান আগতে তেওঁৰ কণমানি কন্যাজনীয়ে ৰাতি শুবৰ সময়ত মাকৰ ভৰিখন বৰ ধুনীয়াকৈ পিটিকি দিয়া মৰমলগা সময়খিনিক ভিডিঅ’ কৰিও আদৰেৰে সাঁচি ৰাখিছে। ককায়েকৰ লগত খেলি থাকোঁ‌তে কিবা কথাত কাজিয়া লাগি দুইটাৰে যিহে চুলিয়া চুলি লাগিল ঔ..! মাকৰ মন যে; সেই সময়খিনিকো তেওঁ মনে মনে ক্ল’জআপ ভিডিঅ’ এটা কৰি বুঢ়া বয়সত চাব বুলিয়ে মৰমেৰে থৈ দিছে! তাৰ মাজতে আকৌ এদিন, দেউতাকক কণমানি দুইটাই ভাত সানি সানি খুৱাই দিয়া পিতৃ সন্তানৰ অপূৰ্ব স্নেহৰ সময় টুকুৰাকো মোবাইলটোত হেঁপাহেৰে সাঁচি ৰাখিছে। ঘৰত বন্দী হৈ থকা এই সময়বোৰৰ সুখ দুখবোৰৰ ভাললগা স্মৃতিবোৰ সকলোৰে আগত ভগাই ল’বলৈয়ে তেওঁৰ মাজে মাজে বৰকৈ মন যে নাযায় তেনে নহয়! ..পিচে মন গ’লেনো কি হ’ব! সকলোৰে মন মগজু বা চিন্তা ধাৰাবোৰ তেওঁৰ নিচিনা সহজ সৰল নে কিবা? মিছাতে এইহেন জঠৰ সময়ত, নিজৰ খাই পিন্ধি এচামৰ বাবে তৰ্ক বিতৰ্ক এখন যুগুতাই দিবলৈ কিহেনো পাইছে তেওঁক। হয় পায়!

☆★☆★☆

One comment

  • Pranita Goswami

    সুন্দৰ ব্যংগ। বৰ ভাল লিখিছা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *