ফটাঢোল

সুনীল চেট্টীৰ ব’ডি : সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

চিনেমা পাগল সময়ৰে কাহিনী এইটো। স্কুলৰপৰা পলাই হলত চিনেমা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল। স্কুলৰ অঘাইটং তিনি চাৰিজন লগ হৈ বাছৰ ব’ডিৰ ওপৰত চহৰলৈ গৈ চিনেমা চোৱাৰ যি আমেজ সেইটো আজিকালিৰ ল’ৰা-ছোৱালীয়ে সাধুকথা বুলি ভাবিব। চহৰলৈ দূৰত্ব মাথো সাত কিলোমিটাৰ কিন্তু বাছত সময় লাগে প্ৰায় দেৰঘণ্টা। বাছত মানুহ কিমান যাব পাৰে সেইটো ফেভিকল বিজ্ঞাপনৰ ট্ৰাকখনৰ কথা ভাবি অনুমান কৰি লওক। সাত কিলোমিটাৰ ৰাস্তাত দেৰঘণ্টা লাগিলে ৰাস্তা কেনেকুৱা হ’ব পাৰে সেইটোও চাগে ইতিমধ্যে আপোনালোকে বুজি উঠিছেই। বাছৰ ব’ডিৰ ওপৰত বহাকেইটাই তপিনাত ফেভিকল লগাই লৈ বহাৰ দৰেই হয়। টুলুংভুটুং কৈ গৈ থাকে বাছখন হালি জালি।

চিনেমা হলত আকৌ এখন ৰুমাল পকাই পকাই মূৰত গাঁঠি মাৰি, হাততো ৰুমাল এখন বান্ধি লৈ হিৰোমাফিক টিকট কাটিবলৈ নগ’লে ঠেলা হেঁচাত প্ৰাণবায়ু ওলাই যোৱাৰ সম্ভাৱনাই অধিক। তিনি চাৰিজন লগহৈ এজনক প্ৰটেকচন দি লৈ যাব লাগে টিকট কাউণ্টাৰৰ সৰু ফুটাটোৰ সন্মুখলৈ। অকলে কাউণ্টাৰৰ ফুটাটোৰ ওচৰ চাপিবলৈ গ’লে নাক মুখ ভাঙি ওলাই অহাৰহে সম্ভাৱনা থাকে। অকনমান ফুটাটোত হাতখন ভৰাই তিনি চাৰিটা টিকট এবাৰত কিনি অনাটো অলিম্পিকত মেডেল জয় কৰাৰ দৰে কথা।

আমাৰ অঘাইটঙকেইটাৰ মাজতে চিনেমা চাবলৈ যোৱা তিনিটামান গ্ৰুপ আছিল। এটা গ্ৰুপ মিঠুনৰ ফেন, সিহঁতে হলত মিঠুনৰ বাহিৰে বেলেগৰ চিনেমা চাবলৈ তেনেকৈ নাযায়। এটা চানি দেউলৰ ফেন ক্লাব, এটা সঞ্জয় দত্তৰ ফেন ক্লাব। স্কুলত আমাৰ ফেন ক্লাবকেইটাৰ মাজত অহি নকুল সম্পৰ্ক। হতাহতিও হয় কেতিয়াবা নিজৰ মাজতে নিজৰ পচন্দৰ হিৰোৰ বিষয়ে অন্য ফেন ক্লাবে বেয়াকৈ ক’লে। মই মিঠুন ফেন ক্লাবৰ কামাণ্ডাৰ আছিলোঁ, বেলেগ ফেন ক্লাবৰ সদস্য দেখিলেই, “আই এম এ ডিস্ক’ ডান্সাৰ”বুলি এবাৰ কৈ দিলেই হৈ গৈছিল, খঙত জ্বলি পকি উঠে সিহঁত।

“কি জানে বে মিঠুনে, ঠেং পকাই নচাৰ বাহিৰে। আমাৰ চানিৰ চিনেমা চাবি, কেনেকুৱা ব’ডি চানি দেউলৰ”এনেকুৱাকৈ কিবাকিবি কৈ চানি দেউলৰ সমৰ্থনত লাগি যায় সিহঁত।

আমিও উভতি ধৰোঁ, আৰে চানি দেউলৰ ব’ডি পাঞ্জাৱ ব’ডিৰ ট্ৰাকৰ দৰে, আগে গুৰিয়ে সমান। মাল বেছি উঠাব পাৰে কিন্তু বেগাই দৌৰিব নোৱাৰে।

সঞ্জয় দত্তৰ ফেনকেইটা আৰু এখোপ চৰা। সিহঁতৰ মুখত অনবৰতে, “নায়ক নেহী, খলনায়ক হুঁ মেই” গানটো লাগিয়েই থাকে। সিহঁতকেইটাই নিজকে অলপ এণ্টিহিৰোৰ দৰে ভাও এটা দেখুৱাই থাকে। ছোৱালী দেখিলেই, “ছ’লি কে পিচে কিয়া হ্যায়” আৰম্ভ হৈ যায় সিহঁতৰ। মানে সকলোবোৰ ফেন ক্লাবৰ নিজৰ নিজৰ হিৰোবোৰক লৈ গৌৰববোধ কৰাৰ কাৰণবোৰো বেলেগ বেলেগ আছিল। নিজৰ নিজৰ সুবিধামতে সকলোৱে হিৰোবোৰৰ মাজত একোটা বিশেষ গুণ আবিষ্কাৰ কৰি লৈছিলোঁ। আমাৰ মিঠুন পাৰ্টিৰ মতে মিঠুনৰ সমান ডান্স কৰিবপৰা মানুহ পৃথিৱীতে নাই, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও নিজৰ জন্মদিনত মিঠুনক ডান্স কৰিবলৈ মাতে, ৰাছিয়াত মিঠুনৰ সমান জনপ্ৰিয় বলিউডৰ হিৰো বেলেগ কোনো নাই।

চানি দেউলৰ ফেনকেইটাৰ মতে চানিৰ দৰে আটিল শৰীৰ এজনৰো নাই। চানিৰ শৰীৰটো বোলে H টোৰ দৰে, কঁকাল আৰু বুকু সমান গতিকে চানি দেউলৰ বলো বেছি। দমক’লৰ পাইপ মিস্ত্ৰী নলগোৱাকৈ উঠাব একমাত্ৰ চানিয়েহে পাৰে। খলনায়ক পাৰ্টি আৰু এখোপ চৰা। সিহঁতৰ মালিকৰ বোলে V শ্বেপৰ ব’ডি, লগতে খোজকাঢ়িলেই উৰি থকা চুলি।

মুঠতে বলিউডত যদি মিঠুন, সঞ্জয় দত্ত আৰু চানি দেউলে একেলগে পাৰ্টি কৰিও থাকে আমাৰ ফেনক্লাবৰ মাজত শীতল যুদ্ধখন চলিয়েই থাকে।যুদ্ধখনত সদায় আমি মিঠুন পাৰ্টিয়েই জয়ী হওঁ, কিয়নো আমাৰ দাদাৰ চিনেমা প্ৰতিমাহতে ৰিলিজ হৈ থাকে আৰু আমি বেছিকৈ চিনেমা চাওঁ আৰু সিহঁতকেইটাই ছমাহৰ মূৰত কেতিয়াবা এখনো চাবলৈ নাপায়। সেইসময়তে মাৰ্কেটত আবিৰ্ভাৱ হ’ল সুনীল চেট্টীৰ। চানি দেউল আৰু সঞ্জয় দত্তৰ ফেন ক্লাবটোত বিসম্বাদ ঘটি দুভাগ হৈ এভাগ সুনীল চেট্টীৰ পাৰ্টিত জইন কৰিলে। নতুন দল দেখা পাই আমি বাকীকেইটা লাগি গ’লোঁ সিহঁতক ডাউন দিয়াত, মাৰ্কেটত বেলেগক উঠিবলৈ দিব নোৱাৰি। সুনীল চেট্টীৰ আৱাজেই নাই, নাচিবও নাজানে, ব’ডি বোলা বস্তুটোও নাই, সেই কেটেঙ মেটেঙটো আৰু হিৰো হ’ব পাৰে নেকি?

সিহঁতক সঁকিয়াই দিওঁঁ বোলো সময় থাকোঁতেই আগৰ পাৰ্টিলৈ ঘূৰি যা, নহ’লে তহঁতৰ অৱস্থাও ঋষি কাপুৰ ফেন ক্লাবৰ দৰে হ’ব, না ফাইটা ফাইটি কৰিব পাৰিব না ডান্স কৰিব পাৰিব। ভুটীয়া মাৰ্কেটৰ ছুৱেটাৰ চাই থাকিব লাগিব জিন্দেগীভৰ। সিহঁতক ডাউন দি আছিলোঁ যদিও মনে মনে ভয়ো খাই আছিলোঁ যে এই সুনীল চেট্টীটো বা আকৌ কেনেকুৱা ওলাই। তেতিয়ালৈকে বাতৰি কাকতত সুনীল চেট্টীৰ এখন দুখন ফটো দেখাৰ বাহিৰে সেইজনৰ বিষয়ে আমাৰ কাৰো ওচৰতে একো ইনফৰ্মেচন নাছিল। ৰঙিয়াৰ চিত্ৰলেখা আৰু এলিট হলত সুনীল চেট্টীৰ চিনেমা তেতিয়ালৈকে অহাই নাছিল। সুনীল চেট্টীৰ ফেন ক্লাবটোত তেতিয়ালৈকে মুখ্য সদস্য মাথো দুজন। ৰমেন আৰু বিৰেন। সেই সময়ত হাজোৰ গেৰুৱা আৰু বৰগাঁঁৱত মনসা পূজা চলি আছিল আৰু তাতে পৰ্দাত চিনেমা দেখুওৱাৰ ব্যৱস্থা আছিল। ময়ো পূজাত গৈ দুপৰীয়া আলহীৰ ঘৰত ভাত খাই ঘৰলৈ আহিবলৈ চাইকেল ষ্টাৰ্ট দিছোঁ, অস্থায়ী চিনেমাঘৰটোৰ সন্মুখত দেখিলোঁ ৰমেন আৰু বিৰেন, হলটোৰ দুৱাৰমুখত লগাই থোৱা পোষ্টাৰখন দেখিলোঁ সুনীল চেট্টীৰ “বলৱান”। এক ছেকেণ্ডো ৰোৱা নাই, উধাই-মুধাই চাইকেল মাৰি ঘৰ ওলালোঁহি। কাপোৰ সলাই চিধাই মোৰ সৈন্যকেইটা আৰু লগত সঞ্জয় দত্ত আৰু চানি দেউলৰ সন্যকেইটাক মাতি আনিলোঁ ফিল্ডলৈ। বোলো শুন সকলোৱে, জোৰ পুৰি হাত পালেহি। ৰমেন আৰু বিৰেনে সুনীল চেট্টীৰ চিনেমা চাবলৈ হলত সোমোৱা মই আজি নিজ চকুৰে দেখি আহিছোঁ। সকলোৱে সাজু থাক, অহাকালি সিহঁতৰ মুখত সুনীল চেট্টীৰ বিষয়ে শুনিবলৈ।

: আমি এজনেও নাজানো এই সুনীল চেট্টীটো কি হয় কি নহয়, সিহঁতে যি ক’ব তাকেই মানিব লাগিব আৰু এতিয়া, উপায়তো নাই৷

খলনায়ক পাৰ্টিৰ লিডাৰে ক’লে।

পিছদিনা আবেলি ফিল্ডত ক্ৰিকেট খেলি আছোঁ আটাইকেইজনে। দূৰৈৰপৰাই দেখিছোঁ চাইকেলৰ হেণ্ডেলত নিজৰ পিন্ধা চাৰ্টকেইটা গাঁঠি লৈ ৰমেন আৰু বিৰেন তীব্ৰ গতিত ফিল্ডৰফালে আহি আছে। আমিও সাজু হৈছোঁ সুনীল চেট্টীৰ বিষয়ে নিজৰ ডাই হাৰ্ড ফেনৰ মুখৰপৰা শুনিবলৈ। আহিয়েই দুয়োজনে চাইকেল দুখন পিটচৰ ওচৰত ৰখালে। খালী দেহেৰে দুয়ো দহবাৰকৈ বুক ডাউন মাৰি ল’লে। তাৰপিছত হাতদুখন তলপেটৰ ওচৰত মুঠিমাৰি ধৰি ব’ডিবিল্ডিঙৰ মুদ্ৰা দেখুওৱাৰ দৰে দুয়োজনে একেলগে চিঞৰিছে,

: চাল্লা, কোন কুট্টাই কৈছিল সুনীল চেট্টীৰ ব’ডি নাই, সুনীল চেট্টীৰ আৱাজ নাই৷

তলমূৰ কৰি আটাইকেইটাই শুনি আছোঁ। ৰমেন আৰু বিৰেনৰ চিঞৰটোতে যেন মিঠুনৰ ডান্স, সঞ্জয় দত্তৰ উৰি থকা চুলি, চানি দেউলৰ H শ্বেপ ব’ডি আটাইবোৰ একেবাৰতেই উৰি গৈছে।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ ! মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *