ফটাঢোল

সপোনৰ টিকনিত ওলমি-জ্ঞানদীপ দত্ত

বিহাৰী বাবুৰ চেলুনত চুলিকেইডাল কাটি, বনিয়াৰ বাকী দোকানৰ বজাৰখিনি কৰি “বাহিৰৰ মানুহ” লগাই কৰোঁৱা শালি ধানৰ চাউলকেইটাৰে গৰম ভাতখিনি খাই চীনত নিৰ্মিত ম’বাইলটোত সি টাইপ কৰিলে “অসমখন অসমীয়াৰ হৈ থাকিবলৈ দিয়ক৷ ”  এই “সি”টোৱে আচলতে মই, আপুনি আৰু সেই হাজাৰজন অসমীয়াক প্ৰতিনিধিত্ব কৰিছে যাৰ নিজস্বতাবোৰ ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে৷ থাকিবনো কেনেকৈ?  আমি যে মাষ্টাৰছ, পি এইচ ডিৰ মাজত জীৱনৰ সপোন ৰঁচাত ব্যস্ত!  কথাবোৰ তুলুঙা যেন লাগিলেও ওফৰাই দিব পৰা নিশ্চয় নহয়৷ ভুল আমাৰ গাতো নাই!  নম্বৰ আৰু চাৰ্টিফিকেটৰ জখলাৰে আমি

Read more

মাইনাৰ মনঃস্তত্ত্ব- জিমী শ‌ইকীয়া

মাইনা ঘৰখনৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈ পৰিল৷ অতদিনে অৱহেলিতা, লঞ্চিতা, অযত্নপালিতা তাইৰ বাঢ়ি অহা পেটতোৰ বাবেই আজি তাই আদৰ পাইছে৷ মানুহবোৰতো কম নহয়৷ তেওঁলোকৰ আকৰ্ষণ তাইৰ পেটতো৷ মাইনা যেন জেদী, অভিমানী হৈ পৰিল৷ তাৰমানে ইহঁতৰ মৰমবোৰত স্বাৰ্থ আছে৷  অৱশেষত সকলোৰে টোপনি খটি কৰি জল্পনা-কল্পনাৰ অন্ত পেলাই ডাক্তৰ মাতিব লগা নোহোৱাকৈয়ে মাইনাই ৰাতি আঢ়ৈমান বজাত চেউৰী পোৱালি এটা জন্ম দিলে৷ এৰা পাই! আমাৰ ঘৰৰ ওচৰৰ ৰত্না বৰমাহঁতৰ ঘৰৰ মাইনা নামৰ গাইজনীৰ কথা কৈছোঁ৷ কৃষ্ণহে বুলিছোঁ গাইৰ গাখীৰৰ লগত নিতৌ নতুন নৃত্য নাটিকা

Read more

গেজেং – বৈদুৰ্য্য বৰুৱা

সৰুতে এবাৰ লগৰীয়াৰ সৈতে ফুটবল নে ৰবাব টেঙা কিবা এটা খেলি আছিলোঁ‌। তেনেতে কোনোবাই মাৰিলে লেং। লুটি খাই পৰিলোঁ‌। বাওঁ ভৰিৰ তলৰ গাঁঠিটোত অলপ দুখ পালোঁ‌। তেনেকৈয়ে সন্ধিয়া লেকেচিয়াই লেকেচিয়াই ঘৰ পালোহি। কিন্তু এন্ধাৰ হোৱাৰ লগে লগে অসহ্য বিষ আৰম্ভ হৈ গ’ল। ভৰিটো তলৰ ফালে ফুলি আহিল। পিছদিনাও একেই। বিষ নকমে। ভৰিটো চুলেই গেজেংকৈ মাৰে। তথাপিও এটা ভৰিৰ ওপৰতেই জঁ‌পিয়াই জঁ‌পিয়াই ঘূৰি ফুৰিছোঁ‌। স্কুললৈ যোৱা নাই।পাছবেলালৈ ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা। সেইসময়তেই ঘৰলৈ অহা কোনোবা চুবুৰীয়া এজনে বটাৰ পৰা তামোল এখন

Read more

টুৱেন্টি-টুৱেন্টি – দিগন্ত কুমাৰ ভট্টাচাৰ্য

সিদিনা অ’ফিচলৈ যাবলৈ ওলাওতেই শ্ৰীমতীয়ে কাগজৰ টুকুৰা এটি আগবঢ়াই দিলে মোলৈ। আগতে দৈনিক বজাৰৰ লিষ্টখন তেওঁ এনেকৈয়ে দিছিল, কিন্তু মোবাইল অহাৰ পিছত এছএমএছ কৰিয়েই জনাই দিয়ে। ‘ছৰ্ট মেছেজ’ কৰাৰ পিছতে তেওঁ ফোন কৰে ‘লং টক’ এটি কৰিবলৈ। বিস্তৃতভাবে জনায় – আলু যদি আনিব লাগে কেনেকুৱা আনিম, নিমখীয়া বিস্কুট ব্ৰিটেনিয়া নে পাৰ্লেৰ আনিম আদি ইত্যাদি। কেতিয়াবা ভাবো মগজুৰ কোষবোৰে চাগে এইবোৰ শুনি শুনি এটা সময়ত কোনো নতুন কথা-তথ্য ল’ব নোৱাৰা হ’ব, লাহে লাহে কাম নকৰা হ’ব আৰু যেতিয়াই যি মন যায়

Read more

স্বামী : নীলাক্ষী কাকতি

মই এগৰাকী স্বামী৷ পতি, গিৰী ইত্যাদি বিভিন্ন সমাৰ্থক শব্দ আছে মোৰ৷ মোৰ নাম? মোৰ উপাধি? কপালত বলীৰেখা পৰা, কোটোৰলৈ যোৱা চকু, উদাসীন দৃষ্টি, দুই তিনিবছৰ পুৰণি চাৰ্ট, ভৰিত মুচিৰ হাতৰ পৰশ পোৱা চিলাই মৰা চামৰাৰ চেণ্ডেল, হাতত বজাৰৰ বেগ থকা যিকোনো বিবাহিত পুৰুষকেই মই প্ৰতিনিধিত্ব কৰোঁ৷ আপোনালোকে মোক দাস, কাকতি, শইকীয়া, দত্ত, কলিতা, মহন্ত যিকোনো উপাধিৰেই সম্বোধন কৰিব পাৰে৷ বয়সৰ ফালৰ পৰা মই পঞ্চাশ গৰকা নাই যদিও সংসাৰৰ জ্বালাই মোক এ.কে.হেংগলৰ দিনৰে চেম্পল যেন কৰি তুলিছে৷ প্ৰায়ে বাতৰি কাকত, নিউজ

Read more

চিষ্টেমটোৱে তেনে – অসীমা শইকীয়া দত্ত

আমাৰ ইয়াত চিষ্টেমটোৱে তেনে, কিনো চিষ্টেম জানোচোন আহক……… ১/ বিয়া পাতিলে মিলিন্দ সুমনে, বয়সতকে সৰুজনীক ফেচবুকত গালি শপনি দি লৈ ফুৰিল আমাৰ অসমীয়া কেইটাই। ভাবিছোঁ ইয়াত যদি কোনোবা এঘৰত হ’ল হয় ঘটনাটো, কইনাই মাক বাপেকৰ ঘৰ বিয়াৰ দিনাই যি এৰিলে আৰু! মূৰ কৰিবলৈ হ’লে পুনৰ, তাই গাড়ীৰপৰা নামোতে শোকত ম্ৰিয়মাণ দুই ডৰজন ওচৰ চুবুৰীয়া গাড়ীৰ ওচৰত খাৰা হ’ব। বুঢ়াটোৱে ওভোটা বাণ মাৰি নিলে এইক। তাৰ মাজত এজনীয়ে হয়তো কইনাৰ মাকক ক’ব, হক দে পুৰুষৰ বুঢ়া ডেকা নাই দুখ নকৰিবি। চিষ্টেমৰ

Read more

বীঙ হাইপোক’ন্দ্ৰিয়েক : অভিজিত মেধি

সৌ সিদিনালৈকে মই আছিলোঁ এজন সাধাৰণ মানুহ। স্বল্পজ্ঞানী, স্বল্পভাষী! বাৰ্থডে’ৰ দিনাই জন্ম লোৱা পৃথিৱীৰ কোটিজন অনেক মানুহৰ মাজৰেই এজন। কাম কৰিছোঁ, খাইছোঁ, পিন্ধিছোঁ। মুঠতে মোটামুটি নিজৰ মতলবত চলা এজন মানুহ! কিন্তু কথা এষাৰ আছে নহয়- সকলো দিন সমানে নেযায়! মোৰো দিন সলনি হ’ল। পৰিৱৰ্তনৰ ঢৌত মই যেন নতুন ৰূপত জনম লভিলোঁ! ঠিক কেতিয়া লভিলোঁ ভালকৈ ময়ো নাজানো! জন্ম হেনো এটা দীঘলীয়া প্ৰক্ৰিয়া! মোৰ নতুন ৰূপটোৰো এদিনতে জন্ম হোৱা নাছিল, এটা প্ৰকৰণৰ মাজেৰে হৈছিল। ২০১১ চন মানৰ কথা। সেইবেলি নৰৰূপ ধাৰণ

Read more

দেশভক্তি চাহ – মনজিৎ

আমাৰ সকলোৰে চিনাকী নৱীন আজি এমাহ আগতে নগৰৰ মাজ মজিয়াত থকা এল আই চি অফিচলে ট্রান্সফাৰ হৈ আহিছে মার্কেটিং অফিচাৰ হিচাপে প্রম’চন পাই। এল আই চি এজেণ্ট হিচাপে আৰম্ভ কৰি বহু কষ্টৰে মানুহৰ উপলুঙা ককর্থনা সহি সামৰি সি আজি এই অৱস্থা পাইছে। আৰু তাৰ কষ্টক মেনেজমেণ্টে যথা যোগ্য সন্মান জনাই প্রম’চন দি হেড অফিচত পঠাইছে যাতে মানুহৰ মাজত এল আই চিৰ প্রতি থকা উপহাসৰ সুৰ সোনকালে সলাব পাৰে। জীৱনটোৱে দি যোৱা নানা অভিজ্ঞতাৰে সি বাৰুকৈয়ে অভিজ্ঞতাপুষ্ট। সেয়ে অতি কম সময়তে

Read more

প্ৰাচীন কেব – বাসৱদত্ত দাস

নমস্কাৰ। “মই কেতেকী”য়ে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক এই অনুষ্ঠানটিলৈ, যাৰ নাম হৈছে — “ইতিহাসৰ দেহ-বিচাৰ”। এই অনুষ্ঠানটিত প্ৰতিবাৰৰ দৰেই এইবাৰো কাহানিবাই নিৰুদ্দিষ্ট হোৱা ইতিহাসৰ মৃতদেহটোৰ আমি পুনৰ্বিচাৰ কৰিম। গতিকে, আহক- আৰু দেৰী নকৰোঁ। [খণ্ড : পাষণ্ড] আজিৰ খণ্ডটিত এনে এটা সাম্প্ৰতিক বিষয়ৰ ঐতিহাসিক অস্তিত্বক আমি আলোকপাত কৰিম যাক আপুনি-মই CAB বুলি জানো, কিন্তু প্ৰাচীন কালত ই বিদিত আছিল অন্য এক নামেৰেহে। আহকচোন, মোৰ লগতে একমাত্ৰ আমাৰ স্ক্ৰীপ্ট ৰাইটাৰজনৰহে পূৰ্বজ্ঞাত এই তথ্যখিনিৰ ভাগ-বতৰা আপোনালোককো দিওঁ : প্ৰতিটো মহান সভ্যতাৰ ইতিহাস কেইটামান

Read more

নাৰিয়ল কি বুন্দী – নাজিয়া হাচান

ৰহমানদা এজন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁলোক থকা চৌহদটোত অসমৰপৰা তেওঁৱেই অকলে। সতীৰ্থসকল সকলোৱেই ভিন্ন ভিন্ন ৰাজ্যৰ। চৌহদটোত সকলো লোক মিলি বছৰৰ প্রতিটো উৎসৱ,পাৰ্বন প্ৰতিবাৰেই হাঁহি আনন্দেৰে পালন কৰে। এই ক্ষেত্ৰত, মহিলাসকলেই বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। তেওঁলোক প্ৰতি গৰাকীয়ে নিজ হাতে বনোৱা খাদ্য সমূহেৰে এই অনুষ্ঠান সমূহ সুকলমে আগুৱাই নিয়ে। এই বছৰৰ ভেলেণ্টাইন ডেৰ আয়োজন। পত্নীয়ে ৰহমানদাক বজাৰৰপৰা নাৰিকল আনিবলৈ ততাতৈয়াকৈ পঠিয়ালে। ৰহমানদাই নাৰিকলৰ ৰেচিপিবোৰ খাই আকৌ বৰ ভাল পাই। সেয়ে হেঁপাহেৰে তেৱোঁ যোৰা আশী টকা কৰি, চাৰি যোৰা

Read more
1 33 34 35 36 37 72