ফটাঢোল

মাইনাৰ মনঃস্তত্ত্ব- জিমী শ‌ইকীয়া

মাইনা ঘৰখনৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈ পৰিল৷ অতদিনে অৱহেলিতা, লঞ্চিতা, অযত্নপালিতা তাইৰ বাঢ়ি অহা পেটতোৰ বাবেই আজি তাই আদৰ পাইছে৷ মানুহবোৰতো কম নহয়৷ তেওঁলোকৰ আকৰ্ষণ তাইৰ পেটতো৷ মাইনা যেন জেদী, অভিমানী হৈ পৰিল৷ তাৰমানে ইহঁতৰ মৰমবোৰত স্বাৰ্থ আছে৷
 অৱশেষত সকলোৰে টোপনি খটি কৰি জল্পনা-কল্পনাৰ অন্ত পেলাই ডাক্তৰ মাতিব লগা নোহোৱাকৈয়ে মাইনাই ৰাতি আঢ়ৈমান বজাত চেউৰী পোৱালি এটা জন্ম দিলে৷
এৰা পাই! আমাৰ ঘৰৰ ওচৰৰ ৰত্না বৰমাহঁতৰ ঘৰৰ মাইনা নামৰ গাইজনীৰ কথা কৈছোঁ৷ কৃষ্ণহে বুলিছোঁ গাইৰ গাখীৰৰ লগত নিতৌ নতুন নৃত্য নাটিকা দেখি শুনি৷
 সেইযে তাই পোৱালিটো জন্ম দিলে, তাৰ পিছতেই নতুন ভাওনা আৰম্ভ হ’ল৷  পোৱালিটো জন্ম হোৱাৰ অলপ সময়ৰ পিছতেই ফেঁহুৰ কাৰণে গাখীৰ খীৰাবলৈ ৰত্ন বৰ্তা গ’ল৷ তাইৰ অকণো মন যোৱা নাছিল চাগৈ গাখীৰ দিবলৈ৷ ভাগৰো লাগিছিল৷ হেৰৌ অত কষ্ট কৰি নৰ্মেলকৈ তাই চেউৰী পোৱালি জন্ম দিছে ইহঁতে আকৌ খীৰাবলৈ আহিলেই৷ গৃহস্থক লাজ নেপেলাওঁ বুলি ভাবি তাই চাগৈ অকণমান দিলে আৰু৷
 বৰমাহঁতে মাইনাক কিনোতে বেপাৰীজনে বহুত গাখীৰ দিয়া গাইৰ সঁচ বুলি কৈছিল৷ বৰমাহঁতেও বিশ্বাস কৰিছিল৷
 দুদিনমান পিছত ৰত্না বৰমাই কোৱা শুনিলোঁ-হেৰি, এই বাল্টিটো লৈ আনকচোন৷ মাইনাক খীৰাব লাগে৷
বৰ্তাই বোলে-হেই! দুদিন হৈছেহে! এতিয়াই নিখীৰালেও হ’ব৷
বৰমাই বোলে-এস্ আপুনি নাজানে! আমি কথাবোৰ নাজানো কাৰণেই আমাৰ গাইৰ গাখীৰ কম৷ সৌসিহঁতৰ ঘৰৰ গাই জগিলেই প্ৰথম কেইদিনমান বটলে বটলে নি নদীত ঢালি দিয়ে, সেইকাৰণেতো সিহঁতৰ ঘৰত গাখীৰ শেষেই নহয় নদীৰ দৰেই৷
: হ’বহে থোৱা তোমাৰ গছত গৰু উঠা হোলোঙাৰে কাণ খুচৰা কথা৷
: ইয়ে! এই মানুহটোৱে বিশ্বাস নকৰে চা! সুধি আহক গৈ লাগে৷
অৱশেষত ধৰিবা বৰ্তাইয়ো নৈৰ পানীৰ সমান গাখীৰ পাবলৈ বটলত গাখীৰলৈ নদীৰ ফালে যোৱা দেখিলোঁ৷
ম‌ই চিঞৰ ধৰিলোঁ৷ ৰত্না বৰমা ঔ! আপোনালোকে আচল কথাটো নাজানেই৷ নদীত গাখীৰ ঢলিলেই নহ’ব৷ তাৰ পিছতহে আচল কামটো আছে৷
বৰমাই বোলে -কি?
ম‌ই বোলো-সদায় গধূলি গৈ নদীৰ পৰাই পানী এবটল লৈ আহিব লাগে আৰু ৰাতিপুৱা গাই খীৰাবলৈ লোৱা বাল্টিটোৰ তলিত প্ৰথমে সেই বটল ঢালি লৈ তাতে গাখীৰ খীৰাব লাগে৷
 বৰমাই হাঁহি হাঁহি ক’লে-তোৰ মূৰটো ভঙিম ৰ’ কোনোবাদিনা৷
 পিছে নৈৰ সোঁতৰ দৰে গাখীৰ ওলোৱাটো বাদেই মাইনাই গাখীৰ আৰু কমাইহে দিবলৈ ল’লে৷
হ‌ওঁতে ৰত্না বৰমাহঁতৰ গাইজনীয়ে গাখীৰ এক লিটাৰ মান দিয়ে, কিন্তু বৰমাহঁতৰ মতে নিদিয়েই৷ বিলাবলৈকে নাটে৷
 তাইৰ কাৰণে সিজোৱা দানাৰ ব্যৱস্থা কৰা হ’ল৷ ৰাতিপুৱাৰ পৰা হাতীখুতৰা, মূলা, ঘৰত মানুহে খাবলৈ কটা পাচলিৰ পেলনীয়া অংশ, চাউল-ডাইল ধোৱা পানীৰে তাইৰ গধূলিৰ জলপান সিজোৱা হ’ল৷ দিনৰ দিনতো বেচেৰা ৰত্ন বৰ্তা আৰ্ বাৰীত তাৰ বাৰীত সোমাই দানালৈ বুলি শাক-পাত গোটাই থকা দেখা গ’ল৷
এদিন আমাৰ পদূলিৰ ওচৰত ক’লা কচু কাটি থকা দেখি ম‌ই বোলো-বৰ্তা ঔ! আপুনি দেখোন স্বচ্ছ বাৰী অভিযান চলাই থকা হ’ল! এইখনত সোমাইছে কিয়? আন্ধাৰ হ’লেই এইকণত বুঢ়া-ডেকা সকলোৱে সৰুপানী বিসৰ্জন দিয়ে৷
বৰ্তাই বোলে-নক’বি আৰু বুইছনে! আমাৰ গাইজনীয়ে এইবোৰ নাখালে গাখীৰেই নিদিয়ে৷
ম‌ই বোলো-এইবোৰ খাই কাৰণেই নিদিয়ে চাগৈ৷ এই কচুপাতবোৰত যে লাগি আছে সেয়া আপুনি পানী বুলি ভাবিছে নেকি? কালিতো বৰষুণো নাছিল, নিতুহঁতৰ ককাকে ….
বৰ্তাই বোলে -ঐ ঐ ত‌ই কোনে মুতিছে, কোনে কি কৰিছে এইবোৰকে চাই ফুৰ ন! ৰ’তোক৷ হয় ঔ! বাটৰ কাষৰ কচু -ঢেঁকীয়া খাবলৈ চিন্তাই৷
মোৰ কথাত বৰ্তা তাৰ পৰা আঁতৰি আহিল৷ বৰ্তাই খুৱাইহে খুৱাই, পিছে মাইনাই খোৱাতো ঠিকেই খাই গাখীৰেহে বাল্টিৰ তল নিতিতা হ’ল৷
 ৰত্না বৰমাই ইজন -সিজনৰ লগত দিহা পৰামৰ্শ কৰিলে৷
উপায় ওলালগৈ যে তাইৰ ওহাৰত মুখ লাগিছে৷ গতিকে মুখ লগা নভঙালৈকে তাই গাখীৰ নিদিব৷
ওচৰৰ মাঙলী আইতাই খুব ভাল মুখ লগা জাৰে৷
উপায় নাপায় এদিন বুবুকণে মাকৰ কথা মতেই মাঙলী আইতাকে মাতি আনিলেগৈ-বোলে আমাৰ মাইনাজনীৰ মুখ লাগিল হেনো মায়ে কৈছে৷ গতিকে আপুনি জাৰি দিব লাগে৷
 আইতায়ো এদিন আহিল৷ আইতাৰ মতে-ম‌ই বহুত মুখ লগা জাৰি ভাল কৰিছোঁ৷ তহঁতৰ এইৰো ভাল হ’ব৷ সৌ সিদিনা বুইছনে! মীনু জীয়েকৰ ঘৰত জাৰি থৈ আহিলোঁ৷ এতিয়া সৌৱা গাখীৰে চৌচৌৱাই থাকে৷ ৰাতিপুৱাও খীৰাই আবেলিও খীৰাই৷ উথনাই দি আছে ঠিকাদাৰক৷ তহঁতৰ জনীৰ ওহাৰ দেখিয়েই মুখ লাগিল৷
 আমাৰ ৰত্না বৰমাই বঁটা এটাত তামোল পাণেৰে সৈতে টকা পঞ্চাছটা দি আইতাক আগবঢ়াই দিলে৷
যাবৰ পৰত আইতাই ক’লে-হেৰৌ বোৱাৰী! গাখীৰ ওলালে দৈ অকণ খুৱাবি এদিন৷
বৰমাই বোলে-এস্ ক’বহে লাগেনে? ম‌ই ভাবিছিলোঁৱেই৷
পিছে মাইনাই গাখীৰহে নিদিয়ে৷
ম‌ই মনতেহে বোলো-দিবনো কিয়? মাইনাই আচলতে মাঙলী আইতাক অকণো ভাল নাপায় চাগৈ৷ পাবনো কেনেকৈ! সৌ সিদিনা গাভিনী হৈ থাকোঁতে পথাৰৰ পৰা ওভতাৰ মুখত তাইৰ চাগৈ কি খাওঁ কি ব‌ওঁ লাগি আহিছিল৷ মাঙলী আইতাৰ ডাঙৰ পুতেকে সিহঁতৰ গৰু-গাইকেইটালৈ সদায় আবেলি দানা তিয়াই থয় গোহালীৰ ওচৰৰ ঘূলনিখনত৷ কিন্তু ভাৰত পাকিস্থানৰ সীমাত যেনেকৈ কটকটীয়া চোকা নিৰাপত্তা থাকে তেনেকৈ আইতা গোহালীৰ ওচৰতে বহি লোকৰ গাই গৰুৱে যাতে সিহঁতৰ গোহালিৰ দানা-পানী খাব নোৱাৰে তাৰে পহৰা দি বহি থাকে৷ এনেৰেতো আইতাই কাৰোবাক দেখিলে সুধিব‌ই-“ত‌ই কাৰ জীয়েৰ বা ত‌ই কাৰ পুতেৰ ঔ! চকুৰে মনিবকে নোৱাৰো অ’ আজিকালি৷ ”
কিন্তু গোবৰ চাই চিনিব পাৰে কোনজনী কাৰ ঘৰৰ গাই৷ সেইদিনা কিবাকৈ পুতেকে নঙলাডাল মাৰিবলৈ পাহৰিলে হ’বলে ৰত্না বৰমাহঁতৰ গাইজনীও সোমাইছিল দানা অকণকে খাই যাওঁ বুলি৷ গাভিনী গাই লোভো অকণ বেছি৷ আমাৰ যেনেকৈ মানুহবোৰ প্ৰেগনেণ্ট হ’লে তেতেলী, নেমু আদি কিবাকিবি খাবলৈ মন যায় তেনেকৈ চাগৈ তাইৰো গৈছিল৷ পিছে আইতাই এনেই থৰক বৰককে খোজ কাঢ়ে যদিও সেইদিনা মাইনাই দানাত মুখ দিয়া দেখি যিটোহে এক্সন দিলে ঔ! বোলে-এই এই মৰতী গাই৷ ৰত্নহঁতৰজনী এইজনী৷ চুৰুণী গাই৷ যা! যা! ঘূৰ৷ দানা খাবলৈ আহিছ, আমাক গাখীৰ খুৱাবিনে!
সন্ধিয়ালৈ পুতেক গোচৰ লৈও হাজিৰ৷
 এনেকৈ অপমান পাই মাইনাইনো ক’ত মাঙলী আইতাই জাৰিলেই গাখীৰ দিব৷ মৰমেৰে যদি কেতিয়াবা দানা অকণ তাইক খুৱালেহেঁতেন ঐ!
 আজি আকৌ সেই মাঙলী আইতাই তাইক মুখ লগা ভাঙিব আহে৷ কিবাকৈ কাইলৈ গাখীৰ দিলে আইতাৰ আৰু ফুটনি বাঢ়িব৷ গতিকে পিছদিনাৰ পৰা দিম বুলি ভাবিছিল যদিও তাই গাখীৰ নিদিলে৷ খুৱাব মাঙলী আইতাক তায়ো দৈ গাখীৰ৷
এইবাৰ আলোচনা কৰি কালজিৰা, নহৰু, গুৰ আৰু মচুৰ দাইল খুৱাবলৈ থিৰাং কৰিলে৷ বৰ্তাই বোলে কি আচৰিত? এইবোৰ দামী বস্তু মানুহেই খাবলৈ নাপায়৷
তথাপি অনা হ’ল৷ পিছে গাখীৰৰ পৰিমাণ নাবাঢ়িল৷
 পুৰৱী আৰু চাপৰ দানা খুৱাব লাগে বোলে৷ সেয়াইও আনি খুওৱা হ’ল৷
 কোনোৱে বোলে খীৰাবৰ সময়ত পিঠিত বস্তা এটা দি ল’ব, কোনোৱে বোলে গাই খীৰালে গান এটা বজাই থাকিলে বা মিহিকৈ গান এটা গাই থাকিলে গাইয়ে গান শুনি শুনি বেছিকৈ গাখীৰ দিয়ে৷
সেই ফৰ্মূলাও এপ্লাই কৰা হ’ল৷ পিছে গাত বস্তা দি গান গাই গাই খীৰাবলৈ যাওঁতে মাইনা থিয় হোৱাক চাৰি আমেজলৈ শুইহে পৰিল৷ ৰত্ন বৰ্তাই হাতৰ বাল্টি হাততে লৈ উভতি আহিল৷ অতজনী গাই হেঁচুকি উঠোৱা সহজ নহয়৷ অৱশেষত বোলে-কোনে খীৰাই খীৰাব৷ এই গাইৰ লগত ময়ো গৰু হ’ব লগা হৈছে৷ আগতে ধৰিবা তাই লোকৰ বাৰীৰ জেওৰা ভাঙি খাই ফুৰে, এতিয়া ধৰিবা ম‌ই লোকৰ ঘৰে ঘৰে গৈ জপনা খুলি বাৰীত তাইক খুৱাবলৈ ঘাঁহ বিচাৰি ফুৰোঁ৷ পাৰ্থক্য ইমানেই যে তাই গৃহস্থৰ অনুমতি নোলোৱাকৈ বাৰীত সোমাই ম‌ই ধৰিবা অনুমতি লৈ সোমাওঁ৷  যিকণ দিয়ে সেইকণেই হ’ব৷
 পিছে ৰত্না বৰমা আকোঁৰগোজ৷ আনৰ গায়ে লিটাৰে লিটাৰে উথনা দিব পৰাকৈ গাখীৰ দিয়ে আমাৰ মাইনাই নিদিব কিয়? বৰমাৰ মতে-আপুনি আচলতে খীৰাব‌ই নাজানে৷
শেষত ওচৰৰ ঘৰৰ বীৰেণ খুৰাক অনা হ’ল গাই খীৰাবলৈ৷ এই বীৰেণ খুড়াই সিদিনা তাই গাভীনী থাকোঁতে সিহঁতৰ বাৰীত সোমাই ৰঙালাও এজোপাত মুখ দিওঁতেই বেয়া বেয়া গালি পাৰি তাইক খেদিছিল৷  আজি আকৌ তাইক খীৰাবলৈ আহিছে৷ অনিশ্চা স্বত্বেও তাই অকণমান গাখীৰ দিলে কিবাকৈ গাখীৰ নিদিলে বীৰেণ খুড়াই ঠেং দুটা জপটিয়াই বান্ধি লয় বুলি৷ সিহঁতৰ নিজৰ জনীক তেনেকৈ বান্ধি লয়৷ তাইক খীৰাই দিয়াৰ পিছত খুড়াক ৰত্না বৰমাই গিলাচ এটাতে গাখীৰ অলপ দি পঠালে৷
যাওঁতে কৈ গ’ল-কাইলৈ গধূলিতে পোৱালি বান্ধিব৷ গাখীৰ খাবলৈ নিদিব পোৱালিটোক৷ চাবচোন কেনেকৈ গাখীৰ দিব তাই৷ মাইনা গাইৰ বৰ খং উঠিল৷ ৱাউউ ৰঙালাও গছ খাবলৈও নিদিবি গাখীৰো নিবি৷ আকৌ মোৰ পোৱালিৰ ভাগৰ গাখীৰকণতো ইহঁতৰ চকু৷
 ওৰে নিশা তাই কি ভাবিলে নাজানো৷ পিছ দিনা বীৰেণ খুৰাই বহিলৈ বাল্টিটো ভৰি দুটাৰ মাজত সুমুৱাই দুচোচামান মাৰিছিলহে মাইনাই টেণ্ডুলকাৰে বেট ঘূৰোৱাদি এনেকুৱা এটা কায়দাত পিছঠেঙেৰা লাঠিয়ালে যে বীৰেণ খুৰা গোহালীৰ বাউণ্ডাৰি পাৰহৈ পাটবেং পৰাদি পৰিল আৰু কপাল ভাল বাল্টিটো হেলমেটৰ দৰে মূৰতে সোমাই ৰ’ল৷ নহ’লেতো কেচ সাংঘাতিক মেজৰ হ’লহেঁতেন৷ মূৰৰ একো নহ’ল৷ কিন্তু সোঁহাতৰ সৰুগাঁঠিৰ ওচৰতে হাড়ডাল অকণ ফাটিল৷ যিহেতু ৰত্না বৰমাহঁতৰ ঘৰৰ গাই খীৰাওঁতে বীৰেণ খুড়াৰ হাতৰ হাড় ফাটিল গতিকে মানৱতাৰ খাটিৰত ডাক্তৰৰ খৰচ ৰত্না বৰমাহঁতেই ভৰিব লগা হ’ল৷
 ৰত্ন বৰ্তাই গাইজনীক গালি পৰা শুনা গ’ল-গৰু যে গৰুৱেই৷ সঁচাই এই জাতীৰ মূৰত ঘিঁউ নাই গোৱৰ আছে৷ নহ’লে মানুহক এনেকৈ লঠিয়াই-গঠিয়াই ফুৰেনে? ভৰালে টকা এসোপা৷ এইজনীক বেচিব গ’লেও গ্ৰাহক নোলাব, কাৰণ দোকানে বজাৰে, গাৱে-ঘৰে সবেই জানে যে গাখীৰ দি বিশ্ব অভিলেখ গঢ়া গাই এজনী আমাৰ ঘৰত আছে৷
তেনেতে বৰমাৰ পুতেকে মাত লগালে-মা! গৰুৱে একোৱেই নাজানে ন! মানে মুৰ্খ নহয় জানো! তেন্তে মোক এইজনী গাইৰ গাখীৰ খুৱাই নাথাকিবা আৰু৷
: কিয়?
: তাইৰ যেতিয়া মূৰত একো নাই, গোবৰ আছে৷ মোৰনো তাইৰ গাখীৰ খাই কত মগজটো ভাল হ’ব!
বৰমাই বকবকাই উঠিলে-পাৰোঁতে ক‌ওঁনে তয়ো এটা গৰু৷
 তেনেতে গোহালিত পোৱালিটোক মাইনাই গাখীৰ খুৱাই থকা দেখি বৰমাই ক’লে-দেখিছে এইৰ গাখীৰ নোহোৱা নহয়, পোৱালিটোক খুৱাই আছে, খীৰাবলৈহে নিদিয়ে৷
বঙবুকণে মাত লগালে
: অ’ মা! তাইৰ পোৱালিৰ মুখৰ গাখীৰ কণ জোৰ জবৰদস্তি খীৰাই আনি বেচি বা খাই আমাৰ ক’তনো উন্নতি হ’ব৷ শাওহে লাগিব৷ তুমি মোৰ কাৰণে কিমান যত্ন লোৱা, মাইনায়ো পোৱালিটোক অকণ মৰম কৰে৷ মাক যেতিয়া তাইৰো পোৱালিটোৰ চিন্তা আছে, জ্ঞান তাইৰো আছে চোৱা৷ আমিনো তাইৰ বাবে যত্ন লৈছোঁনো কিমান? যিকণ গাখীৰ দিয়ে সেইকণেই হ’ব আৰু দিয়া মা৷
 হঠাৎ মৰমসনা মাতেৰে ৰত্না বৰমাই ক’লে-তাই আচলতে ঠেহ লাগিহে গাখীৰ নাই দিয়া ন! হ’ব দে কাইলৈৰ পৰা তোক আমি জোৰ নকৰোঁ৷ সোনকালে পোৱালিটোও বান্ধি নথ‌ওঁ দে৷
 মাইনাই কি বুজিলে নাজানো ৰত্না বৰমাৰ হাতত তাইৰ গলবিচনীখন ঘঁহাই দিলে৷ বৰমাই সেমেকা চকুৰে ক’লে-এৰা দে! গাখীৰ গাখীৰ কৰি থাকোঁতে তোক বহুদিন মৰম কৰাই হোৱা নাছিল৷ তোৰ পোৱালিটোৰ কাৰণে তয়েইতো চিন্তা কৰিবি৷ তোৰ সামৰ্থ অনুযায়ীহে দিবি৷ আমিহে বেছি আশা কৰিলোঁ৷
 ম‌ই তেনেতে মাত দিলোঁ৷ বোলো বৰ্তা ঔ! আপুনি গাইজনী কিনি আনোতেই ভাবিব লাগিছিল৷
বৰ্তাই বোলে-হেৰৌ এইজনী বহুত গাখীৰ দিয়া গাই বুলি কৈছিল৷
ম‌ই বোলো এতিয়াহে উৰহী গছৰ ওৰতো ওলাল৷ গাইজনী আচলতে সেই বেপাৰীজন ঘৰৰহে৷ আপোনাক বেচাজনে আগতে ঠগ খাই উপায় নাপায় অভাৱত পৰি আপোনাক বেচিছে৷ আপুনি গাখীৰ নেবেচিলেও খাব পৰা মানুহ৷
: কোনজন ঔ৷ কোন বেপাৰী
ম‌ই আৰম্ভ কৰিলোঁ- এজন মানুহ এজনী গাই আছিল৷ গাইজনীয়ে পোৱালি দিলে কিন্তু গাখীৰ নিদিলে৷ উপায় নাপায় অভৱীয়া মানুহজনে বজাৰলৈ গাইজনী লৈ গ’ল বেচিবলৈ৷ পিছে তেওঁৰ লেৰেলা-চেপেতা গাইজনী আৰু পোৱালিটোলৈ কোনেও নোচোৱা দেখি বুদ্ধি এটা কৰি কান্দিবলৈ ধৰিলে-
 “ নিত শামুকী, মাহিলি ভুৰুকী, বছৰত কলহী গাই৷ এইহেন গাইজনী বন্ধন গোটৰ ঋণ মাৰিবলৈ ম‌ই বেচিব লগাত পৰিছোঁ৷ ”
এজন মানুহে মনতে সুধিলে-এস্ তোমাৰ গাইজনীয়ে সঁচাকৈ গাখীৰ দিয়েনে?
বেপাৰী মানুহজনে ক’লে-সত্য কৈছোঁ “নিত শামুকী, মাহিলি ভুৰুকী, বছৰত কলহী গাই” এনেকৈ গাখীৰ দিয়ে তাই৷
মানুহজনে বুজিও নাপালে কিন্তু সুধিবলেও লাজ কৰিলে অৱশেষত বহুত গাখীৰ দিয়ে বুলি ভাবি কিনি আনিলে৷ পিছে গাখীৰ নোলাই৷
খঙৰ ভমকত বেপাৰীৰ ঘৰ ওলালগৈ আৰু ঠিকছে গালি পাৰিলে এনে জীয়া ফাঁকি দিয়াৰ বাবে৷ বেপাৰীয়ে বোলে-ম‌ইতো মিছা কোৱা নাছিলোঁ৷ ম‌ই কৈছিলোঁ যে নিত শামুকী, মাহিলি ভুৰুকী, বছৰত কলহী গাই৷ মানে নিতৌ শামুকৰ খোলাৰ এখোলামান, মাহেকত সৰু ভুৰুকাৰ এভুৰুকা গাখীৰ আৰু বছৰতো গোটালে একলহ গাখীৰ দিয়ে৷
 কিনোতাজনে হতভম্ব হৈ উলটি আহিল৷
: বৰ্তা ঔ কেনেবাকৈ সেই গাইজনীৰেই সঁচ নেকি আপোনালোকৰ মাইনা৷ আপুনিও বজাৰত এনেকৈ বেচিলেহে বেছা৷
 বৰমাই বোলে: সঁচাকৈ তোৰ মূৰটো কোনোবাদিনা ভাঙিম৷
☆ ★ ☆ ★ ☆

10 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *