সপোনৰ টিকনিত ওলমি-জ্ঞানদীপ দত্ত
বিহাৰী বাবুৰ চেলুনত চুলিকেইডাল কাটি, বনিয়াৰ বাকী দোকানৰ বজাৰখিনি কৰি “বাহিৰৰ মানুহ” লগাই কৰোঁৱা শালি ধানৰ চাউলকেইটাৰে গৰম ভাতখিনি খাই চীনত নিৰ্মিত ম’বাইলটোত সি টাইপ কৰিলে “অসমখন অসমীয়াৰ হৈ থাকিবলৈ দিয়ক৷ ”
এই “সি”টোৱে আচলতে মই, আপুনি আৰু সেই হাজাৰজন অসমীয়াক প্ৰতিনিধিত্ব কৰিছে যাৰ নিজস্বতাবোৰ ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে৷ থাকিবনো কেনেকৈ? আমি যে মাষ্টাৰছ, পি এইচ ডিৰ মাজত জীৱনৰ সপোন ৰঁচাত ব্যস্ত! কথাবোৰ তুলুঙা যেন লাগিলেও ওফৰাই দিব পৰা নিশ্চয় নহয়৷ ভুল আমাৰ গাতো নাই! নম্বৰ আৰু চাৰ্টিফিকেটৰ জখলাৰে আমি “ভাল মানুহ ”হোৱাৰ দৌৰৰ অক্লান্ত দৌৰবিদ সেই তেতিয়াৰ পৰাই যেতিয়া আমি হয়তো বুজাই নাছিলোঁ কেৰিয়াৰ কি, শিক্ষালাভৰ উদেশ্য কি বা জীৱন কি! আমাৰ সমাজত এতিয়াও “ভাল মানুহ”ৰ তুলাচনীত সন্মান, প্ৰতিপত্তি, পদবীৰ ওজন বেছি৷ সময়ৰ সোঁতত আমি সেই দৌৰত চামিল হওঁ যাৰ লক্ষ্য সম্পৰ্কে আমি বেছিভাগেই জ্ঞাত নাছিলোঁ৷ আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্টটো হ’ল যিখন“Aim in life” ৰ ৰচনাৰে বহীৰ পৃষ্টাবোৰ সৰুতে পূৰাই তোলোঁ সেইখন ৰচনাৰ বেছিভাগ শব্দই আমাৰ নিজা, নহয়!
ৰিস্কাৱালা, ঠেলাৱালাৰ প্ৰতি আঙুলিয়াই আমাৰ বহুতকে সৰুতে কোৱা হয়, “চোৱা, যদি ভালদৰে পঢ়া শুনা নকৰা তেন্তে সেই ঠেলাৱালা বা, ৰিস্কাৱালাৰ নিচিনা হ’ব লাগিব৷ ” ঠেলাৱালা হোৱাৰ ভয়ে(? ) আমাক পৰীক্ষাত বেছি নম্বৰ অনাৰ যুঁজখনক আৰু জোৰদাৰ কৰি তোলে৷ তাৰমানে সেই ঠেলাৱালা, ফুচকাৱালা, অট’ৱালাৰ দৰে “সৰু(? )” মানুহ নহ’বলৈ আমাৰ মন মগজুত সৰুতেই শিকোৱা হয়৷ গতিকে জীৱনৰ আদিপাঠ এইদৰে লোৱাৰ পিছত আৰু ইমানখিনি পৰিশ্ৰম কৰি পঢ়া-শুনা কৰি জাপে জাপে চাৰ্টিফিকেট লোৱাৰ পিছত সৰু সুৰা কিবা কৰাটো পাপ নহয়, মহাপাপ আমাৰ বাবে! কাৰণ আমিটো এনে ধৰণৰ “অদৰকাৰী বা নিম্ন মানৰ( আমাৰ দৃষ্টিত)” সৰু-সুৰা কিবা এটা কৰি স্বাবলম্বী হ’বলৈ শিকাই নাই৷ আমাক লাগে এচি ৰূমত আগে পিছে দহজন কৰ্মচাৰী লগাই ৰাখিব পৰা চাকৰি! কিন্তু সময় গৈ থকাৰ পিছত যেতিয়া আমিবোৰে বুজি উঠোঁগৈ যে আমাৰ শাৰীত ৰৈ থকা আন হাজাৰজনৰ চাৰ্টিফিকেটৰ টোপোলাটো আমাতকৈ গধুৰ, তেতিয়া লাহে লাহে কথাবোৰ স্পষ্ট হ’বলৈ ধৰে৷ কিন্তু ঘৰৰ পৰি থকা বাৰী কণত খেতি এডৰা বা তিনি আলিৰ মূৰৰ চকটোত দোকান এখন দিওঁৱেই কেনেকৈ! হয়ো কথাটো! আগদিনা দোকানৰ উদ্বোধনীৰ দিনা চাহ-চিংৰা খাই যোৱা একেকেইজন মানুহেই তিনি আলিৰ আনটো মূৰত গৈ ক’বগৈ “অমুকৰ পুতেকচোন বৰ চোকা বুলি কৈছিল, ইমান পঢ়ি-শুনি গেলামালৰ দোকানী হে হ’ল! ” আকৌ তাৰ মাজতে “বাকী খাই ক’ত পলামনো? ঘৰৰ ওচৰৰে মানুহ, চিনি নোপোৱা হ’লি ” বা বিজনেছ সম্পৰ্কত হাজাৰটা উপদেশ দিয়া সকল আছেই৷ গতিকে এনে সমস্যাবোৰৰ পৰা আঁতৰি অসমৰ বাহিৰত কোনোবা কোম্পানীত দিনে-নিশাই কাম কৰি পেটতো চলাই থকাটোৱেই আমাৰ ডেকাসকলৰ বাবে অধিক সুবিধাজনক হৈ পৰে!
কামৰ ক্ষেত্ৰত বাহিৰৰ পৰা আহি অসমত থিতাপি লোৱাসকলক চেল্যুট দিবই লাগিব৷ কাৰণ তেওঁলোকে যি শ্ৰম আৰু চিন্তাৰে কামবোৰ কৰে আমাৰ আলস্য দেহ মনবোৰে সিমানখিনি কৰিব নোৱাৰে! আমাক লাগে সহজ সফলতা! আমি সপোন দেখোঁ, কিন্তু সেই সপোনক বাস্তৱায়িত কৰিবলৈ দিঠকৰ কামবোৰ ভালকৈ নকৰোঁ৷
ইমানখিনিৰ পিছতো সুখৰ কথা যে বহুতো যুৱক যুৱতীয়ে আত্মনিৰ্ভৰশীলতাৰ পথবোৰ বাছি ল’বলৈ শিকিছে৷ মীনপালন, হাঁহ-কুকুৰা, গৰু-ছাগলী পোহপাল, বাণিজ্যিক ভিত্তিক খেতি-বাতি ইত্যাদিৰ বহু আশাব্যঞ্জক বতৰাই সঘনাই দৈনিক বাতৰিৰ পৃষ্ঠাবোৰ দখল কৰিছে, যি নিত্যান্তই যোগাত্মক খবৰ৷ এনে কথাবোৰ বা বাতৰিবোৰ বহুলভাৱে প্ৰচাৰিত হ’ব লাগে কাৰণ খালী পেটেৰে ৰাজনৈতিক বা আন চৰ্চা সম্ভৱ নহয়৷
( বি দ্ৰঃ কোনো সম্প্ৰদায়ৰ মনত আঘাত হনাৰ উদেশ্য নাই)
☆ ★ ☆ ★ ☆