ফটাঢোল

স্বৰূপ – কৌশিক দাস

টেলিভিছন ষ্টুডিঅ’টোৰ পৰা নাতিদূৰৈত থকা বাপধনৰ সৰু গুমটি দোকানখন সাধাৰণতে খুৱ কম ভদ্ৰলোকৰহে চকুত পৰে। বিজুলীৰ লুকাভাকু আনদিনাৰ দৰে আজিও চলি আছে। নিশা তেতিয়া ন বাজিছে, বাপধনেও দোকানখন সামৰাৰ প্ৰস্তুতি চলালে। :ভাইটি, ইণ্ডিয়া কিং চিগাৰেট ৰাখা নেকি হে? ক্ষীণ পোহৰৰ পৰা ওলাই অহা মাতষাৰ কাৰ প্ৰথমতে ধৰিব পৰা নাছিল বাপধনে, : হয়, আছে। :চাওঁ, মোক দুটা দিয়া। : অম্লানদা, জ্বলাওক…… অম্লান খনিকৰৰ ওঁঠত জ্বলিবলৈ উদগ্ৰীৱ হৈ থকা চিগাৰেটটো জ্বলাই দিলে হাজৰিকাই। সম্পুৰ্ণ বেপৰোৱা ভংগীত। একেডাল কাঠিৰে তেৱোঁ আনটো জ্বলাই ল’লে।

Read more

ভাওনা বধ ভাওনা – পুণ্য শইকীয়া

মোৰ তেতিয়া বয়স দহ কি বাৰ বছৰ মানহে হব। ভাওনাত ডাঙৰ ভাৱৰীয়াৰ বচন ল’বৰ জোখাৰে অধিকাৰ তেতিয়াও অৰ্জন কৰায়ে নাই। বৰ বেছি অগণনি নাৰায়ণী সেনাৰ মাজৰে এটা সেনা হোৱাৰ যোগ্যতা হে মোৰ আছিল। ইমান ল’ৰালি কালৰ এই ভাওনা খনৰ কথাবোৰ এতিয়াও মনত আছে – কাৰণ ঘটনাটো বাস্তৱিকতে আমোদজনক। ভাওনা চলি আছে, দৃশ্য পটত তেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ পাশা খেল চলিছে। বাৰে বাৰে শকুনি জিকে, দুৰ্যোধন-দুঃশাসনৰ অট্টহাস্য ৰোল। পাণ্ডৱৰ বিমৰ্ষ বদন। তথাপি যুধিষ্ঠিৰে হাত দাঙি দিয়া নাই। এটাৰ পাছত এটাকৈ পণ

Read more

কইনাঘৰীয়াৰ বিলৈ – নীতুমণি বৰঠাকুৰ

2002 চনৰ বহাগ মাহৰ ঘটনা। তাৰিখটো কি আছিল পাহৰিলো। ধেমাজিৰ মোৰ ননদৰ ছোৱালী মানে ভাগিনীজনীৰবিয়া। গা একেবাৰে উলাহে নধৰা সাতখন আঠখন হৈ আছিল। বিয়াৰ কেইদিনমান আগতেই কইনাৰ ঘৰ ওলালোগৈ। ভাগিনীৰ বিয়াত মামীয়েকেই যদি দেৰী কৰে কেনেকৈ হ’ব। বাট চাওঁতে চাওঁতে বিয়াৰ দিনটো আহিল। ইফালে বহাগমহীয়া বতৰ বিশ্বাসো কৰিব নোৱাৰি। কোন সময়ত বৰুণ দেৱতাৰ জক উঠি হৰহৰাই ঢালে তাৰো ঠিক নাই। তথাপিও বৰুণ দেৱতালৈ ভয় কৰি পাটৰ কাপোৰ নিপিন্ধাকে থাকিম নে! বিয়াৰ দিনটো ভালকৈয়ে গ’ল। যি ভয় কৰি আছিলোঁ সেইয়া নহ’ল

Read more

বিবাহ দুৰ্গতি – ধূৰ্জুতি কাকতী

মই বিয়া খাই ভাল পোৱা মানুহ৷ বিয়াৰ চিজনত ভালে কেইখন নিমন্ত্ৰণো থাকে৷ যোৱা বছৰৰ কথা, এনে সময়তে বিয়া এখনলৈ নিমন্ত্ৰণ আহিল, দেউতাহঁতৰ চিনাকী৷ বিয়াৰ চিঠিখনেই ৰাধা কৃষ্ণৰ 3D ফটো থকা, একেবাৰে ঘৰত কেলেণ্ডাৰ কৰি ৰখাব পৰা চিঠি৷ এখন চিঠিৰেই দাম চাগৈ পঞ্চাশ টকা মান হ’ব৷ বিবাহ বাহৰো দামী, জাকিয়াচ পেলেচ৷ দামী চিঠি, দামী বিবাহ বাহৰ, গম পালোঁ খানা যথেষ্ঠ ভাল হ’ব, এইখন বিয়া কোনোমতেই এৰিব নোৱাৰি, কেলেণ্ডাৰত তাৰিখটো চিন দি থ’লোঁ একেবাৰে৷ বিয়াৰ দিনাখন নিজৰ আটাইতকৈ ভাল ড্ৰেচ যোৰ পিন্ধি

Read more

দৈনন্দিন – ৰাজীৱ শৰ্মা

আমি বহুদিনৰেপৰা ফেচবুক ফ্ৰেণ্ড আছিলোৱেই। কিন্তু অকল বন্ধুহে। না কোনোবাদিনা সোঁ-শৰীৰেৰে লগ পাইছিলো, না কোনোদিন ইনবক্সত হাই, হেল্ল কৰিছিলো।ফেচবুকৰ লিখনিত লাইক, কমেণ্টেৰে আমাৰ বন্ধুত্ব আগবাঢ়িছিল। কিন্তু কথাতে কয়-আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম,বিধাতাই বোলে ময়ো পাছে পাছে যাম।আমাৰ এই বন্ধুত্ব বিধাতাৰ সহ্য নহ’ল।কাজেই এদিন এক এৰাব নোৱাৰা সমস্যাত পৰি তেওঁৰ লগত কথা পাতিব লগা হ’ল।গতিকে সহজ উপায় বিচাৰি ইনবক্সতে মেছেজ এটা দিলোঁ, -জৰুৰী কথা এটা আছিল, সময় পালে লাইনত আহিবাঁচোন । ঈশ্বৰৰ নামত শপত খাই কৈছোঁ, বিদ্যা ইয়াতকৈ এটা শব্দও

Read more

দুৰ্ঘটনা : থিতাতে মৃত্যু একাধিকৰ-ৰক্তাভ কুমাৰ দাস

সৰুতে বিজ্ঞানৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ, – পদাৰ্থ বুলিলে কি বুজা? মগজ ভালেই আছিল তেতিয়া, এবাৰ কিতাপত চাই লৈ আওঁৰাই দ্বিতীয়বাৰ মাৰ পৰামৰ্শমতে বহীত লিখি লোৱাৰ পিছতেই মগজটোত সোমাই ৰৈছিল। প্ৰায় সপ্তম/অষ্টম শ্ৰেণীলৈ “পদাৰ্থ” পদাৰ্থ হৈয়েই আছিল। কিন্তু আউল লাগিল তেতিয়া যেতিয়া এই ” পদাৰ্থ ” শব্দটোৰ আগত অসমীয়া স্বৰবৰ্ণৰ প্ৰথমটো বৰ্ণ লগলগাই মায়ে মোক সম্বোধন কৰিব আৰম্ভ কৰিলে আৰু তাৰ কাৰণ আছিল মোৰ দৈহিক আৰু মানসিক বিকাশৰ লগত সমান্তৰালভাৱে বাঢ়ি আহিব ধৰা এলেহুৱা ( মাৰ ভাষাত ” গাইৰা “) স্বভাৱটো।

Read more

সানমিহলি – সোমকান্ত শইকীয়া

(১) আদম – ঈভৰ জন্ম ৰহস্য : ভগৱানে বহুত দিন অকলে থাকি থাকি আমনি পাই – বহুত চিন্তা চৰ্চা কৰি ‘আদম’ নামৰ পুৰুষ এজন স্ৰজন কৰিলে। ভগৱানে কিছুদিন ভালকৈ নিৰীক্ষণ কৰি উপলব্ধি কৰিলে যে, এই এলাইবাদু নিকম্মা ‘আদম’টোক মই মিছাতে স্ৰজিলোঁ; ইয়াৰ দ্বাৰা সৃষ্টি ৰক্ষাতো নপৰিবই, আনকি ই নিজকে নিজে চম্ভালাও মস্কিল হ’ব, কি কৰা যায়! বহুত যুগ অধ্যয়ন – গৱেষণা কৰাৰ অন্তত মনলৈ এটা আইডিয়া আহিলে ,ইয়াৰ জাৱৰ জোঁ‌থৰেৰে ভৰা মগজুটোত অলপমান ‘সাৰুৱা মাল’ৰ ফচল গজাবলৈ কিয়নো ‘ঈভ’ নামৰ

Read more

অভাৰ স্মাৰ্ট পুতুকন – দীপাংকৰ চৌধুৰী

বন্ধৰ দিনত পুতুকনৰ বেলেগ কাম একো নাথাকে। অন্য বাৰত যদি সি ৰাতিপুৱা ৮টালৈ শুই থাকে, বন্ধৰ দিনত পাৰিলে গোটেই দিনটোৱেই শুই থাকিব বিচাৰে। কিন্তু মাকৰ সেই সদায় বাজি থকা গালিৰ কেছেটটো যেতিয়া অসমীয়া নিউজ চেনেলৰ নিউজ ৰিডাৰজনৰ দৰে উশাহ নোলোৱাকৈ অনৰ্গল বাজিবলৈ আৰম্ভ কৰে শেষত অনিচ্ছাস্বত্বেও গালিকেইটাৰ উৎপাতত সি ১০বজাত উঠিবলৈ বাধ্য হয়। দেৱালীৰ দিনাৰ কথা, বেচেৰা দেউতাকেও হ’ল বুলিনো কিমান কৰি থাকিব৷ বয়সো হৈ আহিছে,তথাপি এলেহুৱা স্বভাৱৰ পুতেকলৈ ৰৈ নাথাকি টানিটুনি কামবোৰ কৰি গৈ থাকে৷ ইফালে ৰাতিপুৱা ভতিজাকটোৱেও ফুলজাৰি,জলকীয়া

Read more

যাত্ৰাৰ শেষত – হিমাদ্ৰী গোহাঁই বৰুৱা

সিদিনা হঠাৎ প্লাৱিতাই ময়ূৰক দেখিলে। তাই কি কৰোঁ কি নকৰোঁ বুলি ভাবি মুখখন ইফালে ঘূৰাই দিলে। সেই যে নাহো আৰু বুলি উলটি নোচোৱাকৈ গুচি গৈছিল সেই দিনৰে তাই তাক দেখা নাছিল। কিন্তু সিদিনা ইমান বছৰৰ পাছত তাক দেখি প্লাবিতাৰ মুখৰ মাত হেৰাল। হয়তো তেওঁৰো! তেওঁ হয়তো ভাবিছিল এসময়ত অনৰ্গল কথা কৈ থকা প্লাৱিতা আজি দেখোন চকুলৈও চোৱা নাই! হয়তো নাভাবিব ও পাৰে। অকস্মাত সেইদিনা ময়ূৰে কৈছিল, :আজিৰ পৰা তোমালোকৰ ঘৰলৈ নাহো। তাই হতবাক। কিয় বুলি প্ৰশ্ন কৰা নাছিল। হয়তো অভিমান

Read more

এদিন বাছত – অনুৰূপ মহন্ত

আজি অলপ দিন আগৰ কথা। জুলাই মাহৰ এটা সুন্দৰ ৰাতিপুৱা, ভন্টীৰ লগত ঘৰৰ পৰা ওলালোঁ গুৱাহাটীলৈ বুলি। অসম ৰাজ্যিক পৰিবহণ নিগমৰ শীততাপ নিয়ন্ত্ৰিত বাছত আগতিয়াকৈয়ে টিকট কৰি থৈছিলোঁ। সেই মতে সময়ত বাছ আস্থানত উপস্থিত হ’লো। মোৰ লগৰ এটাৰ ভাইটি এটাও বাছ আস্থানত উপস্থিত হ’লহি। সিও আমি যাব লগীয়া বাছ খনতে গুৱাহাটীলৈ যাব বুলি ক’লে। ভালেই পালো লগ এটা হ’ব বুলি। সময়তকৈ আধা ঘন্টা পলম কৈ বাছ খন আহি উপস্থিত হ’লহি। ছিট মতে বহি ললোঁ। বাছ ঠিকেই চলিলে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ

Read more
1 51 52 53 54 55 72