স্বৰূপ – কৌশিক দাস
টেলিভিছন ষ্টুডিঅ’টোৰ পৰা নাতিদূৰৈত থকা বাপধনৰ সৰু গুমটি দোকানখন সাধাৰণতে খুৱ কম ভদ্ৰলোকৰহে চকুত পৰে। বিজুলীৰ লুকাভাকু আনদিনাৰ দৰে আজিও চলি আছে। নিশা তেতিয়া ন বাজিছে, বাপধনেও দোকানখন সামৰাৰ প্ৰস্তুতি চলালে।
:ভাইটি, ইণ্ডিয়া কিং চিগাৰেট ৰাখা নেকি হে?
ক্ষীণ পোহৰৰ পৰা ওলাই অহা মাতষাৰ কাৰ প্ৰথমতে ধৰিব পৰা নাছিল বাপধনে,
: হয়, আছে।
:চাওঁ, মোক দুটা দিয়া।
: অম্লানদা, জ্বলাওক……
অম্লান খনিকৰৰ ওঁঠত জ্বলিবলৈ উদগ্ৰীৱ হৈ থকা চিগাৰেটটো জ্বলাই দিলে হাজৰিকাই। সম্পুৰ্ণ বেপৰোৱা ভংগীত। একেডাল কাঠিৰে তেৱোঁ আনটো জ্বলাই ল’লে।
হাজৰিকাই তেল দিব জানে। এইবোৰত তেওঁ বহু পুৰণি খেলুৱৈ।
:আজি, আপুনি বেয়াই পালে চাগে! আবেগক লৈ খেলা কৰা মানুহতো! খঙটো একেবাৰে জ্বলি পকি উজাই আহেহে!
ভুৱনমোহন হাজৰিকা স্থানীয় সংগঠন এটাৰ নেতা আৰু অম্লান খনিকৰ হ’ল শাসকীয় দলটোৰ মুখপাত্ৰ। ৰাজ্যখনৰ জ্বলন্ত বিষয়বোৰক লৈ ইলেকট্ৰনিক মিডিয়াত হোৱা আলোচনাবোৰত দুয়োজনে প্ৰায় একেলগে অংশগ্ৰহণ কৰে। অব্যৰ্থ যুক্তি তৰ্কৰ আক্ৰমন আৰু প্ৰতিআক্ৰমন দ্ৰুত গতিত আগবাঢ়ে।
এনে সময়ত সৌহাৰ্দ্যতাৰ কল্পনাও তেওঁলোকৰ মাজত ধুসৰ হৈ পৰে। ৰাইজ ভাগে ভাগে জ্বলি উঠে, দাউদাউকৈ …। একপ্ৰকাৰ টি.ভি. ষ্টুডিঅ’ৰ ভিতৰতে আৱদ্ধ হৈ পৰে আমাৰ মানুহবোৰ।
বাহিৰত এতিয়া উদাসীন আন্ধাৰ। বাপধনৰ দোকানৰ সন্মুখত দুই বৈৰীৰ অন্তৰংগ মুহুৰ্ত। দুটা চিগাৰেটৰ শ্ৰাদ্ধত পৰিবেশটো বেচ পাতল যেন লাগিছে। সিহঁতৰ মাজৰ পৰা নিৰ্গত হোৱা ধোঁৱাবোৰৰ সাক্ষী হ’বলৈ বাপধনৰ বাহিৰে এতিয়া ইয়াত কোনো নাই !
:সেইবোৰ নিজৰ জেগাত থাকিব দিয়া! মই মাইণ্ড নকৰোঁ। এইমাত্ৰ তুমিয়েই জ্বলাই নিদিলা জানো? কেতিয়াবা তুমি জ্বলাইছা নাইবা মই জ্বলাইছো …। মনত ৰাখিবা মূলত ধোঁৱাটো আমি দুজনেই উপভোগ কৰিছো!
খনিকৰে আশ্বস্ত কৰিব খোজে হাজৰিকাক। হাজৰিকায়ো খনিকৰৰ ওচৰত নিজৰ সুবিধাবাদী স্বৰূপ উদঙাই দিয়ে।
একো নুবুজাৰ ভাওঁ ধৰি পান দোকানী বাপধনে খনিকৰৰ ফালে চাই সুধিলে,
:আপুনি কি জ্বলাৰ কথা কৈছে, চাৰ?
:তোমাৰ দোকানৰ ইণ্ডিয়া কিং চিগাৰেট বোৰ অ’! আমি নজ্বলালে বিক্ৰী কেনেকৈ হ’ব?
এৰা, হয়তো ইণ্ডিয়া কিং চিগাৰেট! কি যে ৰাজকীয় সুখৰ বাবে ঐক্যবদ্ধ হৈ জ্বলি উঠে।
আজিৰ কথা-বাৰ্তাৰ প্ৰদৰ্শণীখনত হাজৰিকা-খনিকৰৰ যুদ্ধখন বাপধনেও চাইছিল। সি বুজি পালে হাজৰিকাৰ সামাজিক দায়বদ্ধতা আৰু খনিকৰৰ প্ৰতাৰণাৰ পথত অলপতে জ্বলি উঠা চিগাৰেট দুটা জুইকুৰাই যথেষ্ঠ !!
☆★☆★☆