এদিন বাছত – অনুৰূপ মহন্ত
আজি অলপ দিন আগৰ কথা। জুলাই মাহৰ এটা সুন্দৰ ৰাতিপুৱা, ভন্টীৰ লগত ঘৰৰ পৰা ওলালোঁ গুৱাহাটীলৈ বুলি। অসম ৰাজ্যিক পৰিবহণ নিগমৰ শীততাপ নিয়ন্ত্ৰিত বাছত আগতিয়াকৈয়ে টিকট কৰি থৈছিলোঁ। সেই মতে সময়ত বাছ আস্থানত উপস্থিত হ’লো। মোৰ লগৰ এটাৰ ভাইটি এটাও বাছ আস্থানত উপস্থিত হ’লহি। সিও আমি যাব লগীয়া বাছ খনতে গুৱাহাটীলৈ যাব বুলি ক’লে। ভালেই পালো লগ এটা হ’ব বুলি।
সময়তকৈ আধা ঘন্টা পলম কৈ বাছ খন আহি উপস্থিত হ’লহি। ছিট মতে বহি ললোঁ। বাছ ঠিকেই চলিলে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যি হে অৱস্থা, ঠেকেছা খাই খাই আগ বাঢ়িলো।
এনেকুৱাতে বাছৰ শেষৰ ছিটৰ ফালে হুলস্থুল শুনি ঘূৰি চালো। বাছখনৰ শেষৰ ছিটত এটা চাহ বাগানীয়া পৰিয়াল বহি আহিছে, বোকাখাটলৈ যাব। গিৰিয়েক ঘৈণীয়েকৰ লগত তিনিটা ল’ৰা ছোৱালী। তাঁহাতে বাছখনৰ শেষৰ ছিটৰ একমাত্ৰ খিৰিকী খন খুলি দিছে বাৰে বাৰে। সেইখন খোলা মানেই এ.চিৰ কামেই নাইকিয়া হোৱা। নুখুলিবলৈ ক’লেও নুশুনে, কৈছে,
:আমি সদাই বাছত খিৰিকী খুলিয়েই যাওঁ, ইয়াতো খিৰিকী খুলিহে যাম, নহলে আমাৰ বমি হ’ব।
তাকে লৈ বাছৰ কনডাক্টৰৰ লগত এখুন্দা লাগিল তাঁহাতৰ। শেষত কনডাক্টৰে তাঁৰ এডালেৰে খিৰিকী খন খুলিব নোৱাৰা কৈ বান্ধি দিলে।
পোন্ধৰ মিনিট মান চলিছে হে বাছ, পোৱালি কোনোবা এটাই দিলে বমি কৰি। আকৌ লাগিল হুলস্থুল। মানুহ টোৱে কয়, মই কৈছিলোঁ নহয় বমি হব বুলি, তই হে নুশুনিলি আৰু খিৰিকী বন্ধ কৰি দিলি। এইবাৰ কনডাক্টৰ জনে পলিথিন মোনা এটা আনি দিলে আৰু বমি হ’লে কৰিবলৈ। ইফালে বাছৰ ভিতৰত বমিৰ গোন্ধ বিয়পিছেই।
বাছ আগ বাঢ়িল। নুমলীগড় পাইছোঁ, এনেতে ডাঙৰ গাঁত এটাত পৰি বাছ খনৰ পাছৰ বাঁও চকাৰ স্প্ৰিং পাটিৰ ক্লেম নে কিবা এটা ভাগি থাকিল। বাছ খন অলপ বেঁকা হৈ গ’ল, তেনেকৈয়ে যেনে তেনে বাছ খন আহি বোকাখাট বাছ আস্থান পালেহি।
তাতেই বাছৰ মানুহে ক’লে বাছ আৰু আগলৈ নাযায়। যোৰহাটৰ পৰা স্পেয়াৰ পাৰ্টছ আহি পালেহে বাছখন বনাব পাৰিব। আমাৰ বাবে বেলেগ দুখন বাছ আহি আছে যোৰহাটৰ পৰা, তাতেই আমাৰ ছিট এডজাষ্ট কৰি দিব। আমিও বোন্দা পৰ দি বহি থাকিলোঁ তিনি ঘণ্টা। তাতেই হোটেলত ভাত খালোঁ। অৱশেষত বাছ কেইখন আহিল, প্ৰথম খন এ.চি বাছ আছিল যদিও আমালৈ ছিট নহ’লগৈ, দ্বিতীয় খনত এ.চি নাই, তাতেই ছিট পালোঁ। ভন্টী য়ে চিংগল ছিট এটা পালে। মই ডাবোল ছিট এটাত পালোঁ। আৰু ভাইটি টোৱে মোৰ পৰা দুটা ছিট পাছত খিৰিকীৰ কাষৰ ডাবোল ছিট এটা পালে।
গৰমত ৰৈ ৰৈ এনেয়ো খং উঠি আছিল, তাতে আক’ এ.চি ৰ ভাড়া দি ও এইখন ঘেগেলা বাছ হে পালোঁ!
মোৰ কাষত খিৰিকীৰ কাষৰ ছিটত বহি অহা জনলৈ মন কৰিলোঁ। দেখাতেই লাগে সীমান্তৰ কাটা তাঁৰ পাৰ হৈ অহা যেন বেছি দিন হোৱাই নাই। মোক কিবা সুধিছিল, মই একো বুজিয়েই নাপালোঁ তেওঁৰ ভাষা। মনে মনে কাণত হেড ফোন লগাই গান বজাই ল’লো।
বাছ আগ বাঢ়িল। অলপ পাছত মহাশয় টোপনি মৰাত লাগিল। বাৰে বাৰে মোৰ ফালে হালি অহা তেওঁৰ মূৰটোৱে মোক খুন্দা মাৰেহি। এনেই গৰম, তাতে এ চি ৰ পইছা দি নন্ এ.চি ত আহিব লগা হোৱাৰ খং। দুবাৰ মান ঠেলা মাৰি দিলোঁ, কিন্তু তাৰ পাছতো একেই। এবাৰ বেছিকৈ খং উঠিল, বাছৰ ঠেকেছা খোৱাৰ সুবিধাতে কিলাকুটিৰে দিলোঁ তেওঁৰ মূৰত মস্ত খুন্দা এটা। তত ভত খাই বপুৰা সাৰ পাই গ’ল। এইবাৰ নগাঁও পোৱা লৈকে নুশুলেই।
নগাঁও বাছ আস্থানত চাহ খাবলৈ ৰখালে, তেওঁ সেই বাৰ ভাত খাবলৈ বহিল। বাছ চলিবলৈ হ’ল, সকলো বহিল। তেওঁ আহি নাপাই হে নাপাই। কনডাক্টৰৰ গালি খাই যেনিবা যেনে তেনে আহি ওলালহি।
এইবাৰ ফ’ৰ লেনত আৰামত বাছ চলিল। তেওঁ খিৰিকীৰ ফালে ঘূৰি শুবলৈ লাগিল। মইও ভালেই পালো।
পিছে অলপ পাছতেই গোটেই বাছ খন জোতাৰ দুৰ্গন্ধত আমোল মোল হবলৈ ধৰিলে। মই মন কৰিলোঁ বপুৰাই ভাত পানী খাই আৰামত জোতা খুলি শুই আহিছে। সকলোৰে মুখে মুখে বিৰক্তি, সেইজন এফালে টোপনিত লাল কাল। বাছৰ জোকাৰত তেওঁৰ জোতা গৈ পাছৰ ছিটত বহা ভাইটিৰ ওচৰ পালেগৈ। তাৰো খং উঠি আছিল, একো চিন্তা নকৰাকৈ জোতাযোৰ উঠাই চলন্ত বাছৰ খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে। বপুৰাই একো গমেই নাপালে। বাছ আহি আহি খানাপাৰা পালেহি।
আমি লৰা লৰি কৈ বাছৰ পৰা নামি অটো’ এখনত ত উঠি পলালোঁ, সেই জনে ইফালে সাৰ পাই তেতিয়াও জোতা বিচাৰিয়ে আছিল।
☆★☆★☆
11:39 am
ভালেই কৰিলে জোতা দলিয়াই
12:14 pm
হাঃ হাঃ জীৱৰ বিলৈ
6:38 pm
বঢ়িয়া কৰিলা ৷ পঢ়ি ভাল লাগিল
6:47 am
বহুত সহিলা দেই???