ফটাঢোল

গ্ল’বেল ৱাৰ্ণিং! – জ্যোতিৰূপম দত্ত

কিম জং উনৰ পিয়ংইগাঙস্থিত প্ৰাসাদোপম অট্টালিকাৰ অভ্যন্তৰৰ এক গোপন প্ৰকোষ্ঠত মই যোৱা আধাঘণ্টা ধৰি অপেক্ষাৰত অৱস্থাত৷ এনেতে এটা সংকেতধ্বনি বাজি উঠিল৷ এগৰাকী নীলনয়না সুবেশী ৰমণী আহি সুদৃশ্য কোঠাটোত উপস্থিত হ’ল৷ ৰূপহীৰ দুচকু সাগৰৰ দৰে গভীৰ, কম্পমান অধৰ, ঢৌ খেলা চেলাউৰিজোৰলৈ যেন প্ৰশান্ত সাগৰৰ চুনামী নামিছে৷ বৰ্ষাৰ আনন্দত মতলীয়া হোৱা ময়ুৰৰ দৰে ভ্ৰূযুগলৰ অপূৰ্ব নৃত্যভংগীমাৰ দৰ্শনত মই ক্ষন্তেক মোহাছন্ন হৈ ৰ’লো৷ এই ললনা আচলতে কিম জং উনৰ দেহৰক্ষীসকলৰ এগৰাকীহে৷ কথাষাৰ গম পোৱা মাত্ৰকে মই সম্বিত ঘূৰাই পালো৷ এতিয়া এইবোৰৰ সময় নহয়৷

Read more

চেনাইৰ ভিন্ন ৰূপ – লখিমী কোঁৱৰ হাজৰিকা

সিদিনা সমন্ধীয় পেহী এগৰাকীৰ ঘৰলৈ গৈছিলো৷ তাতে মাইনুক লগ পাই সুধিলো, বোলো বিয়াখন পাতি পেলা সেই ল’ৰাটোৰ লগত, যিটোৰ লগত তই ইমান দিনে হলি-গলি কৰি ফুৰিছ৷ তাই ক’লে সেই ডালৰ লগত মোৰ কেতিয়াবাই ব্ৰেকআপ হ’ল নহয়৷ মই আচৰিত হৈ সুধিলো, বোলো কিয়? তাই ক’লে সেইটো মহা বদমাচ ল’ৰা জানে, সংসাৰৰ ছোৱালীৰ লগত চাট কৰি থাকে৷ তাইৰ কথাবোৰ শুনি মই হতভম্ব হ’লো৷ যদিও লগতে শোক এটায়ো মোক হেঁচা মাৰি ধৰিলে৷ আমাৰ দিনৰ ছোৱালী বোৰলৈ বৰ দুখ লাগিল৷ কাৰণ এবাৰ বিয়া হৈ

Read more

অফিচে ঘৰে বাহিৰে – ভাস্কৰ জ্যোতি দাস

(খণ্ড-১) ডাবুলি ২০০৯ চনৰ লোকসভাৰ নিৰ্বাচন৷ Manpower Management Cell ৰ দায়িত্ব কিছু অমুকাৰ হাতত৷ ইলেকশ্যনৰ ডিউটি কৰিবলৈ মানুহৰ যোগাৰ কৰিব লাগে৷ প্ৰথম পৰ্যায়ৰ ট্ৰেইনিঙৰ বাবে মানুহলৈ চিঠিবোৰ গ’ল৷ তাৰ পাছত অমুকৰ অসুখ, কিডনীৰ সমস্যা, মানুহজনীৰ অপাৰেশ্যন, চকুৰে মণিবলৈ দিগদাৰ-অপাৰেশ্যন যোৱা মাহত হৈ গৈছে… ইত্যাদিবোৰ শুনি থকাৰ ফেজ এটা আহে৷ তাৰ মাজতে ঘটা ঘটনা এইটো৷ সময় চাৰিমান বাজিছে৷ মানুহ এজন আহিছে সোমাই৷ বাওঁহাতত এটা কাপোৰৰ টোপোলা৷ দেখাতেই গঞা ৰাইজৰ অনুষ্ঠান৷ সোঁহাতত থকা কাগজখন দেখি বুজিলো যে এইজনায়ো সমস্যা এভাগ লৈ আহিছে৷

Read more

গুৰুবাণী – হেমন্ত কাকতি

মোৰ মৰমৰ শিষ্যগণ, ভক্তবৃন্দ আৰু অতিকৈ মৰমৰ সুন্দৰীসকল- প্ৰথমতে, মোৰ আশ্ৰমলৈ সকলোকে হিয়াভৰা আদৰণি জনালোঁ৷ মনত অতিকৈ শুভ চিন্তাৰ উদয় হোৱা হেতুকে তোমালোকে এনে এখন কৰ্মশালাত ভাগ লোৱাৰ সুবিধা পাইছা৷ ভক্তগণ শুনা, হয়তো পূৰ্বজন্মৰ কোনো পুণ্যৰ বাবেই এইহেন ভাৰত বৰিষত জন্ম লোৱাৰ সুবিধা পাইছা আৰু কিবা extraordinary কামৰ ফলস্বৰূপে এই আসাম মূলুকত৷ কিন্তু জানাই নহয়, সময় বৰ কঠিন। শক্তিপীঠৰ এই মূলুকত অজস্ৰ শক্তি চাৰিওফালে বিয়পি থকাৰ পিচতো আমাৰ spirits আজি all-time low কিন্তু outrage আজি all-time high. কিয় জানানে? আছলতে

Read more

বেবেৰিবাং – অমিতাভ মহন্ত

বিয়াগোম ফেচবুক চেলিব্ৰেটি বিশিষ্ট বৰ্মনে ঘড়ী ঘণ্টা, পঞ্জীকা আদি চাই ঠিক দহ বাজি পয়ত্ৰিশ মিনিট আৰু বাৰ চেকেণ্ডত দেশ, জাতি আৰু সমাজ উদ্ধাৰকাৰী ষ্টেটাচ এটা প্ৰসৱ কৰিলে৷ শনিবাৰৰ ৰাতিপুৱা৷ বৰ্মনৰ অফিচ সেইদিনা বন্ধ৷ গতিকেই ঠেং ঠুং মেলি হালধীয়া বক্সাৰটো পিন্ধি আৰামত বাহিৰৰ চোফাখনত বাগৰি ল’লে৷ বেমাৰী মুৰ্গীৰ দৰে চকু মুদ খাই আহিলেও কাণদুখন সম্পুৰ্ণ জাগ্ৰত কৰি ৰাখিছে৷ অপেক্ষা সেই বিশেষ শব্দৰ… ন’টিফিকেচনৰ৷ যোৱা চাৰিমাহৰ হিচাপ উলিয়াই থৈছে বিশিষ্ট বৰ্মনে৷ আজিকালি তেওঁৰ একোটা ষ্টেটাছত গড়ে ৫৪৭টা লাইক পৰে৷ জাতীয়তাবাদ, আলফা আৰু

Read more

মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

(১) এনেয়ে মই টিভি নাচাওঁ৷ অৱশ্যে চাবলৈ মন থাকিলেও উপায় নাই৷ ৰিম’ৰ্টটোৰ ওপৰত শ্ৰীমতীৰ অপ্ৰতিদ্বন্দী ৰাজত্ব চলে৷ এওঁৰ মতে, ”বেচি কথা নক’বা দেই৷ মই মাত্ৰ দিনত আৰু ৰাতিহে টিভি চাওঁ৷ বাকী সময়ত তুমি যি চোৱা চাই থাকিবা৷ মোৰ একো প্ৰব্লেম নাই৷ ” গতিকে মই হেন শান্তিপ্ৰিয় নিমাখিত জীৱ এটাই ”অ’কে ডাৰ্লিং” বুলি নকৈ আৰুনো কি ক’ম? অগত্যা লেপটপটোকে খুলি লৈ দেশৰ খবৰবোৰ লওঁ মাজে মাজে৷ মোৰ লেপটপ বুলি কৈছোহে৷ এইটোৰ ওপৰতো এওঁৰ শেনচকু৷ ইণ্টাৰনেট অন কৰাৰ লগেলগেই এওঁ আহি হাজিৰ৷

Read more

আকস্মিক বক্তৃতা চামুচ – বিকাশ শইকীয়া

আজি সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু শিক্ষা গুৰু সকল৷ জয়জয়তে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা ও সেৱা জ্ঞাপন কৰি আজিৰ আকস্মিক বক্তৃতাৰ মোৰ বিষয়টোৰ ওপৰত একাষাৰ ক’বলৈ ওলাইছোঁ৷ ভুল-ভ্ৰান্তি হ’লে গালি নিদিয়ে যেন৷ কিন্তু জোতা-চেন্দেল দিব পাৰে৷ দোকান দিব নোৱাৰিলেও নিজে পিন্ধিব পাৰিম৷ নাইবা দান দিম৷ মোৰ বিষয়টো হ’ল চামুচ৷ চামুচ এবিধ ঘৰচীয়া সামগ্ৰী৷ হেতাৰ পোনা অৰ্থাৎ বাচ্চাবোৰকে চামুচ বুলি কোৱা হয়৷ ইয়াৰ কেইবাটাও প্ৰজাতি দেখিবলৈ পোৱা যায়৷ যেনে – কাঠৰ চামুচ, বাঁহৰ চামুচ, ষ্টীলৰ চামুচ, প্লাষ্টিকৰ চামুচ, কাটা চামুচ আৰু

Read more

আজি ১২ তাৰিখ -প্ৰতিভূ দত্ত

পুৱা তেতিয়া ১০ বাজিছে ৷ অফিছত বহি আছো ৷ মোবাইলটো বাজি উঠিল ৷ চাই দেখিলো শ্ৰীমতীৰ ফোন ৷ সাধাৰণতে এই সময়ত তেওঁ ফোন নকৰে ৷ গাটো বাজিল ৷ কিবা অঘটন ঘটিল নেকি আকৌ ! ভয়ে ভয়ে মাত দিলো, ‘‘অঁ কোৱা৷’’ ‘‘আজি কি তাৰিখ ?’’, শ্ৰীমতীৰ তেনেই চুটি তথা পোনপটীয়া প্ৰশ্ন ৷ আজি ১২ তাৰিখ বুলি জানো যদিও সন্মুখৰ কেলেণ্ডাৰখনলৈ এবাৰ চাই ক’লো, ‘‘আজি ১২ চেপ্টেম্বৰ !’’ তাৰ পাছত মই একো ক’বই নাপালো ৷ শ্ৰীমতীয়ে ফোনটো কাটি দিলে ৷ সাংঘাতিক চিন্তাত

Read more

বিশ্বকৰ্মায়ো মোক সুদাই এৰা নাই – দেৱাংগ পল্লৱ শইকীয়া

২০০০ চনত আমাৰ এখন স্কুটাৰ আছিল। এন ভি। আমাৰ বাবে ঢেৰ। হোষ্টেলৰ পৰা ঘৰলৈ গ’লে সেইখনত উঠি পাক দিওঁ। ৰং-বৰণ, কণ্ঠ চব ঠিকেই আছিল, মাত্ৰ কেতিয়াবা মন গ’লে ষ্টাৰ্ট বন্ধ হয়। তাৰপিছত সাধ্য নাই। মন গ’লে এবাৰতে হ’ল, মন নগ’লে নাই। গৰমৰ বন্ধত ঘৰলৈ যাওঁতে এদিন সেইখন লৈ টাউনৰ ফালে টহল দি আছিলো। কোনো সমস্যা নিদিয়াকে চলি আছিল। হঠাতে বাটতে বন্ধুক ৰৈ থকা দেখা পাই স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ কৰি বন্ধুৰ লগত কথা পাতিবলৈ ধৰিলো। আনটো দিশৰ পৰা কটনত একেলগে পঢ়া

Read more

এখন ফুটবল মেচ -দেৱ প্ৰতিম

চাওঁতে চাওঁতে সেই দিনটো আহিল। আমি অধীৰ আগ্ৰহেৰে এই দিনটোলৈ বাট চাই আছিলোঁ। সিহঁতে আমাক আজি ছমাহ আগতে অপহৰণ কৰি লৈ গৈছিল। এমাহ আমি একো ধৰিব পৰা নাছিলোঁ ক’ত আছো, ঠাইডোখৰ অদ্ভুৎ আছিল। এমাহ পাছত সিহঁতৰ মূল ব্যক্তিজন আহিছিল আৰু আমাক অপহৰণ কৰাৰ উদ্দেশ্য কৈ গৈছিল লগতে কৈছিল সেই ঠাইডোখৰৰ কথা। আমাক সিহঁতে এটা বেলেগ গ্ৰহলৈ অপহৰণ কৰি লৈ গৈছিল। গ্ৰহটোৰ নাম আছিল ছকাৰীয়। গ্ৰহটোৰ গোটেই ঘৰবিলাক ফুটবলৰ দৰে আছিল। মানুহবিলাকে হাতত অনবৰতে এটা গোলাকৃতিৰ বস্তু লৈ ফুৰিছিল। সিহঁতৰ মাৰণাস্ত্ৰবিলাকো

Read more
1 66 67 68 69 70 72