সংখ্যাটোৰ আঁৰৰ কাহিনী
‘ফটাঢোল ই-আলোচনী’ৰ চতুৰ্থ বৰ্ষৰ নৱম সংখ্যাটিৰ সম্পাদক হিচাপে ‘সংখ্যাটোৰ আঁৰৰ কাহিনী’ মই লিখিবলৈ হ’লে কিছুদিন পিছলৈ ঘূৰি যাব লাগিব৷ জানুৱাৰী মাহৰ ৮তাৰিখ, ২০২১ চন৷ মই কৰ্মস্থলীৰপৰা উভতি আহি অলপ বিশ্ৰাম কৰিছিলোঁ৷ হঠাতে মোৰ ম’বাইলৰ হুৱাটছএপ নম্বৰত এটা মেছেজ আহিল৷ নামটো চালোঁ৷ ৰিণ্টুমণি দত্ত দা৷ লিখা আছিল-“তুমি আলোচনীৰ সম্পাদকৰ দায়িত্ব ল’ব লাগিব নহয়৷ এইয়া মোৰ অনুৰোধ নহয় আদেশ৷” কিছু সময় মেছেজটোৰ ফালে চাই থাকিলোঁ৷ তাৰ অলপ পিছতেই তেওঁৰ ফোন আহিল৷ মই তেওঁক ক’লোঁ যে ইমান গধুৰ দায়িত্ব ল’বলৈ মই এতিয়াই প্ৰস্তুত
Read more