ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

নৱেম্বৰ মাহৰ শেষৰফালে এদিন হঠাতে ফোন এটা আহিল, সিফালৰপৰা ক’লে,

: আমি যোৰহাট পাইছোঁ আৰু এঘণ্টামানৰ ভিতৰত নুমলীগড় পাই যাম, আপুনি ওলাই আহিব পাৰিবনে? এবাৰ লগ পালে ভাল লাগিলহেঁতেন!

সেয়া আছিল হিমাংশু ৰাজখোৱা, মাজুলীলৈ বন্ধু মাধবৰ বিয়া খাবলৈ আহিছিল, এতিয়া ওভতনি যাত্ৰা।লগত দুলাল আৰু প্ৰণৱ। হিমাংশুৰ লগত চিনাকি হোৱা বেছিদিন হোৱা নাই যদিও বৰ্তমান নিজৰ ভাই বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। সিহঁতক নুমলীগড়তে লগ পাম বুলি কৈ অফিচৰ কামখিনি লৰালৰিকৈ সামৰিলোঁ। দুপৰীয়াৰ সময়, পেটত ভোকো লাগিছিল, ভাবিলোঁ দুপৰীয়াৰ সাঁজটো লগেভাগে নুমলীগড় ধাবাতে বহি খোৱা যাওক। ভবামতে কাম, দুপৰীয়া ডেৰমান বজাত আটায়ে নুমলীগড় ধাবাত লগ হ’লোঁ, সিহঁতক লগ পাই যিমান ভাল লাগিল, তাতকৈ বেছি ভাল লাগিল যেতিয়া সন্মুখত ধোঁৱা ওলোৱা গৰম ভাত সাঁজটোৰ লগত প্ৰকাণ্ড বৰালি মাছৰ টুকুৰা দেখা পালোঁ। বৰালি মাছৰ টেঙা আঞ্জাৰ জুতি লৈ থাকোঁতে মাজতে হিমাংশুৱে ক’লে, “এইবাৰ সম্পাদক যে আপুনি মনত আছে নে?”

তাৰ কথাত ভীষণ চৰ্চৰণি খালোঁ, বৰালি মাছৰ কাঁইট ডিঙিত শালি ধৰা যেন লাগিল। লাহেকৈ ক’লোঁ,

: কি কোৱা হে, সম্পাদক, আৰু মই?

: কেলেই, কথা দিছিল আপুনি, ৰিণ্টুদাকো কথা দি দিছে আপুনি।

: হেঃ হেঃ, প্ৰমিজেছ আৰ মেড টু বি ব্ৰ’কেন, নহয় জানো?

: একেষাৰ কথা আপুনি বন্দুক টোঁৱাই থকা ৰিণ্টুদাৰ আগত ক’বনে?

এইবাৰ বাৰুকৈয়ে জব্দ হ’লোঁ। আচলতে হিমাংশুৱেই হওক, দেৱজিতেই হওক, ৰিণ্টুদাই হওক, কাকো না কৰিব নোৱাৰোঁ। ক’ব নোৱৰাকৈ মানুহবোৰ আমি একেটা পৰিয়ালৰ হৈ পৰিছোঁ।

: আপুনি একো চিন্তাই কৰিব নালাগে, আপোনাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিবলৈ ভাগে ভাগে মানুহ আছে, কিবা সমস্যাৰ বাবে সম্পাদনা সমিতি এখন আছে, আৰু সেয়া ২৪×৭ উপলব্ধ।

আৰু তেনেদৰে এজন সম্পাদকৰ জন্ম হ’ল, এমাহৰ বাবে। সম্পাদক হিচাপে মোৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত ফটাঢোল ই-আলোচনীখনে জন্মলগ্নৰেপৰা অভূতপূৰ্ব অৰিহণা আগবঢ়াই আহিছে, ভাষাৰ সেৱাত ব্ৰতী হৈ ন ন লেখক সৃষ্টি কৰি আহিছ। তেনে এখন আলোচনীৰ সম্পাদকৰ পদটি নিসন্দেহে অতি সন্মানীয়, এয়া মোৰ বাবে গৌৰৱৰ বিষয়। পিচে সেই গৌৰব অনুভব কৰিবলৈ লওঁতেই মনত শংকাই দেখা দিলে, জীৱনত কেতিয়াও একো সম্পাদনা কৰি পোৱা নাই, তেনেস্থলত ইমান ডাঙৰ দ্বায়িত্ব এটা কিদৰে পালন কৰিম! তাতে অফিচৰ কামৰ ইমান বোজা! কিদৰে আগবাঢ়িব লাগিব একোকে ধৰিব পৰা নাই। ঠিক তেনে সময়তে ভাতৃপ্ৰতীম দেবজিত শৰ্মাৰ ফোন আহিল, সি ক’লে, “দাদা, আপোনাৰ সকলো টেনশ্যন মোৰ।” কাৰিকৰী দিশবোৰ সহজে বুজি পোৱাকৈ কোৱাৰ পিছত মোৰ চিন্তা বহুখিনি লাঘব হ’ল। ক্ষন্তেক পিছত ৱাটছএপৰ গ্ৰুপ এটাত মোৰ অন্তৰ্ভুক্তি হ’ল, নতুন পৰিয়ালটোত সকলোৱে মোক আঁকোৱালি ল’লে, পৰিয়ালটোৰ অভিজ্ঞ ব্যক্তি হেমন্ত কাকতি দাদা আৰু অভিজিত কলিতা দাদাৰ পৰামৰ্শৰপৰা আৰম্ভ কৰি ৰিণ্টুদা, ৰাজশ্ৰী, যোগেশ, ডিম্পলৰ খুহুতীয়া কথাবোৰৰ মাজেৰে মোৰ যাত্ৰা আৰম্ভ হ’ল। সম্পৰ্ক গঢ়ি উঠিল বৰ্ণাশুদ্ধি টিমৰ চবিনা, প্ৰণীতা বা, পৰীস্মিতা আৰু ঋতুপৰ্ণাৰ সৈতে। ৰিণ্টুদা, দেবজিত, হিমাংশু, যোগেশ আৰু চবিনাৰ অভয়বাণী প্ৰতিমুহূৰ্তত, প্ৰথম দুদিনমান সময়বোৰ হাঁহি ধেমালিৰে পাৰ হ’বলৈ ধৰিলে।

ফেচবুকৰ মজিয়াত, ফটাঢোলৰ পেজত সম্পাদক হিচাপে মোৰ প্ৰথম পোষ্ট ওলাল, উদ্দেশ্য আছিল আলোচনীৰ বাবে লেখা আহ্বান। প্ৰথম দুটা সপ্তাহত ভালদৰে সঁহাৰি নোপোৱাত ভয়েই খালোঁ, লগে লগে সম্পাদনা সমিতিৰ অভয় প্ৰদান, তৃতীয় সপ্তাহৰপৰা লাহে সঁহাৰি পাবলৈ ধৰিলোঁ, মনটো ভাল লাগি আহিল।

তাৰ মাজতে এদিন হেমন্ত দাই ভয়ানক খবৰ এটা দিলে, আলোচনীখনৰ বেনাৰখনৰ আঁৰৰ মূল ব্যক্তি আৰাধনা বৰুৱাই এৰাব নোৱৰা কামৰ এইবাৰ সময় দিব নোৱাৰে, কথাষাৰ মোৰ বাবে এটা ‘এটম বম’ৰ দৰে আছিল। কিবা এটা কৰিব লাগিব বুলি ভাবোঁতে ভাতৃপ্ৰতীম প্ৰাঞ্জলৰ কথা মনলৈ আহিল, প্ৰাঞ্জলৰ লগত কথা পাতিলোঁ, মোৰ সকলো চিন্তা দূৰ কৰি প্ৰাঞ্জল হাতে-কামে লাগি গ’ল আৰু মই বিচৰা মতেই এখন উৎকৃষ্ট বেনাৰ উপহাৰ দিয়ে। সেই বেনাৰৰ কামত সহযোগ কৰে বন্ধু দিগন্ত আৰু ভাতৃ চন্দনে। অকল বেনাৰখনেই নহয়, প্ৰাঞ্জলৰ হাতৰ পৰশত আৰু হিমাংশু আৰু দেবজিতৰ পৰিকল্পনাত এইবাৰ কাৰ্টুন শিতানটোৱেও এক নতুন ৰূপ পালে।

আলোচনীখনৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়িছে, আৰু ইয়াৰ কৃতিত্ব লেখকসকলক দিয়াৰ সমানে মই দিব বিচাৰিম প্ৰচাৰ বিভাগটোৰ লগত জড়িত হিমাংশু আৰু চন্দনৰ একাণপতীয়া প্ৰচেষ্টাক। এই যুগলবন্দীয়ে আলোচনীখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। কম সময়তে কেইবাটও প্ৰম’ সৃষ্টিৰে দুয়ো মোক আচৰিত কৰি তুলিছে, মই নিঃসন্দেহে ক’ব পাৰোঁ যে বহু ছপা আলোচনীৰ বেটুপাতৰ মানদণ্ডতকৈ এই প্ৰম’বোৰৰ গুণগত মান বহু বেছি৷

আলোচনী খনৰ বাবে ল’বলগীয়া সাক্ষাৎকাৰটোৰ বিষয়ে চিন্তা কৰি মোৰ গাত তৰণি অহা নাাছিল, পিচে এইবাৰ সকলোখিনি সাজু কৰি দি হিমাংশু, চন্দন আৰু প্ৰণৱে মোৰ বাবে কৰিবলগীয়া বিশেষ একোৱেই নাৰাাখিলে। ঠিক তেনেদৰে শিল্পী পৰিচিতি শিতানটোৰ বাবে দেৱজিত শইকীয়াই মোক কৰা সহায়ৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ’ম।

আলোচনীখনৰ বাবে অন্যতম জনপ্ৰিয় শিতান চিনেমাখনৰ বাবে মোৰ দৰে বহুতে অপেক্ষা কৰি থাকে। অত্যন্ত ব্যস্ততাৰ মাজতো চিনেমাখন উপহাৰ দিয়াৰ বাবে ডলী তালুকদাৰক অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ, লগতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বন্ধুবৰ ভাস্কৰ জ্যোতি দাস মোৰ শলাগৰ পাত্ৰ৷ ফটাপ্ৰশ্নেৰে এইবাৰৰ শিতানটো সজোৱাত সহায় কৰাৰ বাবে ৰাজশ্ৰী আৰু অভিজিত দাৰ শলাগ নল’লে সেয়া দৰাচলতে অন্যায় কৰা হ’ব, কাৰণ এই শিতানটোৰ বাবে মই অলপো চিন্তা কৰিবলগীয়া হোৱা নাছিল, গোটেইখিনি সাজু কৰি মোৰ হাতত তুলি দিয়া হৈছিল।

খোৱা আৰু শোৱাত মোৰ চখ আছে, কিন্তু তাতে ডিচেম্বৰ মাহ, জাৰৰ দিনত লেপৰ উম মোৰ বাবে একপ্ৰকাৰ প্ৰিয়াৰ আলিংগনৰ স্বৰূপ। মাহৰ প্ৰথম তিনটা সপ্তাহত লেখাবোৰ সিমান অহা নাছিল, পিচে শেষৰ সপ্তাহটোত বাৰিষাৰ ঢল নমাদি নামিবলৈ ধৰিলে। সেইবোৰ সম্পাদনা কৰিবলৈ উজাগৰী নিশা কটাবলৈ ধৰিলোঁ, মনলৈ ভাৱ আহিছিল, একে ধৰণে কলেজীয়া জীৱনত পঢ়া হ’লে হয়তো পৰীক্ষাৰ ফলাফল সাংঘাতিক কিবা এটা হ’লহেঁতেন। একে সময়তে উজাগৰী নিশা কটাইছিল বৰ্ণাশুদ্ধিৰ দ্বায়িত্বত থকা চবিনা, প্ৰণীতা বা, পৰীস্মিতা আৰু ঋতুপৰ্ণাই৷

একেবাৰে শেষত আহিল লেখাবোৰ আপলোডিং কৰাৰ কামটো, যিটো ৰিণ্টুদা, দেবজিত, কাকতিদা আৰু ৰিমঝিমে দ্বায়িত্ব লৈ নিয়াৰিকৈ কৰি দিলে, মই একোতে মূৰ ঘমাবলগীয়া নহ’ল। লেখকৰ লেখাৰ অবিহনে আলোচনী অসম্ভৱ, বিভিন্নধৰ্মী লেখাৰে শিতানবোৰ বাছকবনীয়া কৰি তোলাত লেখকসকলে যি অৰিহণা আগবঢ়াইছ, তেখেতসকললৈ মই চিৰকৃতজ্ঞ হৈ ৰ’ম। লগতে যিসকলৰ লেখা এইবাৰ আলোচনীখনত সন্নিৱিষ্ট কৰিব পৰা নগ’ল, তেওঁলোকলৈ কৰযোৰে ক্ষমা বিচাৰিছোঁ।

কিছু উপলব্ধি : মাহটোৰ বাবে সম্পাদক এজন আহে, কেইটামান দিন দেহেকেহে লাগি দিয়ে আলোচনীখনৰ বাবে। কিন্তু, এই যে এটা সংঘবদ্ধ সম্পাদনা টীম, যাৰ প্ৰতিজন সদস্যই প্ৰতিমাহে নীৰৱচ্ছিন্নভাৱে কষ্ট কৰি আহিছে, নিজৰ পেছাগত (professional) দ্বায়িত্বৰ বোজাটো কঢ়িয়াই নি থকা স্বত্বেও একাগ্ৰতাৰে এই সেৱা আগবঢ়াই গৈ আছে, এয়া কাৰ বাবে? এয়া জানো আমাৰ মাতৃভাষাটোৰ বাবে নহয়! কথাটো ভাবিলেই প্ৰতিজন সদস্যৰ প্ৰতি শ্ৰদ্ধাত মূৰটো নিজে নিজে দোঁ খাই যায়। এইদৰে প্ৰতিটো মাহতে একোখন সৰ্বাংগসুন্দৰ আলোচনী সজাই পৰাই পাঠকৰ হাতত তুলি দিয়াটো কোনোপধ্যেই সহজ কথা নহয়, মোৰ বাবে এয়া এক “হাৰ্কুলিয়ান টাস্ক”।

আলোচনী এখনৰ সম্পাদনাৰ দ্বায়িত্ব মোৰ এয়াই প্ৰথম। কিন্তু যিখিনি অভিজ্ঞতা সঞ্চয় কৰিলোঁ, সেয়া গোটেই জীৱনৰ বাবে সোণসেৰীয়া অভিজ্ঞতা। লগতে এই দলটোৰ প্ৰতিগৰাকী সদস্যৰে লগত যি এক আৱেগিক সম্পৰ্কৰ ডোলেৰে বান্ধ খাই পৰিলোঁ, এতিয়া এষাৰ কথাই ক’ব খুজিম, এতিয়াৰেপৰা মোৰ সৰু পৰিয়ালটো ভালেখিনি ডাঙৰ হৈ পৰিল।

সঁচাকৈ, ফটাঢোল এক আৱেগৰ নাম!

জয়তু ফটাঢোল!

মৃদুল নাথ

☆ ★ ☆ ★ ☆

34 Comments

  • Pranita Goswami

    আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনালোঁ মৃদুল। এখন অতি সুন্দৰ আলোচনী সম্পাদনা কৰি আমাক উপহাৰ দিলা। কৃতজ্ঞ আমি।

    Reply
    • মৃদুল নাথ

      বহুত ধন্যবাদ, বহুত শিকিবলৈ পালো আপোনালোকৰ পৰা

      Reply
  • দিম্পল

    বৰ ধুনীয়াকৈ লিখিলে দাদা । সময়বোৰ ধুনীয়াকৈ পাৰ হল

    Reply
  • কাবেৰী মহন্ত

    কি ধুনীয়াকৈ লিখিলে!

    Reply
    • মৃদুল নাথ

      এয়া মনৰ পৰা ওলোৱা কথা মেডামজী, বহুত সহায় কৰিছে প্ৰত্যেক জনে

      Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰকৈ লিখিলে৷ বৰ ভাল লাগিল৷ এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে আপোনাৰ লগতেে গোটেই টিমটোকেই আন্তৰিক অভিনন্দন জনালো৷

    Reply
    • মৃদুল নাথ

      আপোনাৰ মন্তব্য পাই বহুত উৎসাহ পালোঁ, ধন্যবাদ

      Reply
  • Sankar Jyoti Bora

    এইবোৰ কাৰণেই ফটাঢোল পৰিয়ালটো বৰ আপোন৷ধুনীয়া সংখ্যাটোৰ বাবে পুনৰ ধন্যবাদ৷

    লেখা দিব নোৱাৰা বাবে ক্ষমাপ্ৰাৰ্থী৷

    Reply
    • মৃদুল নাথ

      ঠিকেই কৈছে, কি যে এক আবেগিক সম্পৰ্ক গঢ়ি উঠিল, আচৰিত

      Reply
  • প্ৰণৱ কুমাৰ বৰা

    লেখাটোত মোৰ নামটোও অন্তৰ্ভুক্ত হোৱা বাবে ধন্য হ’লো মৃদুল দা । বাকী আপোনাৰ প্ৰতিভা সম্পৰ্কে একো নকঁও ।

    Reply
  • চন্দন

    অভিনন্দন

    Reply
  • ৰাজু কুমাৰ নাথ

    নিজৰ ভাষাটোক ভালপোৱা,কিবা এটা কৰিব খোজা,ভাল মানুহখিনি এটা পৰিয়ালহৈ আছে বাবেই ফটাঢোলে গৌৰৱৰে মুৰ ডাঙি আছে।
    আপোনাৰ কষ্টখিনিও কিন্তু শলাগিবলগীয়া।

    Reply
    • মৃদুল নাথ

      মনৰ কথা কলে আপুনি

      Reply
  • বাগ্মিতা

    ইমান ধুনীয়াকৈ লিখিছে আঁতিগুৰি মাৰি। বৰ ভাল লাগিল জানি আঁৰৰ কথাখিনি।

    Reply
    • মৃদুল নাথ

      মনৰ কথাখিনি নিজে নিজে ওলাই আহিছে

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • জিতু

    অভিনন্দন

    Reply
  • পঙ্কজ বৰুৱা

    আন্তৰিক অভিনন্দন, বৰ ধুনীয়াকৈ লিখিলে কথাখিনি ভাল লাগিল ৷ ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিলোঁ ৷

    Reply
    • মৃদুল নাথ

      আপোনালৈও ধন্যবাদ তথা নৱবৰ্ষৰ শুভেচ্ছা জনালো

      Reply
  • Anonymous

    ভাল লাগিল জানি

    Reply
  • মানসী

    ইমান ধুনীয়াকৈ গোটেই কথাখিনি সজালে..বৰ ভাল লাগিল। আলোচনীখন ভাল হৈছে।লাহে লাগে পঢ়ি আছোঁ।

    Reply
    • মৃদুল নাথ

      মনৰ কথাবোৰে নিজে নিজে বাট লৈছে

      Reply
  • নীলাঞ্জনা

    বঢ়িয়া লাগিল৷অভিনন্দন

    Reply
  • হেমন্ত কাকতি

    বহুত ধুনীয়াকৈ কৰিলা মৃদুল৷ ভাল লাগিল তোমাৰ লগত কাম কৰি৷

    Reply
    • মৃদুল নাথ

      বহুত শিকিলোঁ আপোনালোকৰ পৰা, বহু শিকিব লগীয়া এতিয়াও বাকী, ধন্যবাদ দাদা ?

      Reply
  • হিমাংশু

    তামাম।
    জুই আপুনি

    Reply
    • মৃদুল নাথ

      মই নিমিত্ত মাত্ৰ, তোমালোক মেইন?

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *