ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – দেৱজিত শইকীয়া

ফেচবুকৰ অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটা-ঢোল’ৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটিৰ সম্পাদনাৰ দায়িত্ব মোক অৰ্পণ কৰাৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিলো লগতে “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যক এই সুযোগতে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলো৷ আলোচনীখনৰ বিভিন্ন দিশ সমূহৰ লগত বিশেষ ভাবে জড়িত মৃদুল কুমাৰ শৰ্ম্মা, জ্যোতিৰূপম দত্ত, ৰিণ্টুমনি দত্ত, মেঘালী দিহিঙীয়া তথা প্ৰণীতা গোস্বামী বৰঠাকুৰৰ সহায়ৰ অবিহনে হয়তো আলোচনীখন প্ৰকাশ কৰি উলিওৱাটো মোৰ বাবে সম্ভবপৰ নহ’লহেঁতেন৷ তেওঁলোক আটাইৰে ওচৰত মই চিৰকৃতজ্ঞ৷ কাৰিকৰী দিশৰ বিভিন্ন কথাবোৰ পুংখানুপুংখৰূপে বুজাই

Read more

সংখ্যাটোৰ আঁৰৰ কথা – চবিনা ইয়াচমিন

ব্যংগ লেখা সকলোৰে বাবে সম্ভৱ নহয়৷ দেখাত সহজ যেন বোধ হ’লেও ই আচলতে অতি জটিল বিষয়৷ হয়তো ব্যংগ লিখিবলৈ সেয়েহে মই অপাৰগ৷ আজিৰ পৰা চাৰিমাহ পূৰ্বে দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু কেতিয়াবা বিৰক্তিকৰ হৈ পৰা সময়বোৰৰ মাজত হাঁহিৰ খোৰাক বিচাৰিয়েই ফেচবুকৰ হাস্য-ব্যংগ গোট “ফটাঢোল”ৰ সদস্য হৈছিলো৷ এই গোটৰে মাহেকীয়া আলোচনীখনৰ তৃতীয় সংখ্যাটি সম্পাদনা কৰাৰ গুৰু দায়িত্ব অৰ্পণ কৰা হ’ল মোৰ ওপৰত৷ ইয়াৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞ৷ ভয় আৰু শংকাৰ মাজেৰে আলোচনীখন সম্পাদনাৰ দায়িত্ব পালন কৰাৰ পথত এয়া মোৰ অপৈণত

Read more

দ্বিতীয় সংখ্যাৰ আঁ‌ৰৰ কথা

ফেচবুকৰ অন্যতম হাস্যব্যংগ গোট ‘ফটা-ঢোল’ৰ ব্যংগ সাহিত্যক জনপ্ৰিয় কৰাৰ প্ৰয়াস ‘ফটাঢোল’ ই-আলোচনীখনৰ দ্বিতীয় সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব দিয়াত শংকিত হৈ পৰিছিলো। কিয়নো সাহিত্য-চর্চাৰ সকলোতকৈ জটিল বিভাগটোৱেই হৈছে ব্যংগ সাহিত্য। প্ৰস্তাৱনা সংখ্যাটোৰ জনপ্ৰিয়তাও মোৰ শংকাৰ কাৰক হৈ পৰিছিল। পঢ়ুৱৈৰ বৰ্দ্ধিত প্ৰত্যাশাই নতুন সম্পাদকৰ ওপৰত দায়িত্বৰ ভাৰ বঢ়াই তোলাটো স্বাভাৱিক। এই গুৰুভাৰ উঠাবলৈ কিঞ্চিৎভাৱেও যদি সফল হৈছো তেন্তে তাৰ শ্ৰেয় সম্পাদনা সমিতিৰ লগত জড়িত প্ৰতিজন ব্যক্তি, ফেচবুক গোট ‘ফটা-ঢোল’ৰ প্ৰতিজন সদস্য তথা ভিন্ন সময়ত যথাগত উপদেশ দিয়া প্ৰতিজন সুহৃদ ব্যক্তি। আলোচনীখনৰ জন্মলগ্নৰে পৰা

Read more

প্ৰস্তাৱনা সংখ্যাৰ আঁৰৰ কথা

অতি কম সময়ৰ ভিতৰতে বিশেষ জনপ্ৰিয়তা লাভ কৰা ফেচবুকৰ অন্যতম হাস্য ব্যংগ গোট ‘ফটাঢোল’ ৰ প্ৰথম প্ৰয়াস, ই-আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ গুৰুদায়িত্ব লবলৈ পাই মই অতিকে আনন্দিত আৰু গৌৰৱান্বিত। এই দায়িত্বভাৰ অৰ্পণ কৰাৰ বাবে ফটাঢোলৰ প্ৰশাসকমণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদনা সমিতিৰ সহায় সহযোগিতাৰ অবিহনে হয়তো আমাৰ এই প্ৰয়াস সম্ভৱপৰ নহ’লহেঁতেন। সংখ্যাটোৰ আৰম্ভণিৰেপৰা কাৰিকৰী দিশসমূহৰ উপৰি অন্যান্য খুঁটি নাটিবোৰ সামৰি লৈ বিশেষভাৱে সহায় আগবঢ়োৱা জ্যোতিৰূপম দত্ত আৰু মৃদুল কুমাৰ শৰ্মাৰ ওচৰত আমি চিৰ কৃতজ্ঞ। বেটুপাত, শুভংকৰ ইত্যাদিৰ

Read more
1 5 6 7