ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – বিকাশ শইকীয়া

‘ফটাঢোল’লৈ আহিছিলো সন্মানীয় ব্যক্তি অভিজিতদা, জ্যোতিদাৰ লেখা দেখি, অকণমান হাঁহিম বুলি। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথমতেই এটা লেখা দিলো। ইমান মৰম পাম বুলি ভবাই নাছিলো। লাহে লাহে বহুত সন্মানীয় ব্যক্তিক লগ পালো। দুই এটাকৈ লেখা দিবলৈ আৰম্ভ কৰিলো। এনেদৰে ফটাঢোলৰ সদস্যসকলৰ মৰমত সক্ৰিয় সদস্য হৈ পৰিলো। দিনক দিনে ফটাঢোলে উন্নতি কৰিব ধৰিলে। নৱেম্বৰ মাহৰ সম্পাদনাৰ বাবে গুৰু দায়িত্ব পালো।

প্ৰথমে ভয় লাগিছিল। কিন্তু তলত উল্লেখ কৰা ব্যক্তিসকলৰ প্ৰচেষ্টাত আলোচনীখন প্ৰথম বৰ্ষৰ পঞ্চম সংখ্যা ভূমিস্থ হ’ল। জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটাঢোল’ৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম বৰ্ষৰ পঞ্চম সংখ্যাটিৰ সম্পাদনাৰ ভাৰ মোক অৰ্পণ কৰাৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই প্ৰথমে মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিলো৷  ইয়াৰ লগতে “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যকে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলো৷

আলোচনীখনৰ বিভিন্ন দিশসমূহৰ লগত বিশেষভাবে জড়িত শ্ৰদ্ধাৰ মৃদুল কুমাৰ শৰ্মা, জ্যোতিৰূপম দত্ত, ৰিণ্টুমনি দত্ত, মেঘালী দিহিঙীয়া, দেৱজিত শইকীয়া, বিজয় মহন্ত, সোণটো ৰঞ্জন বৰুৱা, হেমন্ত কাকতি তথা প্ৰণীতা গোস্বামী বৰঠাকুৰৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকৰ সহায় আৰু দিহা-পৰামৰ্শ অবিহনে আলোচনীখন প্ৰকাশ কৰি উলিওৱাটো মোৰ বাবে সম্ভবপৰ নহ’লহেঁতেন৷ তেওঁলোক আটাইৰে ওচৰত মই চিৰকৃতজ্ঞ৷ কাৰিকৰী দিশৰ বিভিন্ন কথাবোৰ পুংখানুপুংখৰূপে বুজাই দি বিশেষভাবে সহায় কৰাৰ বাবে মৃদুল কুমাৰ শৰ্মাক কৃতজ্ঞতা জনালো৷ আলোচনীখনৰ অলংকৰণ, অংগসজ্জা আদিৰে এক আকৰ্ষণীয় ৰূপ দিয়াৰ বাবে ঋতুপৰ্ণ বৰা দাদাক অশেষ ধন্যবাদ জনালো ৷ ইয়াৰ উপৰিও মোৰ প্ৰতিটো খোজত সহায় কৰা সম্পাদনা সমিতিৰ প্ৰতিজন সদস্য আৰু আলোচনীখনৰ বিভিন্ন দিশত সক্ৰিয়ভাবে সহায় আগবঢ়োৱা পৰী পাৰবীন, ৰামানুজ গোস্বামী, চবিনা ইয়াচমিন সকলোৰে ওচৰত মই কৃতজ্ঞ হৈ ৰ’লো৷

সম্পাদনা কক্ষৰ বাহিৰত থাকি মোক বিশেষ ভাবে প্ৰতিটো মুহুৰ্ততে সহায় সহযোগ কৰা দুজনমান ব্যক্তিক কৃতজ্ঞতা নজনালে মোৰ কাম আধৰুৱা হৈ ৰ’ব৷ বৰ্ণাশুদ্ধিকৰণৰ ক্ষেত্ৰত মোক বিশেষ ভাবে সহায় কৰা পৰিস্মীতা গগৈ, দীপিকা ডেকা, মৃদুল কুমাৰ শৰ্মা, মেঘালী দিহিঙীয়া, ঋতুপৰ্ণা মহন্ত, মুংচাজ’ বৰ্ণালী আম্ফি মান্তা, অঞ্জলি গগৈ বৰগোহাঞি, ৰূপাঞ্জলী চেতিয়া, প্ৰদীপ পাটগিৰি, জ্যোতিৰূপম দত্ত, বিজু বুঢ়াগোহাঞি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলো৷

আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব পোৱাৰে পৰা ভালদৰে কাম কৰি যাবলৈ উৎসাহ দিয়া গীতাঞ্জলী বৰাক ধন্যবাদ জনালো। কৰ্মব্যস্ততা দেখি সহোদৰ আৰু মা-দেউতাই প্ৰথমে ভয় কৰিছিল যদিও পিছলৈ সাহস দিয়ে। তেওঁলোকো মোৰ আন্তৰিক ধন্যবাদৰ পাত্ৰ।
“ফটাঢোল” ই-আলোচনীৰ পঞ্চম সংখ্যাটি সম্পাদনা কৰাৰ সময়চোৱাত মোক উৎসাহ যোগোৱা “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰি পাঠক সমাজলৈ আলোচনীখনৰ পঞ্চম সংখ্যাটি আগবঢ়ালো৷ আপোনাসৱৰ আশীষ আৰু শুভেচ্ছা কামনাৰে৷

 

বিকাশ শইকীয়া

সম্পাদক, প্ৰথম বৰ্ষ , পঞ্চম সংখ্যা।

Leave a Reply

Your email address will not be published. Required fields are marked *