ফটাঢোল

মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

(১) এনেয়ে মই টিভি নাচাওঁ৷ অৱশ্যে চাবলৈ মন থাকিলেও উপায় নাই৷ ৰিম’ৰ্টটোৰ ওপৰত শ্ৰীমতীৰ অপ্ৰতিদ্বন্দী ৰাজত্ব চলে৷ এওঁৰ মতে, ”বেচি কথা নক’বা দেই৷ মই মাত্ৰ দিনত আৰু ৰাতিহে টিভি চাওঁ৷ বাকী সময়ত তুমি যি চোৱা চাই থাকিবা৷ মোৰ একো প্ৰব্লেম নাই৷ ” গতিকে মই হেন শান্তিপ্ৰিয় নিমাখিত জীৱ এটাই ”অ’কে ডাৰ্লিং” বুলি নকৈ আৰুনো কি ক’ম? অগত্যা লেপটপটোকে খুলি লৈ দেশৰ খবৰবোৰ লওঁ মাজে মাজে৷ মোৰ লেপটপ বুলি কৈছোহে৷ এইটোৰ ওপৰতো এওঁৰ শেনচকু৷ ইণ্টাৰনেট অন কৰাৰ লগেলগেই এওঁ আহি হাজিৰ৷

Read more

আকস্মিক বক্তৃতা চামুচ – বিকাশ শইকীয়া

আজি সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু শিক্ষা গুৰু সকল৷ জয়জয়তে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা ও সেৱা জ্ঞাপন কৰি আজিৰ আকস্মিক বক্তৃতাৰ মোৰ বিষয়টোৰ ওপৰত একাষাৰ ক’বলৈ ওলাইছোঁ৷ ভুল-ভ্ৰান্তি হ’লে গালি নিদিয়ে যেন৷ কিন্তু জোতা-চেন্দেল দিব পাৰে৷ দোকান দিব নোৱাৰিলেও নিজে পিন্ধিব পাৰিম৷ নাইবা দান দিম৷ মোৰ বিষয়টো হ’ল চামুচ৷ চামুচ এবিধ ঘৰচীয়া সামগ্ৰী৷ হেতাৰ পোনা অৰ্থাৎ বাচ্চাবোৰকে চামুচ বুলি কোৱা হয়৷ ইয়াৰ কেইবাটাও প্ৰজাতি দেখিবলৈ পোৱা যায়৷ যেনে – কাঠৰ চামুচ, বাঁহৰ চামুচ, ষ্টীলৰ চামুচ, প্লাষ্টিকৰ চামুচ, কাটা চামুচ আৰু

Read more

লগন উকলি গ’ল… – মেঘালী দিহিঙীয়া

:টোপনি আহিল? :নাই৷ :তেন্তে? কিবা এটা কোৱা৷ মনে মনে ৰ’লা যে? :আচলতে মই কিবা এটা ভাবি আছো৷ :কি? :এই যে আমি দিনটোত এবাৰো মেছেজ এটা নকৰাকৈ থাকিব নোৱাৰো, সাধাৰণৰপৰা সাধাৰণ কথা এটাও ইটোৱে আনটোৰ সৈতে শ্বেয়াৰ নকৰাকৈ নাথাকো, সদায় নিশা দুই বজালৈকে ফোনত কথা পাতো… এইবোৰ আচলতে কি? আমাৰ মাজৰ সম্পৰ্কটোনো কি? আমিতো প্ৰেমিক-প্ৰেমিকা নহয়! :মই ইমানবোৰ কথা ভাবি থকা নাই৷ মুঠৰ ওপৰত তোমাৰ লগত কথা পাতি ভাল লাগিছে, কিবা এটা আপোন আপোন লাগে তোমাক৷ কথা নপতাকৈ থাকিব নোৱাৰো তোমাৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা – দেৱজিত শইকীয়া

ফেচবুকৰ অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটা-ঢোল’ৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটিৰ সম্পাদনাৰ দায়িত্ব মোক অৰ্পণ কৰাৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিলো লগতে “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যক এই সুযোগতে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলো৷ আলোচনীখনৰ বিভিন্ন দিশ সমূহৰ লগত বিশেষ ভাবে জড়িত মৃদুল কুমাৰ শৰ্ম্মা, জ্যোতিৰূপম দত্ত, ৰিণ্টুমনি দত্ত, মেঘালী দিহিঙীয়া তথা প্ৰণীতা গোস্বামী বৰঠাকুৰৰ সহায়ৰ অবিহনে হয়তো আলোচনীখন প্ৰকাশ কৰি উলিওৱাটো মোৰ বাবে সম্ভবপৰ নহ’লহেঁতেন৷ তেওঁলোক আটাইৰে ওচৰত মই চিৰকৃতজ্ঞ৷ কাৰিকৰী দিশৰ বিভিন্ন কথাবোৰ পুংখানুপুংখৰূপে বুজাই

Read more

আজি ১২ তাৰিখ -প্ৰতিভূ দত্ত

পুৱা তেতিয়া ১০ বাজিছে ৷ অফিছত বহি আছো ৷ মোবাইলটো বাজি উঠিল ৷ চাই দেখিলো শ্ৰীমতীৰ ফোন ৷ সাধাৰণতে এই সময়ত তেওঁ ফোন নকৰে ৷ গাটো বাজিল ৷ কিবা অঘটন ঘটিল নেকি আকৌ ! ভয়ে ভয়ে মাত দিলো, ‘‘অঁ কোৱা৷’’ ‘‘আজি কি তাৰিখ ?’’, শ্ৰীমতীৰ তেনেই চুটি তথা পোনপটীয়া প্ৰশ্ন ৷ আজি ১২ তাৰিখ বুলি জানো যদিও সন্মুখৰ কেলেণ্ডাৰখনলৈ এবাৰ চাই ক’লো, ‘‘আজি ১২ চেপ্টেম্বৰ !’’ তাৰ পাছত মই একো ক’বই নাপালো ৷ শ্ৰীমতীয়ে ফোনটো কাটি দিলে ৷ সাংঘাতিক চিন্তাত

Read more

কাৰ্টুন – দীপজ্যোতি তালুকদাৰ

☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ – বোৱাৰী! অ’ বোৱাৰী ? ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆   ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆   – তই সোনকালে আহ! বোৱাৰীৰ পেৰেলাইচিছ হৈছে নেকি? মুখখন বেকাঁ, চকুৰ মণি দুটা ওপৰত আৰু ডিঙিটোও বেকাঁ হৈ ৰৈ আছে.. ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆   তুমি একো চিন্তা নকৰিবা মা.. তাই চেল্ফি লৈ আছে !  

Read more

বিশ্বকৰ্মায়ো মোক সুদাই এৰা নাই – দেৱাংগ পল্লৱ শইকীয়া

২০০০ চনত আমাৰ এখন স্কুটাৰ আছিল। এন ভি। আমাৰ বাবে ঢেৰ। হোষ্টেলৰ পৰা ঘৰলৈ গ’লে সেইখনত উঠি পাক দিওঁ। ৰং-বৰণ, কণ্ঠ চব ঠিকেই আছিল, মাত্ৰ কেতিয়াবা মন গ’লে ষ্টাৰ্ট বন্ধ হয়। তাৰপিছত সাধ্য নাই। মন গ’লে এবাৰতে হ’ল, মন নগ’লে নাই। গৰমৰ বন্ধত ঘৰলৈ যাওঁতে এদিন সেইখন লৈ টাউনৰ ফালে টহল দি আছিলো। কোনো সমস্যা নিদিয়াকে চলি আছিল। হঠাতে বাটতে বন্ধুক ৰৈ থকা দেখা পাই স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ কৰি বন্ধুৰ লগত কথা পাতিবলৈ ধৰিলো। আনটো দিশৰ পৰা কটনত একেলগে পঢ়া

Read more

এখন ফুটবল মেচ -দেৱ প্ৰতিম

চাওঁতে চাওঁতে সেই দিনটো আহিল। আমি অধীৰ আগ্ৰহেৰে এই দিনটোলৈ বাট চাই আছিলোঁ। সিহঁতে আমাক আজি ছমাহ আগতে অপহৰণ কৰি লৈ গৈছিল। এমাহ আমি একো ধৰিব পৰা নাছিলোঁ ক’ত আছো, ঠাইডোখৰ অদ্ভুৎ আছিল। এমাহ পাছত সিহঁতৰ মূল ব্যক্তিজন আহিছিল আৰু আমাক অপহৰণ কৰাৰ উদ্দেশ্য কৈ গৈছিল লগতে কৈছিল সেই ঠাইডোখৰৰ কথা। আমাক সিহঁতে এটা বেলেগ গ্ৰহলৈ অপহৰণ কৰি লৈ গৈছিল। গ্ৰহটোৰ নাম আছিল ছকাৰীয়। গ্ৰহটোৰ গোটেই ঘৰবিলাক ফুটবলৰ দৰে আছিল। মানুহবিলাকে হাতত অনবৰতে এটা গোলাকৃতিৰ বস্তু লৈ ফুৰিছিল। সিহঁতৰ মাৰণাস্ত্ৰবিলাকো

Read more

পূজাৰ বোনাছ – সোণটো ৰনজন বৰুৱা

“হে’ৰা, আজি ১২তাৰিখ হ’লহি, বোনাছৰ টকা দিবানে? “ পুৱাই মাতাৰ হুঁ‌টা মাত শুনি বাবাৰ নিচা ফাটো ফাটো হ’ল৷ কাষতে ভাং কুটি থকা নন্দী কোন তলকত নাইকিয়া হ’ল এজনেও ধৰিব নোৱাৰিলে৷ নিচাত তললৈ দোঁ‌ খোৱা মূৰটো যেনেতেনে ওপৰলৈ তুলি বাবাই প্ৰশ্ন কৰিলে, …“ বোনাছ? হুৱাট ইজ ইট? কাক দিব লাগে? কিয় দিব লাগে? “ দাঁত মুখ কৰচি মাতাই ভোৰভোৰালে…… “দিনে নিশাই এইগাল টানি টানি সংসাৰ পাহৰি গ’ল, কাক, কি, কেতিয়া দিব লাগে মনত চব মই ৰাখিব লাগিব নেকি? এই যে তোমাৰ

Read more

সৰল সমীকৰণ – দিগন্ত বৰুৱা

কথাটো সেইদিনা একেবাৰে গুৰুত্ব দিয়া নাছিলো৷ নাছিলো মানে, একো বিশেষ গুৰুত্ব দিবলগীয়া কথাও নাছিল সেইটো৷ অৱশ্যে আগতেও কোনোদিন গুৰুত্ব দিয়া নাছিলো মোলোকাৰ কথা৷ হয়, মোলোকাৰ কথাই কৈছো! মোলোকা দোকানী। মোলোকা তাৰ গাঁৱত প্ৰচলিত নামহে৷ আচল নাম মুহিধৰ হাজৰিকা৷ গোটেই অঞ্চল জুৰি এতিয়া মোলোকা নামেৰেহে পৰিচিত সি৷ মুহিধৰ নামটো এতিয়া কালৰ কুটিল গৰ্ভত। প্ৰায় চাৰে চাৰিমাহৰ মুৰত গাঁৱৰ ঘৰখনলৈ আহিছো৷ আগতে ওচৰৰ টাউনখনত থাকোতে প্ৰতি শনিবাৰেই আহিছিলো৷ শনিবাৰে আবেলি আহি সোমবাৰে ৰাতিপুৱা ঘূৰি গৈ বাহিৰে বাহিৰে অফিছ কৰিছিলোগৈ৷ চাকৰি গুৱাহাটীলৈ ট্ৰেন্সফাৰ

Read more
1 19 20 21 22 23 42