Year: 2017
সংখ্যাটোৰ আঁৰৰ কথা – চবিনা ইয়াচমিন
ব্যংগ লেখা সকলোৰে বাবে সম্ভৱ নহয়৷ দেখাত সহজ যেন বোধ হ’লেও ই আচলতে অতি জটিল বিষয়৷ হয়তো ব্যংগ লিখিবলৈ সেয়েহে মই অপাৰগ৷ আজিৰ পৰা চাৰিমাহ পূৰ্বে দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু কেতিয়াবা বিৰক্তিকৰ হৈ পৰা সময়বোৰৰ মাজত হাঁহিৰ খোৰাক বিচাৰিয়েই ফেচবুকৰ হাস্য-ব্যংগ গোট “ফটাঢোল”ৰ সদস্য হৈছিলো৷ এই গোটৰে মাহেকীয়া আলোচনীখনৰ তৃতীয় সংখ্যাটি সম্পাদনা কৰাৰ গুৰু দায়িত্ব অৰ্পণ কৰা হ’ল মোৰ ওপৰত৷ ইয়াৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞ৷ ভয় আৰু শংকাৰ মাজেৰে আলোচনীখন সম্পাদনাৰ দায়িত্ব পালন কৰাৰ পথত এয়া মোৰ অপৈণত
Read moreসাহিত্যৰ ৰাজনীতি আৰু দ্বিধাগ্ৰস্ত পাঠক– কমলজিত মেধি
এজন বিশিষ্ট অসমীয়া লেখকৰ মুখত এবাৰ এষাৰ কথা শুনিছিলো, যিষাৰ কথা আজিও মোৰ কাণত বাজি আছে “তেওঁক যদি মাতাই তেনেহলে তেনে সভালৈ মোক নামাতিবা৷” মোৰ প্ৰিয় সেই লেখকজনৰ মুখত এনে ধৰণৰ কথা এষাৰ শুনাৰ বাবে মই কেতিয়াও প্ৰস্তুত নাছিলো৷ এজন লেখকৰ লিখনি পঢ়ি এজন সচেতন পাঠক ৰোমাঞ্চিত হৈ পৰাৰ লগে লগে লেখকজনৰ প্ৰতিও অনুভৱ কৰে অকৃত্ৰিম শ্ৰদ্ধা আৰু আন্তৰিকতা৷ পাঠকজনৰ কল্পনাত তেওঁ হৈ পৰে এজন আদৰ্শ ব্যক্তি৷ যদিও কোনো ব্যক্তিৰে ব্যক্তিগত জীৱনৰ প্ৰতি অনুসন্ধিৎসু হোৱা গ্ৰহণযোগ্য নহয়, তথাপিও এজন লেখকৰ
Read moreশংকৰী যুগৰ সাহিত্য – চাহিন জাফ্ৰি
শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত ৰচিত সাহিত্যৰাজিৰ কথাই বুজা যায়। এই সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ বাবে আটাইতকৈ সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে শিষ্য মাধৱদেৱৰ সৈতে লগ লাগি গীত-মাত, কাব্য, নাট, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, অনুবাদমূলক গ্ৰন্থ আদি সাহিত্যৰ বিভিন্ন ধাৰা সৃষ্টি কৰিলে। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলন খ্ৰীঃ পঞ্চদশ শতিকাৰ আৰম্ভণিৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত আলোড়িত হোৱা ভক্তি আন্দোলনৰেই ফল। অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা পাত ধৰিছিল
Read moreঅভিনেতা জয়ন্ত দাসৰ সৈতে এটি সন্ধিয়া
অসমৰ অভিনয় জগতৰ এক চিনাকী আৰু জনপ্ৰিয় নাম, কৰ্মই যাৰ পৰিচয় তেঁৱেই হৈছে অভিনেতা জয়ন্ত দাস৷ অভিনয় জগতত তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে৷ কৰ্মনিষ্ঠা আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখি জীৱনৰ বাটত অগ্ৰসৰ হোৱা জয়ন্ত দাস কেৱল এজন অভিনেতাই নহয়, তেওঁ এজন ৰঙিয়াল আৰু অমায়িক ব্যক্তি৷ “মুকুতা” চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা এইজনা ব্যক্তিয়ে তেওঁৰ অভিনয়ৰ যাত্ৰা পূৰ্ণ ৰূপত আৰম্ভ কৰে কলেজীয়া জীৱনতহে। তেওঁৰ কৰ্মজীৱনৰ বিষয়ে পাঠকক কিছু কথা জনোৱাৰ উদ্দেশ্যৰে ই-আলোচনী “ফটাঢোলৰ” তৰফৰ পৰা
Read moreসম্পাদকীয় – চবিনা ইয়াচমিন
“যি জীৱনত বজ্ৰ কঠোৰ দুখ-বেদনা নিৰ্য্যাতনৰ ঘোৰ বৰ্ষণ লাগি মত্ত মহৎ কাল বিজয়ী ৰুদ্ৰ লীলাৰ ভমক ভেদি অনল উঠে জাগি,….” “সেই জীৱনে কৰে কেৱল উৎপীড়নৰ অঙ্গ ছেদি জগত নিৰ৷” সময় আৰু কৰ্মৰেহে মানৱ জীৱনক জুখিব পাৰি৷ কোনো লোকৰ বাবে কাম্য সুখ সম্পদেৰে পৰিপূৰ্ণ এটি দীর্ঘ জীৱন। কিন্তু কেৱল উপভোগৰ বাবেই জীৱন নহয়। কৰ্মময় জীৱনহে প্ৰকৃত আৰু কাম্য জীৱন। তেনে জীৱনৰ ওজন সময়ৰ জোখৰ জীৱনতকৈ বহু বেছি। জগতত দীৰ্ঘায়ু লোকসকলেই খ্যাত নহয়। মৃত্যুৱেই তেওঁলোকৰ জীৱনৰ সীমা। যিসকলে সময় বালিত এটি
Read moreবোন্দা– হৰেকৃষ্ণ ডেকা
তাৰ শেষ বিজয়ৰ হাঁহি মই যে এটা বোন্দা জনা নাছিলোঁ ৷ মই নিজকে এজন লোক বুলি ভাবিছিলোঁ ৷ গিৰিহঁতনীৰ আৰামী চকীত মই বহিছিলোঁহে, গিৰিহঁতে গেঙেৰি মাৰি ক’লে, ক’ৰ এইটো লেতেৰা বোন্দা ! মই ক’লোঁ, মিয়াও, মানে মই এজন লোক ৷ তেওঁ ভাবিলে মই ভয় খাইছোঁ, আৰু তেওঁৰ লেতেৰা এখন ঠেঙেৰে (যাক তেওঁ ভৰি বুলি কয়) গুৰিয়াই দিলে মোক ৷ কিন্তু সঁচাকৈয়ে কৈছোঁ, তেওঁৰ ঠেঙ দুখন লেতেৰাই ৷ মই ক’লোঁ, নমস্কাৰ, মই এজন লোক ৷ তেওঁ শুনিলে মিয়াও আৰু চোঁচা লৈ
Read moreযি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ – দেৱজিৎ শইকীয়া
মানুহে কয়, “মিছা কথাৰ ঠেং চুটি” সেইটোও এটা গোকাট মিছা। আপুনিয়েই কওকচোন মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এজন মানুহ মোক দেখুৱাই দিয়ক যাৰ মিছা কথা কোৱাৰ বাবে ঠেং চুটি হৈছে? আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই। মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মই জন্ম পোৱা নাৰ্চিংহোমৰ ডাক্তৰজনৰ। “নৰ্মেল নহয় ছিজাৰিন কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেটটো ফালি মোক উলিয়াই আনিলে। নাৰ্চিংহোমত মোৰ জণ্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে। খুৰা এজনে হস্পিতালত দেউতাক সুধিলে
Read moreভাটৌ–অনুৰূপ মহন্ত
মই প্ৰথম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। গাঁৱৰ ৰজহুৱা নামঘৰত ভাওনাৰ আখৰা চলিছে। আমিবোৰে আখৰা চাবলৈ নামঘৰত ভিৰ কৰিছোগৈহক। লগতে আমাকো কিবা কিবি এটা ভাও দিবলৈ কণ ককাইদেউক খাতিৰ কৰিছো। উপায় নাপাই কণ ককাইদেৱে আমাক ক’লে, – “ভাও দিবলৈ নাপালেও তহঁতক ভাওনাত ভাল কাম এটা দিম, আৰু ভালকৈ কৰিলে অহা বছৰ তহঁতক ভাও দিম।” আমাৰো মনত তামাম ফূৰ্তি। মই মনতে ভাবিলো যিয়েই কৰিবলৈ নিদিয়ক লাগে মই সকলোতকৈ বেলেগ কৰিম (ভাল ভাও পোৱাৰ আশাত)। যথাসময়ত ভাওনা আৰম্ভ হ’ল। আমাৰ পোৱালি কেইটাক
Read moreপাটৰ পাক – অমিতাভ মহন্ত
ৰবিবাৰৰ এটা অলস সন্ধিয়া৷ শ্ৰীমতীৰ চেফটী পিন এটাৰে কাণখন চাফা কৰি আছিল কলিতাবাবুৱে৷ টেবুলত এটা লাৰ্জ পেগ আৰু এবাটি বাদাম, মৃদু স্বৰত জয়ন্ত হাজৰিকাৰ গান বাজি আছে৷ এটা মন ভাল লগা পৰিৱেশ৷ হঠাৎ সন্মুখত এক নাৰীমূৰ্তিৰ আৱিৰ্ভাৱ৷ সচকিত হৈ বহিল কলিতা৷ -“কোনপাট ভাল লাগিছে?” কি “পাট”ৰ কথা বা সুধিলে৷ আহিয়েই বাউঞ্চাৰ৷ ডাক কৰিবলৈওঁ সুবিধা নাপালে কলিতাই৷ -“অ’…… মানে মানে!” -“কাণফুলিৰ কথা কৈছো৷ এইখন কাণৰপাট ভাল লাগিছে নে এইখনৰ পাট?” সন্ধিয়াৰ আমেজটোত কোনোবাই যেন পাঁচটামান ভোট জলকীয়া সানি দিলে৷ চন্দ্ৰত নামিয়েই
Read more