ফটাঢোল

উচ্চাৰণ বিভ্ৰাট- মিতালী বৰ্মন

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷ মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত এতিয়ালৈ মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে শুভেচ্ছাৰ আদান-প্ৰদানো চলে৷ ২০১০ চনৰ নবেম্বৰ মাহৰ কথা৷ দীপাৱলীৰ বতৰ৷ ফোনটো অনবৰত বাজিয়েই আছে৷ দীপাৱলীৰ শুভেচ্ছা জনাবলৈ কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ দিছে ইত্যাদি ইত্যাদি৷ তেনেতে মেছেজ এটা আহিল ইন্দ্ৰজিতৰ পৰা৷ ইংৰাজী ভাষাত লিখা দীপাৱলীৰ শুভেচ্ছা-বাৰ্তা এটা৷ মেছেজটো পঢ়ি উঠি শেষত দেখিলোঁ, “উইথ ৰিগাৰ্ডচ—– বব্বী৷

Read more

লিমাৰিক – হেমেন ডেকা

১) বন্ধ-প্রদেশৰ আমি অতি আলসুৱা প্রজা খাই ভাল পাওঁ খাৰ-টেঙা আৰু বাঁহৰ গজা ৰসত মজি কীৰ্ত্তন গাওঁ নিজকে প্রায়ে পাহৰি যাওঁ আন্দোলন-ধৰ্মঘট কৰি হ’ব খোজো ৰাইজৰ ৰজা৷ ৷ ২) কাম আং বাং, কথা বেবেৰিবাং ঠোঙাৰ নিচাত সৰ্বস্ব খাস্তাং দেহাটো ভালুকৰ সাঙী দিনে-নিশাই আছে পাঙি চাকৰি কৰা আপী আনিব, খাটাং৷ ৷■■

Read more

ডিজিটেল ইণ্ডিয়া – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

(১) –কওকচোন বাৰু আপোনাৰ ই-মেইল আইডি টো, মই এবাৰ চেক কৰি কৰি চাঁও বিলখন কিয় নাপায় আপুনি৷ কেচ কাউণ্টাৰত বহি থকা ছোৱালীজনীয়ে কলে মানুহজনক৷ –আমাৰ ফালৰ পৰা ৰেগুলাৰ পঠিয়াই আছো আপোনাৰ বিল, মেইলবক্স ভৰ্তি নাথাকিলে সেইখন নোপোৱাৰ কথাই নাই৷ –মই সিগলা নাজনো, মই বিল প নাই আৰু বিল নেদাকে আপনালোকে মোৰ ফোনোৰ আউটগয়িং কাটছি৷ খঙত অতিষ্ঠ হৈ থকা মানুহজনে ক’লে৷ –মেইল আইডিটো এবাৰ কওকচোন কিবা ভুল হৈ থাকিব পাৰে, ছোৱালীজনীৰ কথাত মানুহজন অলপ ক্ষান্ত হোৱা যেন লাগিল৷ –লেখোক মোৰ মেল

Read more

লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১) সদায় চিন্তা কৰে লগ হৈ পত্নী আৰু পতি কেনেকৈনো ভাল কৰা যায় পুতেকৰ মতি গতি টেটুলৈকে মদ খায় হেৰুৱাবলৈ আৰু একো নাই ঘৈণীয়েককো হেৰুৱালে কৰি লটিঘটি৷ ৷ ২) চাকৰি বিচাৰোতেই মহানন্দৰ এক বয়স গ’ল বিয়াৰ কথা চিন্তা কৰিবলৈ তাৰ সময়েই নহ’ল ভুকুতে কল নপকে বুলি সিও জানে চাকৰি এটা লাগেই তাক যেনে তেনে নহ’লে তাৰ বাবে সংসাৰ পতাটোৱেই ডাঙৰ জঞ্জাল হ’ল৷ ৷ ৩) তিনিজনীকৈ চপাই লৈ বৰুৱাৰ সংসাৰত লাগিল কেণা তিনিওজনী তিনিটা পাৰ্টিৰ মেম্বাৰ বৰ বৰ নেতাৰ লগত লেনা

Read more

খতিয়ান – জ্যোতিৰূপম দত্ত

: হেৰা! শুনাচোন! সেলেঙি লগাই তামোলখন পাগুলি থাকোতেই পিছৰ পৰা চিনাকি মাত এটা শুনিলো৷ ৰত্ন খুড়া! হে প্ৰভু! আজি কাৰ মুখ চাই বাহিৰ ওলাইছিলো বাৰু? তথাপিও উপাই নাই, মাতষাৰ দিবই লাগিব৷ : অ’ অ’, খুড়াদেউ! ক’ৰ পৰা? বজাৰ কৰিলে নেকি? ৰত্ন খুড়াৰ হাতত প্ৰকাণ্ড বেগ এটা৷ : এইটো ধৰাচোন৷ মোক আজি ঘৰলৈ অলপ আগবঢ়াই দিব লাগিব৷ সিদিনালৈ মোৰ চাইকেলৰ কেৰিয়াৰত উঠি ফুৰা পেন্দুকণাটো আজি এশ চাব্বিছজনীয়া সভাখনৰ বিয়াগোম সদস্য হ’লগৈ৷ এয়াও মোৰ বাবে কম আনন্দৰ কথা নহয়৷ খুড়াই মৰাপাটৰ বজাৰ

Read more

ফটাকবি খেতি – নীলাঞ্জনা মহন্ত

ফটাকবি খেতি – (অ’ ফুল অ’ ফুল কবিতাটিৰ আধাৰত) ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ অ’ ঢোল অ’ ঢোল নাবাজ কিয়? ঢুলীয়াইযে চেও নিদিয়ে মইনো বাজিম কিয়? অ’ ঢুলীয়া অ’ ঢুলীয়া চেও নিদিয় কিয় নাচনীৰ যে খবৰেই নাই মইনো বজাম কিয়৷ অ’ নাচনী অ’ নাচনী খবৰ খাতি নাই কিয়? পপাই যে নঙলামুখত ৰৈ আছে মই বা ওলাই আহিম কিয়৷ অ’ পপা অ’ পপা আজি নঙলামুখত কিয়? হকাৰে যে পেপাৰ দিয়া নাই মইবা নৰ’ম কিয় অ’ হকাৰ অ’ হকাৰ পেপাৰ নিদিয়কিয়? হাততে মবাইলটো আছে নিউজ পঢ়ি

Read more

গুড নাইট – প্ৰতিভূ দত্ত

প্ৰত্যেক সন্ধিয়া শ্ৰীমান দত্তই অফিছৰ পৰা উভতিবৰ সময়ত মোবাইলৰ মেচেজ বক্সৰ এটা বিশেষ sms চাই লয়৷ তাত যদি লিখা থাকে ’rice’ বা ’dali’ বা ’m. oil’ শ্ৰীমান দত্তই বুজি পায় যে ঘৰ গৈ সোনকালে পাব লাগিব৷ নহ’লে চাউল বা দাইল বা মিঠাতেলৰ অভাবৰ বাবে ঘৰৰ চৰু বন্ধ অৱস্থাত থাকিব৷ আনহাতে যদি তাত লিখা থাকে ’biscuits’ বা ’tiffin karone kiba’ শ্ৰীমান দত্তই বুজি পায় যে সেইখিনি বস্তু পাছদিনা পুৱাৰ বাবে লাগিব৷ গতিকে আড্ডা মাৰি লাহে ধীৰে ঘৰলৈ উভতিলেও অসুবিধা নাথাকিব৷ এই

Read more

ফটাস্মৃতি – বিজয় মহন্ত

১) প্ৰতিজন মানুহৰ জীৱনত কিছু ৰসাল ঘটনা থাকে, যাৰ স্মৃতিয়ে আপোনাক আজীৱন হহুৱাই থাকে৷ আজি মই মোৰ ৰসাল স্মৃতি এটা আপোনালোকলৈ আগবঢ়াইছো৷ কলেজত পঢ়ি থকা দিনৰে কথা৷ গধূলি সময়খিনি কৰিবলৈ একো নাথাকে বাবে ওচৰৰে পান দোকান এখনত আড্ডা দি কটাও৷ মনটোত কিবা এটা সমাজখনৰ বাবে কৰাৰ তীব্ৰ হেঁপাহ৷ সেয়ে পান দোকানত বহি বহি যদি কেতিয়াবা গাৱৰ যুৱ সংঘৰ পৰা আঞ্চলিক ভিত্তিত যুৱ-সমাৰোহ পতাৰ কথা আলোচনা কৰি তাক সফল ৰূপ দিছো কেতিয়াবা কাৰ ঘৰৰ ছোৱালীজনী ধুনীয়া হৈছে তাকো আলোচনা কৰিছো৷ তেনেকৈ

Read more

বিক্ৰীৰ বাবে বৰুৱাৰ বৌদ্ধিক বিচাৰ – ভাস্কৰ জ্যোতি বৰুৱা

দৃশ্য এক : গানটো কি ফাল্টু! – ক্লায়েণ্ট এক৷ : হয়, সংস্কৃতিৰ পথাৰত এইবোৰ অপতৃণ – বৰুৱা৷ : প্ৰতিবাদ হ’ব লাগে৷ : হয় ছাৰ, যথাৰ্থ ভাবেই এফ বিত চৰ্চা হৈছে৷ : ঠিক কৈছে, ক’ত চাইন কৰিম৷ : ইয়াত ইয়াত ছাৰ৷ দৃশ্য দুই : ফেইচ বুকত এনে গানৰ আলোচনা হোৱাটো কিন্তু ভাল হোৱা নাই৷ কি কয় বৰুৱা? – ক্লায়েণ্ট দুই : হয় ছাৰ, নিগেটিভ পাব্লিছিটিহে পাব৷ কথাই পাতিব নালাগে এইবোৰৰ৷ দৃশ্য তিনি : গালেই যেনিবা কি মহাভাৰতখন অশুদ্ধ হ’লনো, কি কয়

Read more

মাহ লাইফ মাহ ৰুলজ্ -দেৱাংগ পল্লৱ শইকীয়া

টাউনৰ পৰা নাতিনীয়েকে আহি ককাকক দেউতাকে দিয়া নতুন স্মাৰ্টফোনটোত নেটপেক এটা ভৰাই ককাকৰ ফেচবুক একাউণ্ট এটা খুলি দিলে আৰু হোৱাটছএপটোও চালু কৰি দিলে! : এতিয়াৰে পৰা তুমি আমাৰ ফটোবোৰ চাই থাকিব পাৰিবা৷ এইটো পাপা চোৱা৷ ইয়াতে এনেকে এবাৰ চুই দিলে এনেকুৱা হ’ব আৰু ইয়াতে তুমি পাপালৈ, মোলৈ, মালৈ কিবা লিখিবা৷ ফটো কেনেকে দিয়ে শিকাম৷ এইয়া চোৱা মোৰ নম্বৰটোত এনেকে চুই দিলেই এনেকে ওলাব …! লিখা এতিয়া কিবা! ককাকে হোৱাটছএপত নাতিনীৰ ফটোৰ তলতে লিখি থোৱা ষ্টেটাছ দেখিলে! : এইটো কি লিখি

Read more
1 39 40 41 42