ফটাঢোল

ফটাঢোল এডভেন্সাৰ (তৃতীয় খণ্ড) – হেমন্ত কাকতি

প্ৰায় তিনি দিন চাইকেল চলাই ভাগৰি পৰিছিলোঁ৷ বিজয়ৰো অৱস্থা বেয়া৷ ৰাস্তাই ঘাটে হোৱা নগুৰ নাকতিৰ কথা বাদেই দিলো৷ বিজয়ে এপাকত হুমনিয়াহ এটা কাঢ়ি ক’লে – “কাকতি দা, বাদ দিয়ক, ঘৰলৈয়ে যাওঁ!আৰু নোৱাৰিছোঁ৷ মোৰো মানুহজনী কান্দি কাটি অস্থিৰ৷ যি হ’ল হ’ল, ঘৰতে খাওঁ বলক শুদাই-নিকাই হ’লেও৷ পিচে এতিয়া ঘৰত কেনেকে ঘুৰি যাওঁ? মোক নেৰিব তাই!” মই বোলো ৰবা, তোমাক আলৈ-আথানি নকৰোঁ৷ মই তাইক বুজাই-বঢ়াই ঘৰত থৈ আহিম গৈ৷ চিন্তা নকৰিবা৷ মোকো আমুৱালে৷ ইফালে চাইকেলৰ চিটটোৱে কাটি কাটি মোৰ অৱস্থা গুৰুতৰ৷ ময়ো

Read more

'এডজাষ্ট(মেণ্ট)' –  দিগন্ত কুমাৰ ভট্টাচাৰ্য

 হৰিহৰ মৌজাদাৰে নাতিয়েকৰ হাতত ধৰি শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে আমাৰ হালৈ ছাৰ একে জাঁপে থিয় হৈছিল। আমি ছাৰ কোঠালৈ অহাৰ লগে লগে সদায় থিয় হৈছিলোঁ। ছাৰেও যে কাৰোবাক দেখি থিয় হ’ব পাৰে আমি ভাবিবও পৰা নাছিলোঁ। মৌজাদাৰৰ নাতিয়েকৰ ভৰিত জোতা আছিল। আঁঠুলৈকে ঢাক খাই ৰখা বগা মোজা আছিল। পিঠিত লৈ অহা বে’গটো ৰঙচঙীয়া আছিল। হাতত পানী খাবলৈ ফ্লাস্ক এটাও আনিছিল। আমি ৰ’ লাগি চাই ৰৈছিলোঁ। হালৈ ছাৰে তেতিয়াই মোক কৈছিল, -‘তই পিচৰ বেঞ্চখনত বহগৈ যা। ফাৰ্ষ্ট বেঞ্চৰ এইটো

Read more

ককা – ডা° বিকাশ বৰুৱা

মোৰ ককাক গোটেই বিশ্বব্ৰহ্মাণ্ডই চিনি পায়৷ তেওঁক কোনোবাই ঈশ্বৰ, ভগৱান বুলি মাতে৷ কোনোবাই আল্লা, খোদা, মালিক৷ কিছুমানৰ বাবে গড্৷ ককাৰ সৈতে মোৰ সম্পৰ্কটো পিছে একেবাৰেই বেলেগ ধৰণৰ৷ তেওঁ মোৰ ফ্ৰে’ণ্ড, ফিল’ছফাৰ, গাইড৷ সৰুতেই জ্ঞানীসকলে আমাক শিকাইছিল – ভগৱান নিৰাকাৰ, দয়ালু, সৰ্বব্যাপী৷ এই কথাটো এবাৰ গম পাই যোৱাৰ পাছত তেওঁক বিচাৰি মই আৰু কেতিয়াও মন্দিৰ মছজিদলৈ যাব লগা হোৱা নাই৷ যেতিয়াই য’তে বিচাৰোঁ, লগে-লগে পাই যাওঁ৷ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদিৰ নিচিনা মানুহবিলাকে হটলাইন টেলিফোনেৰে কথা পতাৰ দৰে ময়ো ককাৰ লগত পোনে-পোনে কথা

Read more

কথা কোৱাৰ কলা – ডাঃ ভৃংগেশ্বৰ শৰ্মা

হয়, কথা কোৱাটো এটা কলা৷ ভালদৰে, মনোগ্ৰাহীকৈ, শ্ৰোতাক আকৰ্ষিত কৰিব পৰাকৈ কথা ক’ব পৰাটো এটা ডাঙৰ কলা৷ সকলো মানুহৰে এই গুণটো নাথাকে৷ এচাম মানুহে কথা ক’বলৈ আৰম্ভ কৰিলে তেওঁ গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰি লয়, তেওঁৰ চাৰিওফালে মানুহ গোট খাবলৈ আৰম্ভ কৰে৷ তেওঁৰ কথাবোৰ ৰসাল, কথাত নাটকীয়তা থাকে, কথা কোৱাৰ এটা বিশেষ ভংগী থাকে, যাৰ বাবে কথাবোৰ মনোগ্ৰাহী হয়, শুনি ভাল লাগে, শুনি থাকিবৰ মন যায়৷ এই গুণটো কিছু পৰিমাণে স্বভাৱজাত আৰু কিছু পৰিমাণে আয়ত্ত কৰা৷ এনেদৰে কথা ক’ব জনাটো এটা

Read more

নিউ ইয়েৰ ৰিজলিউচন – হেমন্ত কাকতি

এটা সময় আছিল, যেতিয়া সৰু আছিলো- কেতিয়া ডাঙৰ হম,  কেতিয়া ডাঙৰ হম সেই চিন্তাত দিন নাযায় ৰাতি নুপুৱাই হৈছিল৷ এতিয়া আদবয়স পাৰ হওঁ হওঁ৷  ৰিলেটিভিটীৰ কৱলত পৰি বয়সটো তীব্ৰ গতিত বাঢ়িছে যদিও মনটোক আগবাঢ়িবলৈ দিয়া নাই৷ সেই তাহানিতে “লক” কৰি দিলো৷ কিছু অপূৰ্ণ আশা পুহি ৰাখিছোঁ,  পূৰণ কৰিম বুলি৷ আজিকালি কোনোবাই বয়স বাঢ়িলে বুলি ক’লে নিজকে সান্ত্বনা দিবলৈ এপাত “ডিফেন্স মেকানিজিম” বনাই লৈছো,-“মই চলমান খানৰ লগৰ৷ শ্বাহৰুখ আৰু আমিৰতকৈ সৰু মই৷” এইটোৰ পৰা দুটা লাভ হয়,  এক- নিজৰে ইয়ং ইয়ং

Read more

হ্ৰীং ক্ৰীং ফট – দেৱজিত শইকীয়া

ফুল নুফুলাকৈয়ে জীৱনৰ বসন্তবোৰ পাৰ হ’ব আৰম্ভ কৰিব ধৰিলে৷ প্ৰেমৰ নামত যি দুই-এটা কলি মনৰ বাগিছাত ফুলিব ধৰিছিল, তাকো ক’ৰবাৰ পৰা টপককৈ কোনোবা নহয় কোনোবা এটা ভোমোৰা আহি পৰি ৰেণু চুৰ কৰি লৈ গ’ল৷ আনে প্ৰেম কৰি লাঠ খোৱা শুনিলেও নিজলৈ পুতৌ লগা হ’ল,  কোনোবাই যদি হেৰৌ লাঠকে মাৰিলে হয়, মৰিলে যমৰ ওচৰত ক’ব পাৰিলো হয় যে অন্তত এগৰাকীয়ে অমুকাক “আই লাভ ইউ” ক’লে প্ৰভু,  মোৰ মনুষ্য জীৱন সাৰ্থক হ’ল৷ পিচে মোৰ চেহেৰাৰে দোষ নে আকাৰ, আকৃতি-প্ৰকৃতিৰে দোষ নাজানো। কলেজত

Read more

টিউবলাইট – দুদু কুমাৰ দাদুল

লগৰবোৰে মোক টিউবলাইট বুলি জোকায়। কিয় জোকাৱ বুলি সুধোঁতে বন্ধু মানসে এদিন মোক বুজাই দিছিল উদাহৰণসহ – : তোক এদিন বিদিশাই অংক এটা কৰিবলৈ দিছিল নেকি?  : ওঁ দিছিল। মনত পৰিল কথাটো। ফাৰ্ষ্ট ইয়েৰত থাকোঁতে বিদিশা নামৰ ছোৱালীজনী দুদিনমান কলেজলৈ অহা নাছিল। নোটচখিনি লিখি লওঁ বুলি মেজৰৰ বহীখন খুজি ঘৰলৈ নিছিল। দুদিনৰ পিছত বহীখন ঘুৰাই দি কৈছিল অংক এটা আছে মাজত। উত্তৰটো সোনকালে দিবা। ঘৰলৈ আহি বহীখন মেলি চালো। 1+4+3= 3 নে 2 ?  অংকত মই এক্কেবাৰেই কেঁচা। ৰামানুজনৰ নাম

Read more

অসমীয়া ভাষা-চিন্তাঃ ণত্ব আৰু ষত্ববিধি – খগেশ সেন ডেকা

অসমীয়া বানান পদ্ধতি যিহেতু সংস্কৃত মূলীয়, এতেকে সংস্কৃতৰ ণত্ব আৰু ষত্ববিধিৰ নিয়মসমূহ মানি চলিবলগীয়া হয়৷ ফটা-ঢোলৰ সদস্যসকলৰ ভাষা ফুটি-ফাটি যোৱাকৈ শুদ্ধ হ’বলৈ বুলি আজি অসমীয়া ভাষাৰ ণত্ববিধিৰ কেইটামান নিয়ম তলত উল্লেখ কৰা হ’ল৷ ণত্ববিধিঃ (১) (ঋ/ৰ/ষ)+ন—ণ৷ অৰ্থাৎ ঋ, ৰ, ষ বৰ্ণৰ পিছত একেটা পদত ‘ন’ থাকিলে সি ‘ণ’ হয়, যেনে- অৰুণ, আকৰ্ষণ, উষ্ণ, উত্তীৰ্ণ, ঋণ, কৰ্ষণ, কৰ্ণ, কৰ্ণিকা, কৰণি, ঘৃণা, ঘৰ্ষণ, তৃণ, ত্ৰাণ, পূৰ্ণ, বৰণ, বৰুণ, বৰষুণ, বিবৰ্ণ, বৰ্ষণ, বিস্তীৰ্ণ, ভৰুণ, দূৰণি ইত্যাদি৷ (২)(ট-বৰ্গ=ট/ঠ/ড/ঢ/ণ)+ণ৷ অৰ্থাৎ, ট, ঠ, ড, ঢ, ণ-ৰ

Read more

উৰুকা – বিকাশ শইকীয়া

এবাৰ উৰুকাৰ ৰাতি আলু চুৰ কৰিবলৈ এঘৰ মানুহৰ বাৰীত সোমালো। নিয়ৰ পৰি থকা আলু গছবোৰ ঠাণ্ডাত উভালিৱলৈ ধৰিলো। যি কেইটা আলু শিপাত লাগি আহে তাকে মোনাত ভৰাওঁ। বাকীবোৰ মাটি খান্দি নানো। কোনে ইমান কষ্ট কৰে! কাৰণ হাতত নিয়ৰ আছে,  মাটি চুলে বোকা হৈ যায়। ঠাণ্ডাত হাত ধোৱাৰ ভয়ত মাটি নাখান্দো। এনেতে কোনোবা অহা যেন শব্দ শুনিলো। গৃহস্থ বুলি দৌৰ মাৰিলো। দৌৰি গৈ এখন মজবুত ওখ জেওৰা পালো। জেওৰাৰ সিপাৰে এটা প্ৰকাণ্ড খাল। লগৰ বন্ধুজন জেওৰা কাষৰ আম গছজোপাতে উঠিল। মই

Read more

কঙালী – অভিজিত কলিতা

গোটেই ৰাতিটো সাৰে আছিল সি, বৰ কষ্টেৰে। পিছে পুৱতি নিশা তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলে সি গমেই নেপালে। ভেলাঘৰত  এইবাৰ সি প্ৰথম নিশা কটাইছে, শিশুৰ পৰা যুৱক হোৱাৰ প্ৰথম ঢাপ। পিচে তাৰ কুমলীয়া দেহাই মনৰ সমানে দৌৰিব পৰা নাই। হঠাৎ প্ৰচণ্ড উঁকিৰ শব্দত সি খকমকাই উঠিল, লগৰবোৰে ইতিমধ্যে নদীখনৰ ফালে দৌৰ মাৰিলেই! ঘোঁপ মৰা এন্ধাৰ খিনি অলপ পাতল হ’লেও কুৱলীৰ ঢাকনি খোল খোৱাই নাই। টোপনিৰ জালত কোন ফালে কি একো বুজিব নোৱাৰিলেও গাত থকা এড়িয়া চাদৰ খন পেলাই সিও

Read more
1 100 101 102 103 104 115