টিউবলাইট – দুদু কুমাৰ দাদুল
লগৰবোৰে মোক টিউবলাইট বুলি জোকায়। কিয় জোকাৱ বুলি সুধোঁতে বন্ধু মানসে এদিন মোক বুজাই দিছিল উদাহৰণসহ –
: তোক এদিন বিদিশাই অংক এটা কৰিবলৈ দিছিল নেকি?
: ওঁ দিছিল।
মনত পৰিল কথাটো। ফাৰ্ষ্ট ইয়েৰত থাকোঁতে বিদিশা নামৰ ছোৱালীজনী দুদিনমান কলেজলৈ অহা নাছিল। নোটচখিনি লিখি লওঁ বুলি মেজৰৰ বহীখন খুজি ঘৰলৈ নিছিল। দুদিনৰ পিছত বহীখন ঘুৰাই দি কৈছিল অংক এটা আছে মাজত। উত্তৰটো সোনকালে দিবা।
ঘৰলৈ আহি বহীখন মেলি চালো। 1+4+3= 3 নে 2 ? অংকত মই এক্কেবাৰেই কেঁচা। ৰামানুজনৰ নাম শুনিলেই পেটত হাত-ভৰি লুকায়। তেনেস্থলত এই সাধাৰণ যেন লগা অসাধাৰণ অংকটো মই কেনেকৈ কৰোঁ? শুদ্ধ এটাও নহয় বুলি লিখি পাছদিনা ঘুৰাই দিলো কাগজখন। এই অংকটোৰ লগত আকৌ কি সম্পৰ্ক টিউবলাইটৰ। সম্পৰ্কটো বুজাই দিছিল মানসে –
: চা গৰু, 1 মানে I, 4 মানে LOVE, 3 মানে YOU, একেদৰেই 3 মানে YES আৰু 2 মানে NO নহ’ল জানো?
অংকৰ কালিকা দেখি মই অবাক।
: এতিয়া মই কি কৰোঁ?
– তাক সুধিছিলোঁ।
: কি কৰিবি আৰু? এইবাৰ এপ্ৰিলত তাইৰ বিয়া। ফাৰ্ণিচাৰখিনিকে থৈ আহিম ওলাবি।
সেই তেতিয়াৰেপৰা মই অলপ সজাগ। কিবা এটা কওঁতে, কৰোঁতে দহবাৰ ভাবোঁ। হ’লে কি হ’ব? যিমান টানিলেও কুকুৰৰ নেজ পোন নোহোৱাৰ দৰে মোৰো একেই দশা। আকৌ এবাৰ ভালকৈ উজুটি খালো অনিতাৰ ওচৰত। অনিতা মোৰ অন্যতম বন্ধু অমলৰ ভনীয়েক। সেই সূত্ৰেই অনিতাক মই ভণ্টি জ্ঞান কৰোঁ। ককায়েক হৈ তাইৰ আবদাৰ পূৰণ কৰিবৰ চেষ্টা কৰোঁ। সেই অনিতাই এদিন ৰাতি দহমান বজাত ফোন কৰিলে। তেতিয়া তাই ইউনিভাৰছিটিত। সুধিলে মোক –
: এই যে অনুষ্ঠান আৰু অনুস্থান শব্দ দুটাৰ মাজৰ পাৰ্থক্য কি?
খঙেই উঠিছিল মোৰ। এই ৰাতিখন কেঁচা টোপনি ভাঙি সুধিবলৈ আৰু কথা নাপালি মোক! তথাপিও সকলোবোৰ সহি সামৰি যি জানো বুজাই দিছিলো। অলপ পাছত মেছেজ কৰিছিল মোক –
: বেয়া নাপাব, আচলতে মাতটো শুনিবলৈহে ফোন কৰিলো। কিমান দিন যে হ’ল আপোনাৰ মাত শুনা নাই।
কথাবোৰ বুজি পাব লাগিছিল তেতিয়াই, কিন্তু নাপালো। টিউৱলাইট যে! সময়বোৰ আগৰ দৰেই গৈ থাকিল হয়; মই তাইৰ ককায়েক হৈয়ে থাকিলোহেঁতেন যদি এদিন তাই নক’লেহেঁতেন –
: পেহীয়ে মোৰ বাবে ল’ৰা এটাৰ কথা কৈছে।
: ভাল কথা। পঢ়ি-শুনি যেতিয়া আজৰি, বিয়া হোৱাই ভাল। বয়সটো আৰু ৰৈ নাথাকে।
– মোৰ খাৰাংখাচ উত্তৰ।
: সব কথাতে ধেমালি নহয়। কথাবোৰ কৈ দিয়াই ভাল নেকি!
: কোনবোৰ কথা?
– অলপ আচৰিত হ’লো।
: আমাৰ সম্পৰ্কটোৰ কথা। এনেকৈ আৰু ভাল লগা নাই।
: কি সম্পৰ্ক আমাৰ! মই তোক ভনী বুলিয়েই ভাবোঁ।
: কিন্তু মই নাভাবো। মই আপোনাক মনে-প্ৰাণে বিচাৰো।
কি ক’ম মই? উত্তৰ বিচাৰি বাকৰুদ্ধ হৈছিলো। নিজৰ কথাই ভাবিছিলো। এটা জীনচ্ যদি দেউতাৰপৰা লওঁ, ইটো সৰকাও বাইদেউৰপৰা। তেনেস্থলত আনৰ দায়িত্ব লোৱাৰ মৰসাহস মোৰ নাই। এদিন কৈছিলো –
: এয়া অসম্ভৱ। তই মোৰ ভনী। আগতেও, এতিয়া আৰু ভৱিষ্যতেও। ইয়াতকৈ আৰু বেছি ভাবিব নোৱাৰো।
তাই উচুপিছিল। মই স্থিতপ্ৰজ্ঞ। এদিন অপূৰ্ণ আশাবোৰ বুকুত বান্ধি বিয়া হৈ গৈছিল পেহীয়েকে কোৱা সেই ল’ৰাটোৰ লগত। মই ককায়েক হৈ বিন্দাচ বিয়া খাই আহিলো। এতিয়া তাইৰ ভৰা সংসাৰ।
মোৰহে দুৰ্দশাৰ ওৰ নপৰিল। চাকৰি এটাত মূৰটো গুজিব পাৰি বিয়াখন পাতো বুলি ভাবিলো। বয়সেও ইতিমধ্যে বিয়াৰ বয়স গৰকিছে। পিছে, ছোৱালী পোৱাটো যে বৰ সহজ নহয় সেয়া গম পাইছোঁ এতিয়াহে। প্ৰথমে ভালেই লাগিছিল। আজি যদি ছোৱালীৰ সন্ধানত লগৰ এটাৰ মাহীয়েকৰ ঘৰত, কাইলৈ আকৌ পেহীৰ ছোৱালীজনীৰ দদাশহুৱেকৰ ঘৰত হাজিৰ হৈছোঁ। কিন্তু বিচৰা ধৰণৰ ছোৱালী হ’লে মিলা নাই। কাৰোবাক যদি মোৰ পছন্দ হয়, তেওঁ আকৌ মোৰ নামটোও শুনিব নোখোজে। কথাবোৰ এনেকুৱা ধৰণৰ! পাছলৈ সকলোৱে এইক্ষেত্ৰত গা-এৰা দিবলৈ ধৰিলে। মইও ধৰি ললোঁ, এই অধ্যায়ৰ আৰম্ভণি নোহোৱাকৈয়ে শেষ হ’ব কিজানি মোৰ জীৱন নাট। তেনেকুৱাতে আশাৰ এগচি চাকি হৈ মোৰ সন্মুখত অগা-দেৱা কৰিলেহি অন্তৰাই। অন্তৰাই মই কৰা স্কুলখনৰ আগৰ স্কুলখনত নতুনকৈ জইন কৰিছেহি। মোৰ জীৱনত ন-বসন্তৰ জোৱাৰ তুলিব পৰাকৈ অন্তৰা সৰ্বগুণে বিভূষিতা। গতিকে পলম কৰাৰ প্ৰশ্নই নাই। আমি সদায় একেখন বাছেৰেই স্কুললৈ যাওঁ। কেতিয়াবা তাইক মই বহি অহা ছিটতো এৰি দিব লাগে। বেয়া নালাগে তেতিয়া। পিছে কওঁ বুলিও মনৰ কথাটোহে ক’ব পৰা নাই। কথা প্ৰসংগত এদিন গম পালো তাই মোৰ ওচৰ সম্বন্ধীয় ভতিজা দীপাংকৰৰ লগত একেলগে কলেজত পঢ়া। দুয়োটাৰে মাজত বোলে ভাল বন্ধুত্বও আছে। সেই তেতিয়াৰেপৰা তাই মোক খুৰা বুলি মাতে। এদিন পটকৈ মনলৈ আহিল দীপাংকৰক কৈয়েচোন কথাটোৰ কিবা হেস্তনেস্ত কৰিব পাৰি। সেই দিনাই নিশা ক’লকতাত কিবা মেনেজমেণ্ট ক’ৰ্ছ কৰি থকা দীপাংকৰক ফোন কৰি পাকে-প্ৰকাৰে মোৰ মনৰ কথা ক’লো। কথা শুনি সি সুধিলে মোক –
: তাই আপোনাক কি বুলি মাতে?’
মই তপৰাই বোলো – ‘খুৰা বুলি। তাত মোৰ কোনো আপত্তি নাই।’
: একেলগে চাকৰি কৰা ছোৱালী এজনীয়ে আপোনাক ছাৰ বা দাদা বুলিও মাতিব পাৰে, কিয় খুৰা বুলি মাতে ভাবি চাওকচোন এবাৰ।
উৰহী গছৰ ওৰ পালো এতিয়াহে। নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। ছেহ্, এই এল ই ডিৰ দিনতো মই টিউৱলাইট হৈয়ে থাকি গ’লো।
☆★☆★☆