ফটাঢোল

ফটাঢোলৰ ৰং – চিদানন্দ বৰা

যান্ত্ৰিকতাৰ পৃথিৱীত বিচৰা যদিহে ৰং ফটা-ঢোলত মাৰা চাব নকৰি বিশেষ তং। হেলমেট পৰিধাৰ্য কথা ইটি অনিবাৰ্য্য নহলে হেৰাব চেতন পৰি শিৰত ঘটং।।   আছে বহু মহা ওজা কথাত সেলেঙীৰ বাণ, মিছাতে চপাই নল’বা বিপদ নাপাবা পৰিত্ৰাণ। গাদীৰে কাটিহে পায় মজা ধুৰন্ধৰ অতি সকলো ওজা চেগ মিলিলেই থুকুচি-মুকুচি কৰিব থান্‌বান্‌।।   জপনা বান্ধে দুপৰ ৰাতি কল্‌মাৰলিৰে আঁতি আঁতি, পুৱাতেই খুলিব আহি গগন ফালে তিৰিক মাতি। ভাৱে দুনাই যোৱা ৰাতি কিমাননো খালে চুলাইৰ বাতি কল্‌মাৰলিৰ নামত দেখোন আছিলহে সিডাল সাপৰ ফেঁটি।।  

Read more

সৰগত হুৱাদুৱা – সোণটো ৰঞ্জন বৰুৱা

চেন্ট ভেলেন্টাইন এতিয়াও ক’মাত। ইফালে ভেলেন্টাইন ডে’ পালেহিয়েই! আনফালে তেখেত যোৱাবছৰ ক’মাত গৈছিল যি গ’লেই, এতিয়াও হুচ অহা নাই। যোৱাবছৰৰ কথা, চেন্ট ভেলেন্টাইনে ভাবিলে,  এতিয়াতো চৌদিশে মোৰ নামৰ জয়জয়কাৰ,  এবাৰ পৃথিবীলৈ গৈ ইঁহতে মোৰ নামত থকা দিনটো কেনেকৈনো পালন চাই অহা ভাল হ’ব। ভবা মতেই কাম,  মুহুৰ্ততে চেন্ট ভেলেন্টাইনৰ বাহন ধৰাত। লেন্ডিং কৰিলেহি ভাৰতত। য’ত লেণ্ডিং কৰিলেহি তাৰ নাতিদূৰতে দোকান এখনৰ বৃহৎ হ’ৰ্ডিংখনত নিজৰ নামত অফাৰ দেখি আচৰিত হ’ল। কিহৰ কিনো অফাৰ বুলি, ভু-ভাকে লঁও বুলি কাঁচৰ দৰ্জাখন ঠেলি ভিতৰলৈ

Read more

'হাই, আই এম বৰ্ণালী' – বৰ্ণালী গগৈ

বনে-জংঘলে ঘুৰি প্ৰকৃতি সংৰক্ষণৰ কাম কৰি ফুৰোতে কামৰ সূত্ৰতে আমি প্ৰায়ে অৰণ্যৰ কাষৰীয়া মানুহবোৰৰ সংশ্ৰবলৈ আঁহো। স্থানীয় ৰাইজৰ মাজত জন সজাগতা গঢ়ি তোলাই এই অঞ্চলবোৰত আমাৰ প্ৰধান কাম। এইক্ষেত্ৰত প্ৰকৃতি সংৰক্ষণৰ বাবে কামকৰা স্থানীয় সংগঠনবোৰেই আমাৰ আৰু গাঁৱৰ মানুহৰ মাজত সংযোগ স্থাপন কৰে। মানাহ সংৰক্ষিত বনাঞ্চল (Manas RF) ৰ উপকণ্ঠৰ অঞ্চলত আমাৰ জন-সজাগতাৰ এনে কাম-কাজবোৰৰ বাবে আমাৰ প্ৰধান অৱস্থান আছিল কয়লাময়লা গাঁও। তাৰ স্থানীয় সংগঠন “নিউ হ’ৰাইজন”ৰ যুৱকসকলে আমাক এই কামত সহায় কৰিছিল। অৰণ্য সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উপৰিও

Read more

প্ৰেমাস্পদৰ প্ৰত্যাবৰ্ত্তন (মূল কাহিনীঃ- হৰিশঙ্কৰ পৰছাই) – অনুবাদঃ- পূৰৱী কটকী

নৈৰ পাৰত বহি দুয়োজনেই শেষৰখন চিঠি লিখিলে,- “এই পৃথিৱীখন বৰ নিষ্ঠুৰ, প্ৰেমিকসকলক লগ হ’বলৈ নিদিয়ে। আমি এই পৃথিৱী এৰি পৰলোকলৈ যাবলৈ ওলায়ছোঁ,  য’ত প্ৰেমৰ পথত কোনো বাধা নাই।” প্ৰেমেন্দ্ৰই ক’লে, – “এই পৃথিৱী বহুত নিষ্ঠুৰ নহয়নে ৰঞ্জনা?” ৰঞ্জনাই সমৰ্থন কৰিলে, – “হয় বহুত নিষ্ঠুৰ।” প্ৰেমেন্দ্ৰই আকৌ ক’লে, – “ইয়াত জুই লাগি নাযায় কিয়, ৰঞ্জনা?” “কাৰণ জুই লগোৱাসকলে আত্মহত্যা কৰি লয় “- ৰঞ্জনাই উত্তৰ দিলে। প্ৰেমিকে অলপ সময় একো ক’ব নোৱাৰিলে। পাছত ক’লে, – “আমি অনন্তকাললৈ পৰলোকত সুখত থাকিম।” প্ৰেমিকাই ক’লে,

Read more

সলিউশন এক্স (একাংকিকা নাটক) (৩য় খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

  অণিমাঃ নাই, তোমালোকৰ গিনিপিগ আছে, বান্দৰ আছে তাৰ ওপৰত পৰীক্ষা কৰা। নিজৰ ওপৰত এই ভূতৰ ঔষধ আৰু পৰীক্ষা কৰিবলৈ নিদিও। শম্ভুনাথঃ ( শান্ত আৰু দৃঢ় স্বৰে) গ্লাছটো দিয়া অণিমা,  মই টেষ্ট কৰিবই লাগিব। অণিমাঃ নিদিও (পেলাই দিব খোজে)। শম্ভুনাথঃ পেলাই লাভ নাই অণিমা। মই পুনৰ তৈয়াৰ কৰি লম। ইয়াত নোৱাৰিলে ইন্সটিটিউটত খাম। টেষ্ট মই কৰিবই লাগিব। অণিমাঃ টেষ্ট কৰিবই লাগিব· শম্ভুনাথঃ হয়। এই অৱস্থাত মই এৰি দিব নোৱাৰো। অণিমাঃ ঠিক আছে কৰা টেষ্ট। (একে শোহাই পি খায়) শম্ভুনাথঃ কি

Read more

গৃহস্থ হোৱাৰ মজা – অগ্নিভ দত্ত

ইঞ্জিনিয়াৰিঙৰ প্ৰথম  চেমেষ্টাৰৰ হোষ্টেলৰ কথা। এমাহমান যোৱাৰ লগে লগে হোষ্টেল লাইফটোৰ লগত এডজাষ্ট হৈ গৈছো আমিবোৰ। ক’ত কি কৰিলে ৰেগিঙৰ পৰা অলপমান হলেও বাছি যাব পাৰি গম পোৱা হৈ গৈছো। আমি কেইটামানে কিছুমান ৰিস্কও লোৱা আৰম্ভ কৰি দিছিলো। গধুলিটো হোষ্টেলত পিলিং-পালাং কৰি চবৰ আগত দেখা দি ৰাতি কলেজৰ লাষ্ট বাছখন খালি হৈ ৯ টা বজাত কাছাৰীলৈ ঘূৰি যাওঁতে তাতে কোনেও নেদেখাকৈ উঠি ৰাতিটো কটনৰ হোষ্টেলত কটাই দিয়াৰও অভিজ্ঞতা হোৱা হ’ল। আকৌ ৰাতিপুৱা কাছাৰীৰ পৰা ৬ টাতে অহা বাছখনত আহি হোষ্টেলত

Read more

অহংকাৰৰ সৌন্দৰ্য – পূণ্য শইকীয়া

বাংলা নাট্যকাৰ মনোজ মিত্ৰৰ “মহাবিদ্যা” নাটকত এটা মেটৰৰ চৰিত্ৰ আছে। চৰিত্ৰটো মদ্যপ। সি প্ৰচুৰ মদ্যপান কৰি লৈ দ্বিতীয় এটা চৰিত্ৰৰ আগত গৰ্ব কৰিছে এই বুলি, -‘কি ভাবিছ তই ? মই স্বয়ং মহাৰাজৰ মেটৰ। মহাৰাজৰ পায়খানা মই চাফা কৰোঁ। তই কোনোবা জনমত মহাৰাজৰ পায়খানা দেখি পাইছ…?’ ঠিকেইতো, স্বয়ং মহাৰাজৰ পায়খানা নিজ চকুৰে দেখিবলৈ পোৱাটো গৌৰৱৰ কথা নহয় কি ? সি অন্যবোৰ মেটৰৰ আগত অহংকাৰ নকৰিব কিয় ? আমাৰ প্ৰধানমন্ত্ৰীৰ দাঢ়ি-চুলি কটা নাপিতটোৱে, ৰাষ্ট্ৰপতিৰ কাপোৰ ধোৱা ধোবাটোৱে, মুখ্যমন্ত্ৰীৰ ঘৰত গাখীৰ দিয়া গুৱালটোৱে,

Read more

সংখ্যাটোৰ আঁৰৰ কথা – গীতিকা শইকীয়া

সংখ্যাটোৰ আঁৰৰ কথা ”ফটাঢোল ”ৰ ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ সমান যোগ্যতা যে নাই সেয়া মোৰ বাৰুকৈয়ে জ্ঞাত। সেয়েহে ডিচেম্বৰৰ মাজভাগত প্ৰশাসকসকলৰ এজন ৰিণ্টুমণি দত্তই মোক আলোচনীখনৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যাটোৰ সম্পাদনাৰ গুৰু দায়িত্ব ল’ব লাগিব বুলি জনোৱাত অলপমান থতমতেই খালো। সাহিত্যৰ ক্ষেত্ৰখনত মই আচলতে ন-শিকাৰু। শিকিবলৈহে চেষ্টা চলাই আছো। গোটত প্ৰতিভাৱান লিখক-লিখিকা বহুত আছে। তেওঁলোকৰ লিখাৰ গুণগত মানদণ্ড বহু উন্নত। তাৰ লগতে অসমৰ সাহিত্য ক্ষেত্ৰৰ ভালেকেইজন পুৰোধা ব্যক্তিয়েই এই আলোচনীখনত তেওঁলোকৰ লিখনি দি থাকে। তেনে অৱস্থাত এয়া মোৰ বাবে ভয় খোৱাৰে

Read more

কৌতুক – প্ৰণৱ সিংহ

(১) শতাংশ দশম মান শ্ৰেণীত সমাজ বিজ্ঞানৰ শিক্ষকে  ছাত্ৰ-ছাত্ৰীক সুধিছে, – ” ৰংঘৰ কোন ৰজাৰ দিনত নিৰ্মাণ হৈছিল? “ উত্তৰ দিব নোৱাৰি সকলো ছাত্ৰ-ছাত্ৰী নিমাত।  ইজনে-সিজনৰ মুখলৈ চাইছে। দহ-পোন্ধৰ মিনিট যোৱাৰ পিচতো কোনেও উত্তৰ দিব নোৱাৰাত শিক্ষকে শ্ৰেণীটোৰ প্ৰত্যেককে দুচাটকৈ দিলে। ছাত্ৰীঃ ছাৰ, – “মোক কিয় দুচাট দিলে! মইতো সমাজ বিজ্ঞানত ছমহীয়া পৰীক্ষাত এশৰ ভিতৰত এশ পাইছিলোঁ!” (২) পৰিৱেশ সুৰক্ষা বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিদ্যালয়ত বৃক্ষৰোপন হ’ল, চাৰিওকাষ পৰিষ্কাৰ কৰা হ’ল। নিমন্ত্ৰিত বক্তাই সাৰগৰ্ভ ভাষণও প্ৰদান কৰিলে। সভাত উপস্থিত সকলোৱে

Read more

হাই-ফাইভ – অমিতাভ মহন্ত

ডেচমণ্ড হেইনচ্ ক্ৰীজত৷ ভাৰতীয় বলিং আক্ৰমণক তচ্‌নচ্ কৰি আকৌ এটা অৰ্ধশতকৰ দিশে অগ্ৰসৰ হৈছে৷ কপিলদেৱৰ নতুন অভাৰৰ প্ৰথম ব’লটোতেই এটা দৃষ্টিনন্দন স্কোৱেৰ কাট্,  ব’ল বীটচ্ দ্যা ফিল্ডাৰ ফৰ য়েট এনাদাৰ ফ’ৰ৷ অভাৰৰ দ্বিতীয়টো ব’ল,  হেইনচ্‌ৰ ক্ৰছ শ্বট্,  বল বতাহত৷ শ্ৰীকান্ত বলৰ পিছে পিছে দৌৰিছে,  এণ্ড ইটচ্ এ চুপাৰ্ব কেটচ্৷ হেইনচ্ আউট৷ ভাৰতীয় দল আনন্দত আত্মহাৰা৷ সকলো প্লেয়াৰ পথাৰৰ মাজলৈ দৌৰি আহিছে৷ শ্ৰীকান্ত আৰু কপিলদেৱে দুই হাত তুলি উভয়ৰে হাতৰ তলুৱাত জোৰে মাৰি দিলে৷ অলপ ডাঙৰ হ’লো৷ গম পালোঁ তেনেকৈ মৰাটোক

Read more
1 101 102 103 104 105 115