ফটাঢোল

হাস্যৰসাত্মক নাটক হিচাপে 'মহৰী' নাটকৰ এটি চমু আলোচনা – চবিনা ইয়াচমিন

নাটক হ’ল দৃশ্য-কাব্য৷ পঢ়া বা শুনাৰ ওপৰিও অভিনয়ৰ মাজেৰে পৰিবেশন কৰা হয় বাবেই নাটক দৃশ্য কাব্য৷ উপন্যাস, কবিতা, গল্প আদি সাহিত্যকৰ্মত ‘দৃশ্য’ গুণটো গৌণ যদিও নাটকৰ ক্ষেত্ৰত ই হ’ল মূখ্য গুণ৷ নাটকত লিখকে যিভাবে মনৰ কথা অংকন কৰে পাঠকে তেনেদৰেই চাবলৈ সক্ষম হয়৷ নাটকত অভিনেতাসকলে অভিনয়ৰ মাজেদি নাটকৰ কাহিনী দৰ্শকৰ কাষ চপাই নিয়ে৷ দৰ্শকে নাট্যকাৰৰ ৰচনা পাঠ নকৰাকৈয়ে অভিনেতাসকলৰ মুখৰ সংলাপ শুনি আৰু অভিনয় দৰ্শন কৰিয়েই সকলো ঘটনা বুজিব পাৰে৷ জীৱনৰ বাস্তৱ ৰূপ পৰিবেশন কৰাৰ বাবেই নাটক অন্যান্য কলাতকৈ অকৃতিম

Read more

ব্যংগ সাহিত্যৰ মহীৰূহ আবুল মনচুৰ আহমদ – ভাস্কৰজ্যোতি দাস

আমাৰ উপ-মহাদেশত ব্যংগ সাহিত্যৰ ধাৰাটো শতিকাৰ হিচাবত পুৰণি৷ ভাৰতত মোগল শাসনৰ মধ্যভাগৰে পৰা ব্যংগ সাহিত্যৰ লেখা-মেলাৰ চিন্তন এটা আৰম্ভ হৈছিল৷ তেতিয়া সম্ৰাটৰ লগতে কৰতলীয়া ৰজাসকলৰ নিৰ্দেশমতে হাস্য-ব্যংগ ৰচনা কৰি ৰজাঘৰীয়াক মেহফিলত সন্তুষ্ট কৰিলে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আছিল৷ বৃটিছৰ সময়চোৱাত ব্যংগ সাহিত্য কিছু বিকশিত হয় যদিও প্ৰচাৰ আৰু প্ৰসাৰৰ দৈন্যতাত পাঠকৰ মাজলৈ যাবলৈ অক্ষম হয়৷ বিংশ শতিকাৰ আৰম্ভণিৰে পৰা কিছু পৰিমানে পট পৰিৱৰ্তন ঘটে আৰু ব্যংগ সাহিত্যৰ বহু লেখা বিভিন্ন মাধ্যমত প্ৰকাশিত হয়৷ ভাৰতৰ হাস্য-ব্যংগাত্মক লেখাৰ ধাৰাটোক সাহিত্যৰ আওতালৈ অনাত যিসকল

Read more

এদিন বামুণৰ, এদিন বহুৱাৰ – পৰী পাৰবীন

ঠাণ্ডা দিনকেইটাত ৰাতি দেৰিলৈকে ফেচবুক কৰি, ৰাতিপুৱা আঠটালৈকে বিচনাত লেলাই গেঁথাই পৰি থাকি দহবজাত অফিচ পোৱাটো কিমান কষ্টৰ কথা সকলোৱে জানে । ৰাতিপুৱা দুঘণ্টা মানে যুদ্ধৰ আখৰা। কোনেও কালৈকো চাবলৈ সময় নাই। টিফিন,ব্ৰেকফাষ্ট, পানীৰ মেশ্বিন, ৱাছিং মেশ্বিন সমানে সমানে চলাই থাকোতে দশভূজাৰ হাতকেইখন যেনিবা লগ লাগেহি । পিছে কি হ’ব, ইমানবোৰ হাত থাকোতেও পাহৰা মগজুটোৰ কাৰণে কেতিয়াবা পানীৰ মেচিনটোকে অন কৰি গুছি যাওঁ, কোনোবাদিনা আগফালে দুৱাৰ দাং, পিছফালে ধোবাংবাং হৈ থাকে, কেতিয়াবা গে’টেৰে ভিতৰ সোমাই ওলাব নোৱাৰি বাহিৰৰ ছাগলীয়ে দিনটো

Read more

পূণ্য, মূল: হৰিশংকৰ পৰচাই – অনুবাদ: পৰিস্মীতা গগৈ

এবাৰ এজন ব্যক্তি মৃত্যুৰ পিছত পৰলোকত উপস্থিত হ’ল আৰু তেওঁক ন্যায়ৰ বাবে ধৰ্মৰাজৰ সন্মুখত হাজিৰ কৰোৱা হ’ল। ধৰ্মৰাজে সচিবক সুধিলে, “এইজন ব্যক্তিৰ কৰ্মৰাজিৰ বিৱৰণ দিয়া। সচিবে ক’লে, “দেৱ! ই অত্যন্ত পাপী আৰু অত্যাচাৰী আছিল। ইয়াক সমাজে নৰপিশাচ বিশেষণেৰে বিভূষিত কৰিছিল। কিমান যে মানুহৰ জীৱন ধ্বংস কৰিলে। ইয়াতকৈ ডাঙৰ নৰপিশাচ চাগৈ খুউৱ কমহে ক’ৰবাত আছে। ই ক্ৰূৰ, কপট, পাষণ্ড আৰু অন্যায়ী আছিল।” ধৰ্মৰাজে সুধিলে, “ইয়াৰ মৃত্যু কেনেকৈ হ’ল?” সচিবে ক’লে,” ই আত্মহত্যা কৰিলে দেৱ!” ধৰ্মৰাজে অলপ সময় কিবা চিন্তা কৰিলে। তাৰপিছত

Read more

মা ঘৰত নাই – বৰ্ণালী ফুকন।

জানুৱাৰী মাহৰ ঠেটুৱৈ ধৰা ঠাণ্ডা। স্কুলৰ পৰা আহিয়ে ফুকননীয়ে চাহৰ আউল মাৰি তিনিওটা ল’ৰা-ছোৱালীকেইটাক সেক ল’বলৈ জুইৰ কাষলৈ মাতিলে। ফুকন ৰাতিপুৱাতে ওলাই গৈছে ডিউটিলৈ বুলি। মৰিয়নী পাবগৈ, গতিকে তেওঁ কাইলৈহে ঘূৰিব। দিনটো স্কুলত ল’ৰা-ছোৱালীৰ লগত চিঞৰি অহা ফুকননীয়ে এইকণ সময়ে শান্তিত বহিবলৈ পায় । কিছু সময়ৰ পিছত ৰাতিৰ সাজ ৰান্ধিবলৈ যো-জা কৰিবৰে হ’ব। আজি গাটোও তেওঁৰ বৰ জ্বৰ-জ্বৰ লাগিছে। হ’লে কি হ’ব, নিজে নাখালেওঁ ল’ৰা-ছোৱালী কেইটাক এমুঠি দিব লাগিব। এইবোৰ ভাবি-গুণি বহি থাকোতে বাহিৰত কলিং বেল বাজি উঠিল ।উফ! এই

Read more

অথ বণিক-সম্বাদ -খগেশ সেন ডেকা

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) একালৰ এটি গুপুত কাহিনী ৷ এজন পচামাল, আই মিন আমি যে কওঁ গেলামাল, সেইবিধ মালৰ দোকানী আছিল ৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই ৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান ৷ দোকানীজন আছিল বিৰাট বপুৰ ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত থুলন্তৰ চেহেৰাৰ ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি “লখিমী ভাণ্ডাৰ” ৰখা হৈছিল, সকলোৰে মুখে মুখে সি ‘পেটলাৰ দোকান’ হিচাপে সেই ঠাইত ফেমাচ হৈ পৰিছিল ৷ হওঁতে দোকানীজনৰ ভাল নাম এটা আছিল ৷ পিছে

Read more

হেপি বিহু – সোমেশ্বৰ বৰা

এবেগেতীয়াটোৱে সংকেত দিলেই, “হেপি বিহু”। সেয়েহে হ’বলা গা-টোও সাতখন আঠখন, ৰণজিত-ৰণজিত লাগিল। এনেয়ে আজি এসপ্তাহ আগৰে পৰাই সুলভ হৈয়ে আছে বিজতৰীয়া চেনেল বিহু। “কালৰো কাল বিপৰীত কাল”, গুৱাহাটীৰ বজাৰত বিক্ৰী হ’ল মেজি। এয়া হেনো নৱ প্ৰজন্মক শিকোৱা কিটিপ। হাঁয় মোৰ কপাল! এপদ এপদ কৈ এনেকৈয়ে নীলাম কৰিছো আমাৰ বাপতি সাহোনবোৰ। মেজি বিক্ৰীৰ নামত বিক্ৰী কৰি দিলো ভোগালী তথা আমাৰ আত্মা, অসমীয়া সত্তা। “ফাট মেলা বসুমতী পাতালে লুকাওঁ“ ….এনেয়ে মূৰ গৰম, তাতে আহি গ’ল “হেপি বিহু“। গাঁৱৰ(মোৰ নিজৰ গাঁও)ঘৰলৈ টালি-টোপোলা বান্ধি

Read more

কৌতুক – ধনজিৎ বৰুৱা

দুজন বন্ধু হাবিতলীয়া বাটেৰে গৈ আছিল , ভালুক এটা হঠাৎ আহিল ৷ এজন গছত উঠিল ,এজন মৰা ভাও জুৰি পৰি ৰ’ল ৷ভালুকে শুঙি গুছি গ’ল ৷ লগৰ জনে আহি ভালুকে কি ক’লে সুধিলে ৷ বন্ধুজনে ক’লে “কওঁ জানো !তই লাজ পাবি” ৷ কচোন ক ভালুকটোৱে মোক ক’লে ” তই তু তয়ে কটা নিধক ,গছত উঠাটোৰ গাৰ গোন্ধও কম নহয় , কিমান দিন গা ধোৱা নাই।গীনিজ বুকত নাম উঠিব “ ☆★☆★☆

Read more

ভিক্ষাৰী – সমুজ্জল কাশ্যপ

  তাইক আজি প্ৰচণ্ড চৰ শোধালো বাপ্পেকে। মোক ভিক্ষাৰী বুলি কয়.. ইম্মান সাহস! বিয়া হোৱা আমাৰ এসপ্তাহ হৈছে। ডিজায়াৰখন লৈ অলপ লং ড্ৰাইভ কৰি আহো বুলি দুয়ো আবেলি ওলাই আহিছিলোঁ। বহল হাইৱেটোৰে ১০০/১২০ স্পীডত গাড়ীখন নচলালে কিবা চলোৱা যেন নালাগে। তাই বাৰে বাৰে বাধা দি আছিল মোক, ইমান স্পীডত বোলে চলাব নালাগে। কোনোদিনে গাড়ী চলোৱাটো বেলেগে কথা, কাৰো গাড়ীত বহিয়েই নোপোৱা ছোৱালীজনীয়ে মোক শিকাব আহিছে গাড়ী চলোৱাৰ কথা! “হা! হা! বাদ দিয়া হে, একো নহয়…….” বুলি এক্সেলেটৰডালত জোৰেৰে হেঁচি ধৰিলো।

Read more

কৌতুক – দীপজ্যোতি নাথ

মোৰ নিচিনা অজলা ল’ৰালৈ ছোৱালী নপতে !! তাই ঃ তুমি পেচা হিচাপে কি কৰা ? মই ঃ টেট মাষ্টৰ !! তাই ঃ ৱাও ! আৰু নিচাত কি কৰা ? মই ঃ সেইটো নিচা লগাৰ ওপৰত নিৰ্ভৰ কৰে !! তাই ঃ মানে ? মই ঃ মানে বেছি নিচা লাগিলে মই বমি কৰো,আৰু কম লাগিলে কবিতা লিখো !! তাই ঃ 😡😡 গাধ চাল্লা !! মোক মেচেজ নিদিবা নেক্সট ! ☆★☆★☆

Read more
1 110 111 112 113 114 115