ফটাঢোল

বুদ্ধিজীৱী নোহোৱাৰ উপায় – পুণ্য শইকীয়া

বুদ্ধুজীৱী: এশ পইচাই এটকা হয়। হয়নে? বুদ্ধিজীৱী: নহৈ পাৰেনে? বুদ্ধু: তেন্তে কোৱাচোন, কিমান বুদ্ধিৰে এক বুদ্ধিজীৱী হয়? বুদ্ধি: তোমাকে সুধিছোঁ বাৰু-মূৰত কিমান গোবৰ থাকিলে এজন গোবৰ ৰজা হয়? বুদ্ধু: ফাজলামি নকৰিবা। মই ছিৰিয়াছ। তুমিয়েই কেৱল বুদ্ধিজীৱী হ’বা নেকি? মই হ’লে কিবা জগৰ লাগে নেকি? মোক বুদ্ধিজীৱী হোৱাৰ টিপছ দুটামান শিকাই দিয়া। বুদ্ধি: ঠিক আছে বাৰু। কিন্তু জীৱী কথাটো পাছত। প্ৰথম কথা তোমাৰ বুদ্ধি অলপ আছে নে নাই? নে চোৰ গ’লেহে সেই পদ সামগ্ৰী ওলায়? বুদ্ধু: মোৰ বুদ্ধি বহুত আছে। মোক

Read more

মম’ পুৰাণ – অমৰজ্যোতি বৰা

“দাদা কি খাব?” হোটেলৰ কৰ্মচাৰীজনে মোক সুধিলে। “এক প্লেট মম’” “কি মম’দিম?” ওৱা, ই কয় কি? মম’ৰো বেলেগ বেলেগ ভাগ আছে নেকি? মোকতো সি অকল মম’ বুলিহে কৈছিল। মইতো জীৱনত মম’ দেখিয়ে পোৱা নাই, ভাগ কৰোঁ কেনেকৈ। এতিয়া কি কওঁ, মনে মনে ভাবিবলৈ ধৰিলোঁ, গঞা বুলি গম পাবই এতিয়া। লগা লগ ডিমাগ লগালোঁ, গাঁৱতো মোক সৱেই স্মাৰ্ট বুলিয়েই জানে । “কি কি আছে তোমালোকৰ ইয়াত?” “দাদা, চিকেন আৰু পৰ্ক মম’হ’ব।” “চিকেন এক প্লেট দিবা, সম্পূৰ্ণ গহীন হৈ অৰ্ডাৰ দিলোঁ”৷ আচলতে

Read more

জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) – পল্লৱী কলিতা

নতুনকৈ বিয়া হৈ গৈছোঁ। ভাত খাবলৈ গোটেইবোৰ একেলগে বহোঁ। ভাত নাওমান লওঁ‌ আৰু। প্ৰথম দুদিনমান আকৌ এবাৰ ভাত খোজাৰ লাজত আধা পেটী হৈ মনে মনে শুই থাকোঁগৈ। তৃতীয় দিনলৈ নোৱাৰিলোঁ আৰু৷ খুজিলোঁ নহয় আকৌ এবাৰ ভাত। সৱৰে মুখত হাঁহি, বোলে ন-কইনাই ভাত লৈছে প্ৰথম বাৰ। ভাত খাই শেষ কৰোঁ মানে শাহুৱে জোৰ কৰি আকৌ এবাৰ দি দিয়ে- “আজি ইমান ভাল পাইছোঁ তুমি যে তৃপ্তিৰে ভাত সাজ খাইছা!” “মা আৰু নোৱাৰিম পেট ভৰি গল।” এই বুলি কৈ আছোঁ৷ কিন্তু মায়ে মৰম

Read more

আধুনিক অসমৰ মঞ্চ আন্দোলন : অসমী গগৈ

যি সময়ত বিশ্বৰ বিভিন্ন ঠাইত নাটকৰ মঞ্চসজ্জা, মঞ্চ নিৰ্দেশনা বা মঞ্চ নীতিৰ বিভিন্ন ধাৰা গঢ় লৈ উঠাৰ লগতে সেইবিলাকৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছিল, সেইসময়ত আমাৰ অসমত মঞ্চ আন্দোলনৰ বীজ ৰোপণ হৈছিলহে মাথোন। মঞ্চ নাটকৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন বয় বস্তু, নীতি নিৰ্দেশনা আদিক লৈয়ে অসমৰ নাট্যকাৰ তথা অভিনেতাসকল ব্যস্ত আছিল। উনবিংশ শতিকাৰ শেষলৈকে অৱশ্যে অসমত মঞ্চ আন্দোলনে গা কৰি উঠিব পৰা নাছিল। আনকি প্ৰাচীন লোকনাট্যসমূহো পৰিবেশিত হৈছিল মঞ্চহীন মুকলি পৰিবেশত। ইয়াৰ উদাহৰণ ওজাপালি আৰু অংকীয়া ভাওনাসমূহ। গুণাভিৰাম বৰুৱাই ৰামনৱমীৰে সূচনা

Read more

ফটাপ্ৰেম – মৃদুলা গগৈ

‘প্ৰেম’ শব্দটোৱেই এটা অপূৰ্ব শব্দ। তাতে যদি প্ৰেমৰ কাহিনী হয়। আহ! ক্ষন্তেকৰ বাবে হ’লেও মনটো আলোড়িত নহয়নে? লাগিলে সেয়া ফটাপ্ৰেমেই নহওক কিয়। প্ৰেমৰপৰাইতো ফটাপ্ৰেম। মই তেতিয়া H.S. পঢ়ি আছোঁ। তেতিয়ালৈকে স্কুলীয়া হৈ আছোঁ কাৰণ মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। চাইকেল চলাই স্কুললৈ অহা যোৱা কৰোঁ। মোৰ ঘৰৰ ওচৰৰে কলেজত পঢ়া ল’ৰা এটাৰ লগতে মই প্ৰায়ে যাওঁ। দুয়োটাই সমানে সমানে চাইকেল চলাই কথা পাতি পাতি আহি থাকোঁ। সি কলেজত সোমাই আৰু মই কলেজৰপৰা ‍১ কি.মি.মান দূৰৈত থকা মোৰ স্কুললৈ যাওঁগৈ। কলেজৰ

Read more

গজল: সঙ্গীতৰ এক যাদুকৰী পৰশ – সঞ্জীৱ মজুমদাৰ।

ঊৰ্দু সাহিত্যৰ আটাইতকৈ মনোমোহা তথা অভিন্ন অংগ হৈছে শ্বায়েৰী। শ্বায়েৰীৰ অৰ্থ হ’ল এক সাংগীতিক লয়যুক্ত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল এই শ্বায়েৰীসমূহ, যি মায়াজালে যুগ যুগ ধৰি মানুহক বিমুগ্ধ কৰি আহিছে। শ্বায়েৰীবোৰক ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু সুৰেৰে সমৃদ্ধ আৰু মননশীল প্ৰেমৰ কাব্যিক প্ৰকাশ এই শ্বায়েৰীবোৰ হৈ পৰে একো একোটা হৃদয়স্পৰ্শী গজল। শ্বায়েৰী আৰু ধ্ৰুপদী সঙ্গীতৰ সমন্বয়ৰ এক অপূৰ্ব অভিব্যক্তিৰ নিদৰ্শনেই হৈছে গজল। গজল

Read more

নাম বিভ্ৰান্তি – ধৰিত্ৰী শৰণীয়া

প্ৰেম আৰু মোৰ মাজত যেন এক এৰাব নোৱাৰা সম্বন্ধ আছে। বাৰে বাৰে প্ৰেমত পৰো মই! কেতিয়াবা যদি ৰাস্তাৰে খৰ খোজেৰে দেউতাকৰ লগত ফোনত উচ্চস্বৰত কথা পাতি আহি থকা চছমা পিন্ধা ল’ৰাটোৰ প্ৰেমত পৰো আৰু কেতিয়াবা সাতমাইলত পাছলি বেচা ল’ৰাটোৰ! কোনোদিন হয়তো শুক্ৰেশ্বৰ মন্দিৰৰ ওখ-পাখ পাহোৱাল ডেকা পূজাৰীজনে মোৰ বুকুত ক’ব নোৱাৰাকৈয়ে অবুজ প্ৰেমৰ জোৱাৰ তোলে। আজি লিখিবলৈ লোৱা প্ৰেম কাহিনীটো হ’ল মোৰ ডিগ্ৰী পঢ়া সময়চোৱাৰ। ব্যক্তিগত কাৰণত আগতে পঢ়া কলেজখনত এদমিচন নল’লো। মামাই এবছৰ এনেয়ে যাব বুলি “পাণ্ডু কলেজত” লেট

Read more

গেদেং খানা খাবি আৰু – সদানন্দ দত্ত

তেওঁৰ নাম আচলতে নিতুল কোঁৱৰ,পিছে নিজৰ সৰবৰহী তিৰোতাগৰাকীক চিঞৰি ” ঐ গেদেং ” বুলি মাতে কাৰণে তেওঁৰ জোকোৱা নাম গেদেং।সাদৰী তিৰোতাগৰাকীক বাসন্তী নামেৰে সকলোৱে মাতে।আমাৰ ভাড়াঘৰতে থাকি এটি সন্তান জন্ম দিয়াৰ তিনিবছৰৰ পিছতে গেদেং নিজৰ ঘৰখনলৈ গ’লগৈ।মোৰ ঘৰৰ পৰা দুই কিলোমিটাৰমান দূৰৈত মাটি কিনি বাঁহ-কাঠেৰে ঘৰখন তৰি ল’লে। গেদেং কোম্পানীৰ চাকৰিয়াল, বহুবছৰ অস্থায়ীকৈ কৰি থকাৰ পিচত স্থায়ী হোৱা দুবছৰ হ’ল। গেদেং আমাৰ ঘৰলৈ মাজে সময়ে আহে,চাহ-জলপান খাই কথা-বতৰা পাতি যায়গৈ।আহিলেই তেওঁৰ ঘৰলৈ নিমন্ত্ৰণী দিয়ে -“ঐ চাৰ,আপোনাৰ ঘৰতে মোৰ সম্পত্তিখোৱাটো জনম

Read more

প+য+স+প – ঈশানজ্যোতি বৰা

বেলেগ কি হৈছে-নহৈছে; সেইবোৰ পাছৰ কথা৷ পেট্ৰ’লৰ দামে এশৰ ঘৰ চোৱে, দুশৰ ঘৰ চোৱে, আলু-কচুৰ কেজি গৈ পঞ্চাছ-ষাঠি হয়গৈ-সেইবোৰ তথ্য পাছত৷ আগতে ফূৰ্তি, ৰং-তামাছা, হৈ-হাল্লা৷ আৰু ৰং-তামাছা মানেই উৎসৱ; যিটো বস্তু আমাৰ এইফালে উভৈনদী৷ অভাৱ-অনাটন, দুৰ্ভিক্ষ-দুৰ্যোগ এইবোৰ বস্তু ৰাজ্যত থাকেই, থাকিবই৷ কিন্তু সেইবুলিয়েই যে আমি ফূৰ্তি নকৰিম, হৈ-হাল্লা নকৰিম তেনে কথা হ’ব পাৰে জানো! একেবাৰে নীতি-বৰ্হিভূত কথা৷ সিপিনে ছেপ্টেম্বৰ মাহ সোমালেই৷ উৎসৱবোৰো চমু চাপি আহিছে৷ গতিকে ৰাইজ সাজু হ’বৰ হ’ল৷ উৎসৱৰ আনন্দত আত্মসমৰ্পণ কৰিবলৈ ৰাইজ সাজু হ’বৰ হ’ল৷ ‘বাই হুক

Read more

লিমাৰিক : ধৰ্মজ্যোতি ভট্টাচাৰ্য

১. চহৰৰ বোৱাৰী শাহু হ’ল গাঁৱৰ মুখত থাকে দুয়োৰে ক’লা ডাৱৰ শাহুৱে ভাবে ৰহ আঠুৱা তলৰ মহ বোৱাৰীও নহয় দেই কম ভাৱৰ।। ২. বোৱাৰীজনী হেনো এম এ পাছ নাজানে ভূই ৰোৱা নামাৰে মাছ শাহুৱেকে দিলে চৰু বোৱাৰীও নহয় সৰু হাত পুৰি বেচেৰীয়ে কৰে আছ আছ।। ৩. শাহুৱেক মাষ্টৰণী বোৱাৰী লেকচাৰাৰ পোহাৰী চুপতিলৈনো সময় আছে কাৰ পুতেকে ৰান্ধে ভাত বাপেকে ধোৱে পাত কাম কৰি মতাবোৰৰ উঠে হাই প্ৰেচাৰ।। ৪. বোৱাৰীয়েক লেহেমীয়া শাহু খৰধৰ ঘনে ঘনে লেট্ৰিনলৈ মাৰি থাকে লৰ গা ধোৱা

Read more
1 23 24 25 26 27 115