ফটাঢোল

কোমল চাউল – সুস্মিতা দাস

ফাইনেল পৰীক্ষা দি ঘৰতে বেকাৰ সন্থা জিন্দাবাদ কৰি বহি আছোঁ৷ দৈনিক কাৰ্যতালিকা প্ৰায় এনেকুৱা ধৰণৰ আছিল- ৰাতিপুৱা শুই উঠি ইটো সিটো কৰি, গা ধুই লৰালৰিকৈ পুৱাৰ জলপান খাই কোনোবা চেনেলৰ ৮.০০/৮.৩০ ৰ চিনেমা চাবলৈ বহি যাওঁ৷ দুপৰীয়া ১২ বজাত খৰধৰকৈ ভাত খাই বাচনখিনি যেনে-তেনে ধুই বেলেগ এখন চিনেমা চাবলৈ বহি যাওঁ৷ দীঘলীয়া বিজ্ঞাপনবোৰত মাজে মাজে উঠি গৈ কাপোৰ সামৰোঁ, জাঁপি থওঁ, ঘৰ ঝাৰু দিওঁ, পাৰিলে পাঁচ বজাৰ একচন চিনেমাখনো এৰি নিদিওঁ৷ চিৰিয়েলবোৰৰ কথা নকলোৱেই আৰু৷ কিহৰ তাড়নাত মায়ে গৰু পিটন

Read more

মেংগ’ ডেফিচিয়েনচি ডিজিজ্ – অশোক কুমাৰ নাথ

(১) “অ’ কাইটি, ক’ত গৈছিলা ?” “এ নকবি দে ৰূপম, আমাৰ এই হৰেণক ঠগেন্দ্ৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। বিয়া পতা এবছৰেই হোৱা নাই, কিবা জলকা মাৰি থকা হৈছে। তাকে দেখালোঁগৈ ডাক্তৰক।” “হেই কাইটি! সেইটো ডাক্তৰ নহয়তো৷ সেইটো বেজহে৷ আজিৰ দিনত বেজৰ ওচৰলৈ যায় নেকি! তোমালোকো যে আৰু দেই৷ “ইহ! টিথেচকোপ লৈ চাইছে আক’!” “ইহ! থোৱা থোৱা৷ ষ্টেটচকোপ্ (Statoscope) লৈ চালেই ডাক্তৰ হৈ যাব নেকি কাইটি? বাৰু, কি হৈছে বুলি কৈছেনো?” “কেইবাটাও পৰীক্ষা কৰিলে। তাৰ পিছত ক’লে, হৰেণৰ মেংগ’ ডেফিচিচি ৰোগ

Read more

ইমাৰ্জেন্সি ভাজি – তৃষ্ণা সোণোৱাল

“শিয়াল, কেলেহুৱা বান্দৰ। দিনটো বিছনাখনকে ঘেলেকী থাক। বান্দীয়ে খোৱাই দিবলৈ আছোঁৱেই নহয়।” গোটেই ঘৰটোৱেই কঁপি উঠিল কৰ্কশ মাতষাৰত। মানুহজনীৰ মুখৰ যিহে ভাষা, লাজতে যেন মেকুৰীজনীয়েও ঠাইতে মুখখন লুকুৱাই পেলালে। “ৰাতিলৈ তেল দাইল একো এটা নাই। বোলো আনিবলৈ যাবিনে?”একো উত্তৰ নাপাই ধেনাৰ টেমাৰ ৰঙা তাঁৰ ছিগো ছিগো হ’ল খঙতে। “এহ ধেনা কিনো গলা ফালি আছ ইমান গৰমত। এইখনকে ঘূৰাই দে হুঁ”, নিৰ্লিপ্ত সুৰেৰে এইবাৰ মেয়ঙে ধেনালৈ বিচনীখন আগবঢ়াই দিলে। ধেনাজনী তেতিয়ালৈ ধেনা হৈ থকা নাছিল, সাইলাখ পুৰণি চিনেমাৰ টেলেকা চকুৱা গুণ্ডি

Read more

একমাত্ৰ নাটকখনৰ কাহিনী – মাধুৰ্য গোস্বামী

নৱম শ্ৰেণীত পঢ়ো তেতিয়া। ২০০৭ চনৰ কথা। প্ৰস্তাৱ আহিল স্কুলত নাটক কৰাৰ। নাটকৰ নাম ক্ৰিমিনেল, স্কুলৰে ছাৰ এজনে লিখা। মুখ্য ট্ৰেজিক চৰিত্ৰটো মানে ধৰক শ্বোলেৰ অমিতাভ অথবা তেনেকুৱা ৮০-৯০ দশকৰ গুলীত মৰা হিৰোকেইটাৰ দৰে চৰিত্ৰটো মোক দিলে। মানে নাটকতো শেষত উগ্ৰপন্থী ভাইটিৰ হাতত গুলী খাই মৰিব লাগে মই। সাংঘাতিক ডায়লগ আছে। যেনে ধৰক, “মদৰ দোকানত বহি গাখীৰ খালেও মানুহে কিন্তু মদ খোৱা বুলিয়েই ভাবে” ধৰণৰ। আখৰাতো ধামাকা এক্টিং দেখুৱালো প্ৰথম দিনা। সকলোৱে ক’লে বোলে প্ৰথম পুৰস্কাৰটো তয়েই পাবি। উফ্, কি

Read more

আঁৰৰ কথা – খনিন্দ্ৰ ভূষণ মহন্ত

বাতৰি কাকতখনৰ লগত অহা ‘বিহু সংখ্যা’ৰ আলোচনীখনত চকু ফুৰাই তাৰ খং উঠি গ’ল। তাৰ চকুৱে-মুখে যেন কোনোবাই জুই একুৰাহে জ্বলাই দিলে! হাতত লৈ থকা আলোচনীখন টেবুলতে থেকেচকৈ পেলাই মুখৰ ভিতৰতে ভোৰ-ভোৰাই ক’লে, “কাম নাই এইবোৰৰ। সদায় কেৱল সেই একেবোৰ নাম দেখি দেখি আমনি লাগিছে। সেইটোও মানি ল’ব পাৰি, যদিহে লেখাটোৰ মান থাকে। সেইফালেও দেখোন বর্তাই ৰাখিব পৰা নাই। নতুন নাম এটাওনো থাকিব নালাগেনে! ইমাননো নতুনকৈ ভাল লিখা মানুহৰ অভাৱনে?” বিপ্লৱ কৌশিক ফেচবুকৰ সাহিত্য জগতখনৰ তেনেই এক চিনাকি নাম। বয়স হিচাপে

Read more

শনীয়া-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

আজি তাৰ টাৰ্গেট বেলেগ। ল’ৰাৰ কলেজৰ এডমিচনৰ পইছাটো আজি গণেশগুৰিৰ দোকানবোৰৰপৰা সংগ্ৰহ কৰিহে ঘৰ উভতিব সি। সদায় সদায় সন্ধিয়া উভতি আহি ফাঁকি দিব নোৱাৰি ঘৰত। নিজৰো মৰ্য্যদা বুলি কথা এটা আছে। যোৱা চাৰিটা দশক সি গণেশগুৰিৰ দোকানবোৰৰপৰা উঠোৱা পইছাৰেই কোনো অসুবিধা নোহোৱাকৈ স্বাচ্ছন্দ্যৰে নিজৰ ঘৰখন পোহপাল দি আছে। পইছাৰ পিছত লাগি থাকোতে সি নিজৰ নামকেই পাহৰি পেলাইছে আনকি। সদায় পইছা বিচাৰে কাৰণে কোনোবা দোকানীয়ে তাৰ নাম ‘শনি’ ৰাখিছিল, সেই শনিটোৱে মাৰোৱাৰী বিহাৰী দোকানীৰ মুখত পৰি ‘শনীয়া’ হৈ পৰিল পিছত। অৱশ্যে

Read more

টেল অৱ্ এ শ্বৰ্টকাট – মণিষা কাকতি

“There are no shortcuts to any place worth going.” — Beverly Sills বিজ্ঞ লোকসকলে কৈ গৈছে যে জীৱনত লক্ষ্যপ্ৰাপ্তিৰ বাবে কেতিয়াও শ্বৰ্টকাট ল’ব নালাগে। কাৰণ, সেই শ্বৰ্টকাটে আপোনাৰ জীৱনৰেখাডালো আপুনি নভবাকৈয়ে ছৰ্ট কৰি দিব পাৰে। লং-কাট এৰি শ্বৰ্টকাটৰ মোহত বন্দী হ’লে সোণৰ লংকাত জুয়ে ঘেৰি ধৰাৰ দৰে আপোনাৰ সুখময় জীৱনতো দুখৰ বহ্নিশিখাই ঘেৰি ধৰিব পাৰে। শ্বৰ্টকাটৰ লোভে ‘পাল এণ্ড কোম্পানী’ সাম্ৰাজ্যৰ কেনেকৈ পতন মাতিলে দেখিছেই নহয়! গতিকে, কোনো এটা কাম সমাপ্ত কৰাৰ বাবে যিমানখিনি সময় বা শ্ৰমৰ দৰ্কাৰ সেই কামটোত

Read more

কাকতিৰ সংসাৰ – তৃপ্তি বৰা

অনলাইনত মগাই অনা লং ব্লেক গাউনটো পিন্ধি কিমিয়ে নিজকে আইনাত সোঁৱে-বাঁৱে চালে। মুখত তাইৰ অসন্তুষ্টিৰ ভাৱ স্পষ্ট। এইবাৰ তাই গাৰ্ডাৰডাল খুলি চুলিখিনি মেলি, মুখখন জোঙা কৰি চালে, ওহোঁ মুখত এতিয়াও অসন্তুষ্টি। এবাৰ কঁকালত এখন হাত থৈ, এবাৰ দাঁত উলিয়াই আকৌ এবাৰ মিচিকিয়া হাঁহি মাৰি বিভিন্ন ভংগীমাত তাই আইনাখনত নিজকে চায়ো সুখী হ’ব নোৱাৰিলে। মুখখনত অসন্তুষ্টিৰ ভাবটো লৈয়ে তাই, পছন্দৰ চকলেটটো নাপায়, থেনথেনোৱা কেঁচুৱাজনীৰ দৰেই থেনথেনাই কাষতে কঁকালত হাত থৈ থিয় হৈ থকা মাকক ক’লে, : একদম চ্চিপ লাগিছে জানানে মাম্মা।

Read more

ঘৰৰ ওপৰত ঘৰ-আঁঠুৱা তৰি মৰ – জিমি শইকীয়া

মাহঁতক বুজাই আছোঁ বোলো তোমালোকৰ এই মাইনাছ জিৰ’ ফিগাৰৰ ছোৱালীজনীৰ তেজ খাই মহে চুইচাইড কৰিবলৈ নাহে। হেৰৌ মহে মোৰ তেজ খাবলৈ আহি তাইৰ/তাৰ শুং মোৰ গাত লগোৱাৰ লগে লগে ডাইৰেক্ট হাৰ্ডিত পৰি শুং ভাঙি যাব। হাত চাপৰি নমৰাকৈয়ে মোৰ দৰে কায়াৰ অৱতাৰবোৰে মহ বধ কৰিব পাৰোঁ। ‌পৃথিৱীৰ ভিতৰত টান পোৱা কাম এটা আছে যদি এই আঠুৱা তৰা কামটোৱেই টান। অ’ৰ পৰা তলৈ ত’ৰ পৰা তলৈ কৰি দীঘ-প্ৰস্থ বিচাৰ কৰি তুলিত খুচি খাছী লোৱাটো মস্ত জেংকাৰ কাম। যিয়ে এই কামটো সুচাৰুৰূপে

Read more

এজন হিৰ’ৰ অপমৃত্যুত: জয়ন্ত শৰ্মা

তেতিয়াই বিমানে প্ৰতিজ্ঞা কৰিলে যে লাগিলে হাফপেণ্ট পিন্ধিব, লুঙী পিন্ধিব। তথাপিও কিন্তু…. বিমান গাঁৱৰ ল’ৰা। তিতাবৰ টাউনৰ পৰা ১৬ কি:মি: দূৰত বিমানৰ ঘৰ। হ’লেও সি চহৰৰ আওভাও পায়। সপ্তাহত তিতাবৰত দুদিন হাট বহে। গৰু, ছাগলী, হাঁহ, পাৰৰ এখন মস্ত বজাৰ। সেই হাটৰ পৰাই মিঞা বেপাৰী বিলাকে হাঁহ কিনি ডিব্ৰুগড়, শিৱসাগৰলৈ চালান দিয়ে। তিতাবৰতকৈ সেইবিলাক ঠাইত হাহঁৰ চাহিদা বেছি। প্ৰায় বজাৰতে ৩০০/৪০০ হাঁহ কিনা বেচা হয়। বেপাৰী বিলাকে হাঁহৰ ওজন বঢ়াবলৈ দুই তিনিটা আঠিয়াকল হেঁচি-থেলি হাঁহৰ টোঁটোলাত ভৰায়। বেপাৰী বিলাকৰ এই

Read more
1 29 30 31 32 33 115