ফটাঢোল

ভাষা, সমাজ ইত্যাদি — খগেশ সেন ডেকা

ভাষা হ’ল মানৱ সমাজৰ যোগাযোগৰ বাচিক মাধ্যম৷ মানৱ শৰীৰৰ বিশেষ অংগ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনি-প্ৰতীকৰ সৈতে অৰ্থৰ সংযোগৰ নামেই ভাষা৷ ভাষাৰ ধ্বনি প্ৰতীকবোৰ আকৌ যথেচ্ছ (Arbitrary)৷ অৰ্থাৎ, ধ্বনি বা ধ্বনি সমষ্টিৰ সৈতে সেই ধ্বনিয়ে প্ৰকাশ কৰা অৰ্থৰ কোনো সহজাত সম্বন্ধ নাই৷ এই সম্বন্ধ মানি লোৱা সম্বন্ধহে আৰু ই এক পৰম্পৰাৰে মানুহৰ মুখ বাগৰি চলি আহিছে৷ উদাহৰণ স্বৰূপে কুলাৰ দৰে কাণ দুখনেৰে সৈতে বিৰাট বপুৰ জন্তুটোৰ নাম আমাৰ ভাষাত হাতী কিয় হ’ল, সেই প্ৰশ্ন কোনেও, কেতিয়াও কৰা নাই৷ আজিৰে পৰা যদি

Read more

প্ৰৱঞ্চনাকাৰী পত্নী (মূল – টম পিচক’) – অনুবাদ: নিৰ্মালী বৰমূদৈ

মাৰ্কাচ ওচবৰ্নে মেজখনৰ ওপৰত ভৰি পাক খুৱাই এক বিশেষ ভংগীমাত বহি আছিল। তেওঁ ভাবিছিল “এই সময়ত যদি কােনোবা মোৰ অফিচত আহে, তেওঁ ভাবিব যে মই সঁচা অৰ্থত সুখী আৰু এজন সক্ষম প্ৰাইভেট ডিটেক্টিভ।” বয়স ত্ৰিছৰ ওচৰে পাজৰে ওচবৰ্ন ৬ ফুটতকৈ সামান্য ওখ, ক’লা চুলিৰে এক সুঠাম চেহেৰাৰ অধিকাৰী। তেওঁ নিজেও এই কথা মানিছিল। তিনি বছৰ ব্যৱসায় কৰাৰ পিছত তেওঁৰ প্ৰাইভেট ডিটেক্টিভ এজেঞ্চিটোৱে চহৰখনত এটা সুকীয়া নাম কৰিছিল। তেওঁ এজন অবিবাহিত  প্ৰেমিক আছিল। মাথো সমস্যাটো হ’ল তেওঁ বিবাহত মহিলা এগৰাকীৰ প্ৰেমত

Read more

দুৰ্নীতি প্ৰতিষেধক ভেক্চিন– পূণ্য শইকীয়া

সন্তৰামঃ এনেকুৱা হ’ব পাৰে নেকি? দন্তৰামঃ এনেকুৱা? মানে কেনেকুৱা? সন্তৰামঃ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতিষেধক এটা ভেক্চিন বা টেবলেট বা এণ্টিবা’য়টিক কেপচুল আৱিষ্কাৰ কৰিব নোৱাৰিনে? দন্তৰামঃ তাৰ মানে তুমি দুৰ্নীতিৰ নতুন এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ কথা কৈছা। আচ্ছা ঠিক আছে-কামটো কোনে কৰিব.. WHO সন্তৰামঃ অ’, WHO এ কৰিব, মানে বিশ্ব স্বাস্থ্য সংস্থাই কৰিব? দন্তৰামঃ ঠিক আছে তোমাৰ কথামতেই বাৰু ভেক্চিন ওলাল। তাৰ পাছত? সন্তৰামঃ দুৰ্নীতি পৰায়ণ আৰু ভ্ৰষ্টাচাৰী মানুহবোৰক ধৰি ধৰি ঠিক পাছফালৰ টপিনাতে এই ইঞ্জেকচনটো দি দিব লাগে। এমাহতে চৰকাৰী

Read more

অতিথি হৈছে দেৱতাৰ দৰে – সৌমিত্ৰ যোগী

বহুদিন কাকো ঘৰলৈ খোৱা-বোৱাকৈ মতা নাই। সন্মুখত গৰমৰ বন্ধটো দেখিয়েই আমাৰ এওঁৰ প্ৰথম সেইটো কথাই মনলৈ আহিল। মই ক’লোঁ – “সদ্যহতে নালাগে ৰ’বা”। মই কিয় নালাগে বুলি ক’লোঁ এওঁ সুধিলে, মই মুখেৰে একো নামাতিলোঁ। মই নীৰৱতা আৰম্ভ কৰাই গোটেই ঘৰখনৰ কোনো জীৱৰে মুখৰ মাত নাইকিয়া হ’ল। ভাগ্যে প্ৰেছাৰ কুকাৰৰ হুইচেল, বাচন-বৰ্তনৰ টুং-টাং শব্দকেইটা জীয়াই আছিল। ভাবিলোঁ এই কথাই কথা নহয়, আলহী মাতিব লাগিল। মই বোলোঁ হেৰা, তুমি নাভাবিবা যে মই পইচা খৰচ হোৱাৰ ভয়তে মানুহ মাতিবলৈ বেয়া পাইছোঁ। আচলতে কি

Read more

সম্পাদকীয়–হেমন্ত কুমাৰ কাকতি

চেন্স অৱ হিউমাৰ: বহুদিন আগতে নানা পাটেকাৰৰ চিনেমা এখন চাইছিলোঁ৷ চুবুৰীয়া ঘৰৰ মানুহ এজনৰ ঘৈণীয়েকৰ জন্মদিন উদযাপন কৰি কিবা কিবি হৈ হাল্লা হৈ থাকোতে পাটেকাৰৰ টোপনি নোহোৱা হয়৷ শেষত বন্দুক এটা লৈ শূন্যতে দুবাৰমান ব্লেঙ্ক-ফায়াৰ কৰি তাহাতৰ ঘৰ গৈ ওলাই গৃহস্থক সোধে, “ইটনা সন্নাতা……না না…. ইটনা চৌৰ চাৰাবা কিউ হেই ভাই?”, লজ্জিত ভদ্ৰলোকে কয় বোলে তেওঁৰ আজি স্ত্ৰীৰ জন্মদিন৷ তাতে পাটেকাৰে পুনৰ সোধে- “তো কৌনচা তীৰ মাৰ লিয়া জনম লেকে? আঔৰ ইনমে তুমহাৰা কনট্ৰিবিউচন ক্যা হেই?” আচলতে কথাটো হ’ল কিছুমান

Read more

সাক্ষাৎকাৰ: ‘মহাৰাণী’খ্যাত বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে এক অন্তৰংগ আলাপ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

অসমীয়া বোলছবি তথা ভ্ৰাম্যমাণ নাট্যজগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক আপোনাসৱৰ মাজত নতুনকৈ পৰিচয় কৰাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। দূৰদৰ্শন ছিৰিয়েল “বৰ্ণালী”, আৰু “মহাৰথী” বোলছবিখনৰ যোগেদি অভিনয় জগতত প্ৰৱেশ কৰা প্ৰস্তুতি পৰাশৰে ভালেকেইখন অসমীয়া ছিৰিয়েল আৰু বোলছবিত অভিনয়ৰ জৰিয়তে অসমীয়া দৰ্শকৰ মানসপটত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে ইতিমধ্যেই। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে “মৃগনাভি” চলচিত্ৰখনত “সোণতৰা” চৰিত্ৰটিত কৰা অনবদ্য অভিনয়ৰ বাবে দাদা চাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেচটিভেলত ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ সন্মান বুটলি অসমবাসীক ধন্য কৰিছে। ভ্ৰাম্যমাণ নাটকতো প্ৰস্তুতি পৰাশৰৰ অভিনয় মানেই নিতৌ তিনি

Read more

আমাৰ প্ৰথম গাড়ীখন – মণ্টু কুমাৰ ডেকা

শীতৰ কোনোবা এটা গধূলি খেৰ ভৰোৱা সেই বস্তাকেইটাৰ ওপৰত “দ” হৈ শুই মই জুইৰ মধুৰ আমেজ লোৱাত ব্যস্ত।ওচৰতে দেউতাৰ দুই এজন বন্ধু, মা, ককাইদেউ, বাইদেউ আৰু হলধৰ খুড়া। তেওঁলোকে কি কথা পাতিছে তাত মোৰ মন কাণ নাই। ওচৰতে শুই থকা কালুৰ ফালে চাই তাৰ নকল কৰি আছো। মাজে-মাজে তাৰ দৰে এটা চকু মেলি তাৰ ফালে চাইছো, সিও চাইছে, চকুৱে চকুৱে পৰাত সি নেজডাল লৰাইছে, মই আকৌ চকুকেইটা মুদি দিওঁ, আকৌ চাওঁ। কালুৰ লগত আমি আমাৰ নিজৰ পৃথিৱীত ব্যস্ত। বাকী কথাত

Read more

ফটা প্ৰশ্ন

১)মৌচুমী গগৈ: ফটহু কাই এনেকুৱা এটা বস্তুৰ নাম কওকচোন ,যাৰ মূৰ আৰু নেগুৰ আছে কিন্তু সি জীৱিত নহয় ? ফটহু:- মৰা ঢোঁৰা সাপ। ২)নুটনদ্বীপ মোহন: এককেজি মাগুৰ মাছৰ দাম ৮০০/- টকা হ’লে একপোৱাত কেইটা মাগুৰ পাম? ফটহুঃ- প্ৰশ্ন স্পষ্ট নহয়, থাইলেণ্ড মাগুৰ নে লোকেল, সেয়া জানিলেহে উত্তৰ দিব পৰা যাব। ৩)ৰাজু কুমাৰ নাথ: ফটহু কাই, “হিমা দাস”আমাৰ অসমৰ গৌৰৱ। এই কথাটোত মনোযোগ দিয়াতকৈ বহুতে বিশ্বকাপত গুৰুত্ব বেছি দিয়াত দুখ পাইছো। এনে আচৰণে আমাক ক’লৈ লৈ যাব? ফটহুঃ- গৌৰৱ সকলোৱে কৰিছে

Read more

গীত – চৈয়দ আহমেদ শ্বাহ

এই পৃথিবীখনেই এক ফুটবল তুমিও খেলিব পাৰিবা লঠিয়াই ফুৰিব পাৰিবা যদি আছে বাহুবল ফুটবল ফুটবল বিশ্বকাপ ফুটবল যদিহে চাবলে বিচাৰা নালাগে ৰুচিয়ালৈ যাব নালাগে টিভিত চাব ইতিহাস পঢ়িলেই হব ফুটবল ফুটবল বিশ্বকাপ ফুটবল বিশ্বকাপ এটি সুৰাৰ পিয়লা এই সুৰাৰ ৰাগীত তুমি আমি মতলীয়া ৰাতি দিন এক কৰি অলীয়া বলীয়া মোৰ দেশে যদি খেলা নাই কি হল আনে যেতিয়া দিয়ে গল লাজ মান কাটি কৰি আমিও চিয়ঁৰো গ’ল…..গ’ল ….গ’ল বোৱাওঁ উল্লাসৰ ধল মোৰ দেশে যদি খেলা নাই কি হ’ল… আমি জানো

Read more
1 43 44 45 46 47 115