ফটাঢোল

সাত্বিক আহাৰ – অতুল নাথ

দেওবাৰ ,বজাৰ অকনমান কৰো  বুলি ওলাই আহি চক পাইছো।দেখিলো লগৰে মানে আমাৰ ষ্টাফৰ দেউ এজন বাছ খনৰ পৰা নামিছে।খুৰীয়েক ঢুকাল আজি চাৰিদিন হ’ল।কালি তিলনি কৰি আজি কোৱাৰ্টাৰলৈ আহিছে ছাগে।ওচৰলৈ গৈ সবিশেষ খবৰ ললোঁ। “বাপ,তেনেহলে ব্ৰততে আছে  এইকেদিন?”মই সুধিলোঁ। “দস্তুৰমত ব্ৰত কৰিব লগা হৈছে, একেবাৰে নিজৰ খুৰী যে” বাপৰ উত্তৰ। ” পিছে বাপ,দায় নধৰিব কথা এফেৰি সোধো,আপোনাৰ মুখত যে ভেকেটা ভেকেট গোন্ধ এটা পালোঁ, মানুহটোও একেবাৰে প্ৰফুল্ল প্ৰফুল্ল দেখিছোঁ, ৰাতিপুৱাই নাড়ী শুদ্ধি (তেওঁলোকৰ ভকতীয়া ভাষাত ঘটং বিধ ধৰাটোক নাড়ী শুদ্ধি বুলি

Read more

চুৱা – ৰিণ্টুমনি দত্ত

প্ৰিয় সাহিত্যিক দেৱব্ৰত দাস চাৰৰ কিতাপ এখনৰ পৰা চুৰ কৰি অনা হাইকু এটাৰেই আৰম্ভ কৰোঁ‌। “…দুবৰি ফুলাৰ বতৰত চকুপানী হাঁহি হোৱালৈ বাট চাবা ডালিম পকিলেই আমি যাম ৷ প্ৰেমৰ স্বৰ্ণ-মন্দিৰলৈ , আৰু গাম প্ৰেমৰ আবহ সংগীত…” “তেতিয়া কক্ষ্যচ্যুত হ’ব ভানু মধ্যাহ্নৰ বেলা। মামা, এতিয়াও ম্লান নোহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ’ব পাৰোঁ‌ সূতপুত্ৰ, হ’ব পাৰোঁ‌ বিশ্বৰ অস্পৃশ্য; তথাপিতো সখা বুলি, বন্ধু বুলি এবাৰ যাক সাবটি ধৰিছোঁ মামা, শত শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ; লক্ষ লক্ষ দৈৱকী নন্দনে, নোৱাৰে চিঙিব

Read more

কাছ আৰু শহাৰ দৌৰ — অলকেশ ভাগৱতী

কাছ আৰু শহাপহুৰ সাধুটো শুনিছে নিশ্চয়! এয়া আজিৰ পৰা প্ৰায় ৭৫ বছৰৰ আগৰ কথা৷ ভাৰতবৰ্ষত তেতিয়া গান্ধী বংশৰ শাসন আৰম্ভই হোৱা নাছিল৷ জৱাহৰলাল নেহৰুৱে সুভাষ বসুক লেং মাৰি নিজ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ নানা চিন্তা চৰ্চা কৰি থকাৰ সময়তেই এদিন শহা আৰু কাছৰ মাজত এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ল৷ শিয়ালে হুইছেল বজোৱাৰ লগে লগেই শহাই উচেইন ব’ল্টৰ দৰে ধুমুহাৰ গতিত দৌৰ আৰম্ভ কৰি পাঁচ মিনিটমানৰ ভিতৰতেই প্ৰায় আধা ডিষ্টেন্সৰ বেছি ক’ভাৰ কৰি ল’লে৷ ফিনিছিং লাইন পাবলৈ মাত্ৰ চাৰি মিনিটমান থাকোঁতে শহাই

Read more

পাখৰী আৰু হাঁহিবোৰ – মাধুৰীমা ঘৰফলীয়া

সেইখন ঘৰ মোৰ দ্বিতীয় এখন ঘৰৰ দৰে আছিল। ঘৰত থাকিলে দিনৰ দিনটো তাতেই থাকোঁ। মই নগ’লে সেইখন ঘৰৰ ডাঙৰ ছোৱালীজনী আমাৰ ঘৰত থাকেহি। সেইদিনাও মই তাত আছিলোঁগৈ। ঘৰৰ মূৰব্বীজন সম্বন্ধত মোৰ দৌতি হয়। সেইদিনা আইতা আৰু দৌতি শিৱসাগৰৰ টাউনলৈ কিবা বজাৰ কৰিবলৈ গ’ল। গতিকে ঘৰৰ ৰখীয়া হিচাপে দৌতিহঁতৰ তিনি গৰাকী ছোৱালী ক্ৰমে মুন,ভণ্টি,মাইনা আৰু লগত মই। দৌতিহঁত ওলাই যাবলৈহে পালে হাতত বুটমাহ লৈ আমি বাৰাণ্ডাত বহি ঘৰৰ সমুখৰ চেপন চূণপোৰা আলিৰে যোৱা গাড়ী হিচাপ কৰিবলৈ ধৰিলোঁ। এই বুটমাহ আদি খোৱা বস্তুবোৰ

Read more

খুচুৰা পইচাৰ বোমা – ৰঞ্জিত হাজৰিকা

বাহিৰত মাজনিশাৰ ঘোপ মৰা অন্ধকাৰ৷ নিশাচৰ দুই-এটা নাম নজনা চৰাইৰ বিকট মাত৷ চিপচিপীয়া এজাক বৰষুণ আৰু মাজে মাজে বলি থকা বতাহছাটিয়ে নিশাটোক আৰু ৰহস্যময় কৰি তুলিছে৷ সেই ৰহস্যত ভৌতিক অনুভূতি সানি ঘৰটোৰ দ্বিতীয় মহলাৰ খোলা খিৰিকীখনৰ পৰ্দাৰ ফাঁকেৰে জান-নাজানকৈ দেখা গৈছে এটা ছায়ামূৰ্তি৷ যেন ওপৰ মহলাৰ খিৰিকীখনৰ বাহিৰৰ ফালে শূন্যতে ওপঙি আছে ছায়ামূৰ্তিটো৷ ৰাজহাড় শীতল কৰি দিব পৰাকৈ পৰিবেশটো আৰু বেছি জয়াল কৰি তুলিছে ৰৈ ৰৈ ভাহি অহা নুপূৰৰ শব্দই, ৰুণজুণ, ৰুণজুণ৷ কোনোবা অতৃপ্ত আত্মাই মাজনিশা মোৰ বেডৰুমৰ খিৰিকীৰ কাষত

Read more

আপদীয়া পদ্য – হেমেন ডেকা

১) বাদুলিয়ে কলঠোক খোৱা বুলি ক’বলৈহে পালে বাদুলি বিচাৰি বহু ডেকাই বিম্বাশবদে লৰ দিলে ক’লৈ পলাল নিশাচৰ সৱেই বোলে ধৰধৰ ধেই,কল দেখোঁ পকাই নাই-খেনোৱে আহি ক’লে৷ ২) বোন্দা মেকুৰী এটাৰ অন্তৰত বৰ দুখ বহুদিন হ’ল- দেখাই নাই মাছৰ মুখ বজাৰত দেখো জুই ৰজাঘৰো আছে শুই হতাশ বিড়ালে কাঁইট চেলেকিয়ে লভে সুখ৷ ৩) খাহী ছাগলীয়ে কি বুজিব ঘাতকৰ দৃষ্টি কিয়নো বাৰু ইমান আদৰ-যত্নৰ বৃষ্টি খন্তেকীয়া সুখৰ জীৱন লাভ কৰে সশ্ৰদ্ধ তোষণ নেজানিলে সি যে বৰভোজৰ বাবেই সৃষ্টি৷ ☆★☆★☆

Read more

ভগৱান কোন ? — নয়ন জ্যোতি দাস

সাধৰণতে সন্ন্যাসী বা ভগৱান বিশ্বাস কৰা লোকসকলে কোৱা শুনিবলৈ পোৱা যাই যে পূজা কৰিব লাগে। সঁচাকৈয়ে পূজা কৰিব লাগে। পূজা কৰিলে মানসিক শান্তি পোৱাৰ লগতে মনত বিশ্বাস বাঢ়ে, লগতে সেই বিশ্বাসে জীৱনটোক আাগুৱাই নিয়াত সহায় কৰে। কিন্তু পূজা কৰাৰ অৰ্থ বা মনোভাৱ এনে হ’ব নেলাগে যে ম’হ, হাঁহ, আদি নিৰ্বোধ জীৱবোৰক ভগবানৰ নামত বধ কৰিলে ভগৱান সন্তুষ্ট হ’ব। “ কৰ্মই ধৰ্ম” বুলি এষাৰ কথা আছে। প্ৰতিবছৰে দেখি আহিছো যে পূজা বুলি হাজাৰ হাজাৰ নিৰ্বোধ জীৱবোৰক আমি ভগৱানৰ নামত নিধন কৰি

Read more

ধোবি আৰু গাধ (মূল : সন্তোষ মাহাতু) – অনুবাদ : বিজু বুঢ়াগোহাঁ‌ই

এসময়ৰ কথা, এখন গাঁ‌ৱত এজন বৰ অজলা আৰু সৰল মনৰ ধোবি আছিল। তেওঁৰ কোনো সতি-সন্ততি নাছিল। এদিন তেওঁ বজাৰলৈ যাওঁ‌তে এজন শিক্ষকে তেওঁৰ ছাত্ৰক কৈ থকা শুনিলে, “মই ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছোঁ‌।” কথাটো শুনি ধোবিজনে ইমানেই স্ফূৰ্তি পালে যে দৌৰি পত্নীৰ ওচৰলৈ গৈ ক’লে, আজি বজাৰলৈ যাওতে বৰ অদ্ভুত কথা এটা শুনিলোঁ‌। এজন মানুহে কৈ আছিল তেওঁ হেনো বৰ ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছে। আমাৰ যিহেতু সন্তান নাই, আমাৰ ঘৰৰ গাধ এটাকে যদি মানুহজনে মানুহ বনাই দিয়ে কিমান যে ভাল হ’ব!

Read more

সপোনঃ এক মিঠা ৰহস্য — উৎপলা শইকীয়া

“সপোন”, কহুঁৱা-কোমল অনুভূতিৰে আৱৰি ৰখা এটা মায়াময় শব্দ৷ আশাৰ অনেক কিৰণেৰে উদ্ভাসিত এটি ছন্দোময় আৱেগ৷ সুকোমল অনুভূতিৰ পৰা দৃঢ়তাভৰা অনুশীলনৰ ৰূপান্তৰলৈকে বিস্তাৰিত হৈ থাকে সপোনৰ এই সুবিশাল পৰিসৰ৷ এটা মিঠা সপোন পৃথিৱীখনক হেপাঁহ পলুৱাই চোৱাৰ৷ শুকুলা ডাৱৰৰ স’তে লুকাভাকু খেলি শৈশৱতে দুচকুত সানি লোৱা এটি মিঠা সপোন আমি সকলোৱে লৈ ফুৰোঁ। বুকুত বান্ধি যেন আজীৱন ধৰি ৰাখিম সোণোৱালী শৈশৱক হেঁপাহৰ আঁচলেৰে মেৰিয়ায়৷ জাৰৰ কুহুমীয়া পুৱাটিত মিঠা ৰ’দ একাঁজলিৰ সপোন, গ্ৰীষ্মৰ ভৰদুপৰীয়া এচাটি মৃদু মলয়াৰ সপোন৷ নীলা আকাশ এখন হেঁপাহ পলুৱাই

Read more
1 45 46 47 48 49 115