ফটাঢোল

সাত্বিক আহাৰ – অতুল নাথ

দেওবাৰ ,বজাৰ অকনমান কৰো  বুলি ওলাই আহি চক পাইছো।দেখিলো লগৰে মানে আমাৰ ষ্টাফৰ দেউ এজন বাছ খনৰ পৰা নামিছে।খুৰীয়েক ঢুকাল আজি চাৰিদিন হ’ল।কালি তিলনি কৰি আজি কোৱাৰ্টাৰলৈ আহিছে ছাগে।ওচৰলৈ গৈ সবিশেষ খবৰ ললোঁ।
“বাপ,তেনেহলে ব্ৰততে আছে  এইকেদিন?”মই সুধিলোঁ।
“দস্তুৰমত ব্ৰত কৰিব লগা হৈছে, একেবাৰে নিজৰ খুৰী যে” বাপৰ উত্তৰ।
” পিছে বাপ,দায় নধৰিব কথা এফেৰি সোধো,আপোনাৰ মুখত যে
ভেকেটা ভেকেট গোন্ধ এটা পালোঁ, মানুহটোও একেবাৰে প্ৰফুল্ল প্ৰফুল্ল দেখিছোঁ, ৰাতিপুৱাই নাড়ী শুদ্ধি (তেওঁলোকৰ ভকতীয়া ভাষাত ঘটং বিধ ধৰাটোক নাড়ী শুদ্ধি বুলি কয়)কৰিলেনেকি ?ব্ৰতত থাকোতে সেই ভাগ ধৰিব পাৰে জানো?”
“আপুনি একোডালেই নেজানে,অহাভাগেই আছে,বুজিছে?”বুলি মোক একপ্ৰকাৰ দমেই দিলে তেওঁ।
মই বোলো, “একোডালেই নজনা নহয়,কাৰণ চুলি দাঢ়ি বোৰ জানো ৰ’দ বতাহত বগা হৈছে,।অৱশ্যে আপোনাতকৈ অলপ কম জানো।কিন্তু কেলেই ক’লে বা?”
“হুইস্কি,ব্ৰাণ্ডি বোৰ কিহৰপৰা বনাই জানেনে ?আপেল, আঙুৰ,কল ,নাৰিকল আদি ভাল ভাল ফলৰ ৰসৰ পৰা বনাই।গতিকে বৰতীয়া মানুহৰ বাবে একনম্বৰ সাত্বিক আহাৰ  এই ঘটং এটুপি ঘৰৰ পৰা বাছত উঠিব আহোতেই দি আহিলোঁ, নে মই ভুল কৰিলোঁ?”বাপে কৈ গ’ল।
“কি সুন্দৰ যুক্তি ।বাপ, আপোনাৰ এই নতুন আবিষ্কাৰে সমাজখনৰ বৰ উপকাৰ কৰিব দেই” বুলি মই ফালৰি কাটি গুছি আহিলোঁ।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *