যেতিয়া মই মানুহ নামৰ কুকুৰ পুহিছিলোঁ মূল–অভিৰঞ্জন কুমাৰ অনুবাদ–চবিনা ইয়াছমিন
এয়া সেই সমৰয়ৰ কথা আছিল, যেতিয়া মানুহ আৰু কুকুৰৰ মাজৰ পাৰ্থক্য ক্ৰমে কমি গৈ আছিল৷ কুকুৰৰ সন্মান বাঢ়ি গৈ আছিল আৰু মানুহৰ মৰ্যাদা কমি গৈ আছিল৷ কুকুৰ পোহা কামটো মই আৰম্ভ কৰা নাছিলোঁঁ৷ ককাদেউতাৰ দিনৰ পৰাই মানুহে কুকুৰ পুহি আহিছিল৷ কিন্তু বৰ্তমান কুকুৰ পুহি কিছুমান মানুহে একে ৰাতিতে নিজকে প্ৰতিষ্ঠা কৰি লৈছে৷ পদূলি মুখত যেতিয়া কুকুৰে ভোকে, তেতিয়া সমাজত তেওঁৰ সন্মান বাঢ়ি যায়৷ এয়া সেই সময়ৰ কথা আছিল, যেতিয়া মোৰ সন্দেহ হ’বলৈ লৈছিল; মানুহে কুকুৰ পুহিছিল নে কুকুৰে মানুহ পুহিছিল৷
Read more