ফটাঢোল

আদৰ্শ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

বহুদিনৰ পৰা ফোন কৰি মাতি আছিল কলিতাদাই তেওঁৰ ঘৰলৈ। যাম যাম বুলি মনত ইচ্ছা এটা থাকিলেও সময়ৰ অসুবিধাতে যাব পৰা নাছিলোঁ ইমানদিনে। আজি দিনত কলিতাদাৰ ফোনটো পোৱাৰ পিছতে তেওঁৰ অনুৰোধ উপেক্ষা কৰাটো সম্ভৱ নহ’ল। তেওঁৰ ছোৱালীজনীৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে, সেইকাৰণে ৰাতিৰ ভাতসাঁজ খাবলৈ মাতিছে। কলিতাদা মানুহজন মোৰ বহুত পুৰণি চিনাকি। মই কলেজত পঢ়ি থকা সময়তে কলিতাদাই একেখন চহৰতে থকা চৰকাৰী অফিচ এটাত কেৰাণী চাকৰি কৰিছিল। সেই সময়ত আজিৰ দৰে টেম্পো ট্ৰেকাৰবোৰ নাছিল কাৰণে সকলো মানুহৰ বাবে সুবিধাজনক যোগাযোগৰ ব্যৱস্থা

Read more

আহ, সোণৰ অসম গঢ়োঁ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: নাই, এনেকৈ নহ’ব। কিবা এটা কৰিব লাগিব অলকে টেবুলখনত ঢকিয়াই কোৱা কথাখিনি শুনি ৰবীনে তাৰ মুখলৈ চাই ৰ’ল অলপ দেৰি। হঠাতে অলকৰ কি হ’ল একো ধৰিব নোৱাৰিলে সি। কিছুপৰ মৌনতা…. : বুজিছনে, মন যায়। সাংঘাটিক কিবাকিবি কৰিবলৈ মন যায়। অসমখন সোণৰ কৰি পেলাবলৈ মন মোৰ। আজিলৈকে মনতে ভাবিছিলোঁ কিবা কৰিম। আজি…এতিয়াই ডিচাইড কৰি দিলোঁ, হাতে-কামে কৰিম। ৰবীনে এতিয়াও একো বুজা নাই। : জ্বলিছে বুজিছ জ্বলিছে। দেখা নাই? এনেকৈয়ে অসমৰ ৰেহ-ৰূপ সলনি কৰিব লাগিব। : হয়, দেখিছোঁ। টায়াৰ জ্বলা ফ’টো

Read more

ৰাজতন্ত্ৰ – ভাস্কৰ বৰ ডেকা

এই যে ৰাজতন্ত্ৰ সাধাৰণে নুবুজা এক যন্ত্ৰ৷ অসমত হ’লে বানপানী নিদিয়ে বেলেগ ৰাজ্যই মানি আৰু বেলেগ ৰাজ্যত হ’লে অসমে দিয়ে জনসাধাৰণৰপৰা টানি টুনি৷ লোকেল সমস্যাবোৰ নকৰে সমাধান আৱেগেৰে বজাই ৰাখিব খোজে আমাৰ মান লাগিলে যিমান নাযাওক অসমীয়াৰ প্ৰাণ৷ সকলোতে নমাই ভক্তসকলে ৰাজনীতি তলেতলে কিন্তু ইহতৰ বিৰাট মিলাপ্ৰীতি৷ আজি এইটো দল কালি সেইটো দল পৰস্পৰে পৰস্পৰৰ পিঠি খজুৱাই উলিয়ায় মন্ত্ৰণাৰ মল। ☆★☆★☆

Read more

দৈনন্দিন – ৰাজীৱ শৰ্মা

আমি বহুদিনৰেপৰা ফেচবুক ফ্ৰেণ্ড আছিলোৱেই। কিন্তু অকল বন্ধুহে। না কোনোবাদিনা সোঁ-শৰীৰেৰে লগ পাইছিলো, না কোনোদিন ইনবক্সত হাই, হেল্ল কৰিছিলো।ফেচবুকৰ লিখনিত লাইক, কমেণ্টেৰে আমাৰ বন্ধুত্ব আগবাঢ়িছিল। কিন্তু কথাতে কয়-আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম,বিধাতাই বোলে ময়ো পাছে পাছে যাম।আমাৰ এই বন্ধুত্ব বিধাতাৰ সহ্য নহ’ল।কাজেই এদিন এক এৰাব নোৱাৰা সমস্যাত পৰি তেওঁৰ লগত কথা পাতিব লগা হ’ল।গতিকে সহজ উপায় বিচাৰি ইনবক্সতে মেছেজ এটা দিলোঁ, -জৰুৰী কথা এটা আছিল, সময় পালে লাইনত আহিবাঁচোন । ঈশ্বৰৰ নামত শপত খাই কৈছোঁ, বিদ্যা ইয়াতকৈ এটা শব্দও

Read more

ফটা প্ৰেম – বিউটি হালৈ মেধি

ক্লাছ নাইনৰ ঘটনা। ৰাইজ মই কিন্তু নিমাখিত প্ৰাণী দেই। তেতিয়া এইবোৰৰ একো ভুৱে নাপাওঁ। ছোৱালী স্কুলত পঢ়িছিলোঁ বাবে ল’ৰাৰ পৰা সাত মাইল দূৰত অৱস্থান মোৰ। ঘৰতো বৰ শান্ত আছিলোঁ অমিতাভ বচ্চনৰ দৰে নতুন চাবোনেৰে প্ৰথম গা ধুব পালে মোৰো নিজকে লিজেণ্ড ফিল হয় বাবে এদিন ৰাতিপুৱাই বাইদেউৰ লগত কাজিয়া। কথা হ’ল মই আগতে গা ধুম। কাজিয়া গৈ এনেকুৱা পৰ্যায় পালে বাইদেৱে ক’লে, “তই যদি এতিয়াই মৰ মই গোপাল থানত এক পোৱা চেনি দিম।” মই জানো কম। মইও কলো,” তই মৰিলে

Read more

নেভাৰ গিভ আপ – ঈশান জ্যোতি বৰা

(১) বেংকৰ পৰা আজি বৰুৱা পাঁচ মিনিট সোনকালে আহিল৷ তিতাকেৰেলাৰ ভাজি, বেচনত ভজা বেঙেনা আৰু পোৰা বিলাহী পিটিকাৰ দুৰ্দান্ত সহযোগত প্ৰাণচঞ্চল হৈ উঠা ভাতকেইগৰাহ পেটলৈ নিলে৷ খাই-বৈ এহাতে বাতৰি-কাকতখন আৰু আনটো হাতে চকী এখন লৈ বৰুৱা তাৰপিছত আগচোতাললৈ ওলাই আহিল৷ গলখেকাৰি দুটামান মাৰি চকীখনত বৰুৱা মহাজনৰ দৰে বহি ল’লে৷ এতিয়া বৰুৱাই পেপাৰ পঢ়িব৷ কিমান দিন যে হ’ল-ভালদৰে পেপাৰখন নপঢ়া৷ আজি সেয়ে পেপাৰ পঢ়াৰ উদ্দেশ্যৰেই বৰুৱা পাঁচ মিনিট সোনকালে আহিছে৷ পিচে কথাতে কয়; বোলে-দাতাই দিলেও বিধাতাই নিদিয়ে৷ পৰম আগ্ৰহৰে বৰুৱাই ‘দিনটোৰ

Read more

ফটাপদ্য – কাজল প্ৰিয়া

গোলোকৰ পুতেকৰ নামটো থুলুক, পেন্ট এটা পিন্ধি থাকে সোলোক ধোলোক। এদিন থুলুক আছিল হাঁহ গিলি পুলুক পুলুক পেটে কৰিলে ঘুলুক ঘুলুক, থুলুক গৈ পালেগৈ কোনোবা মুলুক।। দিম্পল টুইংকল আৰু ফেভিকল, দেৱু দাই খাই গোটা ভীমকল। বিজয় দাই পুহে হাঁহ কম্বল, জিমলৈ গৈ মাৰি থাকে ডামবেল। খকুৱাৰ ৰাণী বাই মিতালী, খাবলৈ পালে দুয়োহাতে বজাই তালি। চাবলৈ গৈ ডুব যোৱা বেলি, লাং খাই পৰি আছিল হেনো আজি আবেলি।। গ্রুপৰ হেনচু এভাৰগ্ৰীণ হেকা, হ’বলৈ নিদিয়ে হেনো কঁকালটো বেঁকা। খিয়ালত মৰে ফটাঢোলৰ ডেকা, বুঢ়াৰ

Read more

ফটা প্ৰেম ওৰফে ঠেং ভঙা প্ৰেম – ৰাজশ্ৰী শৰ্মা

২০০৬ চনৰ কথা। ডিগ্ৰী পঢ়ি আছিলো তেতিয়া কলিকতাত। লগত দেউতা আৰু সৰু দাদা, সি তেতিয়া কলিকতাতেই MBA কৰি আছিল । বঙালী ভাষাৰ ওপৰত লাহে লাহে দখল আহিব ধৰিছিলহে, একেবাৰে ৰবীন্দ্ৰ সংগীত শুনাৰ প্ৰকোপত সৰু দাদা ঘৰত নথকা হ’ল। লগৰ এজনী চেটাৰ্জী উপাধিৰ ছোৱালী আছিল, বৰ ধুনীয়া গান গায়। তাই শিকায়, পিছে মোৰ খাৰ খোৱা জিভাৰ আগত গুৰিত সুৰ বোলা জিনিছ টো নুফুটে। তেনেকুৱা এদিনত কলেজৰ বছেৰেকীয়া খেল ধেমালিৰ দিনা পৰি গ’লো প্ৰেমত। আমাতকৈ দুবছৰ চিনিয়ৰ মানে ফৰ্থ ইয়েৰৰ ল’ৰা এজন।

Read more

আত্মবিশ্লেষণ –মৌচুমী গগৈ

ৰিমলীক স্কুলৰ গাড়ীত উঠাই দি আহি প্ৰণামীয়ে গাড়ীৰ চাবিটো লৈ ওলাই আহিল ।গাড়ীখন উলিয়াই গেটখন বন্ধ কৰোঁতেই প্ৰণামীৰ চকুত পৰিল ,ৰাস্তাৰ সিপাৰে থকা ঘৰটোৰ বাৰান্দাত বহি থকা দত্তনী বৰমাৰ ফালে ।ৰাতিপুৱা খবৰ কাগজখন পঢ়ি চাহ খোৱাটো তেখেতৰ নিত্য নৈমিত্তিক কৰ্ম ।প্ৰণামীয়ে বৰমাক সুপ্ৰভাত বুলি সম্ভাষণ জনালে যদিও তেখেতে বেকা হাঁহি এটাৰেহে প্ৰত্যুত্তৰ দিলে ।প্ৰণামীয়ে ভালদৰেই জানে যে তাই গাড়ী শিকিবলৈ লোৱাটো তেখেতে বৰ এটা সহজভাৱে লব পৰা নাই।তাৰ বাবে প্ৰণামীৰ কোনো আক্ষেপো নাই কাৰণ সমাজত এতিয়াও কিছুমান মানুহে সাতামপুৰুষীয়া নিয়ম

Read more

ৰিক্সা, বুঢ়ী আৰু মই – তাবিবৰ ৰহমান

সৰুতে বৰ শান্ত স্বভাৱৰ আছিলোঁ কাৰণে খটাসুৰ, বকাসুৰ ধৰণৰ কেইবাটাও উপাধি পাই থৈছিলোঁ। তাকো সম্পূৰ্ণ নিজা প্ৰচেষ্টাত। দেউতাই দুপৰীয়া চাইকেলখন থৈ ঘৰ সোমাই কি নোসোমাই মই চাইকেল লৈ ফায়া। চাইকেল লৈ সময়ত আহিলে বাৰু একো নকয়। কিন্তু যাবলৈ ৰৈ থাকিব লগা হলে কেতিয়াবা কেতিয়াবা চাইকেলৰ ওপৰতে থলামুৰি নোখোৱা নহয়। ঘৰলৈ আলহী অতিথি চাইকেল লৈ আহিলেও একে কাৰবাৰ। আলহীক সোধ পোছ নাই চিধাই চাইকেল লৈ নোহোৱা হওঁ। কিমান আলহীয়ে চাইকেল ঠেলি ঠেলি নিব লগা হৈছিল তাৰ লেখ জোখ দিয়াটো কঠিন হ’ব।

Read more
1 4 5 6 7 8 115