ফটাঢোল

ভগৱানৰ ছুটী – হেমন্ত কাকতি

  দেশৰ জ্বলন্ত সমস্যাসমূহ মূৰত লৈ ভাবি ভাবি বিছনাত পৰিছিলো। চিলমিল কৈ টোপনিটো আহিছিল মাত্ৰ, হঠাৎ দৰজাখনত ঢকিয়াই থকা শব্দ এটা শুনি কাণ দুখন উনাই থাকিলো৷ বাহিৰত ধুমুহা বৰষুণ চলি আছে৷ দূৰত বতাহৰ গোঁ গোঁ শব্দ, প্ৰচণ্ড তীব্ৰতাই গছবোৰক এনেকৈ নচুৱাই ফুৰিছে যেন চহৰখনৰ বুকুত কোনো এক মিউজিক ক’মপ’জাৰৰ নিৰ্দেশত চলি আছে এক সন্মোহিনী সুৰ আৰু উদ্দাম নৃত্যৰ তালে তালে এক মধুৰ চিম্ফনী৷ দৰ্জাৰ খট খট শব্দটো আৰু অলপ জোৰকৈ হ’বলৈ ধৰিলে৷ লাহেকৈ উঠি গৈ ভয়ে ভয়ে ভিতৰৰপৰা মাত দিলো

Read more

বিত্ত — কৌশিক দাস

বৃত্তৰ ভিতৰত সকলোৰে চিত্ত বিত্তৰ ভৃত্য দ্ৰুত প্ৰবৃত্ত জীৱনবোধৰ শেষকৃত্য; আদৰিছোঁ বিত্ত অপহৃত সুখৰ নমস্য দৈত্য। বিদায়ী বিত্ত নিদ্ৰাহৃত অসুখৰ নিথৰ সত্য! দিশহাৰা বিত্তৰ ইতিবৃত্ত! ☆★☆★☆

Read more

হেয়াৰ ষ্টাইল – মাধুৰ্য গগৈ

“কেনেকুৱা লাগিছে?” শ্ৰীমতীৰ কথাত মই ওপৰলৈ মূৰ তুলি বহুদেৰি এওঁক ভালকৈ চালো৷ কিন্তু একো বুজি নাপালো, আচলতে শ্ৰীমতীয়ে কি দেখুৱাব খুজিছে? মনতে ভাবিলো, ”ছেহ্! মোৰ আগৰ চকুহাল থকাহেঁতেন এওঁ কি, যিকোনো মহিলা বা ছোৱালীৰ ৰূপসজ্জা সাৰি নগ’লহেতেন৷ পিছে এওঁনো মোক কি দেখুৱাব খুজিছে?” মোৰ ভেবালগা মুখখন দেখি এওঁ এইবাৰ নিজেই ক’লে, ”মাই নিউ হেয়াৰ কাট৷” মই বহুসময় ভালকৈ চালো৷ পিছে, কিয় জানো মোৰ চকুকেইটাৰ লগতে মনটোও বুঢ়া হ’ল যেন পালো৷ শ্ৰীমতীৰ নতুন ষ্টাইলৰ ’হেয়াৰ কাট’ মোৰ চকুত নপৰিল৷ অগত্যা থেৰোঁ-গেৰো

Read more

কৌতুক — জনাৰ্দন ঠাকুৰ

এখন বিয়াত কাকতিদাই বহু পৰ ধৰি খায়েই আছিল, খায়েই আছিল। বিলনীয়াজনে বিৰক্তিৰে সুধিলে – : আৰু কিমাননো নেখায় আপুনি হে? কাকতিদা : মইও খাওঁতে খাওঁতে ভাগৰি গৈছো। অনিচ্ছা স্বত্বেও খাবলগীয়া হৈ আছে, কিয়নো নিমন্ত্ৰণী পত্ৰত লিখা আছে, ৰিচেপচনৰ সময় ৭ বজাৰপৰা ১০ বজালৈ। ☆★☆★☆

Read more

আত্মবিশ্বাস – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈছিলো বুলুক বিচাৰি বিচাৰি। যোৱা ১৫ বছৰে তাৰ লগত দেখাদেখি হোৱা নাই মোৰ। আজি ইমান বছৰৰ মূৰকত তাক দেখা পালে সি মোক চিনি পাব জানো! কি বা কৰে সি আজিকালি? নানানটা প্ৰশ্ন মনত লৈয়েই বুলুুক বিচাৰি গৈছিলো। আজিৰপৰা ১৫ বছৰমানৰ আগতে প্ৰথম বুলুক লগ পাইছিলো মই। তেতিয়া ক্ৰিকেট ফুটবল খেলি অনাই বনাই ঘূৰি ফুৰো। য’তে খেল হয় তাতেই কোনোবা ক্লাবৰ হৈ খেলিবলৈ যাওঁ। বুলুও যায়। তাতেই তাক লগ পাওঁ। সি কিন্তু খেলিবলৈ যোৱা নাছিল, খেল চাবলৈহে যায়

Read more

শৈশৱতে ধেমালিতে – মল্লিকা শৰ্মা বৰদলৈ

শৈশৱ বুলিলেই ওঁঠত হাঁহি এটা ওলমি ৰয়। তাহানিৰ শৈশৱৰ সেই ধেমালিবোৰ, লুকাভাকু, ৰজা-ৰাণী, টাংগুটি, দৰা-কইনা খেল, খেলি নোপোৱা মানুহ হয়তো কোনো নাই বুলিলেও ভুল নহ’ব। তেতিয়া সাংঘাটিক চিৰিয়াছ বুলি ভবা কথাবোৰ এতিয়া হাঁহিৰ অজুহাত মাথো। তাতে যদি আপোনাৰ শৈশৱত গাঁৱৰ ধূলি-মাকতিৰ পৰশ থাকে তেনেহ’লে আৰু মধুৰ হয় স্মৃতি। শৈশৱৰ বহুতো পাহৰিব নোৱাৰা সময়ৰ মাজৰে বিশেষ সময়খিনি হ’ল প্ৰাথমিক বিদ্যালয়ৰ সময়খিনি। আমি যিখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো, তাত “বহা আসনখনো” ঘৰৰপৰাই লৈ যাব লাগিছিল। আহল বহল মাত্ৰ এটা কোঠাতে চাৰিটা

Read more

আংগুলিমান — ধনজিত বৰুৱা

আঙুলিৰে বিবিধ কাম কৰে আঙুলিতে হেনো চিকিৎসা, আঙুলিৰো বিবিধ কাম আছে আঙুলি ভেদে যশস্যা। বুঢ়াই ধৰে, বুঢ়াই ঠেলে, বুঢ়াই মাৰে টিপচহী বুঢ়াই কৰে ভোটদানো দেশে থাকে সহি-মহি৷ তৰ্জ্জনীত চক্ৰ, তৰ্ক-বিতৰ্ক তৰ্জ্জনীয়ে উঠাই ভাষণ, তৰ্জ্জনীয়ে নিৰ্দিষ্ট কৰি দেখুৱাই দম্ভ, বচন, আসন৷ মধ্যমা প্ৰায় ডাঙৰ দীঘল বেগেত জোখাত ধৰে, দাঁত মাজে কুটা কাঢ়ে টাইপিঙত চলে জোৰে। অনামিকাৰ বৰণীয়া ৰূপ দেখে যিকোনো ভাৱত অহংকাৰ, অনামিকাত বহু বিবাহ বিধি দুখে সুখে অলংকাৰ৷ কনিষ্ঠৰ সৰু সৰু কাম কাণ খৰকিউৱা সংগীত, পাছে আজিকালি বহন কৰে অতি

Read more

শনি – পূৰ্ণাক্ষী ভট্টাচাৰ্য

একদম সইত সইত তিনি সইত খাই কোৱা কথা। এইজনক শনি বুলিবলে মোৰ অকণো মন নাছিল। কেনেকৈনো থাকিব বাৰু? মেডিকেল কলেজৰ প্ৰথমটো ক্ৰাচ্ আছিল শনি। মেডিকেল পঢ়িবলৈ কোনো কাহানিও অদ্ভুত ইচ্ছা নাছিল। কাৰণ সেইটো মোৰ সাধ্যৰ বাহিৰত বুলি ধাৰণা এটা যুগৰ আগতে কৰি থোৱা হৈছিল। তাতে ছিট পাইছিলো যোৰহাটত। চহৰখন কোনোদিনে বেয়া পোৱা নাছিলো যদিও তাত পাঁচোটা দীঘল বছৰ থাকিবলৈ নিজকে প্ৰস্তুত কৰি তুলিবলৈ মোক যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। দিনবোৰ এদিন দুদিনকৈ পাৰ হ’বলৈ ধৰিলে। ভাললগা ধৰণৰ কোনো ঘটনা নঘটাকৈ এদিন

Read more

মিছন এইছ.বি.ডি. – মণিষা কাকতি

চাৰিওফালে নিশাৰ নিস্তব্ধতা বিৰাজ কৰিছে। জকাইচুকীয়া গাওঁখনৰ প্ৰায় সকলো মানুহ টোপনিৰ কোলাত। ভেকুলীৰ টোৰটোৰ, জিলীৰ জি-ই-ই আৰু ৰাস্তাৰ ভতুৱা কুকুৰৰ দুই এটা ভুকভুকনিৰ বাহিৰে বাহিৰত বেলেগ একো শব্দ নাই। ঈষৎ পোহৰৰ বাল্বটো জ্বলি আছে মোৰ কোঠাটোত। বাল্বটোৰ ঠিক তলতে বেৰত ওলমি থকা পুৰণি ডিজাইনৰ ‘অজন্তা’ কোম্পানীৰ ঘড়ীটোলৈ চাই পঠিয়ালো। টক্ টক্ শব্দ কৰি মোৰ লগতে সিয়ো সাৰে থকাৰ সাক্ষী বহন কৰিছে। নিশা ১১.৪৪ বাজিছে। বাৰ বাজিবলৈ আৰু বেছি সময় নাই। লাহে লাহে উপযুক্ত সময় আহি পৰিছে, কামটো সমাধা কৰাৰ। লক্ষ্য

Read more

বলিউডৰ কেইখনমান ব্যঙ্গ চলচ্চিত্ৰ – ধ্ৰুৱ কাশ্যপ

হিন্দী ভাষাত নিৰ্মিত চলচ্চিত্ৰ উদ্যোগটো, যাক ‘বলিউড’ বুলি কোৱা হয়, এই চলচ্চিত্ৰ উদ্যোগটোৰ হাস্য ব্যঙ্গৰ ইতিহাস বহুত পুৰণি৷ হাস্য ব্যঙ্গ, চলচ্চিত্ৰৰ এনে এটা ধাৰা যিয়ে দৰ্শকক নিৰ্মল হাস্যৰসৰ যোগান ধৰাৰ লগতে চিন্তাৰ খোৰাকো যোগান ধৰে৷ এই ধাৰাৰ চলচ্চিত্ৰবোৰে দৰ্শকৰ ওপৰত অন্য ধাৰাৰ চলচ্চিত্ৰবোৰতকৈ বেছি প্ৰভাৱ পেলায়৷ কাৰণ এই চলচ্চিত্ৰসমূহৰ উপস্থাপন চিত্তাকৰ্ষক৷ এই ব্যঙ্গ চলচ্চিত্ৰবোৰ দৰ্শকৰ অতি প্ৰিয়৷ লাগিলে ই ১৯৮৩ চনৰ কালজয়ী ছবি “জানে ভী দো য়াৰো” হওক কিম্বা অলপতে মুক্তিপ্ৰাপ্ত “হিন্দী মেডিয়াম”৷ এই লেখাটোত বলিউডৰ কেইখনমান শ্ৰেষ্ঠ হাস্য ব্যঙ্গ

Read more
1 88 89 90 91 92 115