ফটাঢোল

নতুন বছৰৰ এজেণ্ডা,মূলঃ গুৰমীত বেদী – ভাবানুবাদঃহিমাংশু ভাগৱতী

কোনোবা এজন মহাশয়ে জানিব বিচাৰিছিল, নতুন বছৰটোত আমাৰ কাৰ্য্যসূচী কি হ’ব? মানে নতুন বছৰৰ ‘এজেণ্ডা’ কি? মই উত্তৰ দিলো- নতুন বছৰটোত আমি সাংঘাটিক অগানুগতিক কিবা কৰিম । ‘সাংঘাটিক অগানুগতিক’ বোলা কাৰণে বোধহয় তেখেতে এনেদৰে মোৰ ফালে চালে যেন মই এইগ্ৰহৰ প্ৰাণী নহয়; এইমাত্ৰ যেন কৰবাৰ পৰা সৰি পৰা আচহুৱা প্ৰাণী। চিন্তাৰ প্ৰকোপত বেচেৰাৰ মগজু ‘হেং’ হৈ যায় বুলি ভাবি সৰহকৈ কষ্ট নিদি মই আমাৰ ‘এজেণ্ডা’ সমূহৰ পেৰা খুলি দিলো। শুনি মহাশয় অভিভূত হ’ল । সাধাৰণতে ৰাজনৈতিক নেতাবোৰৰ ‘এজেণ্ডা’বোৰত যিধৰণে গোপন

Read more

ভোগালীৰ ইটো সিটো – দেবজিৎ শইকীয়া

স্নেপশ্বট – ১ ওচৰ চুবুৰীয়া কেইজনক ক’লো, বোলো এইবাৰ মাঘ বিহুত মেজিৰ লগতে ভেলাঘৰ এটাকে সাজো আহক৷ কলিতাই বোলে, মেজি বনাবলৈ খৰিৰ কুইন্টল ছশ টকা আৰু ভেলাঘৰ সাজিবলৈ নৰা ক’ত পাবাহে? আজি কালি মডাৰ্ণ ফেচনত লেডিজ কাপোৰ দিনে দিনে চুটি হোৱাৰ দৰে হাইব্ৰীড ধান সোপাও চুটি চাপৰ৷ তাতে মালিকে মাটিত কাঁচি লগাই কাটে আৰু পথাৰতে মেচিনৰে মাৰি তাতেই বিক্ৰী কৰে আৰু বাঁহৰ যিহে দাম, তাতকৈ বৰুৱাৰ গেৰেজটো ডাঙৰ, আহল বহল, তাতেই যোৱাবাৰৰ দৰে ৰাতি ভোজ খোৱাই ভাল হ’ব৷ হাজৰিকাই বোলে,

Read more

শীতল যুদ্ধ– অনন্ত বৰা

———- এইকেইদিন ভাৰত চাইনা টাইপৰ শীতল যুদ্ধ এখন চলি আছে ঘৰত । অৰ্থনৈতিক সংস্কাৰ এটা কৰি নিজৰ আৰ্থিক স্হিতিটো টনকিয়াল কৰি লওঁ বুলি ভাবি সিদিনা শ্ৰীমতীক যোৱা মাহত দিয়া টকা দহ হেজাৰৰ এনেই হিচাব এটা বিচৰাটোৱেই মোৰ ভুল । নিয়মমতে জি এচ টি বিলেই বিচাৰিব লাগিছিল । কিন্তু সেইটো বিচৰা হ’লে চাগে এইকেইদিন বতাহ খাই জীয়াই থাকিব লাগিলেহেঁতেন । যি কি নহওঁক কণমানিজনীকে মধ্যস্হতাকাৰী হিচাবে লৈ কোনোৰকম চাহ ভাত কেইটা পাই আছোঁ । : দেউতা মায়ে ভাত দিছে । ন’হলে

Read more

ফটা-ঢোলৰ আপদীয়া পদ্য – খগেশ সেন ডেকা

চাহাবগণে আনিছিল বৰবিহ কানি গাঁও-ভূঁই চহৰ-নগৰ ধৰিছিল চানি চাহাবহঁতৰ আন জাত নিজৰ ৰজাৰ একে বাট দেশীবিধ খালে হেনো নহয় একো হানি ৷ ছয় বছৰীয়া যুঁজখন ধোঁৱাচাঙত তুলি নেতাবোৰ ৰজা হ’ল উৰাই বাটৰ ধূলি গছত কঠাল ওঁঠত তেল ৰাজনীতিৰ পাশা খেল বিয়াগোম গোল্লা এটা হাতে লোৱা তুলি ৷ পাশাখেলত এক্সপাৰ্ট শকুনি মোমাই ঘৰ্মঘণ্ট লগাই ফুৰে কোনে পাত্তা পায় দুৰ্যোধন ঘিটিৰাই নুবুজিলে বপুৰাই ৰজা হোৱাৰ বাসনাত সবে হেৰুৱায় ৷ হাতীৰ পিঠিত অগপ দিশপুৰলৈ যায় অসমীয়া প্ৰজাসৱে ফিৰি ফিৰি চায় একেই বাঁহৰ কাকৈ

Read more

হাস্যৰসাত্মক নাটক হিচাপে 'মহৰী' নাটকৰ এটি চমু আলোচনা – চবিনা ইয়াচমিন

নাটক হ’ল দৃশ্য-কাব্য৷ পঢ়া বা শুনাৰ ওপৰিও অভিনয়ৰ মাজেৰে পৰিবেশন কৰা হয় বাবেই নাটক দৃশ্য কাব্য৷ উপন্যাস, কবিতা, গল্প আদি সাহিত্যকৰ্মত ‘দৃশ্য’ গুণটো গৌণ যদিও নাটকৰ ক্ষেত্ৰত ই হ’ল মূখ্য গুণ৷ নাটকত লিখকে যিভাবে মনৰ কথা অংকন কৰে পাঠকে তেনেদৰেই চাবলৈ সক্ষম হয়৷ নাটকত অভিনেতাসকলে অভিনয়ৰ মাজেদি নাটকৰ কাহিনী দৰ্শকৰ কাষ চপাই নিয়ে৷ দৰ্শকে নাট্যকাৰৰ ৰচনা পাঠ নকৰাকৈয়ে অভিনেতাসকলৰ মুখৰ সংলাপ শুনি আৰু অভিনয় দৰ্শন কৰিয়েই সকলো ঘটনা বুজিব পাৰে৷ জীৱনৰ বাস্তৱ ৰূপ পৰিবেশন কৰাৰ বাবেই নাটক অন্যান্য কলাতকৈ অকৃতিম

Read more

ব্যংগ সাহিত্যৰ মহীৰূহ আবুল মনচুৰ আহমদ – ভাস্কৰজ্যোতি দাস

আমাৰ উপ-মহাদেশত ব্যংগ সাহিত্যৰ ধাৰাটো শতিকাৰ হিচাবত পুৰণি৷ ভাৰতত মোগল শাসনৰ মধ্যভাগৰে পৰা ব্যংগ সাহিত্যৰ লেখা-মেলাৰ চিন্তন এটা আৰম্ভ হৈছিল৷ তেতিয়া সম্ৰাটৰ লগতে কৰতলীয়া ৰজাসকলৰ নিৰ্দেশমতে হাস্য-ব্যংগ ৰচনা কৰি ৰজাঘৰীয়াক মেহফিলত সন্তুষ্ট কৰিলে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আছিল৷ বৃটিছৰ সময়চোৱাত ব্যংগ সাহিত্য কিছু বিকশিত হয় যদিও প্ৰচাৰ আৰু প্ৰসাৰৰ দৈন্যতাত পাঠকৰ মাজলৈ যাবলৈ অক্ষম হয়৷ বিংশ শতিকাৰ আৰম্ভণিৰে পৰা কিছু পৰিমানে পট পৰিৱৰ্তন ঘটে আৰু ব্যংগ সাহিত্যৰ বহু লেখা বিভিন্ন মাধ্যমত প্ৰকাশিত হয়৷ ভাৰতৰ হাস্য-ব্যংগাত্মক লেখাৰ ধাৰাটোক সাহিত্যৰ আওতালৈ অনাত যিসকল

Read more

এদিন বামুণৰ, এদিন বহুৱাৰ – পৰী পাৰবীন

ঠাণ্ডা দিনকেইটাত ৰাতি দেৰিলৈকে ফেচবুক কৰি, ৰাতিপুৱা আঠটালৈকে বিচনাত লেলাই গেঁথাই পৰি থাকি দহবজাত অফিচ পোৱাটো কিমান কষ্টৰ কথা সকলোৱে জানে । ৰাতিপুৱা দুঘণ্টা মানে যুদ্ধৰ আখৰা। কোনেও কালৈকো চাবলৈ সময় নাই। টিফিন,ব্ৰেকফাষ্ট, পানীৰ মেশ্বিন, ৱাছিং মেশ্বিন সমানে সমানে চলাই থাকোতে দশভূজাৰ হাতকেইখন যেনিবা লগ লাগেহি । পিছে কি হ’ব, ইমানবোৰ হাত থাকোতেও পাহৰা মগজুটোৰ কাৰণে কেতিয়াবা পানীৰ মেচিনটোকে অন কৰি গুছি যাওঁ, কোনোবাদিনা আগফালে দুৱাৰ দাং, পিছফালে ধোবাংবাং হৈ থাকে, কেতিয়াবা গে’টেৰে ভিতৰ সোমাই ওলাব নোৱাৰি বাহিৰৰ ছাগলীয়ে দিনটো

Read more

পূণ্য, মূল: হৰিশংকৰ পৰচাই – অনুবাদ: পৰিস্মীতা গগৈ

এবাৰ এজন ব্যক্তি মৃত্যুৰ পিছত পৰলোকত উপস্থিত হ’ল আৰু তেওঁক ন্যায়ৰ বাবে ধৰ্মৰাজৰ সন্মুখত হাজিৰ কৰোৱা হ’ল। ধৰ্মৰাজে সচিবক সুধিলে, “এইজন ব্যক্তিৰ কৰ্মৰাজিৰ বিৱৰণ দিয়া। সচিবে ক’লে, “দেৱ! ই অত্যন্ত পাপী আৰু অত্যাচাৰী আছিল। ইয়াক সমাজে নৰপিশাচ বিশেষণেৰে বিভূষিত কৰিছিল। কিমান যে মানুহৰ জীৱন ধ্বংস কৰিলে। ইয়াতকৈ ডাঙৰ নৰপিশাচ চাগৈ খুউৱ কমহে ক’ৰবাত আছে। ই ক্ৰূৰ, কপট, পাষণ্ড আৰু অন্যায়ী আছিল।” ধৰ্মৰাজে সুধিলে, “ইয়াৰ মৃত্যু কেনেকৈ হ’ল?” সচিবে ক’লে,” ই আত্মহত্যা কৰিলে দেৱ!” ধৰ্মৰাজে অলপ সময় কিবা চিন্তা কৰিলে। তাৰপিছত

Read more

মা ঘৰত নাই – বৰ্ণালী ফুকন।

জানুৱাৰী মাহৰ ঠেটুৱৈ ধৰা ঠাণ্ডা। স্কুলৰ পৰা আহিয়ে ফুকননীয়ে চাহৰ আউল মাৰি তিনিওটা ল’ৰা-ছোৱালীকেইটাক সেক ল’বলৈ জুইৰ কাষলৈ মাতিলে। ফুকন ৰাতিপুৱাতে ওলাই গৈছে ডিউটিলৈ বুলি। মৰিয়নী পাবগৈ, গতিকে তেওঁ কাইলৈহে ঘূৰিব। দিনটো স্কুলত ল’ৰা-ছোৱালীৰ লগত চিঞৰি অহা ফুকননীয়ে এইকণ সময়ে শান্তিত বহিবলৈ পায় । কিছু সময়ৰ পিছত ৰাতিৰ সাজ ৰান্ধিবলৈ যো-জা কৰিবৰে হ’ব। আজি গাটোও তেওঁৰ বৰ জ্বৰ-জ্বৰ লাগিছে। হ’লে কি হ’ব, নিজে নাখালেওঁ ল’ৰা-ছোৱালী কেইটাক এমুঠি দিব লাগিব। এইবোৰ ভাবি-গুণি বহি থাকোতে বাহিৰত কলিং বেল বাজি উঠিল ।উফ! এই

Read more

অথ বণিক-সম্বাদ -খগেশ সেন ডেকা

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) একালৰ এটি গুপুত কাহিনী ৷ এজন পচামাল, আই মিন আমি যে কওঁ গেলামাল, সেইবিধ মালৰ দোকানী আছিল ৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই ৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান ৷ দোকানীজন আছিল বিৰাট বপুৰ ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত থুলন্তৰ চেহেৰাৰ ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি “লখিমী ভাণ্ডাৰ” ৰখা হৈছিল, সকলোৰে মুখে মুখে সি ‘পেটলাৰ দোকান’ হিচাপে সেই ঠাইত ফেমাচ হৈ পৰিছিল ৷ হওঁতে দোকানীজনৰ ভাল নাম এটা আছিল ৷ পিছে

Read more
1 2 3 4 5 6