ধৰ্মশিলাৰ সাধু – বৈদুর্য্য বৰুৱা
: কেতিয়াবা মহাভাৰত পঢ়িছেনে দাদা? হঠাতে বাসুৱে সোধা প্ৰশ্নটোত উচপ খাই উঠিলো। আচলতে মই বাছৰ বাবে ৰৈ আছিলো বাছ ষ্টপেজটোত। তাতে দেখিলো বাসুও পকাৰ বেঞ্চখনত বহি আছে। বহুদিনৰ মূৰত তাক হঠাতে পাই ভাল লাগিছিল। দুই এটা কুশল মংগলৰ কথা আদান প্ৰদান কৰি ময়ো তাৰ কাষতে বহি আগ গুৰি নোহোৱা লেকচাৰ মাৰি গৈছিলো। তাৰ মাজতে সি অকস্মাৎ মহাভাৰতৰ কথাটো উলিয়ালে। : এনেই আৰু সৰুতে সেই অকণিৰ মহাভাৰতখনহে পঢ়িছিলো। মই কৈ উঠিলো। : অৰিজিনেলখন পঢ়িব না। তাত কিছুমান সৰু সৰু মজা উপ
Read more