আইৰ অসুখ – ড° বিক্ৰমজিত কাকতি
মোমাইদেউ ডাক্তৰ …….. মানে তাহানিৰে ডাক্তৰ, অসম মেডিকেল কলেজৰ প্ৰথম বেটচৰ ডাক্তৰ। ঘৰত আইতাই মৰমতে মাতে ‘কণ’ বুলি, গাওঁৰ ৰাইজে আৰু লগৰ কেইজনে মাতে কণ্ডাক্টৰ (Conductor) বুলি। এসময়ত কণ্ডাক্টৰে গোলাঘাটৰ ঢেকীয়াল, বেতিয়ণি, চিনাতলি তহিলং কৰি আছিল। পাছলৈ চৰকাৰী চাকৰি পাইছিল গুৱাহাটীত, পশুচিকিৎসা মহাবিদ্যালয়ৰ মানুহৰ ডাক্তৰ।
তাতোকেণা, তাহানিৰ দিনত (৭০ৰ দশক) খানাপাৰাত ক্লিনিক খুলিলে মামাই। ৰোগী চাবলৈ মাজে মাজে ৯ মাইলৰ ‘নেপালী বস্তি’লৈ যাব লাগে। এবাৰৰ কথা, প্ৰসুতি এগৰাকীক কোনোবা এটা ‘নেপালী বস্তিত’ পৰীক্ষা কৰি আছে।
এনেতে আহি পাওক মহিলা গৰাকীৰ ককায়েক দুজন, মোমাইদেউৰ লগত চা-চিনাকি হ’ল, ক’ত থাকে, ক’ত কাম কৰে আদি সুধিলে।
মহিলা গৰাকীৰ ককায়েক দুজনৰ অৱস্থা ভনী জোঁৱাইয়েকত কৈ যথেষ্ঠ টনকিয়াল যেন মোমাইদেওৰ অনুমান হ’ল। মোমাইদেৱে তেওঁলোকক ৰোগীৰ কোঠাৰ পৰা বাহিৰলৈ যাবলৈ অনুৰোধ কৰাত তেওঁলোক ওলাই গ’ল, মামায়ো ৰোগীৰ পৰীক্ষাত মন দিলে। প্ৰায় ৫ মিনিটমান পাছত বাহিৰত জেঠেৰিয়েক আৰু ভনী জোঁৱাইয়েক মাজত নেপালী ভাষাত চিঞৰ বাখৰ, ওচৰৰ ৰাইজ গোট খাই গ’ল। ভালকৈ নেপালী ভাষা বুজি নোপোৱা মোমাইদেওৱে এইটো ঠিকেই বুজি পালে যে কাজিয়াৰ মূল কাৰণ তেওঁ, জেঠেৰিয়েক দুজনৰ খং ভনী জোঁৱাইয়েকৰ ওপৰত – “তোৰ পইছা নাই বুলিয়েই আমাৰ ভনীজনীৰ চিকিতৎসাৰ বাবে তই কিয় ভেটেনেৰিৰ পৰা ডাক্তৰ আনিবি? তই আমাৰ মৰমৰ ভণীজনীক কি তোৰ জাৰ্চি গৰু কেইজনী বুলি ভাবিছ নেকি?”
পাছত মামাই ভুল ভাঙি দিয়াতহে ভনী জোঁৱাইয়েক ৰক্ষা পৰিল।
এবাৰ আই, মানে মোৰ মাৰ অসুখ। তলপেটত প্ৰচণ্ড বিষ, থাকিব পৰা নাই। মায়ে ক’লে ক’ণ দাদাক মাত সোনকালে।
অলপ সময় পাছতেই আমাৰ ঘৰৰ পৰা প্ৰায় আধা কিল’মিটাৰ মান (অলপ বেছিকৈ ক’লো নেকি!) দূৰৰ পৰাই ভাৰতীয় বিমান বাহিনীৰ হেলিকপ্টাৰৰ শব্দ শুনা গ’ল। সেই শব্দই মাৰ মুখত হাঁহি বিৰিঙাই তুলিলে।
ভনীয়েকৰ SOS Call পাই ককায়েক উধাতু খাই আহিল, সেই ঘেৰ্ঘেৰিয়া East India Company ৰ যুগৰ লেম্বেটাৰখনত উঠি। মামাৰ স্কুটাৰ নে ভাৰতীয় বিমান বাহিনীৰ হেলিকপ্টাৰ সেইটো নেদেখালৈকে শব্দ শুনি বুজাৰ উপায় নাই। পিঠিত বান্ধি লৈ আহিছে কোনোবা কাহানিতে চাহ বাগান এখনৰ ব্ৰিটিছ ডাক্তৰে দিয়া চামৰাৰ দৰব-যাতিৰ বেগটো। দূৰৈৰ পৰা দেখিলে আপোনালোকৰ এনে লাগিব যেন দ্বিতীয় মহাযুদ্ধৰ এজন পেৰাট্ৰুপাৰহে।
ককায়েকক ত্ৰাণকৰ্তা ৰূপত দেখি আইৰ দুধাৰি চকুলো বাগৰি আহিল, তাৰ পাছত investigation পৰ্বৰ আৰম্ভণী।
মামাই মাক সুধিলে- তোৰ পেটতো ক’ত বিষাইছে?
– একদম নাভিৰ তলত
মাৰ উত্তৰ।
– হুম!!!!
মামাৰ মুখৰ পৰা শব্দটো ওলাল।
– ক’ণ দাদা, তই ক’চোন গলব্লাডাৰ হৈছে নেকি?
– হুম!!!! বুৰ্বক গলব্লাডাৰ কেনেকৈ হ’ব। নামটোতে তাৰ পৰিচয়, গলৰ পৰা ওচৰত থাকে কাৰণে তাৰ নাম গলব্লাডাৰ। গলব্লাডাৰ তোৰ তলপেট কেনেকৈ পাবগৈ!
মামাই ক’লে।
ষ্টেথিচস্কপডাল কাণত লগাই মামাই মাক দীঘলীয়াকৈ উশাহ ল’বলৈ ক’লে।
অলপ পৰ ষ্টেথিচস্কপডালেৰে মাৰ তলপেটতো পৰীক্ষা কৰাৰ পাছত মামাই সুধিলে,
-ৰাতিপুৱা কি খাইছিলি?
-ভাত, ডাইল আৰু কালি ৰাতিয়েই ভজা পাঁচটা পটলৰ বড়া।
-হুম!!!!
প্ৰকান্ড মোছ কোছাত হাত বুলাই থাকোঁতে মামাৰ মুখৰ পৰা আকৌ শব্দটো ওলাল।
-গণ্ডগোলটো তাতেই বুজিছ। পটকৰে টেটুত ধৰে কাৰণে তাৰ নাম পটেটো (Potato) আৰু পটকৰে তল পাইগৈ কাৰণে আনটোৰ নাম প’টল। লোভত পৰি পাঁচটাকৈ বাহী পটলৰ বড়া খোৱাৰ কাৰণেই তোৰ তলপেটৰ বিষ, পোনচাতেই বাহী পটলৰ বড়া গৈ তোৰ পেটৰ তল পালেগৈ।
মামা ৰূপী ধনন্তৰিয়ে ক’লে।
তাৰ পাছৰখিনি চমু, মোৰ পুৰণা বেয়া বহী এখনৰ উকা পাত এখিলাত মোমাইদেউৱে কেইটামান কাউৰিৰ ঠেং আঁকিলে আৰু মোক ক’লে,
– যদুৰ ফাৰ্মেচিৰ পৰা এই দৰৱটো লৈ আহ মোৰ বেগত নাই, দিনত দুবাৰ কৈ দুদিন খুৱাবি।
তাৰ পাছত পুণৰ ভিক্টৰিয়ান যুগৰ লেম্বেটাৰখনত উঠি মামাৰ প্ৰস্থান।
দৰৱ দুপালি পৰাৰ পাছতেই মাৰ পেটৰ বিষ ৰাতিলৈ নোহোৱা হ’ল আৰু আমিও মাৰ সন্মুখত মামাৰ গুণগান গাই দুদিনমান চানা খাবলৈ মাৰ পৰা দুটকামান সৰকালো।
☆★☆★☆
11:39 pm
ভাল লাগিল।
7:30 am
ভাল লাগিল মামাৰ কাহিনী।