এটা সত্তাৰ মৃত্যু – সঞ্জীব কুমাৰ ভট্টাচাৰ্য
গাড়ীখনৰ পিচে পিচে দৌৰি দৌৰি মাতিছে তাই অঞ্জনক, কিন্তু অঞ্জনৰ মুখত কোনো প্ৰতিক্ৰিয়া নেদেখিলে তাই।
মানুহ চিনি পোৱাত তাইৰ কেতিয়াও ভুল নহয়, শাৰীৰিক অবয়ৱৰ পৰাই হওক বা চৰিত্ৰগত দিশৰ পৰাই হওক, নিজৰ পৰিচিত মানুহবোৰ চিনাত তাইৰ অসুবিধা কেতিয়াও হোৱা নাই। এইজন অঞ্জনেই আছিল, তাই নিশ্চিত। ক্লাছ ফাইভৰপৰা হায়াৰ ছেকেণ্ডাৰীলৈকে একেলগে পঢ়া ল’ৰাজন চিনাত তাইৰ অসুবিধা কেতিয়াও নহয়, তাতেই অঞ্জনৰ চেহেৰা পঢ়ি থকা সময়ৰ দৰে একেই আছে। অলপ অস্বস্তিত পৰিল তাই, অঞ্জনে তাইক গুৰুত্ব নিদিয়াত।
তাইৰ দোকানখনৰ সন্মুখৰেই অঞ্জনৰ গাড়ীখন গ’ল অথচ তাই চিঞৰি চিঞৰি মাতোতেও তাইক গুৰুত্ব নিদিলে, ওচৰৰ দোকানীবোৰে চাগে আজি তাইক ফাল্টু ছোৱালী বুলি ভাৱিছে। সদায় তাই সিহঁতৰ আগত তাইৰ বন্ধুবোৰৰ কথা কৈ গৌৰৱ কৰে, বিশেষকৈ অঞ্জনৰ কথা কিমানবাৰ কৈছে হিচাপ নাই।
অঞ্জনে নামাতিলে নাই আৰু, কোনেনো তাৰ মুখৰপৰা জবৰদস্তি মাত উলিয়াব পাৰিব। এইবোৰ উপায় নোহোৱা কথা বুলি ভাবি ৰিতু উভতি আহিল নিজৰ দোকানলৈ।
এইখন চহৰলৈ অহা ৰিতুৰ বেচি দিন হোৱা নাই, দুমাহমান আগতে আহি তাই নতুন দোকানখন খুলিছে, প্ৰথম ব্যৱসায় তাইৰ জীৱনৰ, আগতে চাকৰি কৰিছিল তাই। কেতিয়াবা কেতিয়াবা লাজো লাগে তাইৰ চুবুৰীয়া দোকানীবোৰৰ ওচৰত যেতিয়া তাই গ্ৰাহকৰ লগত ব্যৱসায়িক কথা বতৰাবোৰত ভুল কৰে। হ’লেও একো নাই, মানুহে ঠেকিয়ে শিকে জীৱনত, এবাৰ ভুল হ’ব, দুবাৰ ভুল হ’ব কিন্তু এবাৰ পাক্কা ব্যৱসায়ী হৈ যাব পাৰিলে তাইক কোনে ৰাখে। বাণিজ্যে বসতি লক্ষ্মী। এবাৰ লক্ষ্মীক নিজৰ ওচৰত আনি ল’ব পাৰিলে তাইৰ আৰু চিন্তা নাই।
চাকৰি বাদ দি এজনী অকলশৰীয়া ছোৱালীয়ে নতুন চহৰ এখনত আৰম্ভ কৰা ব্যৱসায়ৰ এই কষ্টসাধ্য যাত্ৰাটো ইমানো সহজ নাছিল ৰিতুৰ। মাক বাপেকৰ মৃত্যুৰ পিছৰপৰা তাই বহুদিন জীৱনৰ লগত সহজ হ’ব পৰা নাছিল, কিবা এটা ভয়ে তাইক নিসঙ্গতাৰ মাজত বুৰাই ৰাখিছিল সদায়। শেষত তাই নিজৰ আপোন গাঁওখন এৰি অকলশৰে এইখন চহৰলৈ গুচি অহাৰ কঠোৰ সিদ্ধান্ত লৈ পেলাইছিল, মানসিকভাৱে তাই বহুত পৰিপক্ক হৈ উঠিছিল জীৱনৰ প্ৰকাণ্ড নাওখনৰ অকলশৰীয়া নাৱিক হ’বলৈ ।
ছোৱালী মানুহে ব্যৱসায় কৰিব নাজানে বুলি এনেই ভয় কৰি থাকে, তাইৰ পদপথৰ দোকানখনতে তাই দৈনিক কিমান বস্তু বিক্ৰি কৰে। লেকমীৰপৰা ল’ৰিয়েললৈকে সকলোবোৰ বহুজাতিক কোম্পানীৰ সামগ্ৰীয়েই তাই বিক্ৰি কৰে, তাকো তুলনামূলকভাৱে অন্য প্ৰতিষ্ঠিত দোকানসমূহতকৈ কম দামতে, সেয়েহে তাইৰ তাত অন্যতকৈ গ্ৰাহকৰ সংখ্যাও অধিক। চহৰখনৰ মাজমজিয়াত অৱস্থিত ষ্টেট্ বেঙ্কৰ শাখাটো আৰু চৰকাৰী মহাবিদ্যালয়খনৰ সন্মুখৰ পদপথতে তাইৰ দোকানখন। অৱশ্যে তাইৰ দোকানৰ বিক্ৰি বেছি হোৱাৰ অন্য এটা কাৰণো আছে-তাইৰ ধুনীয়া চেহেৰাটো। বহুত গ্ৰাহক তাইক চাবৰ বাবেই তাইৰ দোকানলৈ আহে যেন ভাৱ হয় তাইৰ। কলেজৰ পিলিঙাকেইটাৰপৰাহে তাইৰ অশান্তি, একো নিকিনে কেতিয়াও কিন্তু ওচৰৰপৰা জুমি জুমি যিহে চাৱনি সিহঁতৰ, তাই অস্বস্তি পায়।
অৱশেষত তাই আশঙ্কা কৰি থকাটোৱেই হ’ল, ৰাতিপুৱাৰপৰাই পুলিচ দুজনে তাইৰ দোকানখন পদপথৰপৰা উঠাই নিবৰ বাবে দাবি ধমকি দিয়া আৰম্ভ কৰিলে। তাই আগতেই অনুমান কৰিছিল সেইটো। তাইৰ বিক্ৰি ভাল হোৱা বাবে ওচৰৰ দোকানীবোৰৰ বাবে দুদিনমানতে তাই শত্ৰু হৈ পৰিছে, তাই থকালৈকে সিহঁতৰ বিক্ৰি ভাল নহয়, তায়ো জানে কথাটো, গতিকে সিহঁতবোৰে লগ হৈ পুলিচৰ হতুৱাই তাইক তাৰপৰা যেনেতেনে খেদোৱাৰ ধান্দা কৰিছে। এনেয়ে নকয় অসমীয়া মানুহবোৰ হিংসাকুৰীয়া, এজনে আনজনৰ ভাল দেখিব নোৱাৰে কেতিয়াও। যদিও তাই অবৈধভাৱেই পদপথৰ ঠাইখিনি দখল কৰি আছে তথাপি এজনী ছোৱালী হিচাবে তাইৰ প্ৰতি সেইখিনি অনুকম্পা সকলোৰে থকাটো তাই উচিত বুলি ভাবে।
তাই সিদ্ধান্ত লৈছে, যিমান চেষ্টা কৰিলেও তাই আজি উঠি নাযায় নিজৰ ঠাইৰপৰা আৰু মহিলা পুলিচ নাহিলে তাইক জোৰ জবৰদস্তিও কৰিব নোৱাৰে কোনেও, সিমানখিনি আইন তায়ো জানে। মহিলা পুলিচ আহিলেও তাই আজি উঠি নাযায়।
পুলিচ দুজন আঁতৰি যোৱাৰ অলপপৰ পিছতেই এগৰাকী ভদ্ৰ মহিলা তাইৰ দোকানলৈ আহিল। স্বভাৱসুলভ মিচিকিয়া হাঁহি এটিৰে তাই অভ্যাগতক আদৰণি জনালে।
“পানী বটলবোৰৰ দাম কিমানকৈ ৰাখিছা ভণ্টী”, আগন্তুকৰ প্ৰশ্ন তাইক।
টিঙিছকৈ খঙটো মূৰৰ ওপৰলৈ উঠি আহিছিল যদিও তাই কোনোমতে সম্বৰণ কৰিলে।
“ঠাট্টা কৰিব মানুহ বিচাৰি নাপালে, ল’ৰিয়েলৰ নেইল্ পলিচবোৰক আপুনি পানীৰ বটল দেখিলে, এতিয়া লেকমীৰ এই বিউটিবক্সবোৰকো পাৰে যদি ইটাৰ টুকুৰা বুলি কওক।”
“ভুল হৈ গ’ল ভণ্টী,বেয়া নাপাবা, চশমাযোৰ নিপিন্ধাকৈয়ে গুচি আহিলোঁ যে খৰখেদাত, ধৰিবই নোৱাৰিলোঁ।”
“একো নাই, মানুহৰ ভুল হৈ যায় কেতিয়াবা, সময় নষ্ট নকৰিব মোৰ, কি ল’ব কওঁক এতিয়া, পুলিচকেইটাই দোকান উঠাবলৈ ধমকি দি আছে মোক।” — ৰিতুৱে কথাখিনি কৈ মহিলাগৰাকীৰ মুখলৈ চালে।
“কোন পুলিচে তোমাৰ দোকান বন্ধ কৰিব পাৰিবহে মই থাকোতে, মইয়ে দেখোন এইখন জিলাৰ আয়ুক্ত, ব’লাচোন থানালৈকে যাওঁ, তাতেই দাৰোগাৰ লগত কথাটো হেস্ত নেস্ত কৰি আহিম।” — মহিলাগৰাকীয়ে আশ্বাস দি ক’লে ৰিতুক।
কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈয়ে প্লাষ্টিকৰ বস্তাটোৰ ভিতৰত খালি পানীৰ বটলকেইটা আৰু ইটাৰ টুকুৰাকেইটা লৈ তাই মাহিলাগৰাকীৰ পিছে পিছে আহি গাড়ীত উঠিল। কিছুমান মানুহৰ কথা বতৰাত অদ্ভূত সন্মোহনী শক্তি এটা থাকে, যি কয় তাকেই মানি ল’ব পাৰি।
মহিলাগৰাকীৰ লগতেই তাই গৈ থানাখনৰ ভিতৰত সোমাল, ৰাতিপুৱা তাইৰ দোকান ভাঙিবলৈ যোৱা পুলিচ দুজনকো বাহিৰতে দেখিলে। দাৰোগাৰ ৰুমলৈকে গপচত সোমাই গ’ল তাই, ভয় কিহৰ তাইৰ, জিলাৰ আয়ুক্ত বাইদেউ তাইৰ লগত আছে আজি। ভিতৰত আৰু দুগৰাকী মহিলা বহি আছে দাৰোগাৰ সন্মুখত, তাইকো বহিবলৈ দিলে তাতেই।
“পানী এগিলাছ দিম নেকি ভণ্টী?” — দাৰোগাজনে সুধিলে তাইক।
“নাই, নাই। পানী বুলি বিহ খুৱাই মাৰিব আপোনালোকে মোক, পুলিচক বিশ্বাস নকৰোঁ মই কেতিয়াও।”
“বাৰু হ’ব দিয়া, পুলিচক বিশ্বাস কৰিব নালাগে কিন্তু এই ফটোখন চোৱাচোন, মানুহজনক চিনি পোৱা নেকি?”
একেথাপে দাৰোগাৰ হাতৰপৰা ফটোখন টানি আনিলে তাই।
হয়, সেই একেখনেই ফটো। হাতত বন্দুক লৈ থকা সুন্দৰ সুঠাম ল’ৰা এজনৰ ফটো। এইখন ফটোৰ বাবেইতো আজি তাই অঘৰী, অকলশৰীয়া, পাগলী, ধৰ্ষিতা।
তাই মনে মনে সিদ্ধান্ত কৰিলে, আজিও মুখ নোখোলে তাই সেইদিনাৰ দৰে। আজি পৰিস্থিতি তাইৰ অনুকূল, সেইদিনাৰ কথা বেলেগ আছিল। সকলোবোৰ হেৰুওৱাৰ ভয় থকাৰ পিছতো তাই সেইদিনা নিজৰ বিপ্লৱী ভায়েকজনৰ কথা কোৱা নাছিল সিহঁতক। তাইৰ চকুৰ সন্মুখতেই মাক বাপেকক গুলীয়াই হত্যা কৰিছিল, তাইক ধৰ্ষণ কৰা হৈছিল দলবদ্ধভাৱে। সিহতৰ পৰিয়ালটোৱেই থানবান হৈ গৈছিল সেইদিন ধৰি। সকলো ছোৱালীৰ দৰে তাইৰো নিজস্বতা বুলি যিটো সত্তা আছিল সেইদিনাই মৃত্যু হৈছিল।
আজি তাইৰ হেৰুৱাবলৈকে একো নাই। চিনাকি অচিনাকি সকলোৰে সন্মুখত মানসিকভাৱেও ধৰ্ষিতা তাই আজি। প্ৰতিবাৰেই এখন নতুন চহৰৰ ৰাস্তাত থিতাপি লয় তাই আৰু প্ৰতিবাৰেই মহিলা কল্যাণ বিভাগৰ মানুহকেইগৰাকীয়ে তাইক মানসিক চিকিৎসাৰ বাবে লৈ আহে। তাই আকৌ পলায়, সিহঁতে আকৌ ফুচুলাই লৈ আনে।
ভায়েকটোকো মাৰিছে সিহতে, তাই ধৰ্ষিতা হৈ হস্পিতালত পৰি থাকোতেই।
বুটজোতা আৰু ক’লা কাপোৰেৰে মুখ ঢকা মানুহ দেখিলেই আজিকালি তাইৰ চিঞৰি চিঞৰি ক’বৰ মন যায়, “আহ, কিমানজন নপুংসক আছ, একেলগে আহ, ধৰ্ষণ কৰ মোক।”
☆★☆★☆
4:33 pm
কি যে ৰূঢ় বাস্তৱ।
9:01 pm
ধন্যবাদ ৰাজশ্ৰী।
4:34 pm
এইটো আকৌ পঢ়িলো ৷ দুখ লাগি যায়
6:27 pm
অশেষ ধন্যবাদ।