সৰ্থেবাৰীৰ অলিয়ে গলিয়ে – হিমাশ্ৰী ভাগৱতী
‘কাঁহ-পিতলৰ নগৰী, অসমৰ এখন পুৰণি প্ৰসিদ্ধ ঠাই-সৰ্থেবাৰী’ বুলি সদায় শুনি আহিছিলোঁ। পিছে কোনোদিনে যোৱাহে হোৱা নাছিল। কিন্তু আমাৰ কলেজৰ প্ৰজেক্টৰ কামত সেইফালে যোৱাৰ সৌভাগ্যকণ হ’ল। চাৰিদিনীয়া প্ৰগ্ৰে’ম। যোৱা বছৰৰ অক্টোবৰ মাহৰ এঘাৰ তাৰিখৰ পুৱাই আদাবাৰীত বাছ ধৰি সৰ্থেবাৰী বুলি ৰাওনা দিলোঁ লগৰ সহপা কেইটাৰ লগত। বাইহাটা চাৰিআলিৰে নলবাৰী হৈ সৰ্থেবাৰী সোমাওঁ মানে প্ৰায় চাৰিঘণ্টা লাগিল। আমি তাত সভাখলাৰ (মুকলি পথাৰ) সম্মুখতে নামিলোঁ। আগতীয়াকৈ বুক কৰি থোৱা লজটো সভাখলাৰ লগতে। মূলৰাস্তাৰ পৰা অকণমানহে আঁতৰত। প্ৰশান্তি লজ। সময় তেতিয়া প্ৰায় বাৰ। ভৰ দুপৰীয়া। লজত উঠি মুখ-হাত ধুই ভাত পানী খাই অলপ বাগৰ দিলোঁ। মোৰ কোঠাৰ খিৰিকীৰ পৰা পোনে পোনে সভাৰ মন্দিৰটো দেখা যায়। বৃহৎ মুকলি পথাৰ তাৰে একোণত মজলীয়া আকাৰৰ মন্দিৰটো। সুউচ্চ চুড়া। শান্ত নিৰিবিলি পৰিবেশ। অকণমান জিৰাই শঁতাই আবেলি পৰত অকলেই ওলাই গ’লো নতুন ঠাই চোৱাৰ হেঁপাহ সামৰিব নোৱাৰি। বেলি তেতিয়া পাতত বহিবৰ যো-জা কৰিছে। বেলিৰ পোহৰ অধিক ৰাঙলী হৈ চাৰিওফালে চিটিকি পৰিছে।
পৰিবেশটো কি যে সুন্দৰ লাগিছিল চাবলৈ! অলপমান ঘূৰি পকি চাওঁতে ধৰিব পাৰিলোঁ ঠাইখনক আধুনিকতাই এতিয়াও চুব পৰা নাই। মোৰ পোন্ধৰ বছৰ মান আগলৈ উভতি যোৱা যেন লাগিল। নৈ এখনৰ ওপৰত এখন সৰু কাঠৰ দলং। কাষেৰে বাইক এখন পাৰ হ’লে দলং খন কঁপি উঠে। দলংখনৰ ওপৰত অলপ সময় থিয় দিলোঁ পশ্চিম মুখে। তলৰ পানীত মেটেকাৰ বেঙুনীয়া ফুল। পানী বেলিৰ পোহৰত জলমল কৰিছে। দূৰৈৰ ক’ৰবাত অচিন চৰাইয়ে মিহিমিহিকৈ মাতি আছিল। ক’তো হাই হুৰুমি নাই।তাৰপৰা অলপ আগুৱাই আহি এখন সৰু চাহৰ ষ্টল দেখিলোঁ। পিছে তেতিয়াই চাহ খাব মন নগ’ল যদিও মই চাহ-বলীয়া। এঘৰ মানুহৰ পদূলি মুখতে দুজোপা বৰ ধুনীয়া তেজৰঙা জবাফুলৰ গছ দেখিলোঁ। পাতে-ফুলে দোঁ খাই বাট পাইছেহি। তাৰপিছত আৰু বেছি দূৰ নগৈ লজলৈ উভতি আহিলোঁ যিহেতু বেলি পৰি আন্ধাৰ হৈ আহিছিল। পিছে আকৌ গধূলি সময়ত লগৰ ল’ৰাদুটাই লগ ধৰাত সিহঁতৰ লগত আকৌ ওলাই গলোঁ এইবাৰ অন্যদিশে। তেতিয়ালৈকে ভাল আন্ধাৰেই হৈছিল আৰু বিদ্যুৎ নাছিল। ঘোপমৰা আন্ধাৰত একো নেদেখি। টাউনৰ মূলৰাস্তা মোটামুটি ভাল বাবে আন্ধাৰত খোজকঢ়া অসুবিধা হোৱা নাছিল। আকাশৰ পিনে চাইহে থমকি ৰৈছিলোঁ। ইমানবোৰ তৰা একেলগে বহু বছৰৰ মূৰত দেখিলোঁ। সৰুতে গাওঁৰ ঘৰত থকাকৈ ফুৰিব গ’লে এনেকৈ আকাশত তৰা দেখিছিলোঁ যেন তৰাৰে ঘনকৈ বুটা তোলা চাদৰ এখনহে মেলি দিছে আকাশত! আৰু সেই চাদৰৰ তলত আছোঁ আমি! আন্ধাৰৰো নিজস্ব পোহৰ আছে সেইদিনা অনুভৱ কৰিছিলোঁ। তৰাৰ পোহৰেৰেই যেন আলোকিত হৈ উঠিছিল সেই ঠাইখিনি! মূল ৰাস্তা হ’লেও তাত গাড়ী-মটৰৰ বৰ বেছি উৎপাত নাছিল। বজাৰৰ পিনেহে দুই-এখন দোকানত পোহৰ দেখিলোঁ। ইনভাৰ্টাৰ। বাকীবোৰ আন্ধাৰত আছে নতুবা মম জ্বলাইছে। কিছুমানে লণ্ঠন জ্বলাই দোকানৰ সন্মুখত ওলোমাইছে। পৰিবেশতো কিবা এটা ভাল লাগিছিল। তেনেকৈ ঘূৰি মেলি আহি আহি সভাখলাৰ সিটো মূৰ পালোঁ। ইটোমূৰে আমি থকা লজটো। গতিকে এইবাৰ আমি মূলৰাস্তা এৰি সভাখলাৰ মাজেৰেই খোজ ললোঁ। স্বৰ্টকাট ৱে। ঘূৰিপকি এপাক মাৰি লজত উঠা মানে ন বাজি গৈছিল। তেতিয়ালৈ ৰাস্তাত আৰু কোনো মানুহ নাই ঠিক যেন ৰাতি বাৰ মানহে বাজিছে তেনেকুৱা লাগিছিল।
তাৰপিছত ভাত পানী খাই লজৰ সন্মুখৰ খোলা ঠাইত আমি গোটেইকেইটা অলপ সময় ঘূৰিলোঁ, আড্ডা দিলোঁ। লজটোত আমাৰ কেইটাৰ বাহিৰে আৰু কোনো নাছিল গতিকে সম্পূৰ্ণ নিজৰ ঘৰ যেন অনুভৱ হৈছিল। তাতোকৈ ডাঙৰ কথা, তাত নিজাববীয়াকৈ ৰন্ধা-বঢ়া কৰি খাব পাৰি পাকঘৰটোত একো অসুবিধা নাই। আমাক আৰু কোনে পায়! মই তাত দুদিন ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেকফাষ্টনো কি! মেগী! কণীৰ সৈতে। পিচদিনা কামলৈ ওলাই যোৱাৰ আগতে মেগী বনালোঁ। লগৰ ল’ৰা এটাই অলপ লাগি দিলে। গোটেইবোৰে তাৰপিছত একেলগে খালোঁ। বেলেগ ভাল লাগিল। বেলেগত থাকিব আহি এনেকৈ কোনোদিনে নিজাববীয়াকৈ আগতে ৰান্ধি খোৱা নাছিলোঁ। তাৰপিছত আমি প্ৰত্যেকেই নিজৰ নিজৰ কাম অনুযায়ী বেলেগ বেলেগ দিশে দুপৰীয়া হোৱালৈ ওলাই গলোঁ। দুপৰীয়া আকৌ আটাইকেইটা লগ হৈ ভাত পানী খাই অলপ জিৰাই পুনৰ ওলাই গলোঁ গধূলিহোৱালৈকে। গধূলি সোমায়েই এটাই ক’লে, ‘আজি মাংস ৰান্ধিম। কুকুৰা।’ বঢ়িয়া! এয়াহে কথা! দিনৰ দিনটো কাম-কষ্ট কৰি ৰাতি আকৌ নিজে ৰন্ধা মাংসৰ সোৱাদৰ তুলনাই নাই! আৰুনো কি লাগে! গতিকে কথা মতেই কাম। আঠশ গ্ৰাম কুকুৰা মাংস আৰু যাবতীয় মা-মছলা কিনি আনিলেগৈ বজাৰলৈ গৈ লগৰদুটা মানেগৈ। ভাত, দালি আৰু ভাজি পিছে অৰ্ডাৰহে দিলোঁ। ৰাতি লগৰটোৱে মাংস ৰান্ধিলে। বিলাহীৰ সৈতে।
খাই-মেলি উঠা মানে এঘাৰমান বাজিলে। আড্ডা-চাড্ডা দি শুৱলৈ যোৱা মানে ভাল ৰাতিয়েই হৈছিল। পিছদিনা পুৱাই মোৰ সোনকালে টোপনি ভগাত বিচনাত আৰু পৰি থাকিব মন নগ’ল। লগৰ দুজনী টোপনিত লালকাল। সিটো ৰুমত ল’ৰা কেতিয়াও দুৰ্ঘোৰ টোপনিত। মই উঠি মুখ ধুই টকা দুটামানলৈ প্ৰাতঃভ্ৰমণৰ বাৰে ওলাই গলোঁ। বাহিৰত ৰ’দ ওলোৱাই নাই কিন্তু ভাল পোহৰ হৈছে। আগতে নোযোৱা বাট এটাৰে সোমালোঁ। সম্পূৰ্ণ গাঁৱৰ ঠাই বুলি ক’লেও ভুল নহ’ব। ঘন ঘনকৈ মানুহৰ ঘৰ। প্ৰত্যেক ঘৰতে কঁহাৰশাল। মানুহবোৰে শালত কাম কৰা আৰম্ভ কৰিছেই। সেইখিনি ‘খেল’ বা গোটৰ মানুহে কেৱল ‘তাল’ তৈয়াৰ কৰে। প্ৰত্যেক ঘৰৰ পৰা এটা নিৰ্দিষ্ট ধ্বনিত তাল কোবোৱা শব্দই ঠাইখিনি মুখৰিত কৰি তুলিছিল।
প্ৰায় ডেৰ কিলোমিটাৰ মান খোজকাঢ়ি আহি চাহৰ দোকানৰ মুখ পালোঁহি। গৰম গৰম ধোঁৱা ওলাই থকা চাহ একাপ খালোঁ। যি ভাল লাগিল চাহ কাপ খাই! আৰু একাপ খালোঁ। তেতিয়ালৈ ৰ’দ উঠিছে। মইও লজলৈ বুলি খোজ ললোঁ। লগৰ কেইটাও উঠিছে তেতিয়ালৈকে। ‘ক’ত গৈছিলি তই এই পুৱাই পুৱাই?’ মোক সুধিলে।
‘ফুৰি আহিলোঁ অলপ। লগতে দুকাপ চাহ।’
‘বাহ! চাহো খাই আহিলি আমাক এৰি থৈ! তাক দুকাপ!’
‘অ’হটো!’ মোৰ উত্তৰ।
‘হ’বদে। যে পিছে মেগী বনাগৈ এতিয়া।’
‘ইস! নহ’ব। কালি বনালোঁচোন মই!’
‘যাচোন! কালি ভাল বনাইছিলি তই। সেইকাৰণেহে কৈছোঁ!’
মাতত মৰমসনা অনুৰোধ। লগতে অলপ দুষ্টামিও। উপায় নাই। মেগী আৰু কণীৰ টোপোলাটোলৈ পাকঘৰৰ পিনে পোনালোঁ। অৱশ্যে লগৰ এটা আহিল নিজেই সহায় কৰিব। হওঁক তেও! আহিছেযে নিজাকে! মেগী খাই দুপৰীয়াটোলৈকে ওলাই গলোঁ আটাইকেইটা নিজৰ নিজৰ দিশত। কামৰ সেই একেই পুনৰাবৃত্তি। Household survey ৰ কাৰণে মানুহৰ ঘৰে-ঘৰে যাবলগীয়া হৈছে। সেইঠাইৰ মানুহৰ আচাৰ ব্যৱহাৰ বৰ ভাল পালোঁ। বৰ অতিথিপৰায়ন মানুহ আৰু বৰ সহজ সৰল। মানুহবোৰৰ আন্তৰিকতা দেখি বৰ ভাল লাগিল। নিজৰ আপোন মানুহৰ দৰে ব্যৱহাৰ তেওঁলোকৰ। কৃত্ৰিমতাই এতিয়ালৈকে চুব পৰা তেওঁলোকক। আৰ্থিক অৱস্থা সিমানকৈ টনকিয়াল নহ’লেও মনৰ দুখীয়া নহয় তেওঁলোক। মোৰ কলেজৰ কামত লগা যাবতীয় তথ্যখিনি দিয়াৰ লগত পতা নাযায়। হয়তো তেওঁলোকেও মোক বিশ্বাসযোগ্য বুলি ভাবিছে, কিবা এটা বিশ্বাস কৰিব পৰা কাৰণ বিচাৰি পাইছে। চাহো খাবলগীয়াত পৰিল দুঘৰমানত। ইমানজোৰ কৰে। নাখায় নোৱাৰিলোঁ।
ইঘৰ-সিঘৰকৈ বেলি ডুবাৰ আগতে লজ পালোঁহি। তাৰপিছত ৰাতি পুনৰ বজাৰলৈ ওলাই গলোঁ গোটেইকেইটা বস্তু কিনিব। লগৰজনীয়ে বোলে ‘তৰ্কা’ ৰান্ধিব। গতিকে কথা মতেই কাম। বস্তু কিনি লজ পালোঁ। লগৰ জনীয়ে তৰ্কা বনালে। ভাত অৰ্ডাৰ দিলোঁ। ভাতে তৰ্কাই আমি আটাইকেইটাই টকালি পাৰি খালোঁ। সেইদিনা তেনেকৈয়ে দিনটোৰ সামৰণি মাৰি শুৱলৈ গলোঁ। পিছদিনা পুৱাই গা-পা ধুই আমি ওলাই গলোঁ এইবাৰ কঁহাৰশাল চাব আগবাঢ়িলোঁ। প্ৰত্যেক কঁহাৰশালত এজনকৈ কঁহাৰ থাকে আৰু কঁহাৰখনৰ মালিক তেঁৱেই হয়। তেওঁৰ তলত তিনি-চাৰিজন সহায়ক থাকে। যদি দিনটোৰ বাবদ পোৱা কামৰ উপাৰ্জন সহায়কাৰী এজনৰ এটকা হয় তেন্তে কঁহাৰজনৰ ডেৰটকা হ’ব। এইখিনি কথা কঁহাৰশালৰ সহায়কাৰী এজনে ক’লে। তেওঁলোকৰ কাঁহৰ কামৰ বাদে অন্য বৃত্তি নাই। আৰু প্ৰতিখন শালতে মাত্ৰ একধৰণৰ সামগ্ৰীকে তৈয়াৰ কৰে। যেনে তেওঁলোকৰ এলেকটোত মাথোঁ তালহে তৈয়াৰ কৰে। বাটি, বানবাটি, কাঁহী, বানকাঁহী ইত্যাদি সৰ্থেবাৰীৰ অন্যপিনে তৈয়াৰ কৰে। যিকোনো সামগ্ৰী তৈয়াৰ কৰাৰ আগতে কাঁহেৰে সেই সামগ্ৰীৰ অনুপাতে আকাৰ, ওজন অনুসৰি গোটা ‘পিঠা’ বনায়। সেইবোৰ পিঠা মেচিনত দি বহল ‘ৰুটি’ বনায়। তাতে দুটা এনেকুৱা ৰুটি বনোৱা ফেক্টৰী আছে। এটা ব্যক্তিগত, এটি চৰকাৰী। তাৰপৰা ৰুটি বনোৱা হোৱা পিছত নিজৰ নিজৰ ভাগৰবোৰ কাঁহৰশাললৈ যায় ধন আদায় দিয়াৰ পিছত আৰু তাতে ৰুটিবোৰক অঙঠাত ৰঙাকৈ গৰম কৰি ডাঙৰ ডাঙৰ হাতুৰীৰ নিচিনা সঁজুলিৰে পিটি-পিটি গঢ় দিয়ে। যথেষ্ট সময় লাগে। যথেষ্ট শ্ৰমৰ প্ৰয়োজন। তেনেকৈ আৰু দুই-তিনিখনমান কঁহাৰশাল ঘূৰিলোঁ।
সৰ্থেবাৰীত মহাসভা, নাম-কীৰ্তনৰ লগতে একসপ্তাহজুৰি বিশাল বাণিজ্যমেলা বহে। প্ৰতিবছৰে ফেব্ৰুৱাৰীমাহত হয় এই বিশাল মহাসভা। তাত এতিয়াও বিচাৰ বহে। আগৰ দিনত অসমৰ গাঁৱে ভূঞে বিচাৰ বহিছিল। সময়ৰ লগে লগে এইবোৰ প্ৰথা উঠি যায় যদিও সৰ্থেবাৰীত আজিও বৰ্তি থকা দেখিলোঁ। বছৰটোত কৰা মানুহে দোষণীয় কামবোৰ টুকি ৰখা হয় আৰু সেই সময়খিনিত সেই মানুহবোৰৰ বিচাৰ হয়। দোষ অনুপাতে শাস্তি বিহা হয়। ধন জৰিমনা নাইবা কিছুমানক গাঁৱৰ পৰা বেঘৰ কৰা হয়। সমাজৰ পৰা সম্পূৰ্ণ এঘৰীয়া কৰে। তাৰোপৰি, সৰ্থেবাৰীৰ জনসংখ্যা প্ৰতিবছৰে গণনা কৰা হয়। সৰ্থেবাৰীৰ ৱাৰ্ড হিচাপে মানুহ নিয়োগ কৰে জনসংখ্যা গণনাৰ কাৰণে সৰ্থেবাৰী টাউন কমিটিয়ে। এখন ঘৰৰ প্ৰতিজন মানুহৰ বাবদ এটকাকৈ দিব লাগে। আগৰ দিনত এপইচাকৈ দিব লাগিছিল এতিয়া এটকা হ’ল। তাৰপিছত বছৰৰ সেই নিৰ্দিষ্ট দিনকেইটাত সভাত মুঠতে কিমান টকা গোট খালে গণনা কৰে। যিমান টকা হ’ল মুঠতে সেইটোৱে ঠাইখিনিৰ মুঠ জনসংখ্যা। সেইখিনি টকা পিছত সমাজৰ কামত ব্যৱহাৰ কৰে। তাত বেছিভাগ মানুহেই ‘কলিতা’ গোষ্ঠীৰ মানুহ। লগ পোৱা বেছিভাগৰেই উপাধি ডেকা, বৰ্মন, পাটোৱাৰী। সৰ্থেবাৰীৰ এমূৰেহে কেইঘৰমান মুছলমান মানুহ আছে। তেওঁলোকে হাজিৰা কৰে। তেওঁলোক এই ‘পাঁচখেল’ত অন্তৰ্ভুক্ত নহয়। নানান জনা-নজনা কথা দেখিলোঁ, শুনিলোঁ, শিকিব পাৰিলোঁ এই চাৰিটা দিনত। ঠাইখনৰ নিজা এটা বিশেষ আকৰ্ষণ আছে। ঠাইখন মাথোঁ এই চাৰিটাদিনত মোৰ খুব আপোন হৈ পৰিছিল। ঠাইখনৰ পৰিবেশ, বতাহ, চৌপাশটো, ৰাতি কামিনী কাঞ্চনফুলৰ সুবাস, মানুহবোৰৰ লগত অন্তৰংগ বাৰ্তালাপ সঁচাকৈয়ে বুকুত লাগিছিল। নিজৰ নিজৰ লাগিছিল। আমি চাৰিদিনৰ দিনাই উভতিছিলোঁ গুৱাহাটীৰ বাছ ধৰি। বেগ পেকিং কৰি থাকোঁতে মনতো যেন গধুৰ হৈ উঠিছিল। আৰু যদি দুদিন মান থাকিব পাৰিলোঁ হয়! আমি টালি টোপোলালৈ যাব ওলোৱা দেখি লজত কাম কৰা মানুহগৰাকীয়ে মাত দিছিল, ‘আজি যাবাগৈ নেকি মইনা?’ ‘হয়, ওলাইছোৱে আৰু যাবলৈ’ মই কলোঁ। তেওঁৰ মুখখনযেন অলপ কৰুণ হৈ পৰিল। এই চাৰিদিন তেওঁৰ লগত কথা পতা, মানুহজনীৰ যত্ন, ধুনীয়াকৈ বনাই আনি দিয়া চাহকাপৰ মাজেৰে তেওঁৰ আন্তৰিকতাখিনি অনুভৱ কৰিব পৰিছিলোঁ। বেয়া লাগিল তেওঁৰ মুখলৈ চাই। তেওঁ আৰু একো নক’লে। তেওঁৰ পৰা বিদায়লৈ বাটত খোজ লওঁতে চিনাকী চিনাকী হৈ পৰা পৰিবেশটো দেখি এইবাৰ সঁচাকৈয়ে বেয়া লাগিল। বাছআস্থানলৈ প্ৰায় পাঁচমিনিটৰ বাট। খোজকাঢ়ি আহিলোঁ। গুৱাহাটীৰ বাছ এখন ৰৈয়েই আছিল। তাত উঠি দিলোঁ। প্ৰায় দহমিনিটমানৰ পিছত বাছ চলিব ল’লে গুৱাহাটী অভিমুখে। আৰু মোৰ মনটো যেন ৰৈ গ’ল সৰ্থেবাৰীৰ অলিয়ে গলিয়ে…।।
☆★☆★☆
11:59 pm
ইমান সাৱলীল বৰ্ণনা। সৰ্থেবাৰী খন চকুৰ অগত ভাহি উঠিল।
11:50 pm
সুন্দৰ
7:26 am
ধন্যবাদ।।
12:12 pm
ভাল লাগিল।সৰুতে সৰ্থেবাৰীৰ সভা চাবলৈ গৈছিলো।