নিশাৰ আগন্তুক – পাৰিজাত ফুকন
ভাগৰুৱা দেহটো সুকোমল বিচনাখনত এৰি দিয়াৰ লগে লগেই দুচকুৰ পতা জাপ খাই আহে। নিমিলিত চকুৰ পতাত লুকাই থকা সপোনবোৰে পাখি মেলি লৈ যাব খোজে সপোনৰ দেশলৈ। কিন্তু শুব খুজিলেই শুব পৰা যায় নে? প্ৰতিনিশা বিচনাৰ কাষতেই যেন মোৰ অপেক্ষাত থাকে সেই হৃদয়হীন আগন্তুক। শীতৰ দিন বিলাকে মেলানি মাগি গ্ৰীষ্মৰ দিশে গতি কৰাৰ লগে লগেই আগমন ঘটে মোৰ কোঠালিত সিজনৰ।
উস্! কি নিষ্ঠুৰ খেলা, মোৰ সৈতে সেই অনিমন্ত্ৰিত অতিথিৰ। নিশাৰ এন্ধাৰে আৱৰি ধৰাৰ লগে লগেই বিচনাৰ কাষত উপস্থিত হয়হি, কাঢ়ি নিয়ে সুখনিদ্ৰা।
ক্ৰমে ডিঙিৰ কাষেদি কোমল তেজাল গাল দুখনলৈ লুভীয়াৰ দৰে বাগৰি যায় এটি অস্ফুত গুনগুননিৰ সৈতে চিৰপৰিচিত সেই মৃদু বতাহছাটি। হাজাৰ বাধা স্বত্বেও সদায়ে কাষ চাপি আহে এই এন্ধাৰৰ অতিথি, অবাঞ্চিত অভিসাৰহে যেন।
অস্বস্তি অনুভৱ কৰোঁ, বাগৰ সলাওঁ তথাপি সমগ্ৰ মুখমণ্ডলতে স্পৰ্শ দিব বিচৰা সেই অতিথি যেন দৃঢ়প্ৰতিজ্ঞ। পোহৰ নোহোৱালৈকে এৰি নাযাওঁ তোমাক, সংগী হ’ম প্ৰতিটো বিনিদ্ৰ ৰজনীৰ।
উস্ কি যে বিড়ম্বনা……কালিলৈ পুৱা সকলোৰে চকুত ধৰা দিব মোৰ নিদ্ৰাবিহীন ভাগৰুৱা চকুযুৰি। মাজনিশা মোৰ উচপিচনিত এগৰাকী মহিলা ত্ৰাণকৰ্তা ৰূপত আবিৰ্ভাৱ হয়হি, “আঠুৱাখন তৰি ল’ব নোৱাৰ, মহে খাই বেমাৰত পৰি থাকিলে মই ঘূৰি নাচাওঁ কিন্তু।”
মুখৰ ওপৰত উৰি ফুৰা মহটোক থপিয়াই মাৰি আঠুৱাখন মেলি দি মায়ে দবিয়াই উঠে।
☆★☆★☆
2:07 pm
হা হা হা। মই ভূত বুলি পঢ়ি আছিলো।