ফটাঢোল

বদলৰামৰ দুটি ঘোঁৰা – ধনজিৎ বৰুৱা

বদলৰামৰ দুটি ঘোঁৰা
এটি কণা এটি খোৰা
বাগী চলাৰ আজব ধৰণ
খোৰাৰ টিলিঙা শুনি
কণাই আছে ভাবি গুনি
তাল মানৰ কোনটো চৰণ

বদলৰাম হোলোং গোজ
কথা কাণ্ড আকোৰগোজ
নসলায় এটিউ যে ঘোঁৰা
চলি আছে চলি যাব
যি হয় ভাল হ’ব
ক’ত পাম এনেহেন যোৰা।

ঘাঁহ বুট ঘোলনিত পাই
খোৰাই বুট বাচি খায়
কণায়ো খায় হাঁহি হাঁহি
বেগী ঘোঁৰাৰ ৰচদত
এসপ্তাহ আৰামত
বদলৰামৰ ধন হয় ৰাহি।

শেলুকীয়া মগজৰ
শামুকীয়া চহৰত
বদলৰাম ধনী হৈ পৰে
কণা খোৰাৰ পোৱালী
সিয়ো একে পালি
বদলৰামৰ বাগীতে চৰে।

বাগি ধৰা কোনো যে নাই
বদলৰামৰ বাগী চলি যায়
লাহে লাহে চলা চহৰ
কোন দিনা ৰাগী ফাটি যায়
যাই হায় হায় হায়
চলিব কিমান ভাই
কণা খোৰাই চলোৱা বাগী

পাছে দিন সলনি হ’ব
মনৰ শামুক মৰি যাব
বদলৰামৰ বাগীতো ৰাগি উঠিব
এটি কলা এটি বগা
দুটি বেগী ঘোঁৰা
বদলৰামৰ বাগী চলিব

সময়ত কাম বোৰ হ’ব
চোকাবোৰে বৰ বাব পাব
বদলৰামৰ বাগী চলি যাব
চুবুৰীয়া কণমানি হতে
সময়ত সকলো পাব
বদলৰামৰ বাগীতে যাব
যাব গাই গাই গাই
বদলৰামৰ দুটি তেজী ঘোঁৰা
আহাঁ উঠি কোন ফুৰা ফুৰা
সময়ত যোগ্য জনে পায়
টিকটৰ কোনো কথা নাই
সময় মতে মাথো বাগী চলি যায়।।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *