ফটাঢোল

সঁচাও নহয় মিছাও নহয় – জিতা ফুকন

এজন মানুহৰ গা খুউব বেয়া শেষ সময় সমাগত। ডাক্তৰে ক’লে, আপোনাৰ হাতত মাত্ৰ 12 ঘন্টামান সময় আছে গতিকে এই সময়কন আনন্দ মনেৰে পাৰ কৰক। ঘৰলৈ আহি তেওঁ ঘৈণীয়েকক কথাটো ক’লেহি আৰু মৰম চেনেহ কথা-বতৰাৰে ৰাতিটো পাৰ কৰিবলৈ বিচাৰিলে।দুয়ো পুৰণি দিনৰ কথাবোৰ সুৱৰিলে। বিভিন্ন কথা পাতি থাকোঁঁতেই মানুহজনে দেখিলে ঘৈণীয়েক টোপনি যাবলৈ ধৰিছে। তেওঁ ক’লে , হেৰা উঠাচোন মোৰ হাতত দেখোন বেছি সময় নায়েই।

ঘৈণীয়েকঃ হ’ব হ’ব ,কি কৰিম কোৱা? তুমিতো ৰাতিপুৱা উঠিবই নালাগে কিন্তু মইতো কান্দিবৰ বাবেই উঠিব লাগিব ন। অলপ শুই লওঁ ৰ’বা।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *