ফটাঢোল

“প”ৰ পদ্য – পৰাগজ্যোতি শইকীয়া

পূণ্যৰ পতাকা পানীত পৰিল
পদুম পুখুৰীৰ পৰা পাহাৰ পালেগৈ,
পৰিদৃশ্যমান পৃথিৱীত পাপৰ পুনৰাবৃত্তি..
পূণ্যাত্মা পুৰোহিত
পূজাত পাপীক পঢ়ুৱাই প্ৰায়াচিত্তৰ পাঠ..
পাপীৰ প্ৰাণ পুলকিত
পূজাৰ পানীয়েই পখালে পাপ
পূণ্য প্ৰয়োজনহীন…

পৃথিৱীৰ পৰিস্থিতি পুতৌজনক
পতিতাৰ পদূলিত পদূলিশুঙাৰ পয়োভৰ
প্ৰিয়তমা পত্নীৰ পলায়নত পাগল পতি
পৰলোক প্ৰস্থানৰ পথত…
পদে পদে পোষ্টাৰ,প্ৰতিবাদী পদযাত্ৰা, পথবন্ধ…
পথচাৰীৰ পয়মাল..
পেশাদাৰী প্ৰতিবাদকাৰীলৈকো পূঁজি প্ৰদানৰ প্ৰস্তাৱেৰে
প্ৰতিবাদী পৰিষদৰ প্ৰতিষ্ঠাতাৰ
প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
প্ৰতিষ্ঠাতাই পাহৰিলে পূৱ-পশ্চিমৰ পাৰ্থক্য
পকনীয়াৰ প্ৰমাণ পাই
প্ৰায়বোৰ পদাধিকাৰীৰেই পদত্যাগ
পৰিষদৰ পট পৰিল
পদ্যৰো পৰিসমাপ্তি..।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *